আপুনি উদ্দেশ্যৰ সৈতে কাৰ্য্য কৰিছেনে?
১ যিহোৱা উদ্দেশ্যৰ ঈশ্বৰ হয়। (যিচ. ৫৫:১০, ১১) আমি তেওঁৰ অনুকৰণকাৰী হব লাগে। (ইফি. ৫:১) ইয়ে আমাক সত্যক প্ৰদৰ্শিত কৰিবলৈ সহায় কৰিব যিটো আমি পৰিচৰ্য্যা কাৰ্য্যত সম্পন্ন কৰোঁ। সেইবাবে এই প্ৰশ্ন উপযুক্ত: “আপুনি উদ্দেশ্যৰ সৈতে কাৰ্য্য কৰিছেনে?”
২ ঘৰে ঘৰে আৰু অনিয়মিতৰূপে কৰা আপোনাৰ প্ৰচাৰ কাৰ্য্য আৰু সকলো ঠাইতে সাহিত্য বিতৰণ কাৰ্য্য, এই সকলোবোৰ হৈছে এটা উদ্দেশ্যপূৰ্ণ পৰিচৰ্য্যাৰ ভাগ। কিন্তু মনত ৰাখক যে আমাৰ কাম মাত্ৰ প্ৰচাৰ কৰাটোৱে যথেষ্ট নহয় কিন্তু শিষ্য বনোৱা কাৰ্য্যও সন্মিলিত আছে। (মথি ২৮:১৯, ২০) ৰাজ্যৰ সত্য বীজ সিছাঁৰ পাছত, আমি আকৌ তালৈ ঘুৰি গৈ তেওঁলোকক পানী দিয়া আৰু নিয়মিতৰূপে তত্ত্বাৱধান লৈ ইয়াৰ বৃদ্ধিৰ বাবে যিহোৱালৈ অপেক্ষা কৰা আৱশ্যক। (১ কৰি. ৩:৬) আমি পুনঃ সাক্ষ্যাৎ কৰি বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ একনিষ্ঠ হোৱাৰ আৱশ্যক।
৩ আপোনাৰ পৰিচৰ্য্যা কাৰ্য্য বৃদ্ধি কৰক: আপোনাৰ সেৱা কাৰ্য্যত কি কৰি আছে তাৰ প্ৰতি ভাল অনুভূতিৰে ইয়াক ফহিয়াই চাই নিজকে কব পাৰি: “মই মোৰ পৰিচৰ্য্যা কৰ্ম্মক সম্পূৰ্ণ কৰিলো।” পৌলে ২ তীমথিয় ৪:৫ পদত আগ্ৰহ দেখুৱাইছে: “তোমাৰ পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণ কৰা।” ইয়াত সকলো আগ্ৰহৰে কৃতকাৰ্য্য হোৱা আপোনাৰ প্ৰচেষ্টা বৃদ্ধি কৰা অন্তভুক্ত আছে। আপোনাৰ সপ্তাহিক সেৱা কাৰ্য্য তালিকাত, পুনঃ সাক্ষ্যাতৰ বাবে এক নিদিষ্ট সময়ৰ বাবে আচঁনি তৈয়াৰ কৰক। যিসকলে ধাৰ্ম্মিকতাৰ বাবে ইচ্ছুক হয় তেওঁলোকৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰা লক্ষ্য প্ৰতি থকা প্ৰচেষ্টাক কাৰ্য্যকাৰী কৰক। পৰিচৰ্য্যাত অংশ লোৱাৰ সময়ত এইটো আপোনাৰ লক্ষ্য হোৱা উচিত।
৪ সেই প্ৰচাৰকসকলক সোধক যে যেতিয়া তেওঁলোকৰ বাইবেল বিদ্যাৰ্থীয়ে কোনো সন্মিলনত বাপ্তিষ্মা লোৱা দেখি তেওঁলোকে কেনে অনুভৱ কৰিছিল। যিজনে বাপ্তিষ্মা ললে তেওঁতকৈ বহু বেছি আনন্দ অনুভৱ কৰিছিল। তেওঁলোকে কিযে এক মহান উদ্দেশ্য সম্পন্ন কৰিলে! এজন শিষ্য বনোৱা ব্যক্তিয়ে এইদৰে মন্তব্য কৰিছিল: “শিষ্য বনোৱা অৰ্থ হৈছে অধিকৰূপে যিহোৱাৰ স্তুতি কৰা। ইয়াৰ অৰ্থ এইটো যে যিসকলে সত্যক গ্ৰহণ কৰে তেওঁলোকে জীৱন পায়। মই অন্যক সত্য শিকাই ভাল পাওঁ—এইটো ইমানে বঢ়িয়া কাম! . . . যিসকলে যিহোৱাক ভাল পাবলৈ আহে তেওঁলোক মোৰ অতি মৰমৰ বন্ধু হয়।”
৫ কল্পনা কৰক এজন ব্যক্তিক যিহোৱাৰ সমৰ্পিত সেৱক হবলৈ তেওঁৰ সহায়ক হোৱা কিমান যে আনন্দৰ কাৰণ! এনেধৰণৰ ফলদায়ক পৰিণাম পৰিচৰ্য্যা কাৰ্য্যত উদ্দেশ্যৰ সৈতে কাৰ্য্য কৰাৰ পৰা আহে।—কল. ৪:১৭.