ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০১ পৃষ্ঠা ৫-৬
  • আপোনাৰ জ্ঞানেন্দ্ৰিয় শক্তিক বৃদ্ধি কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ জ্ঞানেন্দ্ৰিয় শক্তিক বৃদ্ধি কৰক
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • এদিনীয়া বিশেষ সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • যুৱক-যুৱতীসকল—নিজ জ্ঞানেন্দ্ৰিয় শক্তিক প্ৰশিক্ষণ দিয়ক!
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • আপুনি “ভাল-বেয়া বিষয়ে নিৰ্ণয়” কৰিব পাৰেনে?
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • “পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা”
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০১ পৃষ্ঠা ৫-৬

আপোনাৰ জ্ঞানেন্দ্ৰিয় শক্তিক বৃদ্ধি কৰক

১ এই শেষ কালত ঈশ্বৰৰ লোক হিচাপে আমি সকলো ফালৰ পৰা বৃদ্ধি হোৱা বিভিন্ন হেঁচা আৰু গম্ভীৰ পৰীক্ষাৰ সম্মুখীন হʼবলগীয়া হওঁ। (২ তীম. ৩:⁠১-​৫) গতিকে আমাৰ সকলোকে বিশ্বাসত দৃঢ় হৈ থাকিবলৈ অনুপ্ৰেৰণাৰ আৱশ্যক। (১ কৰি. ১৬:⁠১৩) এই অনুপ্ৰেৰণা আমি যিহোৱাৰ আত্মাৰ ওপৰত ভাৰসা, নিয়মীয়াকৈ তেওঁৰ বাক্যৰ অধ্যয়ন আৰু সংগঠনৰ সৈতে নিবিড় সম্বন্ধ বজাই ৰাখি লাভ কৰিব পাৰোঁ।​—⁠গীত. ৩৭:⁠২৮; ৰোমী. ৮:⁠৩৮, ৩৯; প্ৰকা. ২:⁠১০.

২ সেয়েহে, উপযুক্তৰূপে এই বছৰৰ এদিনীয়া বিশেষ সন্মিলনৰ বিষয়বস্তু আছিল “বিবেচনাত বয়সস্থ হোৱা।” এই বিষয়টো ১ কৰিন্থীয়া ১৪:⁠২০ পদৰ পৰা লোৱা হৈছিল, যʼত আমি এইদৰে পঢ়িবলৈ পাওঁ: “হে ভাইবিলাক, তোমালোক বিবেচনাত লʼৰা নহবা; কিন্তু হিংসাত শিশু হৈ, বিবেচনাত বয়সস্থ হোৱা।” আপুনি এই কাৰ্য্যক্ৰমৰ বিষয়ে কি ভাবে?

৩ “এইটো কিমান যে উৎসাহজনক বিষয়!” “এই সময়ত আমাক তেনে বিষয়ৰে আৱশ্যক আছিল!” এইবোৰ হৈছে মাত্ৰ কিছুমান অভিব্যক্তি। তদুপৰি, যিহোৱাৰ সাক্ষী নোহোৱা এজন ব্যক্তিয়ে এই এদিনীয় সন্মিলনত উপস্থিত হৈ তেওঁৰ ১২ বছৰীয়া জীয়েকে বাপ্তিষ্মা লোৱা দেখি এইদৰে কৈছিল যে তেওঁ এই সন্মিলনৰ কাৰ্য্যক্ৰমৰ দ্বাৰা অত্যন্ত প্ৰভাৱিত হৈছে আৰু স্পষ্টকৈ দেখিবলৈ পাইছে যে এইবোৰ কেনেকৈ তেওঁৰ পৰিয়ালৰ বাবে লাভজনক। আপুনিও সেই একেইদৰে অনুভৱ কৰেনে? আঁহক আমি সেই সন্মিলনৰ কিছুমান মুখ্য বিষয়ৰ ওপৰত মনোযোগ দিওঁ।

৪ জ্ঞানেন্দ্ৰিয়ৰ শক্তিক বৃদ্ধি কৰিবলৈ আমাক যথাৰ্থ জ্ঞানৰ আৱশ্যক: এই সন্মিলনৰ আৰম্ভণী ভাষণৰ বিষয় আছিল, “এতিয়াই আপোনাৰ জ্ঞানেন্দ্ৰিয়ৰ শক্তিক বৃদ্ধি কৰক।” সেই ভাষণৰ বক্তাজনে বৰ্তমানৰ সমস্যাসমূহৰ সৈতে সম্মুখীন হʼবলৈ কেনে আৱশ্যকতাৰ বিষয়ে উল্লেখ কৰিছিল? ইয়াৰ বাবে আমাক আমাৰ মানসিক সামৰ্থ্যতকৈ অধিক আৱশ্যক। আমি নিশ্চয়ে বাইবেলখনক বুজিপোৱাৰ ওপৰত আমাৰ শক্তিক বৃদ্ধি কৰা উচিত। তেহে আমি সম্মুখীন হোৱা দুষ্টতাৰ ওপৰত বিজয়ী হʼব পাৰিম। এই বুজশক্তিৰ বাবে আমাক ঈশ্বৰৰ পথ-প্ৰদৰ্শনৰ আৱশ্যক। আমি নিশ্চয়ে গীত ৰচোঁতাৰ দৰে প্ৰাৰ্থনাপূৰ্বকভাৱে যিহোৱালৈ তেওঁৰ বাক্যক বুজিবলৈ আৰু সম্পূৰ্ণ হৃদয়েৰে তেওঁক সেৱা কৰিবলৈ সহায়ৰ নিৱেদন কৰা আৱশ্যক।​—⁠গীত. ১১৯:⁠১, ২, ৩৪.

৫ তাৰ পিছৰ ভাগটোত পৰিভ্ৰমক অধ্যক্ষই ভাষণৰ যোগেদি বৰ্ণনা কৰিলে যে যিহোৱাই তেওঁৰ বাক্য আৰু সংগঠনৰ যোগেদি আমালৈ “বাইবেলখনক বুজি পোৱাত বয়সস্থ হʼবলৈ সহায়” আগবঢ়াইছে। বুজি পোৱাৰ অৰ্থ হৈছে “কোনো এটা বস্তুক গভীৰ ভাৱে অধ্যয়ন কৰা আৰু তাৰ অংশবোৰৰ সংযোজনবোৰক তন্ন তন্নকৈ বুজি সম্পূৰ্ণকৈ সেই বস্তুটোৰ জ্ঞান লোৱাৰ ক্ষমতা থকা।” আমাৰ এই ক্ষমতাক বৃদ্ধি কৰাত কোনে সহায় কৰিব পাৰে? যিহোৱাই আমাক আধ্যাত্মিক উন্নতিৰ বাবে মনুষ্যত উপহাৰ স্বৰূপে প্ৰাচীনসকলৰ প্ৰবন্ধ কৰিছে। (ইফি. ৪:⁠১১, ১২) তদুপৰি, তেওঁৰ পাৰ্থিৱ সংগঠনে আমাক নিতৌ ঈশ্বৰৰ বাক্য আৰু মণ্ডলীৰ সকলো সভাত নিয়মীয়াকৈ উপস্থিত হʼবলৈ আগ্ৰহ কৰিছে। (গীত. ১:⁠২) ইয়াৰ ওপৰিও আমাক বাইবেল আৰু আমাৰ খ্ৰীষ্টান আলোচনীসমূহক ব্যক্তিগত, পৰিয়াল অধ্যয়ন আৰু প্ৰচাৰ কাৰ্য্যৰ বাবে কি দৰে প্ৰস্তুত কৰিব পাৰি তাৰ বাবে শিকোৱা হʼল। আপুনি এই সকলো ব্যৱস্থাৰ প্ৰত্যেকটো সুযোগত লাভ প্ৰাপ্ত কৰিছেনে? আপুনি ব্যক্তিগতভাৱে নিতৌ বাইবেল পাঠ কৰাৰ তালিকা প্ৰস্তুত কৰিছেনে? এই সকলোবোৰ এইবাবে অতি আৱশ্যক কিয়নো ইয়ে আমাক বৰ্তমান জগতৰ দিশ ভ্ৰষ্ট পথ, আক্ৰোহ, দৰ্শনশাস্ত্ৰ আৰু ভ্ৰমাত্মক প্ৰভাৱৰ পৰা ৰক্ষা কৰে।​—⁠কল. ২:⁠৬-​৮.

৬ আমাৰ জ্ঞানেন্দ্ৰিয়ৰ শক্তি নিশ্চয়ে প্ৰশিক্ষিত হোৱা উচিত: সাক্ষ্যাতকাৰী বক্তাই দিয়া তেওঁৰ প্ৰথম ভাষণৰ বিষয় আছিল “জ্ঞানেন্দ্ৰিয়ক প্ৰশিক্ষিত কৰি আপোনাৰ আধ্যাত্মিকতাক ৰক্ষা কৰক।” সেই ভাষণত বক্তাই বৰ্ণনা কৰি কৈছিল যে এই জগতত থকা লোকসকলে ভাল আৰু বেয়াৰ মাজত থকা প্ৰভেদতাক চিনাক্ত কৰিব নোৱাৰে। (যিচ. ৫:⁠২০, ২১) এইটো এইবাবে, কিয়নো এই জগতে ঈশ্বৰৰ ধাৰ্ম্মিকতাৰ স্তৰক জানিবলৈ আৰু তাৰ অনুসাৰে চলিবলৈ অগ্ৰাহ্য কৰিলে। কিন্তু ইয়াৰ বিপৰীতে আমি যিহোৱাৰ সংগঠনৰ যোগেদি তেওঁৰ ধাৰ্ম্মিক স্তৰসমূহক আধ্যাত্মিক প্ৰশিক্ষণ হিচাপে গ্ৰহণ কৰিছোঁ, ইয়ে আমাৰ কাৰ্য্য আৰু আচৰণত পথ-প্ৰদৰ্শন প্ৰদান কৰে। এইদৰে নিজকে আমি যিহোৱাৰ দৃষ্টিত গ্ৰহণযোগ্য আৰু তেওঁৰ সিদ্ধ ইচ্ছাৰ অনুসাৰে চলাৰ স্থানত উপনীত হৈছোঁ।​—⁠ৰোমী. ১২:⁠২.

৭ এই জগতৰ বিবুদ্ধি বিচাৰধাৰা আৰু তাৰ ফলত উৎপন্ন হোৱা বেয়া পৰিণামৰ পৰা আঁতৰি থাকিবলৈ আমি নিশ্চয়ে আমাৰ জ্ঞানেন্দ্ৰিয় শক্তিক প্ৰশিক্ষিত কৰা উচিত। এইটো কেনেকৈ কৰিব পাৰি? এই সংক্ৰান্তত ইব্ৰী ৫:⁠১২-​১৪ পদত পাঁচনি পৌলে কেৱল “গাখীৰ” ৰূপী বাক্য গ্ৰহণ কৰাই নহয়, কিন্তু তাতকৈ অধিক কৰাৰ আৱশ্যকতাৰ বিষয়ে উল্লেখ কৰিছিল। আমাক আধ্যাত্মিকৰূপে টান আহাৰ লোৱা আৱশ্যক, যিটো আমি মণ্ডলীৰ পুস্তক অধ্যয়নত যিচয়াৰ ভৱিষ্যতবাণীৰ অধ্যয়ন যোগেদি গ্ৰহণ কৰিছোঁ। তাৰ পাছত আমি যি শিকিছোঁ তাক একেৰাহে আমাৰ নিজৰ জীৱনত প্ৰয়োগ কৰা উচিত। যেতিয়া আমি তেনেদৰে কৰিম, তেতিয়া নিশ্চিত হʼব পাৰিম যে আমি যিহোৱাৰ সিদ্ধান্তৰ স্তৰৰ অনুসাৰে চলিছোঁ। ইয়ে আমাক ভাল বেয়াৰ মাজত থকা প্ৰভেদতাক স্পষ্টকৈ চিনাক্ত কৰিবলৈ জ্ঞানেন্দ্ৰিয় শক্তিক প্ৰশিক্ষিত কৰে

৮ দুখৰ বিষয় এই যে কিছুমানে আধ্যাত্মিকৰূপে উজুটি খাই পৰিল। কিয় পৰিল? কিয়নো তেওঁলোকে নিজৰ মনোযোগ যিটো যিহোৱাৰ দৃষ্টিত উত্তম তাৰ প্ৰতি কেন্দ্ৰিত কৰা নাছিল। তাৰ পৰিণামস্বৰূপে তেওঁলোকে ৰেডিঅ আৰু দূৰদৰ্শনত আধ্যাত্মিকৰূপে অগ্ৰাহ্য হোৱা বিষয়, অশ্লীল সঙ্গীত বা বেয়ালৈ প্ৰভাৱিত কৰা কম্পিউটাৰ চাট ৰোমৰ দ্বাৰা প্ৰবঞ্চিত হʼল। গতিকে আমি বুদ্ধিমানপূৰ্বক কাৰ্য্য কৰি অনৈতিক, অসভ্য বা দুষ্ট ব্যক্তিসকলৰ পৰা আঁতৰি থাকিব পাৰোঁ।​—⁠হিতো. ১৩:⁠২০; গালা. ৫:⁠৭; ১ তীম. ৬:⁠২০, ২১.

৯ যুৱক-যুৱতীসকলে ‘বেয়াত শিশু’ হোৱা উচিত: এই ভাষণটো দুটা ভাগত প্ৰস্তুত কৰা হৈছিল। এই ভাষণত বিশেষকৈ যুৱক-যুৱতীসকলক তেওঁলোকৰ জ্ঞানেন্দ্ৰিয় শক্তিক বৃদ্ধি কৰিবলৈ উৎসাহিত কৰা হৈছিল। বক্তাজনে বৰ্ণনা কৰি কৈছিল যে ‘বেয়াত শিশু’ হোৱাৰ অৰ্থ যিহোৱাৰ দৃষ্টিত যি বস্তু বা বিষয় গ্ৰহণযোগ্য নহয় তাৰ প্ৰতি শিশু অৰ্থাৎ অভিজ্ঞতাহীন হোৱা। (১ কৰি. ১৪:⁠২০) ইয়াৰ ওপৰিও সকলোকে উৎসাহিত কৰা হʼল যে আমি আমাৰ সময়ক কি দৰে অতিবাহিত কৰোঁ তাৰ প্ৰতি ধ্যান দিয়া আৱশ্যক যাতে সকলো প্ৰকাৰৰ বেয়া কাৰ্য্য আৰু প্ৰভাৱৰ পৰা আঁতৰি থাকিব পাৰোঁ। (ইফি. ৫:⁠১৫-​১৭) তদুপৰি, আমাক উৎসাহিত কৰি বিবেচনা কৰিবলৈ কোৱা হʼল যে, আমি কিমান সময় এনে বিষয়বোৰ পঢ়াত অতিবাহিত কৰোঁ যি আধ্যাত্মিক বিষয়বোৰক বুজি পোৱাৰ শক্তিক বৃদ্ধি কৰাত পোনপটীয়াকৈ জড়িত নাথাকে। আপুনি বিবেচনা কৰিলেনে? তাৰ কেনে পৰিণাম লাভ কৰিলে? আমি নিতৌ বাইবেলখন পঢ়াৰ ওপৰিও সংগঠনে ব্যৱস্থা কৰা আন আন আলোচনীসমূহো পঢ়িবলৈ ঠিৰাং কৰা উচিত। এনে কৰাৰ দ্বাৰা আমি আৰু যুৱক-যুৱতী সকলে “প্ৰজ্ঞা উপাৰ্জ্জন” কৰিবলৈ সহায় লাভ কৰিব পাৰিম।​—⁠হিতো. ৪:⁠৭-​৯.

১০ “বাইবেলৰ সিদ্ধান্তসমূহক বুজি তাক প্ৰয়োগ কৰা যোগদি লাভৱান হোৱা”: এইটো এদিনীয় বিশেষ সন্মিলনৰ কাৰ্য্যক্ৰমৰ অন্তিম ভাষণৰ বিষয়বস্তু আছিল। অতিথি বক্তাজনে বৰ্ণনা কৰি কৈছিল যে যিহোৱা হৈছে জীৱন-দায়ক তাৎপৰ্য্যতাৰ উৎস, যিজন সকলো মানুহতকৈ চিৰকালৰ বাবে মহান। কল্পনা কৰক যে আপুনি যিহোৱাৰ তাৎপৰ্য্যতাৰ বুজ লোৱাৰ সুযোগ পাইছে! যিসকলে সৰল মনৰে তেওঁৰ তাৎপৰ্য্যতা বুজিবলৈ সহায় বিচাৰে আৰু বিশ্বাস কৰে তেওঁ তেওঁলোকক উদাৰভাৱে তাক প্ৰদান কৰে। (হিতো. ২:⁠৩-​৫, ৯; হিতো. ২৮:⁠৫) আপুনি তেওঁ দিয়া পৰামৰ্শৰ সম্পূৰ্ণ সুবিধা লৈছেনে?

১১ আমাক বাইবেলখন পঢ়াৰ সময়ত তাত থকা সিদ্ধান্তসমূহক চিনাক্ত কৰাৰ বিষয়ে শিকিবলৈ উৎসাহিত কৰা হʼল। (২ তীম. ৩:⁠১৬, ১৭) গতিকে মনোযোগেৰে অধ্যয়ন কৰাৰ দ্বাৰা যিহোৱাই যি কৈছে তাৰ সঠিক জ্ঞান লাভ কৰিব পাৰিম। সেই সিদ্ধান্তসমূহক আপোনাৰ মন আৰু হৃদয়ত স্থিৰ কৰিবলৈ ধ্যান কৰাত সময় অতিবাহিত কৰক। কিয়নো ইয়ে আপোনাৰ জ্ঞানেন্দ্ৰিয় শক্তিক বৃদ্ধি কৰিব, যাৰ দ্বাৰা আপুনি জীৱনত লোৱা যিকোনো সংকল্পত সফলতা লাভ কৰিব। (যিহো. ১:⁠৮) আঁহক আমি এনে কিছুমান অৱস্থাৰ বিষয়ে আলোচনা কৰোঁহঁক, যাক বাইবেলৰ পৰামৰ্শক পালন কৰাৰ যোগেদি সমাধান কৰিব পাৰোঁ।

১২ ‘মই এনে কোনো বিশেষ ধৰণৰ সাজ-পোচাক পৰিধান কৰিমনে?’ সাধাৰণতে এই জগতৰ সাজ-পোচাকৰ পাৰিধানে প্ৰায়ে বিৰুদ্ধাত্মক মনোবৃত্তিৰ আভাস দিয়ে। এই মনোবৃত্তিয়ে লোকসকলক অপৰিপাটি আৰু অপৰিষ্কাৰ বা অশ্লীল চিত্ৰ থকা সাজ-পোচাক পৰিধান কৰিবলৈ প্ৰভাৱিত কৰে। এনেধৰণৰ মনোবৃত্তিক বিৰোধ কৰিবলৈ বাইবেলৰ কোনটো যুক্তিসঙ্গত সিদ্ধান্তই আমাক সহায় কৰিব? আমাৰ জ্ঞানেন্দ্ৰিয় শক্তি প্ৰশিক্ষিত হোৱাৰ বাবে আমি ১ তীমথিয় ২:⁠৯, ১০ পদত সাজ-পোচাকৰ পৰিধানৰ সম্পৰ্কে দিয়া, এই পৰামৰ্শটোক বিবেচনা কৰিম। যʼত এইদৰে কোৱা হৈছে যে আমি এনে সাজ-পোচাক পৰিধান কৰা আৱশ্যক যিটো, “সুলাজ আৰু সুবোধৰে সৈতে, . . . ঈশ্বৰ ভক্তি স্বীকাৰ কৰা . . . যোগ্য।” ২ কৰিন্থীয়া ৬:⁠৩ আৰু কলচীয়া ৩:⁠১৮, ২০ পদত দিয়া আন আন পৰামৰ্শসমূহ সাজ-পোচাকৰ ক্ষেত্ৰত প্ৰযোজ্য হয়।

১৩ ‘মোৰ পৰিয়ালৰ বন্ধনক দৃঢ় কৰি ৰাখিবলৈ মই কি কৰিব পাৰোঁ?: ইয়াৰ বাবে পৰিয়ালত উত্তমৰূপে যোগযোগ হোৱাটো অতি গুৰুত্বপূৰ্ণ। যাকোব ১:⁠১৯ পদত আমাক এইদৰে পৰামৰ্শ দিয়া হৈছে: “প্ৰত্যেক মানুহ শুনিবলৈ খৰ, কবলৈ ধীৰ, আৰু ক্ৰোধলৈয়ো ধীৰ হওক।” পৰিয়ালৰ সদস্যই এজনে আনজনৰ প্ৰতি কাণ দিয়া আৰু সেই একেই দৰে এজনে আনজৰ সৈতে কথা-বতৰা হোৱা আৱশ্যক। কিয়নো পৰিয়ালত যোগাযোগ দ্বিমুখ হোৱা উচিত। ইয়াৰ ওপৰিও আমি যি কওঁ সেইটো সঁচা হোৱা আৱশ্যক। যদি আমাৰ কথা-বতৰাৰ পদ্ধতি কঠুৱা, অভিমানী বা কাঠচিতীয়া হয়, তেতিয়া আমি আনলৈ ভালতকৈ অধিক বেয়াহে কৰিম। গতিকে স্বামী বা স্ত্ৰী হওঁক, মাক-দেউতাক অথবা লʼৰা-ছোৱালী হওঁক, সকলোৰে কথা-বতৰা “অনুগ্ৰহযুক্ত আৰু লোণৰ আস্বাদযুক্ত” হোৱা উচিত।​—⁠কল. ৪:⁠৬.

১৪ ‘মই ভৌতিকবস্তুৰ প্ৰতি অধিক আকৰ্ষিত হৈছোঁনে?’ এই জগতৰ ভৌতিকবস্তুবাদৰ হেঁচাই জীৱনটোক অধিক জটিল কৰি তুলে। ইয়ে কেতিয়াও এজন ব্যক্তিৰ জীৱনটোক সুখী কৰিব নোৱাৰে। (উপ. ৫:⁠১০; লূক ১২:⁠১৫; ১ তীম. ৬:⁠৯, ১০) ভৌতিকবস্তুৰ ফান্দত পৰাৰ পৰা আঁতৰি থাকিবলৈ যীচুৱে আমাক এক গুৰুত্বপূৰ্ণ শিক্ষা প্ৰদান কৰি কৈছিল: নিজৰ চকু নিৰ্মল ৰাখা। ভাৰসাম্য আৰু জটিলতাহীন জীৱন-যাপনত ৰাজ্যৰ স্পৃহাৰ প্ৰতি ধ্যান কেন্দ্ৰীত কৰাটো অন্তৰ্ভূক্ত হৈ আছে। তেতিয়াহে আমি আন বস্তুবোৰক দ্বিতীয় স্থান দিম।​—⁠মথি ৬:⁠২২, ২৩, ৩৩.

১৫ আমাৰ লক্ষ্য কি হোৱা উচিত: আমি সঠিক সংঙ্কল্প লোৱাত মাৰ্গ-দৰ্শন কৰিবলৈ আমাৰ ওচৰত ভাৰসাযুক্ত ধাৰ্ম্মিক সিদ্ধান্ত অৰ্থাৎ ঈশ্বৰৰ বাক্য আছে। আমি এই সিদ্ধান্তসমূহক শিকা, ধ্যান কৰা আৰু তাৰ বুজ লৈ তাক নিজৰ জীৱনত প্ৰয়োগ কৰা আৱশ্যক। এইদৰে আমি ‘জ্ঞানেন্দ্ৰিয় শক্তিক প্ৰশিক্ষিত কৰি ভাল বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ’ হৈ নিজেই লাভবান হʼম আৰু যিহোৱাক সমাদৰ কৰিব পাৰিম।​—⁠ইব্ৰী ৫:⁠১৪.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক