যুৱক-যুৱতীসকল—নিজ জ্ঞানেন্দ্ৰিয় শক্তিক প্ৰশিক্ষণ দিয়ক!
“টান আহাৰ, সম্পূৰ্ণ বয়সীয়াবিলাকৰহে, অৰ্থাৎ অভ্যাসৰ কাৰণে যিবিলাকৰ জ্ঞানেন্দ্ৰিয়বোৰ ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ, তেওঁবিলাকৰহে।”—ইব্ৰী ৫:১৪.
১, ২. (ক) ইফিচীয়া মণ্ডলীত থকা খ্ৰীষ্টানসকলৰ পৰিস্থিতিৰ সৈতে বৰ্তমান আমাৰ সময়ৰ পৰিস্থিতিক কেনেকৈ তুলনা কৰিব পাৰি? (খ) কি কি সাধনে আপোনাৰ সন্মূখত প্ৰতীক্ষা কৰি থকা ফান্দবোৰৰ পৰা আপোনাক ৰক্ষা কৰিব পাৰে?
“কি দৰে চলা, তালৈ সাৱধানে চাবা; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলিবা; সুসময়ক কিনি লবা; কিয়নো এই কাল মন্দ।” (ইফিচীয়া ৫:১৫, ১৬) যিহেতু এই বাক্যশাৰী পৌলে দুই হাজাৰ বছৰৰ আগতে লিখিছিল “দুষ্ট আৰু প্ৰবঞ্চকবিলাকে . . . অধিক অধিককৈ মন্দ হৈ” গৈছে। বৰ্তমান আমি ‘ভয়ঙ্কৰ সময়ত’ বা যিদৰে অন্য এক অনুবাদত কোৱা হৈছে যে, “বিপদপূৰ্ণ সময়ত” জীয়াই আছো।—২ তীমথিয় ৩:১-৫, ১৩.
২ কিন্তু আপুনি বৰ্তমান সময়তো আপোনাৰ সন্মূখত প্ৰতীক্ষা কৰি থকা ফান্দবোৰৰ পৰা ৰক্ষা পাব পাৰে, কিন্তু তাৰ বাবে আৱশ্যক আপুনি “জ্ঞানীবিলাকৰ বচন . . . নিগূঢ়বাক্য বুজিব” লাগিব। (হিতোপদেশ ১:৫) হিতোপদেশ ২:১০-১২ পদে কৈছে: “কিয়নো প্ৰজ্ঞাই তোমাৰ হৃদয়ত প্ৰবেশ কৰিব, আৰু জ্ঞান তোমাৰ প্ৰাণৰ সুখজনক হব। কুপথৰ পৰা তোমাক উদ্ধাৰ কৰিবলৈ, আৰু যিবোৰে কুটিল বাক্য কয়, আন্ধাৰৰ পথত চলিবৰ নিমিত্তে সৰল পথ ত্যাগ কৰে।” কিন্তু আপুনি কেনেকৈ এই সাধনসমূহক উন্নত কৰিব পাৰে? হিব্ৰী ৫:১৪ পদে কৈছে: “টান আহাৰ, সম্পূৰ্ণ বয়সীয়াবিলাকৰহে, অৰ্থাৎ অভ্যাসৰ কাৰণে যিবিলাকৰ জ্ঞানেন্দ্ৰিয়বোৰ ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ, তেওঁবিলাকৰহে।” যিদৰে কোনো এক কাৰ্য্যত পাকৈত হবলৈ অভ্যাসৰ আৱশ্যক ঠিক সেইদৰে নিজৰ জ্ঞানেন্দ্ৰিয় শক্তিক উন্নত কৰিবলৈ প্ৰশিক্ষণৰ আৱশ্যক। ‘অভ্যাসৰ’ বাবে ব্যৱহাৰ কৰা গ্ৰীক শব্দৰ অৰ্থ হৈছে ‘এজন খেলুৱৈৰ দৰে প্ৰশিক্ষণ লাভ কৰা।’ আপুনি কেনেকৈ এই প্ৰশিক্ষণ লাভ কৰিব পাৰে?
নিজ জ্ঞানেন্দ্ৰিয় শক্তিক প্ৰশিক্ষণ দিয়া
৩. সিধান্ত লোৱাৰ সময়ত আপুনি কেনেকৈ আপোনাৰ জ্ঞানেন্দ্ৰিয় শক্তিক ব্যৱহাৰ কৰিব পাৰে?
৩ লক্ষ্য কৰক যে আপোনাৰ জ্ঞানেন্দ্ৰিয় শক্তি—সত্য আৰু অসত্য মাজত পাৰ্থক্য কৰা নিজৰ সাধন ক্ষমতাক—“অভ্যাসৰ” দ্বাৰা শক্তিশালী কৰিব পাৰে। যদি আপুনি নভৱা-নিচিন্তাকৈ, আবেগীক হৈ, বা আনক দেখি সিধান্ত লয় তেনেহʼলে সেইটো সঠিক সিধান্ত নহব। সঠিক সিধান্ত লবলৈ নিজৰ জ্ঞানেন্দ্ৰিয় শক্তিক ব্যৱহাৰ কৰা আৱশ্যক। কেনেকৈ? সৰ্ব্বপ্ৰথমে, নিজৰ পৰিস্থিতিক ভালদৰে বুজ লয় এনে জ্ঞান লাভ কৰা উচিত যিয়ে আপোনাক সঠিক সিধান্ত লবলৈ সহায় কৰিব। যদি আৱশ্যক হয় তেন্তে প্ৰশ্ন সোধক। ঠিৰাং কৰক যে এনেবোৰ পৰিস্থিতিত আপোনাৰ সন্মূখত কি কি পথ আছে। হিতোপদেশ ১৩:১৬ পদে কৈছে: “প্ৰত্যেক সুবিবেচক জ্ঞানেৰে কাৰ্য্য কৰে।” দ্বিতীয়তে, এইটো ঠিৰাং কৰিবলৈ চেষ্টা কৰক যে এনেবোৰ ক্ষেত্ৰত বাইবেলে কোনবোৰ নিয়ম বা সিধান্ত দিছে। (হিতোপদেশ ৩:৫) এইদৰে কৰিবলৈ, নিশ্চয়ে আপোনাৰ ওচৰত বাইবেলৰ জ্ঞান হোৱা আৱশ্যক। সেইবাবে পৌলে “টান আহাৰ” লবলৈ উৎসাহিত কৰিছে অৰ্থাৎ আমি সত্য যেনে “বহল, দীঘল, ওখ আৰু দৰ অনুভৱ পোৱা” আৱশ্যক।—ইফিচীয়া ৩:১৮.
৪. ঈশ্বৰৰ সিধান্তৰ জ্ঞান থকাটো কিয় আৱশ্যক?
৪ সেইদৰে কৰাতো আৱশ্যক, কিয়নো আমি অসিদ্ধ, পাপী। (আদিপুস্তক ৮:২১; ৰোমীয়া ৫:১২) যিৰিমিয়া ১৭:৯ পদে কৈছে “মন সকলোতকৈ কপটময়, আৰু তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি।” যদি আমাৰ ওচৰত ঈশ্বৰীয় সিধান্ত নাথাকে তেনেহʼলে আমি নিজৰ মনৰ আবেগত ভাহিঁ বেয়াকে ভাল বুলি বিবেচনা কৰিম, এইটো এইবাবে হয় কিয়নো আমাৰ পাপময় শৰীৰে তেনে কৰাটো পছন্দ কৰে। (যিচয়া ৫:২০ তুলনা কৰক।) গীতমালাৰ লিখকে এইদৰে লিখিলে: “ডেকা মানুহে কিহেৰে নিজ পথ শুদ্ধ কৰিব? তোমাৰ বাক্যৰ দৰে তাত মনোযোগ দিয়াৰ দ্বাৰাই কৰিব। তোমাৰ আদেশবোৰৰ দ্বাৰাই মই জ্ঞান পাওঁ; এই নিমিত্তে মই সকলো মিছা পথ ঘিণ কৰোঁ।”—গীতমালা ১১৯:৯, ১০৪.
৫. (ক) কিছুমান যুৱক-যুৱতীয়ে কিয় ভুল পথক অনুকৰণ কৰে? (খ) এগৰাকী যুৱা ভনীয়ে কেনেকৈ সত্যক নিজৰ কৰি ললে?
৫ খ্ৰীষ্টান পৰিয়ালত ডাঙৰ-দীঘল হোৱা কিছুমান যুৱক-যুৱতীয়ে কিয় ভূল পথ স্বীকাৰ কৰে? ইয়াৰ অৰ্থ এইটো নে তেওঁলোকে কেতিয়াও ‘যিহতে ঈশ্বৰৰ ইচ্ছা, অৰ্থাৎ উত্তম, গ্ৰহণীয়, আৰু সিদ্ধ কি তাক প্ৰমাণিত কৰিব নোৱাৰিলে?’ (হেলনীয়া মুদ্ৰণ আমাৰ) (ৰোমীয়া ১২:২) কিছুমানে হয়তো তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে সভাত আহে আৰু বাইবেলৰ কিছুমান মূখ্য সিধান্ত মনত ৰাখিবলৈ সক্ষম হয়। কিন্তু যেতিয়া তেওঁলোকৰ পৰা বিশ্বাসৰ প্ৰমাণ বিচৰা হয় বা ঈশ্বৰৰ বাক্যৰ গভীৰ অৰ্থবোৰক বৰ্ণনা কৰিবলৈ কোৱা হয়, তেতিয়া তেওঁলোকে তাক কৰিবলৈ অসফল হয়। এনে যুৱক-যুৱতীসকলে সহজতে প্ৰথভ্ৰষ্ট হয়। (ইফিচীয়া ৪:১৪) যদি আপোনাৰ ক্ষেত্ৰতো সেই একেইদৰে হৈছে, তেনেহʼলে নিজকে সলনি কৰিবলৈ কিয় দৃঢ় সঙ্কল্প নলয়? এগৰাকী যুৱা ভনীয়ে কৈছিল: “মই বাইবেল আৰু ইয়াৰ অৰ্থ বুজোৱা কিতাপবোৰৰ গভীৰভাৱে অধ্যয়ন কৰিলো। মই নিজকে সুধিলো, ‘মই কেনেকৈ বিশ্বাস কৰিব পাৰো যে এইটোৱে সত্য ধৰ্ম্ম? মই কেনেকৈ জানিম যে এনে এজন সত্য ঈশ্বৰ আছে যাৰ নাম যিহোৱা?’”a বাইবেলক গভীৰভাৱে অধ্যয়ন কৰাৰ দ্বাৰা তাইৰ বিশ্বাস হʼল যে পিতৃ-মাতৃয়ে তাইক শিকোৱা সকলোবোৰ কথাই সত্য!—পাঁচনিৰ কৰ্ম্ম ১৭:১১ পদ তুলনা কৰক।
৬. আপুনি কেনেকৈ নিশ্চিত হব যে ‘প্ৰভু যিহোৱাৰ সন্তোষজনক কি’ তাক আপুনি কেনেকৈ নিশ্চত কৰিব পাৰিব?
৬ যিহোৱাৰ সিধান্তৰ প্ৰতি ভালদৰে জ্ঞান আহৰণ কৰি বহু সহজে ‘প্ৰভুৰ সন্তোষজনক কি, পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয় কৰিব’ পাৰিব। (ইফিচীয়া ৫:৯) কিন্তু যেতিয়া আপোনাৰ সন্মূখত এনে পৰিস্থিতি আহে যʼত আপুনি সিধান্ত লব নোৱাৰে যে আপুনি কি কৰা উচিত আৰু কি কৰা উচিত নহয় তেনে অৱস্থাত কি কৰিব? প্ৰথ-প্ৰদৰ্শনৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰক। (গীতমালা ১১৯:১৪৪) নিজ পিতৃ-মাতৃৰ বা পৰিপক্ক খ্ৰীষ্টান ব্যক্তিৰ সৈতে এই বিষয়ৰ ওপৰত কথা-বতৰা হওঁক। (হিতোপদেশ ১৫:২২; ২৭:১৭) বাইবেল আৰু ওৱাচ্ টাৱাৰ সংস্থাই প্ৰকাশ কৰা প্ৰকাশনবোৰৰ অধ্যয়ন কৰাৰ দ্বাৰাও আৱশ্যকীয় পথ-প্ৰদৰ্শন পাব পাৰে। (হিতোপদেশ ২:৩-৫) আপুনি যিমানে আপোনাৰ জ্ঞানেন্দ্ৰিয় শক্তিক ব্যৱহাৰ কৰিব সিমানে এইবোৰ চোকা হব।
মনোৰঞ্জন ক্ষেত্ৰত বিবেচনাশীল হওঁক
৭, ৮. (ক) কোনো এক পাৰ্টিত যোৱাটো উচিত হয় নে নহয় এই সিধান্ত লবৰ বাবে আপুনি নিজৰ জ্ঞানেন্দ্ৰিয় শক্তিক কেনেকৈ ব্যৱহাৰ কৰিব? (খ) মনোৰঞ্জৰ প্ৰতি বাইবেলৰ দৃষ্টিভঙ্গী কি?
৭ আহঁক আমি এতিয়া চাওঁ যে কেনেকৈ কিছুমান বিশেষ পৰিস্থিতিত নিজৰ জ্ঞানেন্দ্ৰিয় শক্তি ব্যৱহাৰ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে কল্পনা কৰক, আপোনাক এটা পাৰ্টিত আমন্ত্ৰণ কৰা হৈছে। আমন্ত্ৰণৰ বাবে হয়তো নিমন্ত্ৰণ পত্ৰও বিতৰণৰ কৰা হৈছে। আপোনাক কোৱা হৈছে যে পাৰ্টিৰ বহুতো এনে যুৱক-যুৱতীসকল আছে যিসকল যিহোৱাৰ সাক্ষী। কিন্তু পাৰ্টিৰ খৰচৰ বাবে সকলোৰ পৰা ধন সংগ্ৰহ কৰা হৈছে। আপুনি তেনে পাৰ্টিত যাবনে?
৮ নিৰ্ণয় কৰিবলৈ নিজৰ জ্ঞানেন্দ্ৰিয় শক্তিক ব্যৱহাৰ কৰক। প্ৰথমে, সকলোবোৰ সম্বাদ একত্ৰিত কৰক। এই পাৰ্টি কিমান ডাঙৰ হব? কোন কোন উপস্থিত থাকিব? কেতিয়া আৰম্ভ হব? কেতিয়া শেষ হব? তাত কি কি কাৰ্য্যক্ৰম প্ৰস্তুত কৰা হব? এই পাৰ্টিক কিদৰে নিৰীক্ষণ কৰা হʼব? ইয়াৰ পাছত, প্ৰহৰীদূৰ্গ প্ৰকাশন নিৰ্ঘন্ট-ত (ইংৰাজী) “সামাজিক সমাবেশ,” আৰু “আমোদ-প্ৰমোদ” আদি বিষয়ৰ ওপৰত অনুসন্ধান কৰক।b আপুনি কৰা অনুসন্ধানে কি প্ৰকাশ কৰিব পাৰে? সৰ্ব্বপ্ৰথমে এইটো যে যিহোৱা ঈশ্বৰে আমোদ-প্ৰমোদক নিন্দা নকৰে। উপদেশক ৮:১৫ পদত এইটো কৈছে যে পৰিশ্ৰমৰ সৈতে “ভোজন-পান আৰু আনন্দ কৰাতকৈ সূৰ্য্যৰ তলত মনুষ্যৰ আৰু ভাল নাই।” যীচু খ্ৰীষ্ট নিজেও কিছুমান বিশেষ ভোজ আৰু বিবাহত গৈছিল। (লূক ৫:২৭-২৯; যোহন ২:১-১০) খ্ৰীষ্টান সিদ্ধান্তৰ ভাৰসাম্য ৰাখি এনে সামাজিক মনোৰঞ্জনৰ পৰা লাভৱান হব পাৰি।
৯, ১০. (ক) কিছুমান পাৰ্টিত কি কি বিপদ আহিব পাৰে? (খ) পাৰ্টিত যাব লাগে নে নালাগে, এই সিধান্ত লবলৈ প্ৰথমে আপুনি নিজকে কি কি প্ৰশ্ন সোধা আৱশ্যক?
৯ যদি পাৰ্টিক ভালদৰে নিৰীক্ষণ কৰা নহয় তেনেহʼলে সমস্যা সৃষ্টি হব পাৰে। ১ কৰিন্থীয়া ১০:৮ পদত আমি পঢ়ো যে বেয়া লোকৰ সৈতে সঙ্গতি কৰাৰ বাবে কেনেকৈ ইস্ৰায়েলসকলে যিহোৱাক পাহৰি ব্যভিচাৰ কৰিলে আৰু “একে দিনাই একুৰি তিনি হাজাৰ মানুহ [অবিশ্বাসী ইস্ৰায়েল] মৰা পৰিল।” ৰোমীয়া ১৩:১৩ পদত দিয়া সাৱধানবাণীক আমি মনত ৰখা উচিত: “ৰঙ্গৰস আৰু মত্ততা, লম্পটতা আৰু কামাভিলাষ, বিবাধ আৰু ঈৰ্ষা, এইবোৰ নকৰি, দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁহঁক।” (১ পিতৰ ৪:৩ পদৰ সৈতে তুলনা কৰক।) এইটো সচাঁ যে পাৰ্টিত কিমান লোক অহা উচিত ইয়াৰ বাবে কোনো নিৰ্দ্ধাৰিত নিয়ম নাই। কিন্তু দেখা গৈছে যে পাৰ্টিত যিমানে অধিক লোকক নিমন্ত্ৰণ কৰা হয় তেওঁলোকৰ ওপৰত দৃষ্টি ৰখাটো কঠিন হয় পৰে। পাৰ্টিত যদি কম সংখ্যাৰ লোক হয় তেনেহʼলে নিৰীক্ষণ কৰাটো সহজ আৰু “ৰঙ্গৰসত” মতলীয়াৰ হোৱাৰ পৰা আতঁৰি থাকিব পাৰি।—গালাতীয়া ৫:২১.
১০ অনুসন্ধান কৰাৰ সময়ত আপোনাৰ মনত প্ৰশ্ন উঠিব পাৰে, যেনে: সেই পাৰ্টিত কিছুমান পৰিপক্ক প্ৰাপ্তবয়স্ক খ্ৰীষ্টান উপস্থিত থাকিব নে নাই? এই পাৰ্টি কোনে দিছে? ভাই-ভনীসকলক ভালদৰে জানিবলৈ আৰু তেওঁলোকক উৎসাহিত কৰিবলৈ এই পাৰ্টি ৰখা হৈছেনে, নে মাত্ৰ লাভৰ বাবেহে ৰখা হৈছে? ইয়াত যিকোনে ব্যক্তি উপস্থিত হবনে? যদি পাৰ্টি শুক্ৰবাৰ বা শনিবাৰ দিনত ৰখা হৈছে, তেনেহʼলে কি এইটো সঠিক সময়ত শেষ হবনে যাতে পাছ দিনা প্ৰচাৰত যাবলৈ ৰাতিপুৱা সোনকালে শুই উঠিব পাৰে? যদি সঙ্গীত আৰু নৃত্যৰ ব্যৱস্থা কৰা হৈছে তেনেহʼলে এইটো কেনেদৰে হব, কি এইটো খ্ৰীষ্টানৰ বাবে সঠিক নে? (২ কৰিন্থীয়া ৬:৩) এইধৰণৰ প্ৰশ্নৰ উত্তৰ পোৱাটো সহজ নহয়। কিন্তু হিতোপদেশ ২২:৩ পদে সাৱধানবাণী দিছে: “বিবেচক লোকে আপদ দেখি নিজকে লুকুৱায়; কিন্তু নিৰ্ব্বোধে আগলৈ গৈ দুখত পৰে।” অৱশ্যে, আপোনাৰ জ্ঞানেন্দ্ৰিয় শক্তি ব্যৱহাৰ কৰাৰ দ্বাৰা আপুনি বিপদজনক পৰিস্থিতিৰ পৰা আতঁৰি থাকিব পাৰে।
বিবেচনা কৰি নিজ শিক্ষাৰ আচঁনি বনাওঁক
১১. যুৱক-যুৱতীসকলে নিজৰ ভৱিষ্যতৰ বাবে আচঁনি বনাবলৈ কেনেকৈ জ্ঞানেন্দ্ৰিয় শক্তি ব্যৱহাৰ কৰিব পাৰে?
১১ বাইবেলে কৈছে যে ভৱিষ্যতৰ বাবে আৰম্ভণিৰ পৰাই আচঁনি কৰাতো ভাল। (হিতোপদেশ ২১:৫) আপুনি নিজৰ ভৱিষ্যতৰ বিষয়ে নিজৰ পিতৃ-মাতৃৰ সৈতে আলোচনা কৰিলেনে? হয়তো আপুনি ভৱিষ্যতে অগ্ৰগামীৰূপে সেৱা কৰিবলৈ ইচ্ছা কৰিছে। সচাঁকৈ, অগ্ৰগামী কাৰ্য্যত যি আনন্দ পোৱা যায় সেই আনন্দ কোনো কাৰ্য্যতে পোৱা নাযায়। যদি আপুনি মনোযোগেৰে পঢ়ে আৰু প্ৰচাৰ কাৰ্য্যত আপোনাৰ দক্ষতাক উন্নতি কৰি থাকে তেনেহʼলে আপুনি অগ্ৰগামীৰ দৰে সুন্দৰ কাৰ্য্যৰ বাবে এতিয়াৰে পৰা তৈয়াৰ হব পাৰে। কিন্তু আপুনি চিন্তা কৰিছেনে যে অগ্ৰগামী সেৱা কৰি কেনেকৈ নিজৰ খৰচ বহন কৰিব পাৰিব? ধৰি লওঁক যদি ভৱিষ্যতে আপুনি বিবাহ কৰিব বিচাৰে তেনেহʼলে আপুনি সেই দায়ীত্বক বহন কৰিব পাৰিবনে? এনেবোৰ ক্ষেত্ৰত ভালদৰে বিবেচনা কৰি সিধান্ত লবলৈ জ্ঞানেন্দ্ৰিয় শক্তিক উত্তম ৰীতিৰে ব্যৱহাৰ কৰা আৱশ্যক।
১২. (ক) কিছুমান পৰিয়ালে পৰিস্থিতিবোৰৰ বুজ লৈ ভৱিষ্যতৰ বাবে কেনেকৈ আচঁনি তৈয়াৰ কৰে? (খ) অতিৰিক্ত শিক্ষা লোৱাৰ অৰ্থ এইটো নে যে অগ্ৰগামী সেৱা কাৰ্য্য কৰিব নোৱাৰে? বৰ্ণনা কৰক।
১২ কিছুমান ঠাইত, যʼত আপুনি চাকৰি কৰিছে সেই স্থানত নিজৰ দক্ষতা বা নিপুণতাৰ বাবে আৰু অধিক প্ৰশিক্ষণ পাব পাৰে যাৰ দ্বাৰা আপুনি লাভৱান হব। এনে কিছুমান যুৱক-যুৱতী আছে, যিসকলে নিজৰ পৰিয়ালৰ ব্যৱসায়ত চোৱা-চিতা কৰিবলৈ শিকে বা এনেধৰণৰ অনুভৱী বন্ধুসকলৰ পৰা শিক্ষা প্ৰাপ্ত কৰে যিজনৰ নিজৰ ব্যৱসায় আছে। অন্য যুৱক-যুৱতীয়ে ডিপ্লোমা কোৰ্চ কৰে যাৰ দ্বাৰা পাছলৈ নিজৰ বাবে উপাৰ্জন কৰিব পাৰে। যʼত এনেবোৰ সুবিধা নাই, তাত পিতৃ-মাতৃয়ে ভালদৰে বিবেচনা কৰি নিজৰ সন্তানক হাই স্কুলৰ পাছতো পঢ়িবলৈ ব্যৱস্থা কৰিব পাৰে। আগলৈ নিজৰ দায়ীত্ব নিজে বহন কৰিবলৈ আৰু বিশেষকৈ অধিক সময়লৈকে অগ্ৰগামী সেৱা কৰা উদ্দেশ্যৰে এইদৰে ভৱিষ্যতৰ আচঁনি তৈয়াৰ কৰাটো ভুল নহব। ইয়াৰ দ্বাৰাও আমি ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়াটো কোনো বাধাজনক নহব। (মথি ৬:৩৩) অতিৰিক্তি শিক্ষা লোৱাৰ এইটো অৰ্থ নহয় যে অগ্ৰগামী কাৰ্য্য কৰিব নোৱাৰে। ইয়াৰে এটা উদাহৰণৰ হৈছে এগৰাকী যুবা ভনীয়ে বহু সময়ৰ পৰা অগ্ৰগামীৰূপে সেৱা কৰিবলৈ বিচাৰি আছিল। যেতিয়া তাই হাই স্কুলৰ শিক্ষা সমাপ্ত কৰে তাৰ পাছত, তাইৰ পিতৃ-মাতৃ, যিসকলে নিজেই নিয়মিত অগ্ৰগামীৰূপে সেৱা কৰিছে, তাইক অধিক পঢ়াবলৈ ব্যৱস্থা কৰে। কিন্তু শিক্ষাৰ লগে-লগে তাই অগ্ৰগামীৰূপে সেৱা কৰিবলৈ আৰম্ভ কৰে আৰু এতিয়া তাই ওচৰত এনে দক্ষতা আছে যাৰ দ্বাৰা তাই নিজৰ ভৰিত থিয় হৈ অগ্ৰগামীৰূপে সেৱা কৰিব পাৰে।
১৩. লৰা-ছোৱালীৰ অতিৰিক্ত শিক্ষাৰ ক্ষেত্ৰত পৰিয়ালে কেনেদৰে বিবেচনা কৰা উচিত?
১৩ লৰা-ছোৱালীৰ অতিৰিক্ত শিক্ষাৰ বাবে সিধান্ত লোৱাটো, প্ৰত্যেক পৰিয়ালৰ অধিকাৰ আৰু দায়ীত্ব আছে। যদি এনেবোৰ শিক্ষা বিবেচনা কৰি বাচঁনি কৰা হয়, তেনেহʼলে তেনে কৰিলে সহায়ক হব পাৰে। ই এক ফান্দও হব পাৰে। যদি আপুনি এনেধৰণৰ শিক্ষাৰ বাবে বিবেচনা কৰিছে, তেনেহʼলে আপোনাৰ লক্ষ্য কি? কি এইটো আপোনাক আগলৈ নিজকে সন্মানীয়ৰূপে দায়ীত্ব বহন কৰাত সহায় কৰিবনে? বা আপুনি “নিজৰ নিমিত্তে মহত্ব বিচাৰে নে?” (যিৰিমিয়া ৪৫:৫; ২ থিচলনীকীয়া ৩:১০; ১ তীমথিয় ৫:৮; ৬:৯) ঘৰৰ পৰা দূৰত, ছাত্ৰাবাসত থাকি শিক্ষা লাভ কৰাৰ বিষয়ে কি? পৌলৰ সেই সাৱধানবাণীক মনত ৰাখি এটা সঠিক সিধান্তত উপনীত হবনে যে “কুসঙ্গে সদাচাৰ নষ্ট কৰে”? (১ কৰিন্থীয়া ১৫:৩৩; ২ তীমথিয় ২:২২) এইটো মনত ৰাখক যে “সেই কাল চুটি কৰা হৈছে।” (১ কৰিন্থীয়া ৭:২৯) এনেবোৰ শিক্ষাত আপুনি কিমান সময় অতিবাহিত কৰিব? আপোনাৰ যৌৱনকালৰ অধিক সময় এইবোৰতে অতিবাহিত কৰিবনে? যদি এইদৰে, তেনেহʼলে আপুনি বাইবেলৰ এই উপদেশক কেনেকৈ পালন কৰিব যে “যৌৱন-কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা”? (উপদেশক ১২:৭) ইয়াৰ ওপৰিও, যি কোৰ্চবোৰ আপুনি লʼব, কি সেইবোৰৰ বাবে আপুনি সভাত উপস্থিত হবলৈ, পৰিচৰ্য্যা ক্ষেত্ৰত যাবলৈ আৰু ব্যক্তিগত অধ্যয়ন কৰিলৈ সময় পাবনে যিটো সকলো খ্ৰীষ্টানৰ কাৰণে অতি আৱশ্যক? (মথি ২৪:১৪; ইব্ৰী ১০:২৪, ২৫) যদি আপোনাৰ জ্ঞানেন্দ্ৰিয় শক্তি অতি প্ৰখৰ, তেনেহʼলে নিজৰ পিতৃ-মাতৃৰ সৈতে নিজৰ ভৱিষ্যতৰ বাবে আচঁনি তৈয়াৰ কৰোঁতে ঈশ্বৰৰ সেৱাক সদায়ে প্ৰথম স্থান দিব।
বিবাহৰ পূৰ্ব্বে নিজ প্ৰেমলাপক আদৰণীয় কৰক
১৪. (ক) বিবাহৰ পূৰ্ব্বে প্ৰেমলাপৰ সময়ত যেতিয়া প্ৰেম প্ৰকাশ কৰা হয়, তেতিয়া কি সিধান্তক মনত ৰখা উচিত? (খ) কিছুমান লোকে এই ক্ষেত্ৰত কিদৰে নভৱা-নিচিন্তাকৈ কাৰ্য্য কৰে?
১৪ অন্য এক ক্ষেত্ৰত যʼত নিজ জ্ঞানেন্দ্ৰিয়ৰ সৈতে কাৰ্য্য কৰাটো অতি আৱশ্যক, আৰু সেইটো হৈছে প্ৰেমলাপৰ সময়, যিটো বিবাহৰ পূৰ্ব্বে লৰা আৰু ছোৱালীয়ে কৰে। সকলোৰে নিজৰ ভাল পোৱা জনৰ আগত প্ৰেম নিৱেদন কৰা ইচ্ছা হয়। পৰমগীতত যি দম্পতীৰ বিষয়ে কোৱা হৈছে, তাতো বিবাহৰ পূৰ্ব্বে কিছু পৰিমাণে নিজৰ প্ৰেম প্ৰকাশ কৰিলে। (পৰমগীত ১:২; ২:৬; ৮:৫) সেইদৰে বৰ্তমান সময়ত, বিশেষকৈ যদি বিবাহৰ বাবে বেছি সময় নাই যুৱক-যুৱতীয়ে অনুভৱ কৰিব পাৰে যে হাতত ধৰি চলা, চুমা খোৱা, আৰু এজনে আনজনক অলিঙ্গন কৰাটো কোনো বেয়া কাৰ্য্য নহয়। কিন্তু মনত ৰাখক: “যি মানুহে নিজৰ মনত ভাৰসা কৰে, সি অজ্ঞান।” (হিতোপদেশ ২৮:২৬) দুঃখৰ বিষয় এই যে বহুতো যুৱক-যুৱতীসকলে নভৱা-নিচিন্তাকৈ এনে পৰিস্থিতিত উপস্থিত হয় যʼত খ্ৰীষ্টান সিধান্তক পালন কৰাটো কঠিন হয় পৰে। তেওঁলোকৰ মাজত প্ৰেম প্ৰকাশ কৰিবলৈ ইমানে আগবাঢ়ি যায় যে পাছলৈ নিয়ন্ত্ৰণ হেৰুৱাই ব্যভিচাৰত লিপ্ত হয় আৰু অনৈতিকতাৰ জালত নিজকে হাঙুৰি লয়।
১৫, ১৬. বিবাহৰ পূৰ্ব্বে প্ৰেমলাপৰ সময়ত লৰা-ছোৱালী কি কি যুক্তিসঙ্গত পদক্ষেপ গ্ৰহণ কৰিব পাৰে যাতে তেওঁলোকৰ প্ৰেমলাপ আদৰণীয় হৈ থাকে?
১৫ যদি আপুনি বিবাহৰ বিষয়ে চিন্তা কৰিছে আৰু নিজৰ সঙ্গীৰ সৈতে প্ৰেমলাপ কৰিছে, তেনেহʼলে কিছুমান স্থানত তেওঁৰ সৈতে অকলশৰীয়াকৈ নাথাকিব। এইটো উপযুক্ত হব যে আপুনি নিজৰ সঙ্গী সেই সময়ত সাক্ষাৎ কৰক যেতিয়া আপোনাৰ সৈতে আপোনাৰ বন্ধু-বান্ধৱ বা বহুত লোক আশে-পাশে উপস্থিত থাকে। কিছুমান দম্পতীয়ে প্ৰেমলাপ কৰাৰ সময়ত নিজৰ লগত এজন ব্যক্তিক ৰাখে। হোচেয়া ৪:১১ পদকো বিবেচনা কৰক “দ্ৰাক্ষাৰস, আৰু নতুন দ্ৰাক্ষাৰসে বুদ্ধিহীন কৰে।” প্ৰেমলাপ কৰাৰ সময়ত যদি দ্ৰাক্ষাৰস পান কৰা হয় তেনেহʼলে অজানিতে হয়তো যুৱক-যুৱতীয়ে কোনো ভুল কাৰ্য্য কৰিব পাৰে বা এনে কোনো কাৰ্য্য হব পাৰে যাৰ বাবে তেওঁলোকে পিছলৈ অনুতাপ্ত কৰিব।
১৬ হিতোপদেশ ১৩:১০ পদত কৈছে: “দৰ্পৰ দ্বাৰাই কেৱল বিবাদ্হে জন্মে; কিন্তু সুপৰামৰ্শ লোৱাবিলাকৰ লগত প্ৰজ্ঞা থাকে।” ‘সুপৰামৰ্শ’ লওঁক বা আলোচনা কৰক যে এজন আনজনৰ সৈতে কেনেদৰে আচৰণ কৰিব। প্ৰেম প্ৰকাশ কৰাৰ সময়ত কিছু দূৰত্ব বজাই ৰাখক, আৰু এনে কোনো কাৰ্য্য নকৰিব যাৰ দ্বাৰা আনৰ মন আৰু বিবেকত আঘাত পাব পাৰে। (১ কৰিন্থীয়া ১৩:৫; ১ থিচলনীকীয়া ৪:৩-৭; ১ পিতৰ ৩:১৬) প্ৰথমে এনেবোৰ হৃদয়ত লগা বিষয়ত কথা-বতৰা হবলৈ কঠিন হব, কিন্তু তেনে কৰিলে আপুনি আগলৈ বহুতো সমস্যাৰ পৰা হাত হাৰিব পাৰে।
‘বাল্যকালৰ’ পৰা শিক্ষা দিয়া
১৭. দায়ূদে কেনেকৈ ‘সৰুৰে পৰা যিহোৱাক নিজৰ বিশ্বাস-ভূমি’ কৰিলে আৰু বৰ্তমান সময়ৰ যুৱক-যুৱতীসকলে ইয়াৰ পৰা কি শিক্ষা লাভ কৰিব পাৰে?
১৭ চয়তানৰ ফান্দৰ পৰা বাচি থাকিবৰ বাবে, যুৱক-যুৱতীসকলক সদায় সাৱধান হোৱা উচিত আৰু সাহসীয়াল হোৱা আৱশ্যক। কিয়, কিয়নো কোনো-কোনো সময়ত নিজকে মাত্ৰ অন্য যুৱক-যুৱতীসকল পৰাই নহয় কিন্তু গোটেই জগতৰ পৰা পৃথক বুলি প্ৰকাশ কৰিব লাগে। গীতমালা লেখক দায়ূদে মিনতি কৰিলে: “কিয়নো, হে প্ৰভু যিহোৱা, তুমি মোৰ আশা; সৰু কালৰে পৰা তুমি মোৰ বিশ্বাস-ভূমি। হে ঈশ্বৰ, তুমি মোক লৰা কালৰে পৰা শিক্ষা দি আহিছা, আৰু এতিয়ালৈকে মই তোমাৰ আচৰিত কাৰ্য্যবোৰ প্ৰকাশ কৰি আহিছোঁ।” (গীতমালা ৭১:৫, ১৭)c দায়ূদ এজন সাহসীয়াল ব্যক্তি আছিল। কিন্তু কেতিয়াৰ পৰা তেওঁ বেছি সাহসীয়াল হৈছিল? ডেকা অৱস্থাত! গলিয়াথৰ সৈতে সন্মূখীন হোৱাৰ বহু আগতে, দায়ূদে নিজৰ পিতৃৰ মেৰবোৰৰ ৰক্ষীয়া কৰি থকাৰ সময়ত তেওঁ নিজ সাহস প্ৰকাশ কৰিলে। তেওঁ এটা সিংহ আৰু এটা ভালুকক বধ কৰিছিল। (১ চমূৱেল ১৭:৩৪-৩৭) কিন্তু, দায়ূদে নিজৰ সাহসৰ বাবে সদায়ে যিহোৱাৰ প্ৰশংসা কৰি কৈছিল যে “সৰু কালৰে পৰা তুমি মোৰ বিশ্বাস-ভূমি।” দায়ূদে সকলো সময়তে যিহোৱাক ওপৰত ভৰসা কৰিছিল আৰু এইবোৰে তেওঁক পৰীক্ষাত সন্মূখীন হবলৈ সহায় কৰিছিল। সেইবাবে, যদি আপুনিও যিহোৱাক ভৰসা কৰে তেওঁ আপোনাকো ‘জগতক জয় কৰিবলৈ’ সাহস আৰু শক্তি দিব।—১ যোহন ৫:৪.
১৮. ঈশ্বৰক উপাসনা কৰা যুৱক-যুৱতীসকলক কি পৰামৰ্শ দিয়া হৈছে?
১৮ আপোনাৰ দৰে হাজাৰ হাজাৰ যুৱক-যুৱতীসকলে সত্যক গ্ৰহণ কৰি সাহস দেখুৱাইছে আৰু এতিয়া বাপ্তিস্মা লৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰিছে। হে, খ্ৰীষ্টান যুৱক-যুৱতীসকল, আমি আপোনলোকৰ বিশ্বাস আৰু সাহসৰ বাবে যিহোৱাক ধন্যবাদ দিছো! এই জগতৰ দুৰ্নীতিৰ পৰা আতঁৰি থকা আপোনালোকৰ স্থিৰসঙ্কল্পত দৃঢ় থাকক। (২ পিতৰ ১:৪) বাইবেলৰ সিধান্তৰ ওপৰত চলি আপোনাৰ জ্ঞানেন্দ্ৰিয় শক্তিক দৃঢ় কৰক। এইদৰে আপুনি বৰ্তমান সময়ৰ সমস্যাৰ পৰা হাত হাৰিব পাৰিব আৰু নিজকে পৃথক ৰখাৰ দ্বাৰা উদ্ধাৰো পাব। দৰাচলতে, যেনেকৈ আমাৰ শেষৰ প্ৰৱন্ধটোত কোৱা হৈছে, আপুনি নিজৰ জীৱনত সত্য সফলতা লাভ কৰিব পাৰিব।
[Footnotes]
a সচেতন! অক্টোবৰ ২২, ১৯৯৮ চনৰ (ইংৰাজী) “যুৱক-যুৱতীসকলে কৰা প্ৰশ্ন . . . মই কেনেকৈ সত্যক নিজৰ কৰি লব পাৰোঁ?” পৱন্ধটো চাওঁক।
b প্ৰহৰীদূৰ্গ আগষ্ট ১৫, ১৯৯২ চনৰ (ইংৰাজী) “সামাজিক মনোৰঞ্জনৰ—পৰা আনন্দ লাভৱান হওঁক, ফান্দৰ পৰা আতঁৰি থাকক” প্ৰৱন্ধত এই বিষয়ে বহু সূচনা দিয়া হৈছে।
c গীতমালা ৭১ অধ্যায়তো ৭০ অধ্যায়ৰ পাছৰ ভাগ বোধ হয়, ৭৩ অধ্যায়ো দায়ূদ লিখা বুলি চিনাক্ত কৰা হৈছে।
পুনৰ আলোচনাৰ বাবে প্ৰশ্নসমূহ
◻ এজন যুৱক বা যুৱতীয়ে কেনেকৈ নিজৰ জ্ঞানেন্দ্ৰিয় শক্তিক প্ৰশিক্ষণ দিব পাৰে?
◻ যেতিয়া খ্ৰীষ্টান পাৰ্টিৰ সম্পৰ্কে প্ৰশ্ন আহে, সেই সময়ত এজন যুৱক বা যুৱতীয়ে নিজৰ জ্ঞানেন্দ্ৰিয় শক্তিক কেনেকৈ ব্যৱহাৰ কৰিব পাৰে?
◻ কোনো এজনে শিক্ষা গ্ৰহণৰ বাবে নিজ আচঁনি তৈয়াৰ কৰাৰ সময়ত কি কি কথা মনত ৰখা উচিত?
◻ বিবাহৰ বিষয়ে চিন্তা কৰা যুৱক-যুৱতীসকলক যৌন অনৈতিকতাৰ ফান্দৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰে?
[Picture on page 15]
অনুসন্ধান কৰিবলৈ শিকি আপুনি নিজ জ্ঞানেন্দ্ৰিয় শক্তিক শক্তিশালী কৰিব পাৰে
[Picture on page 16]
সৰু-সৰু পাৰ্টিত সহজতে পৰ্য্যবেক্ষণ কৰিব পৰা যায় আৰু তেনে কৰিলে লোকসকলক মতলীয়া হোৱাৰ পৰা বাধা দিব পাৰি
[Picture on page 16]
পিতৃ-মাতৃসকলে নিজ লৰা-ছোৱালীক সহায় কৰিব লাগে যাতে তেওঁলোকে নিজৰ শিক্ষাৰ বাবে সঠিক আচঁনি তৈয়াৰ কৰিব পাৰে
[Picture on page 17]
বহুতো ব্যক্তি উপস্থিত থকা স্থানত প্ৰেমলাপ কৰাটো সুৰক্ষাজনক