ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০১ ৮/১ পৃষ্ঠা ৭-১২
  • আপুনি “ভাল-বেয়া বিষয়ে নিৰ্ণয়” কৰিব পাৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি “ভাল-বেয়া বিষয়ে নিৰ্ণয়” কৰিব পাৰেনে?
  • ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • জগতৰ ‘দৰ্শনবিদ্যা আৰু প্ৰবঞ্চনা’
  • যিসকলে “বেয়াক ভাল আৰু ভালক বেয়া” বুলি কয়
  • যিবোৰ যিহোৱাৰ গ্ৰহণীয় তাৰ বিষয়ে শিকক
  • আমাৰ জ্ঞানেন্দ্ৰিয় অৰ্থাৎ বিচাৰশক্তিক উন্নত কৰোঁহঁক
  • আপোনাৰ জ্ঞানেন্দ্ৰিয়ক প্ৰশিক্ষণৰ যোগেদি প্ৰশিক্ষিত কৰি তুলক
  • যুৱক-যুৱতীসকল—নিজ জ্ঞানেন্দ্ৰিয় শক্তিক প্ৰশিক্ষণ দিয়ক!
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • আপোনাৰ জ্ঞানেন্দ্ৰিয় শক্তিক বৃদ্ধি কৰক
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • “পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা”
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আপোনাৰ পবিত্ৰ বিশ্বাস দৃঢ় কৰক
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০১ ৮/১ পৃষ্ঠা ৭-১২

আপুনি “ভাল-বেয়া বিষয়ে নিৰ্ণয়” কৰিব পাৰেনে?

“প্ৰভুৰ সন্তোষজনক কি, পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয় . . . কৰা।”—ইফিচীয়া ৫:৯.

১. কি ধৰণে আজি আমাৰ জীৱন জটিল হʼব পাৰে আৰু কিয়?

“হে যিহোৱা, মই জানো যে, মানুহৰ গতি নিজ অধিকাৰত নাথাকে; নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনৰ শক্তি নাই।” (যিৰিমিয়া ১০:২৩) এই গুৰুত্বতাৰ বিষয়ে যিদৰে ভবিষ্যতবক্তা যিৰিমিয়াই বিবেচনা কৰিছিল, ই আজি আমাৰ জীৱনতো সিমানেই প্ৰযোজ্য হয়। কিয়? কিয়নো বাইবেলত উল্লেখ কৰাৰ অনুসাৰে আজি আমি ‘শেষ-কালৰ ভয়ঙ্কৰ সময়ত’ বাস কৰিছোঁ। (২ তীমথিয় ৩:১) সেয়েহে আমি সম্মুখীন হোৱা জটিল পৰস্থিতিবোৰত নিজেই নিৰ্ণয় লবলৈ বাধ্য হৈ পৰিছোঁ। এতেকে আমাৰ নিৰ্ণয় সৰুৱেই হওঁক বা ডাঙৰেই নহওঁক কিয়, ই আমাৰ শাৰীৰিক, ভাবাত্মক আৰু আধ্যাত্মিক হিতৰ ওপৰত গভীৰভাৱে প্ৰভাব পেলায়।

২. কেনে ধৰণৰ নিৰ্ণয়বোৰ আমাৰ দৈনন্দিন জীৱনৰ ভাগ হৈ পৰিব পাৰে আৰু সমৰ্পিত খ্ৰীষ্টান হোৱাৰ হেতুকে আমি সেইবোৰৰ প্ৰতি কেনে দৃষ্টি ৰখা উচিত?

২ আমাৰ দৈনন্দিন জীৱনত আমি লোৱা বহুতো নিৰ্ণয় আমাৰ জীৱনৰ এটা সাধাৰণ ভাগ হৈ পৰিব পাৰে। উদাহৰণস্বৰূপে, আমি যি পৰিধান কৰোঁ, যি খাওঁ আৰু যিসকলক লগ পাওঁ, ই আমাৰ দৈনন্দিন জীৱনৰ এক ভাগ হৈ পৰে। এনেবোৰ নিৰ্ণয় আমি কোনো চিন্তা নকৰাকৈ আপোনা-আপুনি লওঁ। কিন্তু বাস্তৱতে এই বিষয়বোৰ আমাৰ জীৱনৰ সাধাৰণ ভাগ হৈ পৰাতো উচিত নে? সমৰ্পিত খ্ৰীষ্টান হোৱাৰ হেতুকে, আমাৰ খোৱা-বোৱা, সাজ-পোচাকৰ পৰিধান, কথা-বতৰা আৰু আচাৰ-ব্যৱহাৰৰ সম্বন্ধে লোৱা নিৰ্ণয়ক সঁচাকৈ বিবেচনা কৰা আৱশ্যক। কিয়নো এইবোৰে আমাক সৰ্বশক্তিমান ঈশ্বৰ যিহোৱাৰ সেৱক হিচাপে পৰিচয় দিয়াত মুখ্য ভূমিকা আদায় কৰে। এই বিষয়ে পাঁচনি পৌলে আমাক সোঁৱৰাই দি এইদৰে কৈছিল: “তোমালোকে ভোজন-পান আদি যি যি কৰ্ম্ম কৰা, সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰিবা।”—১ কৰিন্থীয়া ১০:৩১; কলচীয়া ৪:৬; ১ তীমথিয় ২:৯, ১০.

৩. কেনে ধৰণৰ বাছনি কৰাৰ নিৰ্ণয়সমূহক আমি গভীৰতাৰে বিবেচনা কৰা আৱশ্যক?

৩ তদুপৰি এনে কিছুমান নিৰ্ণয় আছে যাৰ বিষয়ে বিবেচনা কৰাটো সঁচাকৈ গুৰুত্বপূৰ্ণ বিষয়। উদাহৰস্বৰূপে, বিবাহ কৰা বা অবিবাহিত হৈ থাকিবলৈ লোৱা নিৰ্ণয়ে নিশ্চয়ে এজন ব্যক্তিক চিৰদিনৰ বাবে প্ৰভাৱিত কৰিব পাৰে। সঠিক জীৱন-সঙ্গীৰ বাছনি কৰাৰ সম্পৰ্কে নিৰ্ণয় লোৱাটো সঁচাকৈ এটা গুৰুত্বপূৰ্ণ বিষয়।a (হিতোপদেশ ১৮:২২) তদুপৰি আমি বন্ধু, সঙ্গতি, শিক্ষা, চাকৰি আৰু মনোৰঞ্জনৰ বাবে বাছনি কৰিবলৈ লোৱা নিৰ্ণয়ে আমাৰ আধ্যাত্মিকতা অৰ্থাৎ চিৰকলীয়া হিতত নিশ্চিতভাবে এক ভূমিকা আদায় কৰে।—ৰোমীয়া ১৩:১৩, ১৪; ইফিচীয়া ৫:৩, ৪.

৪. (ক) আমাৰ ওচৰত কেনে পাৰ্গতালি থকাটো লাভজনক? (খ) কেনে প্ৰশ্নসমূহৰ বিষয়ে বিবেচনা কৰা আৱশ্যক?

৪ এই সকলোবোৰ বিষয়ৰ সম্মুখীন হোৱাৰ পাছত, আমাক সঠিক যেন লগা আৰু বাস্তৱতে যিটো সঠিক বা ভাল-বেয়া ওপৰত নিৰ্ণয় লোৱাত নিপুণ হোৱাটো নিশ্চয়ে লাভজনক। কিয়নো বাইবেলে আমাক সতৰ্ক কৰি এইদৰে কৈছে যে, “কোনো কোনো পথ মানুহৰ দৃষ্টিত সৰল বোধ হয়; কিন্তু শেষত সেয়ে মৃত্যুৰ পথ।” (হিতোপদেশ ১৪:১২) সেইবাবে আমি হয়তো নিজকে এইদৰে সুধিব পাৰোঁ: ‘আমি কেনেকৈ ভাল-বেয়া নিৰ্ণয় কৰাত নিপুণ হʼব পাৰোঁ? সঠিক নিৰ্ণয় লোৱাত কোনে আমাক নিৰ্দ্দেশনা প্ৰদান কৰিব পাৰে? এই সম্বন্ধে অতীত আৰু বৰ্তমান সময়ৰ লোকসকলে কেনে নিৰ্ণয় লৈছিল আৰু ইয়াৰ কেনে পৰিণাম হʼল?’

জগতৰ ‘দৰ্শনবিদ্যা আৰু প্ৰবঞ্চনা’

৫. প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে কেনেধৰণৰ পৰিস্থিতিৰ মাজত জীৱন নিৰ্বাহ কৰিছিল?

৫ প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে এনে সময়ত বাস কৰিছিল, যি সময়ত গ্ৰীচ-ৰোমানসকলৰ ভৌতিকতা আৰু আদৰ্শতাই ৰাজত্ব কৰিছিল। এহাতে ৰোমানসকলে ভোগ-বিলাসেৰে জীৱন-যাপন কৰা পদ্ধতিয়ে বহুতৰে বাবে ঈৰ্ষাৰ বিষয় হৈ পৰিছিল। আনহাতে, প্লেটো আৰু এৰিষ্টʼটলৰ দৰ্শনশাস্ত্ৰৰ ওপৰিও ইপিকূৰী আৰু স্তোয়িকীৰ মূলনীতি প্ৰসিদ্ধ হৈছিল। যেতিয়া পাঁচনি পৌলে তেওঁৰ দ্বিতীয় মিছনাৰী যাত্ৰাৰ সময়ত আথীনীত উপস্থিত হৈছিল, তেতিয়া এই ইপিকূৰী আৰু স্তোয়িকী লোকসকলে তেওঁক মিছাকৈ “বক্‌বকাই” থকা ব্যক্তি বুলি ভাবি নিজকে সকলোতকৈ উচ্চ লোক হিচাবে গণ্য কৰিছিল।—পাঁচনিৰ কৰ্ম্ম ১৭:১৮.

৬. (ক) প্ৰথম শতাব্দীৰ কিছুমান খ্ৰীষ্টানে কি কৰিবলৈ প্ৰলোভিত হৈছিল? (খ) সেই সম্বন্ধে পাঁচনি পৌলে কেনে সতৰ্ক বাণী দিছিল?

৬ গতিকে এইটো বুজাত কঠিন নহব যে কিয় প্ৰথম শতাব্দীৰ কিছুমান খ্ৰীষ্টানে, তেওঁলোকৰ চাৰিওফালে থকা লোকসকলৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকৰ দৰে জীৱন-যাপন কৰিছিল। (২ তীমথিয় ৪:৯, ১০) কিয়নো তেওঁলোকলৈ সেই জগতৰ অনুসাৰে চলাটো আনন্দ, লাভজনক আৰু তেওলোকে লোৱা নিৰ্ণয় উত্তম যেন বোধ হৈছিল। তেওঁলোকে সমৰ্পিত খ্ৰীষ্টান জীৱন-প্ৰণালীক এই জগতৰ ভোগ-বিলাসৰ আগত নিচেই কম মূল্যবান বুলি বিবেচনা কৰিছিল। সেইবাবে পাঁচনি পৌলে এইদৰে কৈছিল: “কোনোৱে যেন তোমালোকক দৰ্শনবিদ্যা আৰু প্ৰবঞ্চনাৰ দ্বাৰাই বন্দী কৰি নিনিয়ে, এই নিমিত্তে তালৈ সাৱধান হোৱা; সেয়ে মানুহবিলাকৰ পুৰুষে পুৰুষে চলি অহা বিধি আৰু জগতৰ প্ৰাথমিক বিধিৰ অনুৰূপ; খ্ৰীষ্টৰ অনুৰূপ নহয়।” (কলচীয়া ২:৮) পাঁচনি পৌলে কিয় তেনেদৰে কৈছিল?

৭. প্ৰকৃততে এই জগতৰ জ্ঞান কিমান মূল্যবান?

৭ কিয়নো তেওঁ সেই আকৰ্ষণীয় বিচাৰ-ধাৰাবোৰত লুকাই থকা বিপদসমূহৰ উমান পাইছিল। তেওঁ উল্লেখ কৰা “দৰ্শনবিদ্যা আৰু প্ৰবঞ্চনা” সচাঁকৈ বৈশিষ্ট্যপূৰ্ণ আছিল। প্ৰকৃততে এই দৰ্শনবিদ্যাৰ অৰ্থ হৈছে, “প্ৰেম আৰু জ্ঞান আহৰণ কৰা।” সেইবোৰত হয়তো লাভসমূহ থাকিব পাৰে। দৰাচলতে বাইবেলৰ হিতোপদেশ নামৰ কিতাপখনতো উচিত প্ৰকাৰৰ জ্ঞান আৰু বুদ্ধি আহৰণ কৰিবলৈ উৎসাহিত কৰিছে। (হিতোপদেশ ১:১-৭; ৩:১৩-১৪) তথাপিও পাঁচনি পৌলে ‘দৰ্শনবিদ্যাক’ প্ৰবঞ্চনা বুলি কৈছিল। আন অৰ্থত পৌলে জগতৰ পৰা লাভ কৰা জ্ঞানক প্ৰবঞ্চনা বুলি কৈছিল। এনে জ্ঞানক বায়ু ভৰি থকা এটা বেলুনৰ সৈতেও তুলনা কৰিব পাৰি যি দেখাত গোটা, কিন্তু প্ৰকৃততে অৰ্থহীন। গতিকে জগতৰ তেনে ফোঁপোলা “দৰ্শনবিদ্যা আৰু প্ৰবঞ্চনাৰ” আধাৰিত কৰি ভাল-বেয়া ওপৰত লোৱা নিৰ্ণয় নিশ্চয়ে অৰ্থহীন আৰু সৰ্বনাশী হʼব।

যিসকলে “বেয়াক ভাল আৰু ভালক বেয়া” বুলি কয়

৮. (ক) লোকসকলে কাৰ পৰা পৰামৰ্শ বিচাৰে? (খ) বৰ্তমান সময়ত কেনে ধৰণৰ পৰামৰ্শক প্ৰস্তুত কৰা হৈছে?

৮ ঠিক তেনেদৰে আজি জগতৰ বিষয়বোৰতো বৰ বেছি প্ৰভেদ দেখিবলৈ পোৱা নাযায়। মানুহে ব্যৱহাৰিক হিচাপে প্ৰত্যকটো ক্ষেত্ৰতে অধিক আগবাঢ়িবলৈ প্ৰচেষ্টা কৰে। যেনে, বিবাহ আৰু পৰিয়ালৰ সম্বন্ধে দিয়া পৰামৰ্শ, নিজেই তৈয়াৰ কৰা চিকিৎসা, জ্যোতিষী আৰু আনসকলে উপদেশ দিবলৈ সাজু থাকে, এই সকলোবোৰ ধন আৰ্জন কৰিবলৈহে কৰা হয়। কিন্তু প্ৰকৃততে তেওঁলোকে কেনেধৰণৰ পৰামৰ্শ প্ৰদান কৰে? তেওঁলোকে দিয়া প্ৰায়বোৰ পৰামৰ্শই বাইবেলৰ শিক্ষাৰ বিপৰীত আৰু মানুহে তৈয়াৰ কৰা তথাকথিত নতুন নৈতিকতাৰ ওপৰত আধাৰিত। উদাহৰণস্বৰূপে, চৰকাৰে সমলিঙ্গ বিবাহক আইন হিচাপে মান্যতা দিয়াত অস্বীকাৰ কৰাৰ বিষয়ে কানাডাৰ এখন সুপৰিচিত দা গ্লব এণ্ড মেইল নামৰ বাতৰিকাকততে এইদৰে কৈছিল: “২০০০ চনত এহাল প্ৰেমী আৰু প্ৰতিজ্ঞাবদ্ধ দম্পতীৰ দুয়োজনে একে লিঙ্গৰ হোৱাৰ বাবে তেওঁলোকে আৱেগহীন হৈ পৰিব।” কিন্তু বৰ্তমান সময়ৰ জগতে এনেবোৰ কাৰ্য্যক মান্যতা দিছে, কিয়নো এইটো কোনো সমালোচনামূলক বিষয় নহয়। যিহেতু আজি সকলোবোৰ বিষয়ত প্ৰতিৰোধ নথকাৰ বাবে ভাল-বেয়াৰ কোনো প্ৰভেদ নাথাকিল।—গীতমালা ১০:৩, ৪.

৯. সমাজত কেনে লোকসকলক আদৰণীয় দৃষ্টিৰে চোৱা হয়?

৯ কিছুমানে আকৌ সামাজিক আৰু অৰ্থনৈতিক হিচাপে প্ৰসিদ্ধ আৰু ধনী হোৱাৰ আশাৰে তেওঁলোকে লোৱা নিৰ্ণয়ক আৰ্হিৰূপে প্ৰস্তুত কৰে। আচলতে সমাজৰ সন্মানীয় স্থানত থকা ধনী আৰু প্ৰসিদ্ধ লোকসকলে কেৱল মৌখিকভাৱে ন্যায়পৰায়ণতা আৰু ভৰসাশীল হোৱাৰ বিষয়ে কয়, কিন্তু তেওঁলোকৰ কাৰ্য্য হʼলে সেইবোৰৰ পৰা একেবাৰে বিপৰীত। তেওঁলোকে ক্ষমতা আৰু টকা-পইছা আৰ্জন কৰাৰ পথত ইমানে আগবাঢ়ি গৈছে যে তাৰ বাবে তেওঁলোকে নৈতিকতাৰ যিকোনো সীমাক উলঙ্ঘন কৰিবলৈ পিছ পৰি নাথাকে। কিছুমানে প্ৰসিদ্ধ হোৱাৰ আশাৰে এনেবোৰ আচহুৱা আৰু ঘৃণাজনক আচাৰণ গ্ৰহণ কৰে যি নৈতিকতাৰ একেবাৰে বিপৰীত। ফলস্বৰূপে, এনে এক সমাজৰ সৃষ্টি হয় যি কেৱল নিজৰ লাভৰ নিমিত্তে “সকলো ধৰণৰ কাৰ্য্য” কৰিবলৈ প্ৰস্তুত থাকে। এনেবোৰ কাৰণৰ বাবে লোকসকলে ভাল-বেয়া নিৰ্ণয় লোৱাত বিবুদ্ধি হয়, তাকে দেখি আমি আচৰিত হওঁনে?—লূক ৬:৩৯.

১০. বেয়াক ভাল আৰু ভালক বেয়া বুলি যিচয়া ভৱিষ্যতবক্তাৰ কথাষাৰ কেনেকৈ সত্য বুলি প্ৰমাণিত হʼল?

১০ ভুল নিৰ্দ্দেশনাৰ ওপৰত ভৰসা ৰাখি নিৰ্ণয় লোৱাৰ পৰিণাম হৈছে—বিবাহ আৰু পৰিয়াল ভাঙি যোৱা, অত্যাধিকৰূপে ড্ৰাগ আৰু মদ্যপান কৰা, উগ্ৰ যুৱক-যুৱতীসকল, ব্যাভিচাৰ আৰু যৌন ৰোগ আদি। গতিকে যিসকলে নৈতিকতা বা উপদেশমূহক ত্যাগ কৰে, তেওঁলোকৰ পৰিণাম যে উত্তম হʼব বুলি আমি কেনেকৈ আশা কৰিব পাৰোঁ? (ৰোমীয়া ১:২৮-৩২) এই সম্পৰ্কে যিচয়া ভবিষ্যতবক্তাই এইদৰে কৈছিল: “যিবোৰে বেয়াক ভাল আৰু ভালক বেয়া বোলে, পোহৰক আন্ধাৰ আৰু আন্ধাৰক পোহৰ বোধ কৰে, আৰু মিঠাক তিতা আৰু তিতাক মিঠা জ্ঞান কৰে, সিহঁতৰ সন্তাপ হব। যিবোৰে নিজ নিজ দৃষ্টিত জ্ঞানৱান, আৰু নিজ নিজ জ্ঞানত বুদ্ধিমান, সিহঁতৰ সন্তাপ হব।”—যিচয়া ৫:২০, ২১.

১১. আনৰ ওপৰত নিৰ্ভৰ কৰি ভাল-বেয়া সম্পৰ্কে লোৱা নিৰ্ণয় কিয় যুক্তিসঙ্গত নহয়?

১১ দৰাচলতে প্ৰাচীন যিহূদীসকলে “নিজকে জ্ঞানী” বুলি গণ্য কৰাৰ বাবে যিহোৱাই তেওঁলোকক বিচাৰ কৰিছিল। আমাৰ বাবেও এইটো অতি আৱশ্যক যে ভাল-বেয়া সম্পৰ্কে নিৰ্ণয় কৰা সময়ত আমিও যেন নিজৰ ওপৰত ভৰসা নাৰাখোঁহঁক। বৰ্তমান সময়ত বহুতে “নিজৰ বিবেকৰ কথা শুনি” বা “যিটো উচিত বুলি অনুভৱ কৰে,” এনেবোৰ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ণয় লয়। এনে ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ণয় লোৱাটো যুক্তিসঙ্গত নে? নিশ্চয়ে নহয়, কিয়নো বাইবেলে স্পষ্টকৈ এইদৰে কৈছে: “মন সকলোতকৈ কপটময়, আৰু তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি; কোনে তাক বুজিব পাৰে?” (যিৰিমিয়া ১৭:৯) এতেকে আপুনি এজন কপটময় আৰু আশাহীন ব্যক্তিৰ নিৰ্দ্দেশনাৰ ওপৰত ভাৰসা ৰাখি নিৰ্ণয় লবনে? কেতিয়াও নলয়। আচলতে আপুনি হয়তো তেনে ব্যক্তিসকলে কোৱাৰ বিপৰীতে কাৰ্য্য কৰিব। সেইবাবে বাইবেলে আমাক এইদৰে সোঁৱৰাই দিছে: “যি মানুহে নিজৰ মনত ভাৰসা কৰে, সি অজ্ঞান; কিন্তু যি মানুহে প্ৰজ্ঞাৰূপ পথত চলে, তেওঁ ৰক্ষা পায়।”—হিতোপদেশ ৩:৫-৭; ২৮:২৬.

যিবোৰ যিহোৱাৰ গ্ৰহণীয় তাৰ বিষয়ে শিকক

১২. আমি কিয় “ঈশ্বৰৰ ইচ্ছা” অনুসাৰে চলা আৱশ্যক?

১২ আমি ভাল-বেয়াৰ সম্পৰ্কে লোৱা নিৰ্ণয় এই জগতৰ জ্ঞান নতুবা নিজৰ বিচাৰধাৰাৰ ওপৰত আধাৰিত হোৱা উচিত নহয়। তেতিয়াহʼলে আমি কাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ণয় লʼম? এই সম্পৰ্কে স্পষ্টকৈ পাঁচনি পৌলে দিয়া পৰামৰ্শক ধ্যান দিয়ক, যʼত তেওঁ কৈছিল: “তোমালোকে জগতৰ অনুৰূপ নহবা; কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা, অৰ্থাৎ উত্তম, গ্ৰহণীয়, আৰু সিদ্ধ কি, তাক পৰীক্ষা কৰি জানিবা, তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা।” (ৰোমীয়া ১২:২) আমি কিয় ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলা আৱশ্যক? এই সন্দৰ্ভত বাইবেলৰ যোগেদি যিহোৱাই পোনপটিয়া আৰু শক্তিশালী যুক্তি দৰ্শাই এইদৰে কৈছে: “কিয়নো পৃথিবীতকৈ আকাশ-মণ্ডল যিমান ওখ, তোমালোকৰ সকলো পথতকৈ মোৰ পথ, আৰু তোমালোকৰ সকলো কল্পনাতকৈ মোৰ কল্পনা সিমান ওখ।” (যিচয়া ৫৫:৯) গতিকে তথাকথিত বা উত্তম যেন বোধ হোৱা বিচাৰধাৰাৰ ওপৰত ভাৰসা কৰাৰ পৰিৱৰ্ত্তে আমি বাইবেলৰ এই বাক্যশাৰীক পালন কৰা উচিত, যʼত এইদৰে কোৱা হৈছে: “প্ৰভুৰ সন্তোষজনক কি, পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয়” কৰা।—ইফিচীয়া ৫:৯.

১৩. যোহন ১৭:৩ পদত লিপিবদ্ধ কৰি ৰখা যীচুৰ বাক্যই, ঈশ্বৰে সন্তোষ হোৱা কেনে বিষয়বোৰক জনাৰ বিষয়ে জোৰ দি উল্লেখ কৰিছে?

১৩ যীচুৱে এই আৱশ্যকতাৰ প্ৰতি জোৰ দি এইদৰে কৈছিল: “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” (যোহন ১৭:৩) ইয়াত উল্লেখ কৰা উক্তি “জনা” অৰ্থ হৈছে সাধাৰণভাৱে জনা অৰ্থতকৈ বহু গভীৰ। এই শব্দটোক ৱাইন এক্সপজিটেৰী শব্দকোষে এইদৰে ভাঙণি কৰিছে, ই হৈছে “এটা বস্তুক জানি পোৱা অৰ্থতকৈ ভিন্ন, এইটো এজন মানুহক জানি পোৱাৰ সৈতে সম্বন্ধ আছে। বস্তুৰ ক্ষেত্ৰত জনাৰ অৰ্থ হৈছে, সেই বস্তুটোৰ মূল্যক জানি পোৱা। এজন ব্যক্তিক জনাৰ অৰ্থ হৈছে তেওঁৰ সৈতে সম্বন্ধ স্থাপন কৰা, যিটো বস্তুৰ মূল্যতকৈ অধিক মূল্যবান।” গতিকে এজন ব্যক্তিৰ সৈতে সম্বন্ধ গঢ়ি তুলিবলৈ হʼলে কেৱল তেওঁ কোন বা তেওঁৰ নাম কি, জনাই যথেষ্ট নহয়। ইয়াৰ ওপৰিও ইয়াত তেওঁৰ পছন্দ আৰু নাপছন্দ, তেওঁৰ শ্ৰেষ্ঠতা আৰু সিদ্ধান্তসমূহক জানি তাক আদৰ কৰাটো সন্মিলিত আছে।—১ যোহন ২:৩; ৪:৮.

আমাৰ জ্ঞানেন্দ্ৰিয় অৰ্থাৎ বিচাৰশক্তিক উন্নত কৰোঁহঁক

১৪. পাঁচনি পৌলে আধ্যাত্মিকৰূপে শিশু আৰু পৰিপক্ক ব্যক্তিসকলৰ মাজত থকা মুখ্য ভিন্নতাৰ বিষয়ে কেনেদৰে বৰ্ণনা কৰিছিল?

১৪ আমি কেনেকৈ ভাল-বেয়া নিৰ্ণয় লোৱাত নিপুণ হʼব পাৰোঁ? ইয়াৰ উত্তৰ আমি পাঁচনি পৌলে প্ৰথম শতাব্দীত ইব্ৰী খ্ৰীষ্টান সকলক দিয়া পৰামৰ্শত পাব পাৰোঁ। তেওঁ এইদৰে কৈছিল: “যাৰ আহাৰ গাখীৰ, ধৰ্ম্ম-বাক্যত তাৰ অভ্যাস নাই; কাৰণ তেওঁ শিশু। কিন্তু টান আহাৰ, সম্পূৰ্ণ বয়সীয়াবিলাকৰহে, অৰ্থাৎ অভ্যাসৰ কাৰণে যিবিলাকৰ জ্ঞানেন্দ্ৰিয়বোৰ ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ, তেওঁবিলাকৰহে।” ইয়াত উল্লেখ কৰা “গাখীৰৰ” শব্দটোৰ বিপৰীতে পৌলে তাৰ আগৰ পদটোত উল্লেখ কৰা ‘টান আহাৰৰ’ তুলনা ‘ঈশ্বৰৰ বচনসমূহৰ আদিকথাৰূপ বৰ্ণমালাৰ’ সৈতে কৰিছিল। যি আহাৰ কেৱল “সম্পূৰ্ণ বয়সীয়াবিলাকৰহে,” অৰ্থাৎ যিসকলৰ “জ্ঞানেন্দ্ৰিয়বোৰ ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ।”—ইব্ৰী ৫:১২-১৪.

১৫. ঈশ্বৰৰ যথাৰ্থ জ্ঞান পাবলৈ হʼলে কিয় প্ৰচেষ্টা কৰা আৱশ্যক?

১৫ ইয়াৰ অৰ্থ হৈছে সৰ্বপ্ৰথমে আমি বাইবেলত উল্লেখ কৰা যিহোৱাৰ সিদ্ধান্তসমূহক সঠিকভাৱে বুজি পাবলৈ পৰিশ্ৰম কৰা উচিত। এনে কৰোঁতে আমি এইটো লক্ষ্য কৰা আৱশ্যক নহয় যে বাইবেলৰ কোনোটো অংশ আৱশ্যক বা কোনোটো অনাৱশ্যক অথবা কি কৰিব পাৰোঁ আৰু কি কৰিব নোৱাৰোঁ। কিয়নো বাইবেল তেনেধৰণৰ কিতাপ নহয়। ইয়াৰ পৰিৱৰ্ত্তে পাচঁনি পৌলে কৈছিল: “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত, আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত হব পাৰে, তাৰ কাৰণে, শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ, আৰু ধাৰ্ম্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক।” (২ তীমথিয় ৩:১৬, ১৭) গতিকে শিক্ষা, অনুযোগ আৰু পতিত-উত্থাপনৰ পৰা লাভবান হʼবলৈ আমি আমাৰ মন আৰু বিচাৰশক্তিক প্ৰয়োগ কৰা উচিত। ইয়াৰ বাবে প্ৰচেষ্টা কৰা আৱশ্যক আৰু পৰিণামস্বৰূপে আমি “সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত হব” পাৰিম।—হিতোপদেশ ২:৩-৬.

১৬. এজনে বিচাৰশক্তিক প্ৰশিক্ষিত কৰাৰ অৰ্থ কি?

১৬ সেয়েহে পাঁচনি পৌলে কৈছিল যে পৰিপক্ক ব্যক্তিসকলৰ “অভ্যাসৰ কাৰণে . . . জ্ঞানেন্দ্ৰিয়বোৰ ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ।” সেইবাবে এতিয়া আঁহক আমি এক অতি আৱশ্যকীয় বিষয়ৰ সম্পৰ্কে আলোচনা কৰিম। ইয়াত উল্লেখ কৰা যি উক্তি ‘অভ্যাসৰ কাৰণে . . . জ্ঞানেন্দ্ৰিয়বোৰৰ,’ প্ৰকৃত অৰ্থ হৈছে “চেতনা শক্তিক (এজন জিম্‌নাষ্টিক্‌ খেলুৱৈৰ দৰে) প্ৰশিক্ষিত কৰি তুলা।” (কিংডম ইনটাৰলিনিয়াৰ ট্ৰানচ্‌লেচন) এজন নিপুণ জিম্‌নাষ্টিক্‌ খেলুৱৈয়ে এটা বৃত্ত বা এডোখৰ সমান্তৰাল কাঠৰ চটা বাছি লয় যাতে অতি বেগেৰে খেল দেখুৱাব পাৰে। এই খেল দেখাত এনে যেন লাগে যে সেই খেলুৱৈই জনে মাধ্যাকৰ্ষণ শক্তি বা অন্য প্ৰাকৃতিক নিয়মসমূহৰ অহিতে প্ৰত্যাহ্বান কৰিছে। সেই সময়ত তেওঁ সম্পূৰ্ণৰূপে নিজৰ শৰীৰক নিয়ন্ত্ৰণত ৰাখে আৰু চেতনাশক্তিক এনেদৰে ব্যৱহাৰ কৰে যাতে তেওঁ খেলত সফলতা পাব পাৰে। তাকে কৰিবলৈ তেওঁক কঠিন পৰিশ্ৰম আৰু নেৰানেপেৰাকৈ অভ্যাস কৰিবলগীয়া হয়।

১৭. আমি কি অৰ্থত জিম্‌নাষ্টিক্‌ খেলুৱৈৰ দৰে হোৱা উচিত?

১৭ যদি আমি ভাল-বেয়া নিৰ্ণয় লোৱাত নিপুণ হʼব বিচাৰোঁ তেন্তে জিম্‌নাষ্টিক্‌ খেলুৱৈ নিচিনা আমাকো আধ্যাত্মিকতাত প্ৰশিক্ষণ লোৱা আৱশ্যক। আমি সকলো সময়তে নিজৰ চেতনাশক্তি আৰু দেহাৰ অঙ্গ-প্ৰত্যঙ্গ বোৰক নিয়ন্ত্ৰণত ৰখা উচিত। (মথি ৫:২৯, ৩০; কলচীয়া ৩:৫-১০) উদাহৰণস্বৰূপে, আপুনি অশ্লীল বস্তু বা অনৈতিক কথা-বতৰা আৰু সঙ্গীতৰ পৰা আঁতৰি থাকিবলৈ নিজৰ চকু আৰু কাণক অনুশাসন কৰেনে? বাস্তৱতে এইটো সঁচা যে সেই অনিষ্টকাৰী বস্তুবোৰ আমাৰ চাৰিওফালে বিয়পি আছে। তথাপিও এইটো আমাত নিৰ্ভৰ কৰে যে আমি তেনে ধৰণৰ বিষয়বোৰক আমাৰ মন আৰু হৃদয়ত স্থান দিওঁ নে নিদিওঁ। এই সন্দৰ্ভত আমি গীতমালাৰ লিখকৰ পৰামৰ্শক অনুকৰণ কৰিব পাৰোঁ। কিয়নো তেওঁ এইদৰে কৈছিল: “মই কোনো জঘন্য বিষয় মোৰ চকুৰ আগত নাৰাখিম; মই বিপথে যোৱাবোৰৰ কাম ঘিণ কৰোঁ, সেয়ে মোত লাগি নাথাকিব। . . . মিছলীয়া লোক মোৰ চকুৰ আগত থিৰে নাথাকিব।”—গীতমালা ১০১:৩, ৭.

আপোনাৰ জ্ঞানেন্দ্ৰিয়ক প্ৰশিক্ষণৰ যোগেদি প্ৰশিক্ষিত কৰি তুলক

১৮. এজন ব্যক্তিৰ বিচাৰশক্তিক প্ৰশিক্ষিত কৰাৰ সম্বন্ধে পাঁচনি পৌলে পৰামৰ্শত উল্লেখ কৰা “অভ্যাস” কৰা উক্তিটোৱে কি বুজাইছিল?

১৮ এইটো মনত ৰাখা উচিত “অভ্যাসৰ” দ্বাৰাহে বিচাৰশক্তিক প্ৰশিক্ষিত কৰি সঠিকৰূপে ভাল-বেয়া নিৰ্ণয় লব পৰা যায়। আন শব্দত কবলৈ গʼলে, সকলো সময়ত বাইবেলৰ অনুসাৰে সিদ্ধান্ত আৰু সেইবোৰক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়ে বিবেচনা কৰাৰ দ্বাৰা আমি আমাৰ মানসিক শক্তিক প্ৰশিক্ষিত কৰা উচিত। “বিশ্বাসী বুদ্ধিমান দাসৰ” দ্বাৰা প্ৰকাশিত বাইবেল আধাৰিত আলোচনীবোৰৰ ওপৰত অনুসন্ধান কৰাটো অভ্যাসত পৰিণত হোৱা উচিত। (মথি ২৪:৪৫) তদুপৰি আমি পৰিপক্ক খ্ৰীষ্টান ব্যক্তিসকলৰ সহায় বিচৰা আৱশ্যক। এতেকে যিয়েই নহওঁক কিয়, প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ আত্মাৰ নিৰ্দ্দেশনা বিচাৰি ব্যক্তিগতৰূপে তেওঁৰ বাক্যক কৰা অধ্যয়নে আপোনাৰ বাবে অনন্ত কালৰ বাবে আশীৰ্ব্বাদ কঢ়িয়াই আনিব।—ইফিচীয়া ৩:১৪-১৯.

১৯. যদি আমি ক্ৰমান্বয়ে আমাৰ জ্ঞানেন্দ্ৰিয়ক প্ৰশিক্ষিত কৰোঁ তেতিয়া আমি কেনে আশীৰ্ব্বাদসমূহ লাভ কৰিব পাৰিম?

১৯ আমি আমাৰ জ্ঞানেন্দ্ৰিয়ক ক্ৰমান্বয়ে প্ৰশিক্ষিত কৰাৰ অৰ্থ হৈছে, “আমি আৰু শিশু নহওঁ, আৰু মানুহৰ ঠগত, ধূৰ্ত্ততাৰে ভ্ৰান্তিৰ কুকল্পনাৰে ভ্ৰান্ত হৈ ঢলংপলং কৰোৱা, আৰু সকলো বিধ শিক্ষাৰূপ বতাহত ইফাল সিফাললৈ নিয়া নহওঁ।” (ইফিচীয়া ৪:১৪) ইয়াৰ বিপৰীতে আমি ঈশ্বৰৰ গ্ৰহণ যোগ্য, আমাৰ আৰু আনৰ লাভৰ অৰ্থে সৰু বা ডাঙৰ বিষয়বোৰত কেনে নিৰ্ণয় লোৱা আৱশ্যক এই বিষয়ে বুজি পাম আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে আমি স্বৰ্গীয় পিতৃ যিহোৱাৰ মন আনন্দিত কৰিব পাৰিম। (হিতোপদেশ ২৭:১১) শেষকালত তেনে আশীৰ্ব্বাদ আৰু সুৰক্ষা লাভ কৰাটো কিমানে যে আনন্দৰ কথা! (w01 8/1)

[Footnote]

a টমাছ হলমেছ আৰু ৰিচাৰ্ড ৰাহে নামৰ দুজন চিকিৎসকে সংগ্ৰহ কৰা ৰিপৰ্ট অনুসাৰে দেখুৱাইছে যে, মানুহৰ জীৱনত হোৱা ৪০ তকৈ অধিক বেদনাদায়ক অনুভৱ যেনে, জীৱন-সঙ্গীৰ মৃত্যু, বিবাহ-বিচ্ছেদ আৰু আইন অনুসাৰে স্বামী-স্ত্ৰীয়ে পৃথকে থকা ঘটনাই বৰ্তমান সময়ত প্ৰথম তিনিটা স্থান অধিকাৰ কৰিছে। কিন্তু বিবাহ কৰা কাৰ্য্যই সপ্তম স্থান লাভ কৰিছে।

আপুনি বৰ্ণনা কৰিব পাৰেনে?

• উচিত নিৰ্ণয় লবলৈ কেনেধৰণৰ নিপুণতাৰ আৱশ্যক?

• আমি ভাল-বেয়া নিৰ্ণয় লোৱাৰ সময়ত কোনো প্ৰসিদ্ধ ব্যক্তি বা নিজৰ ওপৰত ভৰসা কৰাটো কিয় অজ্ঞানৰ কাৰ্য্য হʼব?

• আমি কিয় নিশ্চিত হোৱা আৱশ্যক যে আমাৰ নিৰ্ণয় যিহোৱাৰ গ্ৰহণযোগ্য হয় নে নহয় আৰু আমি কেনেকৈ ইয়াক কৰিব পাৰোঁ?

• আমাৰ ‘জ্ঞানেন্দ্ৰিয়ক প্ৰশিক্ষিত’ কৰাৰ অৰ্থ কি?

[৯ পৃষ্ঠাৰ ছবি]

দেখাত উত্তম আৰু জনপ্ৰিয় যেন লগা নিৰ্দ্দেশনাসমূহ প্ৰায়ে অৰ্থহীন প্ৰমাণিত হৈছে

[১০ পৃষ্ঠাৰ ছবি]

এজন জিম্‌নাষ্টিক্‌ খেলুৱৈৰ দৰে আমি আমাৰ দেহৰ অঙ্গ-প্ৰত্যঙ্গ আৰু চেতনাশক্তিক নিয়ণ্ত্ৰণ কৰা উচিত

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক