আমাৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ কৰ্ম্ম হৈছে খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্য
১ আমাৰ সকলোকে কৰিবলগীয়া আৱশ্যকীয় কৰ্ম্ম আছে। ঘৰখনৰ প্ৰয়োজনীয়তাক পূৰণ কৰাটো এটা ঈশ্বৰীয় আৱশ্যকতা। (১ তীম. ৫:৮) তথাপিও এই ঈশ্বৰীয় আৱশ্যকতা ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যতকৈ অধিক গুৰুত্বপূৰ্ণ নহয়।—মথি ২৪:১৪; ২৮:১৯, ২০.
২ ‘প্ৰথমে তেওঁৰ ৰাজ্য বিচৰাত’ যীচুৱে অনুকৰণ কৰিবলৈ এক সুন্দৰ আৰ্হি প্ৰস্তুত কৰিলে। (মথি ৬:৩৩; ১ পিত. ২:২১) তেওঁৰ ওচৰত যদিও সীমিত ভৌতিক বস্তু আছিল তথাপিও তেওঁ নিজ পিতৃৰ ইচ্ছা পালন কৰিবলৈ সম্পূৰ্ণৰূপে নিবিষ্ট হʼল। (লূক ৪:৪৩; ৯:৫৮; যোহ. ৪:৩৪) তেওঁ সকলো সুযোগতে সাক্ষী দিবলৈ নিজেই প্ৰচেষ্টা কৰিলে। (লূক ২৩:৪৩; ১ তীম. ৬:১৩) তেওঁ নিজৰ শিষ্যসকলকো সেই একেই প্ৰবল আগ্ৰহেৰে শস্য দোৱা কাৰ্য্য কৰিবলৈ উৎসাহিত কৰিলে।—মথি ৯:৩৭, ৩৮.
৩ বৰ্তমান যীচুক অনুকৰণ কৰা: আমি নিজৰ জীৱন-প্ৰণালীক সৰল কৰি খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যত অধিক মনোযোগ দি যীচুৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ। যদি আমাক আৱশ্যক হোৱা সকলোবোৰ আছে, তেন্তে আঁহক আমি বাইবেলৰ পৰামৰ্শক পালন কৰি আমাৰ বাবে অধিক জাগতিক বস্তুৰ প্ৰতি হাবিয়াহ নকৰোঁহঁক। (মথি ৬:১৯, ২০; ১ তীম. ৬:৮) প্ৰচাৰ কাৰ্য্যক বৃদ্ধি কৰিব বিচৰা আৰু তাত ভাগ লোৱাটো কিমান যে এক উত্তম বিষয়! সেয়েহে যদিও আমি কঠিন পৰিস্থিতিৰ সম্মুখীন হওঁ তথাপিও সেইবোৰক শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত বাধা হʼবলৈ নিদি যীচুৱে কৰাৰ দৰে নিজেই প্ৰচেষ্টা কৰোঁহঁক।—লূক ৮:১৪; ৯:৫৯-৬২.
৪ তদুপৰি যিসকলে বহুতো দায়িত্ব বহন কৰিবলগীয়া হৈছে, তেওঁলোকেও যেন প্ৰচাৰ কাৰ্য্যক অধিক গুৰুত্ব দিয়ে। এখন মণ্ডলীৰ প্ৰাচীন, যিজনৰ দায়ীত্বপূৰ্ণ চাকৰি আৰু ডাঙৰ পৰিয়ালক চোৱা-চিতা কৰাৰো দায়িত্ব আছে, তেওঁ এইদৰে কয়: “পৰিচৰ্য্যা কাৰ্য্যক মই মোৰ পেছা হিচাবে লক্ষ্য কৰোঁ।” এগৰাকী অগ্ৰগামী ভনীয়ে এইদৰে কয়: “অগ্ৰগামী সেৱা কাৰ্য্য কোনো লাভপ্ৰদ চাকৰিতকৈ অধিক বহুমূলীয়া।”
৫ আমাৰ পৰিস্থিতি যিয়েই নহওঁক কিয়, আঁহক আমি যীচুৰ আৰ্হিক নিবিড়ভাৱে অনুকৰণ কৰোঁহঁক। কিন্তু কেনেকৈ? খ্ৰীষ্টান পৰিচৰ্য্যাক আমাৰ এক গুৰুত্বপূৰ্ণ কৰ্ম্মৰূপে কৰাৰ দ্বাৰা আমি অনুকৰণ কৰিব পাৰোঁ।