এদিনীয়া বিশেষ সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
যদি আমি বিপদ সঙ্কেত শুনি সেই অনুসাৰে উচিত পদক্ষেপ নলওঁ, তেনেহʼলে তাৰ পৰিণাম ভয়াবহ হʼব পাৰে। যিহোৱাই প্ৰবন্ধ কৰা আধ্যাত্মিক নিৰ্দ্দেশনাৰ অনুসাৰে কাৰ্য্য কৰাটো তাতকৈ অধিক গুৰুত্বপূৰ্ণ। এই গম্ভীৰতাৰ বিষয়ে ২০০৫ চনৰ সেৱা বছৰত হʼবলগীয়া এদিনীয়া বিশেষ সন্মিলনৰ কাৰ্য্যক্ৰমত উল্লেখ কৰা হʼব। সেই এদিনীয়া বিশেষ সন্মিলনৰ বিষয়বস্তু হৈছে ‘আপুনি কিদৰে শুনে তাৰ প্ৰতি মনোযোগ দিয়ক।’—লূক ৮:১৮.
পৌলে লিখা বাইবেলৰ প্ৰেৰিত হিব্ৰু পত্ৰখনৰ আৰম্ভণিতে উল্লেখ কৰা পৰামৰ্শসমূহ আজি আমাৰ দিনত কেনেকৈ প্ৰযোজ্য হয় সেই বিষয়ে পৰিদৰ্শক বক্তাজনে তেওঁৰ প্ৰথমটো ভাষণত বিবেচনা কৰিব। বক্তাজনে দিয়া সমাপ্তিৰ ভাষণৰ বিষয়টো হৈছে, “ঈশ্বৰীয় নিৰ্দ্দেশনাৰ প্ৰতি একেৰাহে মনোযোগ দিয়া।” আমি কিমান ভালকৈ যিহোৱা, তেওঁৰ পুত্ৰ আৰু ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গৰ’ পৰামৰ্শ শুনিছোঁ, সেই বিষয়ে পৰীক্ষা কৰি চাবলৈ পৰিদৰ্শক বক্তাজনৰ সমাপ্তি ভাষণে সহায় কৰিব।—মথি ২৪:৪৫.
কাৰ্য্যক্ৰমৰ বহুতো ভাগত বিশেষকৈ পৰিয়ালে লাভৱান হʼব। “বিভ্ৰান্তি নোহোৱাকৈ যিহোৱাৰ বাক্যৰ প্ৰতি মনোযোগ দিয়া পৰিয়ালসমূহ” নামৰ ভাষণে আমাক জগতৰ বিষয়বোৰে আমাৰ আধ্যাত্মিকতাক ক্ৰমান্বয়ে ধ্বংস নকৰিবলৈ নিজকে প্ৰতিৰক্ষা দিয়াত সহায় কৰিব। এই ভাষণত তেনে ভাই-ভনীসকলৰ সাক্ষাতকাৰ গ্ৰহণ কৰা হʼব, যিসকলে আধ্যাত্মিক বিষয়বোৰক সকলোতকৈ প্ৰথম স্থান দি নিজৰ জীৱনত সাল-সলনি কৰিছে। “ঈশ্বৰৰ বাক্যক মনোযোগেৰে শুনাৰ দ্বাৰা আমাৰ কিশোৰ অৱস্থাক প্ৰতিৰক্ষা দিয়া” নামৰ ভাষণত তেনেবোৰ কিশোৰ বয়সৰ ভাই-ভনীসকলৰ সাক্ষাতকাৰ গ্ৰহণ কৰা হʼব যিসকলে স্কুল, সহপাঠীসকলৰ হেঁচা বা প্ৰচাৰ কাৰ্য্যত দৃঢ়তাৰে সত্যতাৰ পক্ষ লʼলে। “ঈশ্বৰৰ বাক্যক মনোযোগেৰে শুনা আৰু শিকা শিশুসকল” এই ভাষণে আমাক কণমাণি সকলৰ শিকা দক্ষতাক হেয়জ্ঞান নকৰিবলৈ সহায় কৰিব। কণমাণিৰ সৈতে পিতৃ-মাতৃৰ সাক্ষাতকাৰ গ্ৰহণ কৰা হʼব আৰু সেই সাক্ষাতকাৰে আমাক যিহোৱাৰ পথত লʼৰা-ছোৱালীক তেওঁলোকৰ বাল্যকালৰে পৰা দিয়া প্ৰশিক্ষণৰ বাবে কেনে উত্তম ফলাফল পোৱা যায় সেই বিষয়ে বুজাত সহায় কৰিব।
যিহেতু চয়তানে “গোটেই জগতৰ ভ্ৰান্তি” জন্মাইছে, কিন্তু যিহোৱাই তেওঁ বিশ্বাসী বুদ্ধিমান দাসবৰ্গৰ দ্বাৰা দেখুৱাইছে যে আমি কোনটো পথত চলা উচিত। (প্ৰকা. ১২:৯; যিচ. ৩০:২১) গতিকে তেওঁৰ পৰামৰ্শসমূহক মনোযোগৰে শুনি, সেই অনুসাৰে কাৰ্য্য কৰাটো আমাৰ বাবে বুদ্ধিমানৰ কাৰ্য্য হʼব আৰু ইয়ে আমাক সুখী আৰু অনন্ত জীৱনলৈ পৰিচালিত কৰিব।—হিতো. ৮:৩২-৩৫.