ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০৩ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০৩ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ। ফেব্ৰুৱাৰী: নিগূঢ় বাক্যসমূহৰ প্ৰকাশ​—⁠এক চৰম অৱস্থাত উপনীত হৈছে! বা তলত দিয়া যিকোনো ৩২ পৃষ্ঠাৰ ব্ৰচাৰসমূহ বিতৰণ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰাটো উচিত নে?, সেই ঈশ্বৰীয় নাম চিৰকাললৈ থাকিব, যি চৰকাৰে পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? আৰু যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়। তদুপৰি যʼত উপযুক্ত তাত এই ব্ৰচাৰসমূহ দিব পাৰে, সকলোৰ বাবে এখন পুস্তক, আমাৰ সমস্যা—এইবোৰক সমাধান কৰিবলৈ কোনে আমাক সহায় কৰিব?, মৃতবিলাকৰ আত্মা—তেওঁলোকে আপোনাক সহায় বা ক্ষতি কৰিব পাৰেনে? তেওঁলোক বাস্তৱতে অস্তিত্বত আছেনে? আৰু কেতিয়াবা এখন যুদ্ধ বিহীন জগত হব নে? মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় নামৰ কিতাপখন বিতৰণ কৰি গৃহস্থৰ সৈতে গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষভাৱে প্ৰচেষ্টা কৰক। এপ্ৰিল: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ বিতৰণ কৰক। যেতিয়া আগ্ৰহী ব্যক্তিসকলক পুনৰ সাক্ষাৎ কৰা হয় তেতিয়া তেওঁলোকক স্মৰণীয় পৰ্ব্বত বা মণ্ডলীৰ আন কাৰ্য্যক্ৰমবোৰত উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰক। কিন্তু যিসকলে নিয়মীয়াকৈ মণ্ডলীৰ কাৰ্য্যক্ৰমবোৰত ভাগ লোৱা নাই তেওঁলোকক একমাত্ৰ সত্য ঈশ্বৰক উপাসনা কৰা নামৰ কিতাপখন বিতৰণ কৰিব পাৰে। যদি আগ্ৰহী ব্যক্তিসকলে ইতিমধ্যেই বিচাৰে ব্ৰচাৰখন আৰু জ্ঞান কিতাপৰ পৰা এসময়ত অধ্যয়ন কৰিছিল, তেওঁলোকৰ সৈতে পুনৰাই গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ সকলো চেষ্টা কৰক। মে’: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল। অন্যথা বিকল্পৰূপে আপুনি বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন, বাইবেল—ঈশ্বৰৰ বাক্য নে মানুহৰ?, যুৱক-যুৱতীসকলে কৰা প্ৰশ্নৰ—ব্যৱহাৰিক উত্তৰ বা আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে, এই কিতাপবোৰ বিতৰণ কৰিব পাৰে। যদি মণ্ডলীত এই কিতাপবোৰ উপলব্ধ নাই আৰু ওচৰৰ কোনো মণ্ডলীত এই কিতাপবোৰ যথেষ্টমাত্ৰাত আছে, তেনেহʼলে তেওঁলোকৰ পৰা বিচাৰি সেইবোৰৰ ব্যৱহাৰ কৰিব পাৰে।

▪ পৰিচালক অধ্যক্ষ বা তেওঁ নিযুক্ত কৰা কোনো ভায়ে মাৰ্চ ১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ হিচাপ-নিকাচ পৰীক্ষা কৰা উচিত। যেতিয়া ইয়াক কৰা হয় তেতিয়া পৰৱৰ্তী লেখ ৰিপৰ্ট পঢ়াৰ পাছত ইয়াক ঘোষণা কৰক। তদুপৰি মণ্ডলীয়ে বিশ্বজুৰি সংস্থাৰ কাৰ্য্যৰ বাবে কৰা দান-বৰঙণিৰ কোনো প্ৰাপ্তি স্বীকাৰ পত্ৰ আৰু সংস্থাই নিবেদন কৰাৰ বিষয়ে ঘোষণ কৰক।

▪ চেক্ৰেটাৰী আৰু সেৱা ওভাৰচিয়াৰে সকলো নিয়মিত অগ্ৰগামীসকলৰ কাৰ্য্যত পুনৰ নিৰীক্ষণ কৰা উচিত। যদি কোনো নিয়মিত অগ্ৰগামীৰ নিৰ্দ্ধাৰিত ঘন্টা সম্পূৰ্ণ কৰাত অসুবিধা হৈছে, তেন্তে প্ৰাচীনসকলে তেওঁলোকক সহায়ৰ বাবে ব্যৱস্থা কৰা আৱশ্যক। অধিক জানিবৰ বাবে সংস্থাৰ বছেৰেকীয়া S-২০১ চিঠিখন পুনৰ বিবেচনা কৰক আৰু অক্টোবৰ ১৯৮৬ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া অন্তপত্ৰখনৰ ১২-​২০ অনুচ্ছেদ চাওক।

▪ ২০০৩ চনৰ স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত দিবলগীয়া বিশেষ ৰাজহুৱা ভাষণ দেওবাৰ, এপ্ৰিল ২৭ তাৰিখে দিয়া হʼব। সেই ভাষণৰ বিষয়বস্তু হৈছে “বাবিলৰ সোধ-বিচাৰৰ সময় উপস্থিত হʼলনে?” এই ভাষণৰ বাবে সকলো মণ্ডলীলৈ পৰিলেখ পঠোৱা হʼব। যদি মণ্ডলীত উক্ত দিনটোত পৰিব্ৰাজক অধ্যক্ষৰ ভ্ৰমণ বা সন্মিলন থাকে, তেন্তে তেওঁলোকে তাৰ পিছৰ সপ্তাহত এই ভাষণ দিয়াৰ ব্যৱস্থা কৰিব পাৰে। কোনো মণ্ডলীতে ২০০৩ চনৰ এপ্ৰিল ২৭ তাৰিখৰ পূৰ্বে এই বিশেষ ভাষণ দিয়াটো উচিত নহʼব।

▪ যিহেতু ডাক যোগে ব্যক্তিগত গ্ৰাহকতা পঠোৱাটো বন্ধ কৰা হʼল। গতিকে মণ্ডলীয়ে যেনেকৈ শেহতীয়া সংখ্যাৰ প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীসমূহ প্ৰাপ্ত কৰে কোনো পলম নকৰাকৈ বিতৰণ কৰা উচিত। এনে কৰাৰ ফলস্বৰূপে প্ৰচাৰকসকলে নিজৰ ব্যক্তিগত আলোচনীবোৰ লাভ কৰিব পাৰিব আৰু তদুপৰি সেই আলোচনীবোৰ প্ৰচাৰ কাৰ্য্যত বিতৰণ কৰাৰ পূৰ্বেই তাত উল্লেখ কৰা বিষয়বস্তুবোৰৰ সৈতে আগতীয়াকৈ পৰিচিত হʼবলৈ সুযোগ পাব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক