ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০৪ পৃষ্ঠা ১
  • আপোনাৰ চকু নিৰ্মল ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ চকু নিৰ্মল ৰাখক
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • এদিনীয়া বিশেষ সন্মিলনৰ পুনৰ নিৰীক্ষণ
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • এদিনীয়া বিশেষ সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপোনাৰ হৃদয়ক ৰক্ষা কৰক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০৪ পৃষ্ঠা ১

আপোনাৰ চকু নিৰ্মল ৰাখক

১ যীচুৰ পৰ্ব্বতীয়া উপদেশত তেওঁ আমাৰ লাক্ষণিক বা আধ্যাত্মিক চকুৱে আমাৰ গোটেই জীৱনছোৱাক অত্যন্তৰূপে প্ৰভাৱিত কৰাৰ বিষয়ে মনোযোগ দিবলৈ কৈছিল। সেই বিষয়ে তেওঁ এইদৰে কৈছিল: “তোমাৰ চকু যদি ভালে থাকে, তেন্তে তোমাৰ গোটেই শৰীৰ দীপ্তিময় হব; কিন্তু তোমাৰ চকু যদি বেয়া হয়, তেন্তে তোমাৰ গোটেই শৰীৰ অন্ধকাৰময় হʼব।” (মথি ৬:⁠২২, ২৩) এক নিৰ্মল চকুৱে ভৌতিক বস্তুৰ ওপৰত অনাৱশ্যকীয়ভাৱে চিন্তা কৰি বিচলিত হোৱাৰ পৰিৱৰ্তে এটা উদ্দেশ্য অৰ্থাৎ কেৱল ঈশ্বৰৰ ইচ্ছাৰ ওপৰতহে ধ্যান কেন্দ্ৰিত কৰিব। (মথি ৬:⁠১৯-২১, ২৪-৩৩) আমাৰ চকু নিৰ্মল কৰিবলৈ কিহে আমাক সহায় কৰিব?

২ সন্তুষ্টিতা বিকশিত কৰা: ঘৰখনৰ ভৌতিক আৱশ্যকতা পূৰণ কৰাটো হৈছে এক শাস্ত্ৰীয় কৰ্তব্য। (১ তীম. ৫:⁠৮) কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি অসীমিতভাৱে সকলোতকৈ উত্তম আৰু শেহতীয়া বস্তু সংগ্ৰহ কৰাত জড়িত হৈ পৰিম। (হিতো. ২৭:⁠২০; ৩০:⁠৮, ৯) ইয়াৰ পৰিৱৰ্তে বাইবেলে আমাক কেৱল জীৱনৰ অত্যাৱশ্যকীয় অৰ্থাৎ আমাৰ অন্ন-বস্ত্ৰত “সন্তুষ্ট” হʼবলৈ আগ্ৰহ কৰিছে। (১ তীম. ৬:⁠৮; ইব্ৰী ১৩:⁠৫, ৬) এই পৰামৰ্শক পালন কৰি আমি নিজৰ চকুক সঠিক বস্তুৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিবলৈ সহায় কৰিব পাৰিম।

৩ আমি অনাৱশ্যকীয়ভাৱে ধাৰ আৰু ভৌতিক বস্তুৰ বোজা বা এনেবোৰ কাৰ্য্যৰ পৰা বিৰত থকা আৱশ্যক যাৰ বাবে অধিক সময় আৰু মনোযোগ দিবলগীয়া হয়। (১ তীম. ৬:⁠৯, ১০) আমি কেনেকৈ বিৰত থাকিব পাৰোঁ? যেতিয়া আমি কোনো কাৰ্য্য কৰিবলৈ চিন্তা কৰোঁ তেতিয়া প্ৰাৰ্থনাপূৰ্বক আৰু ন্যায়পৰায়ণতাৰে বিশ্লেষণ কৰা উচিত যে কৰিবলগীয়া কাৰ্য্যই যেন আমাৰ আধ্যাত্মিক লক্ষ্যক উপেক্ষা নকৰে। আপুনি আধ্যাত্মিক বিষয়ক নিজৰ জীৱনত প্ৰথম স্থান দিবলৈ দৃঢ়ভাৱে নিৰ্ণয় লওক।​—⁠ফিলি. ১:⁠১০; ৪:⁠৬, ৭.

৪ জীৱনধাৰা সৰলীকৰণ কৰা: ভৌতিক বস্তুত নিজৰ মন আকৰ্ষিত হোৱাৰ পৰা ৰক্ষা কৰাৰ আন এক উপায় হৈছে, নিজৰ জীৱনধাৰাক সৰলীকৰণ কৰা। নিজৰ পৰিয়ালটো চলিবলৈ অধিক ভৌতিক বস্তুৰ আৱশ্যক নাই বুলি নিৰ্ণয় লোৱা এজন ভায়ে এইদৰে কৈছে: “এতিয়া মই অধিককৈ মণ্ডলীৰ ভাই-ভনীসকলৰ সেৱা কৰিব পাৰিছোঁ। মই নিশ্চিত যে যিহোৱা ঈশ্বৰে তেওঁৰ সকলো উপাসকক আশীৰ্ব্বাদ দিয়ে, যিসকলে নিজৰ ব্যক্তিগত ইচ্ছাতকৈ সত্য উপাসনাক নিজৰ জীৱনত প্ৰথম স্থান দিয়ে।” আপুনি নিজৰ জীৱনধাৰাক সৰলীকৰণ কৰি অধিক আশীৰ্ব্বাদৰ ভাগী হʼব পাৰিবনে?

৫ চয়তানৰ প্ৰভাৱ, তাৰ জগতৰ ভৌতিকবাদৰ হেঁচা আৰু আমাৰ নিজৰ অসিদ্ধতাৰ ওপৰত জয়ী হʼবলৈ আমি নিৰন্তৰে চেষ্টা কৰা আৱশ্যক। আমি নিজৰ চকু অকাৰণতে ভ্ৰমি ফুৰিবলৈ নিদি ঈশ্বৰৰ ইচ্ছা সম্পন্ন আৰু অনন্ত জীৱনৰ বহুমূলীয়া আশাত থিৰ কৰা আৱশ্যক।

[Study Questions]

১. চকু নিৰ্মল কৰাৰ অৰ্থ কি আৰু তেনে কৰাটো কিয় অত্যাৱশ্যক?

২.ঈশ্বৰৰ বাক্যই আমাক ভৌতিক বস্তুৰ প্ৰতি কেনে দৃষ্টিভঙ্গী বজাই ৰাখিবলৈ উৎসাহিত কৰিছে?

৩.স্বেচ্ছামূলক বোজা বহন কৰাৰ পৰা বিৰত থাকিবলৈ আমাক কিহে সহায় কৰিব?

৪.আমি নিজৰ জীৱনধাৰাক সৰলীকৰণ কৰিবলৈ কিয় নিৰীক্ষণ কৰা উচিত?

৫.আমি নিজৰ চকু নিৰ্মল কৰি ৰাখিবলৈ কিয় নিৰন্তৰে চেষ্টা কৰা আৱশ্যক?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক