ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৫/০৩ পৃষ্ঠা ১
  • শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ দায়িত্ব দিয়া হৈছে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ দায়িত্ব দিয়া হৈছে
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • ‘মঙ্গলৰ শুভবাৰ্ত্তা অনাজনক কেনে সুন্দৰ দেখা যায়’
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আপুনি কিহক প্ৰথম স্থান দিয়ে?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ‘সু-খবৰ আহিল’!
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৫/০৩ পৃষ্ঠা ১

শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ দায়িত্ব দিয়া হৈছে

১ আমাক ঈশ্বৰৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ দায়িত্ব দিয়াটো আমাৰ বাবে কিমান যে এক বিশেষাধিকাৰৰ বিষয়! (১ থিচ. ২:⁠৪) যদিও কিছুমানে এই শক্তিশালী বাৰ্ত্তাক শুনিবলৈ অগ্ৰাহ্য কৰে তথাপিও নম্ৰ মনৰ লোকে ইয়াক সুগন্ধৰূপে আগ্ৰহেৰে গ্ৰহণ কৰে। (২ কৰি. ২:⁠১৪-​১৬) যিসকলে এই শুভবাৰ্ত্তাক গ্ৰহণ কৰি সেই অনুসাৰে জীৱন-যাপন কৰে, তেওঁলোকৰ বাবে এই বাৰ্ত্তা উদ্ধাৰকাৰকৰূপে প্ৰমাণিত হয়। (ৰোমী. ১:১৬) আমি এই বিশেষ দায়িত্বক কেনে স্থান দিয়া উচিত?

২ যীচু আৰু পাঁচনিসকল: শুভবাৰ্ত্তা প্ৰচাৰ কৰা কাৰ্য্যক যীচুৱে নিজৰ জীৱনত প্ৰথম স্থান দিছিল। (লূক ৪:⁠১৮, ৪৩) আনকি তেওঁ ভোক আৰু ভাগৰত ক্লান্ত হৈ পৰাৰ স্বত্ত্বেও শুভবাৰ্ত্তাৰ প্ৰতি থকা মূল্যাঙ্কনে তেওঁক লোকসমূহৰ আগত শুভবাৰ্ত্তাৰ বিষয়ে কʼবলৈ প্ৰেৰিত কৰিছিল। (মাৰ্ক ৬:⁠৩০-​৩৪) ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ গুৰুত্বতাৰ সম্পৰ্কে যীচুৱে তেওঁৰ বাক্য আৰু কাৰ্য্যৰ দ্বাৰা শিষ্যসকলৰ মন আৰু হৃদয়ত গভীৰভাৱে প্ৰভাৱিত কৰিছিল।​—⁠মথি ২৮:১৮-​২০; মাৰ্ক ১৩:⁠১০.

৩ যীচুৰ আৰ্হিক অনুকৰণ কৰি পাঁচনিবিলাকেও উৎসাহেৰে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিছিল। অথচ তেওঁলোকক বেত্ৰাঘাত কৰি প্ৰচাৰ কাৰ্য্য বন্ধ কৰিবলৈ আজ্ঞা দিয়াৰ স্বত্ত্বেও, তেওঁলোকে “প্ৰচাৰ কৰিবলৈ নেৰিলে।” (পাঁচ. ৫:⁠৪০-​৪২) পাঁচনি পৌলে অবিৰামভাৱে প্ৰচাৰ কাৰ্য্য কৰিছিল। (১ কৰি. ১৫:⁠৯, ১০; কল. ১:⁠২৯) তেওঁ শুভবাৰ্ত্তা প্ৰচাৰ কৰা এই বিশেষ কাৰ্য্যক সঙ্গী মানুহৰ ধৰুৱাস্বৰূপে হোৱা বুলি তুলনা কৰিছিল, যাক তেওঁ সকলো সুযোগতে পৰিশোধ কৰিবলৈ ব্যক্তিগতভাৱে ইচ্ছুক হৈছিল।​—⁠পাঁচ. ২০:⁠২৪; ৰোমী. ১:⁠১৪-​১৬.

৪ বৰ্তমান আমাৰ বাবে বিশেষাধিকাৰ: ঈশ্বৰে প্ৰদান কৰা পবিত্ৰ দায়িত্বৰ প্ৰতি থকা মূল্যাঙ্কনে আমাক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ প্ৰেৰিত কৰিব। (ৰোমী. ১৫:⁠১৬) হুইল চেয়াৰৰ সহায়েৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হোৱা এডৱাৰ্ডে এখন হোটেলৰ প্ৰৱেশ দুৱাৰত অতীথিসকলক নিজৰ বিশ্বাসৰ বিষয়ে জনাইছিল। কিন্তু অধিককৈ প্ৰচাৰ কৰিবলৈ থকা হেঁপাহে তেওঁক এখন লঘু বাহনত এক বিশেষ ধৰণৰ কেবিন নিৰ্মাণ কৰিবলৈ প্ৰেৰিত কৰিলে, যাৰ দ্বাৰা তেওঁ হাজাৰ হাজাৰ মাইল যাত্ৰা কৰি বহু বছৰলৈকে অগ্ৰগামী সেৱা কৰিছিল। এডৱাৰ্ডৰ দৰে বৰ্তমান বহুতে নিজৰ পৰিস্থিতিত সাল-সলনি কৰি বৃহতভাৱে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত ভাগ লৈছে।

৫ এতেকে আঁহক আমি যীচু আৰু পাঁচনিবিলাকে ৰখা আৰ্হিক অনুকৰণ কৰি সদায়ে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যক আমাৰ জীৱনত প্ৰথম স্থান দিওঁহঁক। এনে কৰাৰ দ্বাৰা আমি লোকসকলৰ প্ৰতি প্ৰেম আৰু শুভবাৰ্ত্তা প্ৰচাৰ কৰা দায়িত্বৰ প্ৰতি মূল্যাঙ্কন প্ৰকাশ কৰোঁ।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক