ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/৯৯ পৃষ্ঠা ৭
  • নতুন চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নতুন চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • নতুন চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/৯৯ পৃষ্ঠা ৭

নতুন চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম

যিহোৱাৰ অনুসাৰে জীৱন নিৰ্বাহ কৰাৰ বাবে এতিয়া আপুনি কি কি ব্যৱহাৰিক লাভ প্ৰাপ্ত কৰিছে? আপোনাৰ জীৱনত প্ৰথম স্থানত থকা ৰাজ্য হিতক বাধা দিবলৈ উৎপন্ন হোৱা অলাগতিয়াল কাৰ্য্যবোৰক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰে? (মথি ৬:৩৩) এই জগতত বেয়াটোৱে ভাল যেনে বোধ হোৱাৰ বাবে, কেতিয়াবা বেয়াৰ পৰা ভালক নিৰ্বাচিত কৰিবলৈ আপোনাৰ বাবে কঠিন হয়নে? (ইব্ৰী ৫:১৪) এই বাবে জানুৱাৰী ২০০০ চনত আৰম্ভ হব লগা চাৰ্কিট সন্মিলনৰ বিষয় হৈছে “এতিয়াৰে পৰা ঈশ্বৰৰ পথত চলি লাভ প্ৰাপ্ত কৰক।”—গীত. ১২৮:১.

শনিবাৰে চাৰ্কিট সন্মিলনত সেৱা সভাৰ আৰ্হিক এক নতুন বৈশিষ্ট্যৰ সৈতে প্ৰস্তুত কৰা হʼব। কাৰ্য্যক্ৰমত সম্পূৰ্ণৰূপে আনন্দ উঠাবলৈ কি আচঁনি তৈয়াৰ কৰা হৈছে যাতে সকলোৱে প্ৰস্তুত হʼব পাৰে, তাৰ বাবে আপোনাৰ চাৰ্কিট ওভাৰচিয়াৰ মণ্ডলীসমূহত সংবাদ দিব।

অগ্ৰগামী কাৰ্য্যত সু-সময় বাচি লয় কেনেকৈ বুদ্ধিমান আৰু বিবেচক হৈ কাৰ্য্য কৰিব পাৰি তাৰ বাবে এক বিষয় প্ৰস্তুত কৰা হৈছে যাৰ শিৰোনামা হৈছে “অগ্ৰগামীসকল—আপোনালোকে কেনেকৈ চলে তাৰ প্ৰতি সাৱধানে দৃষ্টি দিয়ক।” (ইফি. ৫:১৫-১৭) “যি সঠিক বুলি ধাৰণা হয় তাৰ প্ৰতি সাৱধান হওঁক” এই ভাষণৰ দ্বাৰা জীৱনৰ প্ৰত্যেক মুহূৰ্তত যি ঈশ্বৰৰ বাবে গ্ৰহণযোগ্য তাক কৰিবলৈ শিক্ষা দিয়া হʼব। “পূৰ্ণ হোৱা ভৱিষ্যতবাণীয়ে আমাক কেনেকৈ প্ৰভাৱিত কৰে” এক ভাষণ, যিয়ে আমাক ঈশ্বৰৰ বাক্যক প্ৰতি থকা প্ৰেমক আমাৰ মন আৰু হৃদয়ত পূৰণ কৰিবলৈ সহায় কৰিব। জনভাষণৰ বিষয় হৈছে “ঈশ্বৰৰ পথ—কিমান লাভজনক!” এই ভাষণত গুৰুত্ব দি কোৱা হʼব যে এতিয়াৰে পৰা যিহোৱা ধাৰ্ম্মিক আৱশ্যকতাৰ পথত চলি কেনেকৈ কাৰ্য্যকাৰীৰূপে লাভ প্ৰাপ্ত কৰিব পাৰিম।

ঈশ্বৰৰ পথত এজন সমৰ্পিত সেৱকৰূপে কাৰ্য্য কৰিবলৈ আপুনি ৰাজহুৱাভাৱে পানীত বাপ্তিষ্মা লবলৈ ইচ্ছা কৰেনে? তেতিয়াহʼলে মণ্ডলীৰ প্ৰিজাইডিং ওভাৰচিয়াৰ সৈতে আলোচনা কৰক যাতে তেওঁ আৱশ্যকীয় ব্যৱস্থা লব পাৰে।

চাৰ্কিট সন্মিলনত উপস্থিত হবলৈ আপুনি নিৰ্ণয় লওঁক। “যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে, সেই জন ধন্য” এই দুদিনীয়া কাৰ্য্যক্ৰমত উপস্থিত হওঁক।—গীত. ১২৮:১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক