ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০৪ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • ছেপ্টেম্বৰ ১৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ছেপ্টেম্বৰ ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ছেপ্টেম্বৰ ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • অক্টোবৰ ৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০৪ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

ছেপ্টেম্বৰ ১৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৪৩

১২ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। যদি ৪ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ আপোনাৰ স্থানীয় প্ৰচাৰ এলেকাৰ বাবে ব্যৱহাৰিক, তেনেহʼলে সেই পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ ছেপ্টেম্বৰ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া প্ৰথমটো পৰামৰ্শ ব্যৱহাৰ কৰক) আৰু ছেপ্টেম্বৰ ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে প্ৰদৰ্শন প্ৰস্তুত কৰক। আন উপস্থাপনো ব্যৱহাৰ কৰিব পাৰে। প্ৰত্যেকটো উপস্থাপনৰ পাছত চমুকৈ সেই উপস্থাপনবোৰৰ এক কাৰ্য্যকাৰী দিশ দাঙি ধৰক।

১৫ মি: “আপোনাৰ চকু নিৰ্মল ৰাখক।”a লেখটোত দিয়া প্ৰশ্নবোৰ ব্যৱহাৰ কৰক। যদি আপোনাৰ হাতত সময় থাকে, তেন্তে উল্লেখ কৰা শাস্ত্ৰ পদবোৰ পঢ়ক।

১৮ মি: আমাৰ উত্তম কাৰ্য্যক আনে লক্ষ্য কৰা। (১ পিত. ২:⁠১২) ভাষণ আৰু নবেম্বৰ ১, ২০০২, প্ৰহৰীবুৰুজ (w02-AE) ২৪-২৬ পৃষ্ঠা ১৪-২০ অনুচ্ছেদৰ ওপৰত আধাৰিত কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। স্থানীয় লোকসকলে আমাৰ উত্তম কাৰ্য্য দেখি কেনেকৈ প্ৰভাৱিত হয়, সেই বিষয়ে মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।

গীত ১৬২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ছেপ্টেম্বৰ ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৮৮

১০ মি: স্থানীয় ঘোষণাসমূহ। এই মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ প্ৰথম পৃষ্ঠাত শাখা কাৰ্য্যালয়ে উল্লেখ কৰা চিঠিখনৰ পৰা আলোকপাত কৰক। সকলোকে গণনা পুস্তক ১৬:⁠১-৩৫ পদ পঢ়ি যিহোৱাৰ অধিকাৰক সন্মান কৰক নামৰ ভিডিঅʼখন চাবলৈ উৎসাহিত কৰক।

১৫ মি: বিগত সেৱা বছৰত আমি কি সম্পন্ন কৰিলোঁ? এজন প্ৰাচীনে যোৱা ২০০৪ চনৰ সেৱা বছৰত মণ্ডলীৰ ৰিপোৰ্টৰ ওপৰত আধাৰিত কৰি এটা ভাষণ দিয়ে। সেই ৰিপোৰ্টত থকা উন্নতিমূলক দিশবোৰৰ ধ্যান কেন্দ্ৰিত আৰু অগ্ৰগামীসকলে কৰা কঠোৰ পৰিশ্ৰমৰ বিষয়ে আলোকপাত কৰক। আগন্তুক সেৱা বছৰত মণ্ডলীয়ে মনোযোগ দিবলগীয়া এটা বা দুটা দিশৰ বিষয়ে উল্লেখ কৰক।

২০ মি: একেৰাহে হিতজনক কৰ্ম্ম কৰক। (গালা. ৬:⁠১০) সময়ে সময়ে নিয়মিত অগ্ৰগামী বা সহযোগী অগ্ৰগামী কৰা দুজন বা তিনিজন প্ৰকাশকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰক। যিহোৱাৰ সেৱাত তেওঁলোকে কেনে সমস্যাৰ সম্মুখীন হʼবলগীয়া হৈছিল আৰু সেইবোৰক কেনেকৈ সমাধান কৰিলে? একেৰাহে আনৰ প্ৰতি হিতজনক কৰ্ম্ম কৰিবলৈ তেওঁলোকক কিহে সহায় কৰিলে? খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যত তেওঁলোকে কৰা পৰিশ্ৰমে কেনেকৈ তেওঁলোক নিজে আৰু আনৰ বাবে লাভদায়ক হʼল? যদি প্ৰযোজ্য হয় তেন্তে স্থানীয় এলেকাত থকা আন ভাষা কোৱা লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা শুনাবলৈ কেনেকৈ প্ৰচেষ্টা কৰা হʼল, সেই বিষয়ে মন্তব্যবোৰ সন্মিলিত কৰক। সকলোকে ‘তেওঁলোকৰ বিশ্বাসৰ কাৰ্য্য, প্ৰেমৰ পৰিশ্ৰম আৰু ধৈৰ্য্যৰ’ বাবে প্ৰশংসা কৰক।

গীত ১০৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ছেপ্টেম্বৰ ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২২১

১৫ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট। প্ৰচাৰকসকলক ছেপ্টেম্বৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। আলোচনী বিতৰণৰ বিশেষ অভিযানত কেনেকৈ ছেপ্টেম্বৰ ১, প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া তৃতীয়টো পৰামৰ্শ ব্যৱহাৰ কৰক) আৰু অক্টোবৰ ৮, সচেতন! আলোচনী লোকসকলক দিব পাৰি, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক।

১০ মি: যিহোৱাৰ বাক্য জীয়া। এক ভাষণৰূপে প্ৰস্তুত কৰক। ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ সপ্তাহিক বাইবেল পাঠৰ পৰা অধিককৈ লাভৱান হʼবলৈ প্ৰহৰীবুৰুজ আলোচনীৰ বাছনি কৰা সংখ্যাবোৰত ধাৰাবাহিকৰূপে “যিহোৱাৰ বাক্য জীয়া” নামৰ লেখটো প্ৰকাশ কৰা হৈছে। w04-AE ১১/১ ২৯-৩২ পৃষ্ঠাত দিয়া লেখটোৰ পৰা কিছুমান বৈশিষ্ট্যৰ বিষয়ে শ্ৰোতাসকলৰ আগত দাঙি ধৰক। লেখটোৰ “শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল” নামৰ শিৰোনামাৰ বিষয়ে সাৰাংশ দিয়াৰ পিছত সেই শিৰোনামাৰ অন্তৰ্গত দিয়া শাস্ত্ৰীয় পদৰ কিছুমান কঠিন বাক্যক বৰ্ণনা কৰক। “আমাৰ বাবে শিক্ষামূলক পাঠ” নামৰ শিৰোনামাত দিয়া মন্তব্যবোৰ পঢ়ি তাৰ ব্যৱহাৰিক সংবাদৰ ওপৰত শ্ৰোতাসকলক মনোযোগ দিবলৈ কওক। ঈশ্বৰৰ বাক্যক বহুলভাৱে বুজি পাবলৈ এই ধাৰাবাহিকে কেনেকৈ সহায় কৰিব, সেই বিষয়ে বিশেষ কিছুমান উদাহৰণ দাঙি ধৰক। আগন্তুক সপ্তাহৰ বাইবেল পাঠ দ্বিতীয় বিবৰণ পুস্তকৰ পৰা সম্পূৰ্ণকৈ লাভৱান হʼবলৈ সকলোকে এই প্ৰবন্ধটোক ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰক।

২০ মি: “বাইবেলখন কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰক।”b লেখটোত দিয়া প্ৰশ্নসমূহ ব্যৱহাৰ কৰক। ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল কিতাপখনৰ ১৪৫ পৃষ্ঠা ২-৩ অনুচ্ছেদৰ ওপৰত আধাৰিত কৰি আৰম্ভণি মন্তব্য দিয়ক। তদুপৰি দুটা উপস্থাপন প্ৰস্তুত কৰক। প্ৰথমটোত, প্ৰথম সাক্ষাৎ আৰু দ্বিতীয়টোত পুনৰ সাক্ষাতৰূপে প্ৰদৰ্শন কৰি দেখুৱাউক যে কেনেকৈ সেই পৰামৰ্শবোৰ পালন কৰিব পাৰি।

গীত ৩৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

অক্টোবৰ ৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৫

৫ মি: স্থানীয় ঘোষণাসমূহ।

১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।

২৫ মি: “আমি নিশ্চয়ে যিহোৱাৰ অধিকাৰৰ প্ৰতি সন্মান দেখুৱা উচিত।” যিহূদা ১১ পদটো পঢ়ি দুই মিনিট বা তাতকৈ কম সময়ৰ ভিতৰত মন্তব্য দি আৰম্ভণি কৰক। তাৰ পিছত পোনপটীয়াকৈ শ্ৰোতাসকলৰ সৈতে লেখটোত দিয়া প্ৰশ্নবোৰ ব্যৱহাৰ কৰি আলোচনা কৰক। যিহোৱাৰ অনুমোদন লাভ কৰিবলৈ আমি যে অৱশ্যেই কোৰহৰ বিৰোধকাৰী মনোবৃত্তি বিকশিত কৰাৰ পৰা আঁতৰি থাকি তেওঁৰ পুতেকবিলাকে যিহোৱা ঈশ্বৰৰ প্ৰতি বজাই ৰাখা বিশ্বাসনীয়তাৰ উত্তম আৰ্হিক অনুকৰণ কৰা আৱশ্যক, সেই বিষয়ে আলোকপাত কৰক।

গীত ৯৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক