পুনৰ সাক্ষাতে বাইবেল অধ্যয়নলৈ পৰিচালিত কৰে
১ যীচুৱে কেৱল তেওঁৰ শিষ্যসকলক প্ৰচাৰ কৰিবলৈ নহয় কিন্তু ‘শিষ্য বনাবলৈ আৰু শিক্ষা দিবলৈও’ আজ্ঞা দিছিল। (মথি ২৮:১৯, ২০) এজন প্ৰচাৰকে কেৱল ঘোষণাহে কৰে, কিন্তু এজন শিক্ষকে হʼলে ইয়াতকৈ অধিক কৰে। তেওঁ নিৰ্দ্দেশনা, ব্যাখ্যা আৰু প্ৰমাণ দাঙি ধৰে। শিক্ষাদান কৰাৰ এটা পদ্ধতি হৈছে আগ্ৰহী ব্যক্তিসকলৰ সৈতে বাইবেল অধ্যয়ন পৰিচালনা কৰাৰ উদ্দেশ্যৰে পুনৰ সাক্ষাৎ কৰা।
২ আমি কোনসকলক পুনৰ সাক্ষাৎ কৰা উচিত? আলোচনী গ্ৰহণ কৰা বা শুভবাৰ্ত্তাৰ প্ৰতি সামান্য আগ্ৰহকতা দেখুৱা ব্যক্তিসকলক পুনৰ সাক্ষাৎ কৰাটো নিশ্চিত কৰক। যদি আপুনি এজন আগ্ৰহী ব্যক্তিক ৰাজহুৱা স্থানত লগ পাই তেন্তে আগ্ৰহকতা বজাই ৰাখিবলৈ তেওঁৰ নাম আৰু ঠিকনা লʼবলৈ নাপাহৰিব। তেওঁৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ আশাবাদী হওক। বাইবেল অধ্যয়ন কৰিবলৈ আগ্ৰহী হোৱা লোকসকলক বিচাৰি উলিয়াবলৈ নিৰন্তৰে চেষ্টা কৰক, সম্ভৱতঃ, আপুনি তেনে লোকক পাব পাৰে।—মথি ১০:১১.
৩ ব্যক্তিগতভাৱে আগ্ৰহী হওক: প্ৰথম সাক্ষাততে এক প্ৰভাৱকাৰী পুনৰ সাক্ষাৎ কৰিবলৈ আগতিয়াকৈ প্ৰস্তুত কৰা আৱশ্যক। নিপুণ প্ৰচাৰকসকলে গৃহস্থই কেনে বিষয়ৰ ওপৰত অধিক আগ্ৰহী তাৰ প্ৰতি লক্ষ্য ৰাখে আৰু পৰৱৰ্তী সাক্ষাতত সেই বিষয়টোক আধাৰ কৰি আলোচনা কৰে। কিছুমানে আকৌ আলোচনাৰ শেষত আগ্ৰহম্বিত কৰা এটা প্ৰশ্ন দাঙি ধৰে যাতে গৃহস্থই উৎসাহেৰে দ্বিতীয় সাক্ষাতৰ বাবে অপেক্ষা কৰে। লোকসকলৰ প্ৰতি থকা আমাৰ আগ্ৰহকতাই তেওঁলোকৰ বিষয়ে ভাবিবলৈ আৰু পুনৰাই গৈ সাক্ষাৎ কৰিবলৈ প্ৰেৰিত কৰে। যদি সম্ভৱ তেন্তে তেওঁৰ আগ্ৰহকতা হ্ৰাস হোৱাৰ পূৰ্বেই এদিন বা দুদিনৰ পিছত পুনৰ সাক্ষাৎ কৰিবলৈ চেষ্টা কৰক।
৪ পুনৰ সাক্ষাৎ কৰাৰ সময়ত আৰম্ভণিৰ সাক্ষাতত হোৱা আলোচনাৰ বিষয়বোৰৰ ওপৰত আধাৰিত কৰি আলোচনা কৰিবলৈ চেষ্টা কৰক। প্ৰত্যেকবাৰ এটাকৈ শাস্ত্ৰীয় বিষয় আলোচনা কৰিবলৈ আৰু শুনিবলৈ আপোনাৰ লক্ষ্য ৰাখক। গৃহস্থৰ সৈতে ভালদৰে পৰিচিত হওক। দ্বিতীয় সাক্ষাতৰ সময়ত বাইবেল সত্যতাৰ বিষয়ে আলোচনা কৰক যিয়ে তেওঁৰ আগ্ৰহকতাক বৃদ্ধি কৰিব।
৫ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ তৎপৰতা হওক: বাইবেল অধ্যয়ন আৰম্ভ কৰা উদ্দেশ্যৰে পুনৰ সাক্ষাৎ কৰক। ইয়াক আপুনি কেনেকৈ কৰিব পাৰে? আপুনি যে তেওঁৰ সৈতে এটা আগ্ৰহী বিষয় আলোচনা কৰিব বিচাৰিছে সেই সম্পৰ্কে তেওঁক জনাওক আৰু জ্ঞান পুস্তক বা বিচাৰে ব্ৰচাৰখনৰ পৰা খাপ খোৱা বিষয়টোলৈ ধ্যান আকৰ্ষিত কৰক। তাৰ অনুচ্ছেদটো পঢ়ি প্ৰশ্নটো বিবেচনা কৰক আৰু উদ্ধৃত থকা এটা বা দুটা পদৰ বিষয়ে আলোচনা কৰক। ইয়াক আপুনি দুৱাৰ-মুখত থিয় হৈ পাঁচৰ পৰা দহ মিনিট সময়ৰ ভিতৰত কৰিব পাৰে। শেষত দ্বিতীয় প্ৰশ্নটো দাঙি পৰৱৰ্তী সাক্ষাতত তাৰ বিষয়ে আলোচনা কৰিব বুলি কৈ কথোপকথন সমাপ্ত কৰক।
৬ সকলো আগ্ৰহী ব্যক্তিক সাক্ষাৎ কৰাটো হৈছে আমাৰ প্ৰচাৰ কাৰ্য্যৰ এটা প্ৰমুখ বৈশিষ্ট্য। সেইবাবে আপোনাৰ সপ্তাহিক তালিকাখনত পুনৰ সাক্ষাৎ কৰিবলৈ কিছু সময় পৃথকে ৰাখক। এনে কৰাৰ দ্বাৰা আপোনাৰ প্ৰচাৰ কাৰ্য্য ফলদায়ক আৰু আনন্দময় হʼব।
[Study Questions]
১. পুনৰ সাক্ষাৎ কৰাটো কিয় ইমান গুৰুত্বপূৰ্ণ?
২. আমি কোনসকলক পুনৰ সাক্ষাৎ কৰা উচিত?
৩, ৪. প্ৰভাৱকাৰী পুনৰ সাক্ষাৎ কৰাৰ সৈতে কি সন্মিলিত আছে?
৫. বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ কেনে এটি সৰল পদ্ধতি ব্যৱহাৰ কৰিব পাৰে?
৬. পুনৰ সাক্ষাৎ কৰাটো যে অতি আৱশ্যক, তাৰ প্ৰতি আমি কেনেকৈ মূল্যাকন দেখুৱাব পাৰোঁ?