এদিনীয়া বিশেষ সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
২০০১ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হʼব লগীয়া এদিনীয়া বিশেষ সন্মিলনৰ কাৰ্য্যক্ৰমৰ বিষয় হৈছে, “বিবেচনাত বয়সস্থ হোৱা।” (১ কৰিন্থীয়া ১৪:২০) আমি এই সন্মিলনত উপস্থিত হোৱাটো কিয় এক গুৰুত্বপূৰ্ণ কাৰ্য্য? কিয়নো আমি এনে এখন জগতত জীয়াই আছোঁ যʼত সকলো প্ৰকাৰৰ বেয়া কাৰ্য্যৰে পূৰ্ণ হৈ আছে। এইবোৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আমাক আধ্যাত্মিক বিবেচনা শক্তিৰ আৱশ্যক যাতে আমি এই বেয়া কাৰ্য্যবোৰক আমাত থকা ভাল কাৰ্য্যৰে জয় কৰিব পাৰোঁ। গতিকে এদিনীয়া বিশেষ সন্মিলনৰ কাৰ্য্যক্ৰমে আমাক ইয়াকে কৰিবলৈ সহায় কৰিব।
সন্মিলনৰ আৰম্ভণিৰ ভাগত চাৰ্কিট ওভাৰচিয়াৰে এটা ভাষণ প্ৰস্তুত কৰিব যাৰ বিষয় হৈছে “বাইবেলৰ বিবেচনাত বয়সস্থ হোৱাৰ সহায়সমূহ।” এই ভাষণৰ যোগেদি তেওঁ আমাক এইটো বুজাত সহায় কৰিব যে খ্ৰীষ্টানসকলে কেনেকৈ বিশ্বাসত স্থিৰে থাকিব পাৰি। পৰিভ্ৰমণ বক্তাই আন এটা ভাষণ প্ৰস্তুত কৰিব যাৰ বিষয় হৈছে “নিজ বুজ শক্তিক প্ৰশিক্ষন দিয়াৰ দ্বাৰাই আধ্যাত্মিক সুৰক্ষা লাভ কৰা।” এই ভাষণে আমাক এইটো বুজাত সহায় কৰিব যে বাইবেলৰ সিদ্ধান্তবোৰক কেনেদৰে ব্যৱহাৰিকৰূপে প্ৰয়োগ কৰিব পাৰি আৰু ইয়াৰ প্ৰত্যক্ষ জ্ঞানক উন্নতি কৰাটো কিয় ইমান গুৰুত্বপূৰ্ণ।
যুৱক-যুৱতীসকলেও নিজৰ বিবেচনা শক্তিক উন্নতি কৰা আৱশ্যক। এই সন্দৰ্ভত এনে ভাষণ প্ৰস্তুত কৰা হʼব যাৰ বিষয়সমূহ হৈছে, “হিংসাত কিয় শিশু হোৱা আৱশ্যক” আৰু “বৰ্তমান সময়ত বিবেচনা শক্তি আৰোহণ কৰা যুৱক-যুৱতীসকল।” এই ভাষণৰ দ্বাৰাই এইটো বুজোৱা হʼব যে কিশোৰ-কিশোৰীসকলে কিয় নিজকে আধ্যাত্মিকৰূপে শক্তিশালী কৰা আৱশ্যক। কিয়নো আধ্যাত্মিকতাত শক্তিশালী হʼলেহে তেওঁলোকে এই জগতৰ দুষ্ট কাৰ্য্য প্ৰতি থকা অভিলাষক নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু বিভিন্ন সমস্যাৰ পৰাও আঁতৰি থাকিব পাৰিব।
আমি কেনেকৈ জীৱনত আনন্দ বিচাৰি পাব পাৰোঁ? এই বিষয়ে পৰিভ্ৰমণ বক্তাই এটা ভাষণ প্ৰস্তুত কৰিব যাৰ বিষয় হৈছে “বিবেচনাৰ সৈতে বাইবেলৰ সিদ্ধান্তবোৰক প্ৰয়োগ কৰি লাভৱান হোৱা।” এই ভাষণৰ জৰিয়তে বক্তাই বৰ্ণনা কৰি উদাহৰণৰ যোগেদি বুজাই দিব যে ঈশ্বৰৰ বাক্য অনুসাৰে চলি আমি সমস্যাসমূহক সমাধান কৰিবলৈ কেনেকৈ সঠিক সিদ্ধান্ত লʼবলৈ পাৰিম আৰু যিহোৱাৰ শিক্ষাৰ যোগেদি কেনেকৈ লাভৱান হম।
যিসকলে এই সন্মিলনত নিজকে ঈশ্বৰলৈ কৰা সমৰ্পণ ৰাজহুৱাভাৱে প্ৰকাশ কৰিবলৈ পানীত বাপ্তিষ্মা লʼব বিচাৰে, তেওঁলোকে কোনো পলম নকৰাকৈ প্ৰিজাইডিং ওভাৰচিয়াৰক জনোৱা আৱশ্যক। যেতিয়া এদিনীয়া বিশেষ সন্মিলনৰ দিন আৰু তাৰিখৰ বিষয়ে ঘোষণা কৰা হয়, তেতিয়া সকলোৱে নিজৰ নিজৰ কেলেন্ডাৰত সন্মিলন হোৱা তাৰিখটোক চিন দিয়া উচিত। ইয়াৰ ওপৰিও সেই সন্মিলনৰ কাৰ্য্যক্ৰমৰ পৰা লাভৱান হʼবলৈ আগতীয়াকৈ আঁচনি বনাওঁক। এতেকে সকলোকে উৎসাহিত কৰা হৈছে যে কোনোও যাতে এই বিশেষ সন্মিলনত উপস্থিত হোৱাৰ পৰা বিৰত নাথাকে! কিয়নো ইয়াত দিয়া ভাষণসমূহে আপোনাক এই দুষ্ট জগতত সন্মূখীন হোৱা সকলোবোৰ সমস্যাত ধৈৰ্য্য ধৰি যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ সহায় কৰিব।