আপুনি কিহক প্ৰথম স্থান দিয়ে?
১ বহুতো ধৰ্ম্মীয় সংগঠনসমূহে বিনামূলীয়া কাৰ্য্যবোৰৰ প্ৰতি অধিক গুৰুত্ব দিয়ে, যেনে—স্কুল, কলেজ বা চিকিৎসালয় নিৰ্ম্মাণ কৰা। কিন্তু যিহোৱাৰ সাক্ষীসকলে ‘উপকাৰ আৰু সহভাগিতাৰ কাৰ্য্য নাপাহৰি’ আনক আধ্যাত্মিকৰূপে সহায় কৰা কাৰ্য্যক প্ৰথম স্থান দিয়ে।—ইব্ৰী ১৩:১৬.
২ প্ৰথম শতিকাৰ আৰ্হি: যীচুৱে পৃথিৱীত থকা সময়ছোৱাত যদিও বহুতো উত্তম কৰ্ম্ম কৰিছিল, কিন্তু তেওঁ সত্যতাৰ বিষয়ে সাক্ষী দিয়া কাৰ্য্যকহে প্ৰথম স্থান দিছিল। (লূক ৪:৪৩; যোহ. ১৮:৩৭; পাঁচ. ১০:৩৮) সেয়েহে তেওঁ নিজৰ শিষ্যসকলক এইদৰে আজ্ঞা দি কৈছিল, “এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য . . . কৰা।” (মথি ২৮:১৯, ২০) তদুপৰি তেওঁ কৈছিল যে যিসকলে তেওঁত বিশ্বাস কৰে তেওঁলোকে তেওঁতকৈও অধিক মহৎ কাৰ্য্য কৰিব। (যোহ. ১৪:১২) দৰাচলতে যীচুৱে প্ৰচাৰ কাৰ্য্যকহে প্ৰথম স্থান দিছিল, কিয়নো এই কাৰ্য্যই লোকসকলক উদ্ধাৰৰ পথৰ বিষয়ে শিকাত সহায় কৰে।—যোহ. ১৭:৩.
৩ পাঁচনি পৌলে প্ৰচাৰ কাৰ্য্যক এক ‘কৰিব লগীয়া কৰ্ম্ম’ বুলি উল্লেখ কৰিছিল যাক কেতিয়াও উপেক্ষা কৰিব নোৱাৰি। (১ কৰি. ৯:১৬, ১৭) তেওঁ নিজৰ প্ৰচাৰ কাৰ্য্যক সম্পন্ন কৰিবৰ বাবে স্বইচ্ছাৰে যিকোনো ত্যাগ, যাতনাত সহন বা ক্লেশ ভুগীবলৈও প্ৰস্তুত আছিল। (পাঁচ. ২০:২২-২৪) পাঁচনি পিতৰ আৰু তেওঁৰ সঙ্গীসকলেও একেই মনোবৃত্তি প্ৰকাশ কৰিছিল। তেওঁলোকক কাৰাগাৰত দিয়া আৰু চমতাৰে কবোৱাৰ স্বত্ত্বেও “তেওঁলোকে নিতৌ নিতৌ ধৰ্ম্মধামত আৰু ঘৰে ঘৰে উপদেশ দিবলৈ, আৰু যীচুৱেই সেই খ্ৰীষ্ট বুলি প্ৰচাৰ কৰিবলৈ নেৰিলে।”—পাঁচ. ৫:৪০-৪২.
৪ বৰ্তমান আমাৰ বিষয়ে কি কʼব পাৰি? আমি ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কৰা আৰু শিষ্য বনোৱা কাৰ্য্যক প্ৰথম স্থান দিছোঁনে? যীচুৰ দৰে আমিও “ৰখীয়া নোহোৱা মেৰৰ নিচিনা, দুঃখিত আৰু ক্লান্ত হৈ” পৰা লোকসকলৰ প্ৰতি প্ৰকৃততে চিন্তিত নে? (মথি ৯:৩৬) বৰ্তমানে ঘটা ঘটনা আৰু বাইবেলৰ ভৱিষ্যতবাণীয়ে স্পষ্টকৈ দেখুৱাইছে যে এই দুষ্ট জগতৰ সময় প্ৰায় শেষ হৈছে! এতেকে এই গুৰুত্বৰ পৰিস্থিতিৰ প্ৰতি মনোযোগ দি আঁহক আমি উৎসাহেৰে একেৰাহে প্ৰচাৰ কাৰ্য্যত ভাগ লওঁহঁক।
৫ আপোনাৰ পৰিস্থিতিক বিশ্লেষণ কৰক: যিহেতু ব্যক্তিগত পৰিস্থিতি প্ৰায়ে সলনি হৈ থাকে। গতিকে সময়ে সময়ে আমাৰ পৰিস্থিতিক সাল-সলনি কৰি অধিককৈ প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ বিবেচনা কৰাটো উত্তম হʼব। এগৰাকী ভনীয়ে ৫০, ৬০ আৰু ৭০ বছৰৰ বয়সত নিয়মিত অগ্ৰগামীৰূপে সেৱা কৰিছিল কিন্তু পিছলৈ তাই অসুস্থতাৰ বাবে সেই সেৱা বাতিল কৰিবলগীয়া হয়। যিহেতু সময়ত তাইৰ স্বাস্থ্যৰ উন্নতি হয়। অলপতে তাই নিজৰ পৰিস্থিতিক পুনৰাই নিৰীক্ষণ কৰি সিদ্ধান্ত লয় যে তাই পুনৰাই অগ্ৰগামী সেৱকৰূপে কাৰ্য্য কৰিব পাৰিব। ৯০ বছৰ বয়সত তাই অগ্ৰগামী সেৱা স্কুলত উপস্থিত হʼবলৈ পায় কিমান যে আনন্দিত হʼল! আপোনাৰ বিষয়ে কি? আপুনিও অলপ দিনৰ পিছত চাকৰিৰ পৰা অৱসৰপ্ৰাপ্ত বা কলেজত স্নাতক লাভ কৰিবনে? আপোনাৰ পৰিস্থিতিয়ে আপোনাক অগ্ৰগামী কৰিবলৈ অনুমতি দিবনে?
৬ যেতিয়া যীচুৱে লক্ষ্য কৰিলে যে মাৰ্থাই “অনেক বিষয়ত চিন্তিত আৰু ব্যস্ত হৈ” আছিল তেতিয়া তেওঁ তাইক মৰমেৰে পৰামৰ্শ দি এইদৰে কৈছিল, যদি তাই কাৰ্য্যবোৰক সৰলিকৰণ কৰে, তেনেহʼলে তাই বহুতো আশীৰ্ব্বাদৰ ভাগী হʼব পাৰিব। (লূক ১০:৪০-৪২) আপুনিও নিজৰ জীৱন-প্ৰণালীক সৰল কৰিব পাৰিবনে? স্বামী আৰু স্ত্ৰী দুয়োজনে চাকৰিলৈ যোৱাটো প্ৰকৃততে অতি আৱশ্যকনে? পৰিয়ালটোৱে কেৱল এজনৰ উপাৰ্জনত চলিবলৈ তেওঁলোকৰ জীৱন-যাপনত সাল-সলনি কৰিব পাৰিবনে? বহুতে তেনেধৰণৰ সাল-সলনি কৰি অধিককৈ প্ৰচাৰ কাৰ্য্যত ভাগ লৈ আধ্যাত্মিকৰূপে লাভবান হৈছে।
৭ এতেকে আঁহক আমি সকলোৱে যীচু আৰু তেওঁৰ শিষ্যসকলে ৰখা আৰ্হিক অনুকৰণ কৰোঁহঁক! আমি নিশ্চিত হʼব পাৰোঁ যে যিহোৱাই তেওঁৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰাৰ যি অত্যাৱশ্যকীয় কাৰ্য্যত সম্পূৰ্ণৰূপে ভাগ লʼবলৈ কৰা প্ৰচেষ্টাত অৱশ্যেই আশীৰ্ব্বাদ প্ৰদান কৰিব।—লূক ৯:৫৭-৬২.