এদিনীয়া বিশেষ সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
আমাৰ চকুযোৰ হৈছে ঈশ্বৰৰ এক অদ্ভুত সৃষ্টি। (গীত ১৩৯:১৪) তথাপিও এটা সময়ত আমাৰ চকুৱে কেৱল এটা বস্তুতে লক্ষ্য কেন্দ্ৰিত কৰিব পাৰে। এই কথাষাৰ লাক্ষণিক আৰু আক্ষৰিক অৰ্থত উভয়তে সঁচা হয়। আমাৰ আধ্যাত্মিক দৃষ্টি স্পষ্ট কৰি ৰাখিবলৈ আমি নিশ্চয়ে ঈশ্বৰৰ ইচ্ছাৰ ওপৰত মনোযোগ দিয়া আৱশ্যক। চয়তানৰ জগতৰ পৰা অহা মনোযোগ ভঙ্গ কৰা বিষয়ৰ সম্পৰ্কে মনত ৰাখি উপযুক্তৰূপে ২০০৬ চনৰ সেৱা বছৰত বিশেষ এদিনীয়া সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিলনৰ বিষয়বস্তু হৈছে, “নিজৰ চকু নিৰ্ম্মল ৰাখা!”—মথি ৬:২২.
আমি যিহোৱাৰ পৰা আশীৰ্ব্বাদ লাভ কৰিবলৈ কি কৰা আৱশ্যক? (হিতো. ১০:২২) এই প্ৰশ্নটোৰ বিষয়ে “চকু নিৰ্ম্মল ৰাখি আশীৰ্ব্বাদ লাভ কৰা” নামৰ ভাষণটোত আলোচনা কৰা হʼব। গ্ৰহণ কৰা সাক্ষাতকাৰবোৰত শাস্ত্ৰীয় সিদ্ধান্তসমূহৰ পৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ, সেই বিষয়ে আলোকপাত কৰা হʼব। “দুষ্টতাপূৰ্ণ জগতত চকু নিৰ্ম্মল ৰাখা” নামৰ প্ৰথম ভাষণটো পৰিদৰ্শিত বক্তাই দিব। যʼত আমাক এনেবোৰ ক্ষেত্ৰৰ বিষয়ে সতৰ্ক কৰি দিয়া হʼব, যিবোৰে আমাৰ আধ্যাত্মিকতা ক্ষতি কৰিব পাৰে। তদুপৰি “উত্তম ভাগ মনোনীত” কৰাত কি সন্মিলিত আছে, সেই বিষয়েও আমি শিকিব পাৰিম।—লূক ১০:৪২.
পিতৃ-মাতৃ আৰু আনসকলে কেনেকৈ খ্ৰীষ্টান যুৱা ব্যক্তিসকলক আধ্যাত্মিক লক্ষ্য ৰাখিবলৈ সহায় কৰিব পাৰে? সেই বিষয়ে “পিতৃ-মাতৃসকলে নিজৰ কাঁড়বোৰ সঠিকভাৱে টোঁৱাই” আৰু “আধ্যাত্মিক লক্ষ্য ৰাখা যুৱা ব্যক্তিসকল” নামৰ ভাষণত আলোচনা কৰা হʼব। তদুপৰি এই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ বিষয়ে পিতৃ-মাতৃ আৰু যুৱক-যুৱতীয়ে দিয়া মন্তব্য শুনিবলৈ পাম। (গীত. ১২৭:৪) পৰিদৰ্শিত বক্তাই দিয়া শেষৰ ভাষণটোত আমি ব্যক্তিগত, পৰিয়াল আৰু মণ্ডলীৰ হৈ কেনেকৈ যিহোৱাৰ সংগঠনৰ সৈতে গতি বজাই ৰাখিব পাৰোঁ, সেই বিষয়ে আলোচনা কৰা হʼব।
আমি অলপতে সত্যতালৈ অহা বা যিহোৱাৰ সেৱাত বহু বছৰে নাথাকোঁ কিয়, এইটো গুৰুত্বপূৰ্ণ যে আমি নিজৰ ‘চকু নিৰ্ম্মল ৰাখা উচিত।’ এনে কৰিবলৈ এদিনীয়া বিশেষ সন্মিলনে আমাক সহায় কৰিব।