ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ
তলত দিয়া প্ৰশ্নসমূহ ২০০৩ চনৰ ফেব্ৰুৱাৰী ২৪ তাৰিখৰ পৰা আৰম্ভ হʼবলগীয়া ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত মৌখিকভাৱে আলোচনা কৰা হʼব। স্কুল অধ্যক্ষজনে এই পুনৰ নিৰীক্ষণটো ৩০ মিনিটত সমাপ্তি কৰিব। ইয়াত দিয়া প্ৰশ্নসমূহ ২০০৩ চনৰ জানুৱাৰী ৬ তাৰিখৰ পৰা লৈ ফেব্ৰুৱাৰী ২৪ তাৰিখৰ নিযুক্তিসমূহৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। [টোকা: যি প্ৰশ্নসমূহৰ পিছত কোনো উদ্ধৃতি দিয়া নাই, সেইবোৰ বিষয়ত আপুনি নিজেই অনুসন্ধান কৰি উত্তৰ দিয়া আৱশ্যক।—পৰিচৰ্য্যা স্কুল, কিতাপৰ ৩৬-৭ পৃ. চাওক।]
বক্তৃতাৰ বৈশিষ্ট্য
১. শুদ্ধ বা অশুদ্ধ: পাঠ কৰা অনুচ্ছেদ বা অংশত উল্লেখ কৰা শব্দবোৰৰ যদিও অলপ ভিন্নকৈ পাঠ কৰিছে কিন্তু ই শুদ্ধ যেন লাগিছে, তাক সঠিকভাৱে পাঠ কৰাৰ মুখ্য চাবি বুলি কোৱা হয়। বৰ্ণনা কৰক। [be ৮৩ পৃ.]
২. খালী ঠাই পূৰণ কৰা: উল্লেখ কৰা অনুসাৰে সঠিককৈ পাঠ কৰিবলৈ এজনে _________________________ উচ্চস্বৰত পঢ়া আৱশ্যক। [be ৮৫ পৃ.]
৩. স্পষ্টকৈ কথোপকথন কৰাটো কিয় গুৰুত্বপূৰ্ণ? (১ কৰি. ১৪:৮, ৯) [be ৮৬ পৃ.]
৪. কিহে কথোপকথনক অস্পষ্ট কৰি তুলে আৰু অধিক স্পষ্টকৈ কথোপকথন কৰিবলৈ আমি কি কৰিব পাৰোঁ? [be ৮৭-৮৮ পৃ.]
৫. সঠিক উচ্চাৰণৰ বাবে আৱশ্যকতা বুলি আপুনি বিবেচনা কৰা কেনেবোৰ শব্দক আগন্তুক ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত ব্যৱহাৰ কৰা হʼব? [be ৯২ পৃ.]
ভাষণ নং ১
৬. শুদ্ধ বা অশুদ্ধ: আমাৰ চকুৱে শুনাত সহায় কৰিব পাৰে। বৰ্ণনা কৰক। [be ১৪ পৃ.]
৭. খালী ঠাই পূৰণ কৰা: _________________________ , _________________________ আৰু _________________________ এই সকলোকে ঈশ্বৰে সময় নিৰ্দ্দেশিত কৰিবলৈ নিৰ্ম্মাণ কৰিলে। [si ২৭৯ পৃ. ৭ অনু.]
৮. খালী ঠাই পূৰণ কৰা: বাইবেলত ব্যৱহাৰ কৰা “দিন” বুলি কোৱা উক্তিটো _________________________ ঘন্টা, __________________ ঘন্টা, __________________ বছৰ বা _________________________ বছৰ সময়ছোৱাৰ সৈতে নিৰ্দিষ্ট কৰিব পাৰি। এই আনুষঙ্গিক উক্তিটোৱে ব্যৱহৃত হোৱা সূচনাক নিৰ্দ্দেশিত কৰিছে। [si ২৭৯ পৃ. ৮ অনু.]
৯. হান্না, মাৰ্ক আৰু এলিয়াৰ আৰ্হিয়ে আমাক নিৰুৎসাহিতজনক পৰিস্থিতিৰ সৈতে সফলতাৰে সম্মুখীন হʼবলৈ কেনেকৈ সহায় কৰে? আনক সহায় কৰিবলৈ আমি কেনেকৈ এই উদাহৰণবোৰ ব্যৱহাৰ কৰিব পাৰোঁ? [w০১ ২/১ ২০-৩ পৃ.]
১০. প্ৰাচীন সময়ৰ খেলত ভাগ লোৱাসকলৰ বিষয়ে বুজি পোৱাটোৱে কেনেকৈ আমাক বাইবেলৰ বিশেষ কিছুমান পদক বুজি পোৱাত অধিক সহজ কৰি তুলে? এই সংবাদটোৱে কেনেকৈ আমাৰ জীৱনত প্ৰভাৱ পেলায়? [w০১ ১/১ ২৮-৩১ পৃ.]
সপ্তাহিক বাইবেল পাঠ
১১. শুদ্ধ বা অশুদ্ধ: যিহেতু ১৯১৪ চনত স্বৰ্গত ঈশ্বৰৰ ৰাজ্য স্থাপন হোৱাৰ বাবে “তোমাৰ ৰাজ্য হওক” বুলি প্ৰাৰ্থনা কৰাটো কোনো আৱশ্যক নাই। (মথি ৬:১০) বৰ্ণনা কৰক। [be ২৭৯ পৃষ্ঠা; w৯৬ ৬/১ ৩১ পৃ.]
১২. শুদ্ধ বা অশুদ্ধ: মথি ১১:২৪ পদত উল্লেখ কৰা বাক্যশাৰীৰ অৰ্থ হৈছে যিহোৱাই ধ্বংস কৰা চদোম আৰু ঘমোৰা পুনৰাই জী উঠিব। বৰ্ণনা কৰক।
১৩. একাধিক বাছনি: যীচুৱে মথি ২৪:৪৫-৪৭ পদত উল্লেখ কৰা বিশ্বাসী বুদ্ধিমান দাস বৰ্গ (ক) যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীক; (খ) পৃথিৱীৰ যিকোনো সময়ত সমূহীয়াকৈ থকা সকলো অভিষিক্ত খ্ৰীষ্টানক; (গ) স্বয়ং যীচুক বুজাইছে। এই দাসে উচিত সময়ত আধ্যাত্মিক আহাৰ প্ৰদান কৰা ‘দাসবিলাক’ (ক) ব্যক্তিগতৰূপে অভিষিক্ত জনাক; (খ) অন্য মেৰবৰ্গক; (গ) খ্ৰীষ্টান আলোচনী পঢ়া সকলো পাঠকক বুজাইছে। প্ৰভুৱে সেই দাসক (ক) ১৯১৪ চনত; (খ) সা.যু. ৩৩ চনত; (গ) ১৯১৯ চনত, তেওঁৰ সৰ্ব্বস্বৰ ওপৰত গৰাকী পাতিলে।
১৪. একাধিক বাছনি: যীচুৱে মথি ১৩:৪৭-৫০ পদত বৰ্ণনা কৰা জালৰ দৃষ্টান্তটো অভিষিক্ত খ্ৰীষ্টানৰ মণ্ডলী আৰু (ক) ঈশ্বৰৰ মচীহ ৰাজ্য; (খ) অন্য মেৰবৰ্গৰ সঙ্গীসকল; (গ) খ্ৰীষ্টীয়জগত, এই উভয়তে প্ৰযোজ্য হয়।
১৫. আপুনি উপলব্ধি কৰিব পাৰিলে যে আপোনাৰ দ্বাৰা সঙ্গী সেৱকে অসন্তুষ্টি হʼল তেতিয়া মথি ৫:২৪ পদত লিপিবদ্ধ কৰা যীচুৰ বাক্যশাৰীৰ অনুসাৰে আপুনি কি কৰা উচিত? [g৯৬ ২/৮ ২৬-৭]