ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/৯৯ পৃষ্ঠা ৮
  • এজন বুদ্ধ ধৰ্ম্মৰ ব্যক্তিক আপুনি কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এজন বুদ্ধ ধৰ্ম্মৰ ব্যক্তিক আপুনি কি ক’ব?
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • প্ৰচাৰ কাৰ্য্যত আগবঢ়োৱা উপস্থাপনৰ সম্পৰ্কে দাঙি ধৰা ব্যৱহাৰিক পৰামৰ্শসমূহ
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰচাৰ কাৰ্য্যত প্ৰস্তুত কৰা প্ৰস্তাৱনাবোৰৰ পৰামৰ্শ দিয়া হ’ল
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি এজন হিন্দুক কি কব?
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/৯৯ পৃষ্ঠা ৮

এজন বুদ্ধ ধৰ্ম্মৰ ব্যক্তিক আপুনি কি কʼব?

১ কিছুমান দেশত বাপ্তিস্মা প্ৰাপ্ত কৰা বেছি সংখ্যক বক্তিয়ে বুদ্ধ ধৰ্ম্মৰ পৰা আহিছে। এই লোকসকলক সত্যলৈ আহিবলৈ কিহে আকৰ্ষিত কৰিছে? এজন বুদ্ধ ধৰ্ম্মৰ ব্যক্তিক আপুনি কিদৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰিব?

২ অকৃত্ৰিম ইচ্ছা প্ৰকাশ কৰক: বহুতো ভূতপূৰ্ব বুদ্ধ ধৰ্ম্মৰ ব্যক্তিসকলে কৈছিল যে কোনো গভীৰ কাৰণৰ বাবে তেওঁলোক সত্যৰ প্ৰতি আকৰ্ষণ হৈছিল এনে নহয়। তাৰ পৰিৱৰ্ত্তে তেওঁলোকৰ ওপৰত দেখুউৱা অকৃত্ৰিম ইচ্ছাৰ প্ৰতি আকৰ্ষিত হৈছিল। যুক্তৰাষ্ট্ৰত বাস কৰা এগৰাকী এছিয়াৰ মহিলাই এজনী ভনীৰ বন্ধুত্বতা দেখি প্ৰভাৱিত হৈছিল পাছলৈ তাই ভনী গৰাকীৰ সৈতে অধ্যয়ন কৰিবলৈ মান্তি হৈছিল। অথচ তাই ভালদৰে ইংৰাজী কব নোৱাৰিছিল, কিন্তু ভনীজনী ধৈৰ্য্যশীল আছিল। যেতিয়া সেই মহিলাগৰাকীয়ে অধ্যয়ন কৰিবলৈ ক্লান্ত অনুভৱ কৰিছিল বা অধ্যয়ন কৰিবলৈ সক্ষম নহৈছিল, তেতিয়া সেই ভনীজনীয়ে সাধাৰণভাৱে বন্ধুতৰ সাক্ষাৎ কৰি থাকি আৰু পাছলৈ অধ্যয়ন কৰিবলৈ ব্যৱস্থা কৰিলে। অৱশেষত, মহিলাগৰাকীয়ে, তাইৰ দুজন পুত্ৰ আৰু তাইৰ বয়সীয়া মাকে বাপ্তিষ্মা ললে। তাই নিজ জন্মভুমিলৈ ঘুৰি আহিল আৰু বহুতকে সত্য শিকাৰ বাবে সহায় কৰিছিল। তাইৰ এজন পুতেকে বৰ্তমান শাখা কাৰ্য্যলয়ত সেৱা কৰি আছে। যিহোৱাৰ ‘মধুৰ স্বভাৱ, আৰু মনুষ্যজাতিলৈ প্ৰেম’ প্ৰতিফলিত কৰাৰ ফলত কিযে আশীৰ্ব্বাদ কঢ়িয়াই আনিলে!—তীত ৩:৪.

৩ বুদ্ধ ধৰ্ম্মৰ বিচাৰধাৰা: বুদ্ধ ধৰ্ম্মৱালী লোকে সাধাৰণতে আনৰ বিচাৰ-ধাৰাক অস্বীকাৰ কৰে, কিন্তু তেওঁলোকে কোনো সঠিক আৱশ্যকীয় সিদ্ধান্ত নোহোৱাকৈ ইয়াক বিবেচনা নকৰে। সেইবাবে তেওঁলোকৰ বক্তিগত বিশ্বাসত ভিন্নতা আছে। বুদ্ধ ধৰ্ম্মৰ এটা ভাগত হোৱা সাধাৰণ বিশ্বাস হৈছে, জীৱন অত্যন্ত বেদনাৰ পৰিপূৰ্ণ, কিন্তু জ্ঞানোন্নতিৰ দ্বাৰা এজনে জীৱন-চক্ৰত একেৰাহে হোৱা অসন্তুষ্টি জীৱনত জন্ম গ্ৰহণ কৰাৰ পৰা ৰক্ষা পাব পাৰি। ইয়াত এইটো কোৱা হৈছে যে এই চক্ৰ পৰা উদ্ধাৰ পোৱাটোৱে হৈছে, এজনে নিৰ্বানত উপস্থিত হোৱা, এইটো এনে এটা অৱস্থা ইয়াক বৰ্ণনা কৰিব নোৱাৰি, কিয়নো ই কোনো স্থান বা ঘটনা নহয় তাৰ পৰিৱৰ্ত্তে এক শূন্যত উপস্থিত হয় যʼত বেদনা আৰু দুষ্টতা নাথাকে। [যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে? (ইংৰাজী) ৯-১০ পৃষ্ঠা চাওক।] ইয়াৰ পৰা আমি কি জনিব পাৰোঁ? ইয়াৰ দ্বাৰা আমি বুদ্ধ দাৰ্শনিক শাস্ত্ৰত সন্দেহ থকা লোকসকলৰ সৈতে কথা-বতৰা হব পাৰোঁ। আচলতে আমি, সকলোৰে সৈতে সাধাৰণ সমস্যাবোৰৰ আধাৰিত কথা-বতৰা হʼব পাৰোঁ।

৪ উমৈহতীয়া ইচ্ছাক গুৰুত্ব দিয়ক: যিহেতু বুদ্ধ ধৰ্ম্মৰ ব্যক্তিসকলে সাধাৰণতে জীৱনৰ কালছোৱাত এই পৃথিৱীত ভোগী থকা ঘটনাবোৰক সাধাৰণভাৱে গ্ৰহণ কৰে, সেইবাবে এই পৃথিৱীত সংকল্পনা কৰা অনন্তকালৰ জীৱন তেওঁলোকৰ বাবে অসম্ভৱ যেন বোধ হয়। তথাপি, আমাৰ বহুতে আনন্দৰে পৰিয়ালৰ জীৱন অতিবাহিত কৰিবলৈ, এই দুখ কষ্ট দূৰ হোৱাতো চাবলৈ আৰু জীৱনৰ অৰ্থক জানিব বিচাৰে। লক্ষ্য কৰক যে উমৈহতীয়া আৱশ্যকতাই কেনেকৈ গুৰুত্ব দিব পাৰে।

৫ আপুনি হয়তো এই পাতনিক ব্যৱহাৰ কৰিব পাৰে:

▪ “বৰ্তমান জগত বহুতো নিৰ্দোষীলোকে যাতনা ভোগী আছে। সকলোৱে ভোগী থকা এই বেদনা আৰু দুৰ্গতিবিলাকৰ সমাপ্ত কৰা আৱশ্যক বুলি আপুনি বিশ্বাস কৰেনে? [উত্তৰৰ বাবে ৰওঁক।] অতীতে প্ৰতিজ্ঞা কৰা বাৰ্ত্তা আছে যাৰ যোগেদি মই বহুত শান্ত্বনা লভিছোঁ। [প্ৰকাশিত বাক্য ২১:৪ পদতো পঢ়ক] অৱশ্যে সেই সময় এতিয়াও অহা নাই কিন্তু কেতিয়া আহিব, আমি ইয়াক জানিব বিচাৰোঁ, নহয়নে বাৰু?” তাৰ পাছত আলোচনী আগবঢ়াওঁক আৰু বৰ্ণনা কৰক যে কেতিয়া দুখ-কষ্টৰ অন্ত হʼব।

৬ এজন বৃদ্ধ ব্যক্তিক আপুনি এইদৰে কʼব পাৰে:

▪ “যিহেতু আপুনিও মোৰ দৰে অলপতে হোৱা সামাজিক অধঃপতনৰ বাবে আমাৰ লৰা-ছোৱালীৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে বিবেচনা কৰে। আজি কিশোৰ-কিশোৰীৰ মাজত কিয় অনৈতিকতা বৃদ্ধি হোৱা দেখা গৈছে? [উত্তৰৰ বাবে অপেক্ষা কৰক।] আপুনি জানেনে যে এখন কিতাপত এই বিষয়ে বহু আগতে কোৱা হৈছে যি ইচলাম, খ্ৰীষ্টান আৰু হিন্দু ধৰ্ম্ম স্থাপন হোৱাৰ বিষয়ে লিখা হৈছে? [২ তীমথিয় ৩:১-৩ পদতো পঢ়ক।] লক্ষ্য কৰক যে এই পৰিস্থিতিসমূহ প্ৰবল হৈ একেৰাহে চলি থকাৰ পৰা আমি কি শিকিব পাৰোঁ। [৭ পদতো পঢ়ক] এই আলোচনীখনে আপোনাক, যিটো আনলোকে কেতিয়াও নিশিকা তেনে এক সত্য বিষয়ে বুজিবলৈ সহায় কৰিব। আপুনি ইয়াক পঢ়িব বিচাৰিবনে?” এখন সঠিক কিতাপ বা ব্ৰচাৰ প্ৰস্তুত কৰক।

৭ বুদ্ধ ধৰ্ম্মৰ লোকসকলে সাধাৰণতে বাইবেলখনক এখন পবিত্ৰ গ্ৰন্থ বুলি সন্মান কৰে। সেইবাবে (ইব্ৰী ৪:১২) পদটো পঢ়ক। যদি ব্যক্তিজনে বাইবেলখনক পশ্চমীয়া সংস্কৃতিৰ পৰা অহা বুলি উৎকণ্ঠিত অনুভৱ কৰিব পাৰে, উল্লেখ কৰক যে বাইবেলৰ লিখকসকলৰ থকা স্থান আছিল এছিয়া।

৮ কোনখন প্ৰকাশন দিয়াটো উত্তম হʼব? বহুতো প্ৰচাৰকে তলত দিয়া প্ৰকাশনবোৰ সুফলৰূপে ব্যৱহাৰ কৰিছে: কিতাপসমূহ হৈছে মানৱজাতিৰ দ্বাৰা ঈশ্বৰৰ সন্ধান, পৰিয়ালৰ সুখৰ ৰহস্য, আৰু ডেকাসকলে কৰা প্ৰশ্ন—তাৰ ব্যৱহাৰিক উত্তৰ; ব্ৰচাৰসমূহ হৈছে, “চোৱা, মই সকলোকে নতুন কৰোঁ,” জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব?; আৰু যদি উপলব্ধ আছে ৰাজ্যৰ শুভবাৰ্ত্তা নং ৩৫, সকলো লোকে কেতিয়াও এজনে আনজনক প্ৰেম কৰিব নে? সত্যক গ্ৰহণ কৰা বেছিভাগ বুদ্ধ ধৰ্ম্মৰ ব্যক্তিয়ে প্ৰথমে বিচাৰে ব্ৰচাৰৰ পৰা তাৰ পাছত জ্ঞান কিতাপৰ পৰা অধ্যয়ন কৰিছে।

৯ যিহেতু যদিও বুদ্ধ ধৰ্ম্মৱালীৰ প্ৰচাৰকসকলে কয় যে তেওঁলোকে প্ৰায় পৌলে প্ৰচাৰ কৰা ৪০০ বছৰৰ আগতে এথেন চহৰত গৈছিল, ইয়াৰ কোনো নিশ্চয়তা নাই যে সেই সময়ত তেওঁ কেতিয়াবা বুদ্ধ ধৰ্ম্মত প্ৰভাৱিত হোৱা কোনো ব্যক্তি তাত লগ পাইছিল। যিহেতু আমি জানো যে পৌলে কেনেকৈ সকলো প্ৰকাৰৰ লোকক সাক্ষী দিছিল। তেওঁ নিজেকে “সকলোৰে দাস” পাতিলে যাতে তেওঁ “কোনো কোনোবিলাকক পৰিত্ৰাণৰ পাত্ৰ” কৰিব পাৰে। (১ কৰি. ৯:১৯-২৩) আমিও লোকসকল প্ৰতি নিজৰ ব্যক্তিগত ইচ্ছা প্ৰকাশ কৰি আৰু যি আশা আমাৰ আছে তাত গুৰুত্ব দি সকলো প্ৰকাৰৰ লোকক সাক্ষী দিয়াৰ দ্বাৰা সেইদৰে কৰিব পাৰোঁ।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক