ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০১ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০১ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ। নবেম্বৰ: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় বিতৰণ কৰিব পাৰে। যদি লোকসকলে ইতিমধ্যেই এই আলোচনীবোৰ লৈছে তেনেহʼলে তেওঁলোকক আপুনি মানৱজাতিয়ে ঈশ্বৰক অনুসন্ধান কৰা নামৰ কিতাপখন আগবঢ়াব পাৰে। ডিচেম্বৰ: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল। অন্যথা আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে। জানুৱাৰী: মণ্ডলীত মজুত থকা যিকোনো ১৯২ পৃষ্ঠাৰ পুৰণি কিতাপ দিব পাৰে। যদি মণ্ডলীত পৰিয়ালৰ সুখৰ ৰহস্য নামৰ কিতাপখন আছে তেতিয়াহʼলে সেইখনো গৃহস্থক দিব পাৰে। ফেব্ৰুৱাৰী: কেনেকৈ জীৱনৰ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? নিগূঢ় বাক্যসমূহৰ প্ৰকাশ​—⁠এক চৰম অৱস্থাত উপনীত হৈছে! সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল, বা মণ্ডলীত উপলব্ধ থকা ১৯২ পৃষ্ঠাৰ যি কোনো পুৰণি কিতাপ আগবঢ়াব পাৰে।

▪ প্ৰিজাইডিং ওভাৰচিয়াৰ বা তেওঁ নিযুক্ত কৰা কোনো ভায়ে ডিচেম্বৰ ১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ হিছাপ-নিকাচ পৰীক্ষা কৰা উচিত। যেতিয়া ইয়াক কৰা হয় তেতিয়া পৰৱৰ্তী লেখ ৰিপৰ্ট পঢ়াৰ পাছত ইয়াক ঘোষণা কৰক।

▪ যিসকলে মণ্ডলীৰ সৈতে যোগাযোগ কৰে তেওঁলোকে প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ বাবে নতুন আৰু পুনৰ গ্ৰাহকতাৰ বাবে মণ্ডলীৰ দ্বাৰা আৱেদন পঠোৱা উচিত। এই আৱেদনত তেওঁলোকৰ ব্যক্তিগত গ্ৰাহকতাৰ নিৱেদন অন্তৰ্ভূক্ত কৰিব পাৰে।

▪ প্ৰচাৰকসকলে আলোচনীৰ বাবে ব্যক্তিগতৰূপে কৰা অনুৰোধক সংস্থাই গ্ৰহণ নকৰে। প্ৰকাশনৰ বাবে মণ্ডলীৰ মাহেকীয়া অনুৰোধ সংস্থালৈ পঠোৱা আগতে প্ৰিজাইডিং ওভাৰচিয়াৰে প্ৰত্যেক মাহত এই বিষয়ে ঘোষণা কৰিবলৈ ব্যৱস্থা কৰা উচিত, যাতে সকলো আগ্ৰহী ব্যক্তিয়ে ব্যক্তিগতভাৱে আলোচনী প্ৰাপ্ত কৰিবলৈ আলোচনী চোৱা-চিতা কৰা ভাইজনৰ পৰা পৰামৰ্শ লʼব পাৰে। অৱশ্যে তেওঁলোকে মনত ৰখা উচিত যে কোনবোৰ আলোচনীৰ বাবে বিশেষ-অনুৰোধ কৰি পঠোৱা আৱশ্যক আৰু কোনবোৰৰ বিশেষ-অনুৰোধৰ আৱশ্যক নাই।

▪ এক সীমিত সংখ্যাত জিলা অধিবেশনৰ বেজ কাৰ্ড প্লাষ্টিক হল্ডাৰ উপলব্ধ আছে। গতিকে মণ্ডলীয়ে আৱেদন পত্ৰ (S-14) ব্যৱহাৰ কৰি অলপ পৰিমাণৰ প্লাষ্টিক হল্ডাৰৰ বাবে নিৱেদন কৰিব পাৰে। মণ্ডলীৰ সকলোকে এই বেজ কাৰ্ডৰ প্লাষ্টিক হল্ডাৰসমূহ ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰি ৰাখিবলৈ উৎসাহিত কৰা হৈছে।

▪ প্ৰচাৰ এলেকা মানচিত্ৰৰ কাৰ্ডৰ (S-12) প্লাষ্টিক হল্ডাৰ উপলব্ধ আছে। মণ্ডলীয়ে আৱেদন পত্ৰ (S-14) ব্যৱহাৰ কৰি নিৱেদন কৰিব পাৰে।

▪ নতুন প্ৰকাশন উপলব্ধ:

প্ৰহৰীবুৰুজ (২০০০ চনৰ পকাবন্ধা খণ্ড) ​—⁠ইংৰাজী

সচেতন! (২০০০ চনৰ পকাবন্ধা খণ্ড) ​—⁠ইংৰাজী

বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? (ট্ৰেক্ট নং ২৬) ​—⁠অসমীয়া, ইংৰাজী, কানাড়ী, তামিল, তেলেগু, মিজো, মাৰাঠী, মালয়ালাম, হিন্দী

▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশন:

নিউ ৱৰ্ল্ড ট্ৰানচলেশ্বন অৱ দ্যা হʼলি স্ক্ৰিপচাৰ​—⁠১৯৮৬ চনৰ খণ্ড (নিয়মিত খণ্ড; মাৰ্জিনেল ৰেফাৰেন্স (প্ৰান্তিয়ী টোকা) সৈতে bi12) ​—⁠ইংৰাজী

যুৱক-যুৱতীসকলে কৰা প্ৰশ্নৰ—ব্যৱহাৰিক উত্তৰ ​—⁠ইংৰাজী, কানাড়ী, নেপালী, হিন্দী

শাস্ত্ৰপদৰ পৰা যুক্তি প্ৰদৰ্শন কৰা ​—⁠ইংৰাজী

বাইবেলৰ পৰিচৰ্চ্চা কেনেকৈ আৰম্ভ আৰু একেৰাহে চলাই যাব পাৰি ​—⁠হিন্দী

আলোচনাৰ বাবে বাইবেলৰ বিষয় ​—⁠কানাড়ী

জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় ​—⁠তেলেগু

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক