আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ এপ্ৰি. ১
“ইয়াত দেখুউৱা পৰম্পৰাগত ভোজটোক অন্তিম ভোজন বুলি কোৱা হৈছে।” [আলোচনীখনৰ বেটুপাত আৰু শেষৰ পৃষ্ঠাটো দেখুৱাউক।] আপুনি জানেনে যে খ্ৰীষ্টানসকলক কেৱল এই পৰ্ব্বটো পালন কৰিবলৈ আজ্ঞা দিয়া হৈছে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু তাৰ পিছত লূক ২২:১৯ পদটো পঢ়ক।] এই আলোচনীখনে বৰ্ণনা কৰিছে যে কিয় এই পৰ্ব্বটো পালন কৰা অতি আৱশ্যক আৰু ই কেনেকৈ আপোনাত প্ৰভাৱিত কৰে।
সচেতন! এপ্ৰি. ২২
“আজিৰ দ্ৰুতগামী জগতখনত যদি লʼৰা-ছোৱালীয়ে অতি সোনকালে ডাঙৰ-দীঘল হয় তেনেহʼলে কি হʼব, এই বুলি ভাবি বহুতে চিন্তিত হৈ পৰিছে। আপুনিও সেই একেইদৰে চিন্তিত নে? [উত্তৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত উপদেশক ৩:১, ৪ পদটো পঢ়ক।] বাল্য অৱস্থাতে বয়সস্থৰ দায়িত্ব দিয়াটো উচিত সময় নহয়। এই সংখ্যাৰ সচেতন! আলোচনীখনৰ এই লেখত পিতৃ-মাতৃসকলে কেনেকৈ নিজৰ লʼৰা-ছোৱালীক সৰু কালৰে পৰা সুৰক্ষা দিব পাৰে, সেই বিষয়ে আলোচনা কৰা হৈছে।”
প্ৰহৰীবুৰুজ এপ্ৰি. ১
“আপুনি হয়তো যুৱক-যুৱতীসকলে আধ্যাত্মিকতাৰ প্ৰতি কম মনোযোগ দিয়া বিষয়ে সন্মত হʼব।। তেনেদৰে আপুনিও লক্ষ্য কৰিছেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত উপদেশক ১২:১ পদটো পঢ়ক।] আধ্যাত্মিক বিষয়বোৰে যুৱক-যুৱতীসকলক জীৱনত অহা বহুতো বিপদৰ পৰা ৰক্ষা কৰে। [৮ পৃষ্ঠাত থকা বিষয়টো দেখুৱাউক।]এই আলোচনীখনে যুৱক-যুৱতীসকলে কেনেকৈ আধ্যাত্মিকত উন্নতি কৰিব পাৰে, তাৰ বিষয়ে বৰ্ণনা কৰিছে।”
সচেতন! মে’ ৮
“আমাৰ বহুতে বহুমূত্ৰ ৰোগত ভুগী থকা ব্যক্তিসকলৰ বিষয়ে জানে। এই ৰোগৰ বিষয়ে আপুনি কিবা জানেনে? [আলোচনীখনৰ বেটুপাতটো দেখুৱাউক আৰু উত্তৰৰ বাবে অপেক্ষা কৰক।] এই আলোচনীখনে এই ৰোগ হোৱাৰ কাৰণসমূহ আৰু তাৰ চিকিৎসাৰ বিষয়ে সংবাদ দিছে। তদুপৰি এই আলোচনীখনত সকলো ৰোগৰ পৰা চিৰকালৰ বাবে সুস্থ কৰা হʼব বুলি বাইবেলত কৰা প্ৰতিজ্ঞাৰ বিষয়েও আলোচনা কৰিছে।” সমাপ্তিত যিচয়া ৩৩:২৪ পদটো পঢ়ক।