প্ৰচাৰ কাৰ্য্যত বাধা উৎপন্ন হৈছেনে?
১ বৰ্তমান সময়ত প্ৰত্যেকজন ব্যক্তিয়ে ব্যস্তভাবে জীৱন নিৰ্বাহ কৰিছে। কিন্তু সকলোতকৈ ব্যস্ত জীৱন নিৰ্বাহ কৰা ব্যক্তিসকল হৈছে যিহোৱাৰ সাক্ষীসকল। তেওঁলোকে ঈশ্বৰৰ বাক্যক অধ্যয়ন, মণ্ডলীৰ সভাসমূহত উপস্থিত আৰু প্ৰচাৰ কাৰ্য্যত ভাগ লয়। তদুপৰি, তেওঁলোকে চাকৰি, ঘৰখনক চোৱা-চিতা, স্কুলত কৰিবলৈ দিয়া কাৰ্য্য আৰু আন আন দায়িত্বসমূহক পালন কৰাত সময় অতিবাহিত কৰে। প্ৰকৃততে এনে কৰাটো পৰিয়ালৰ মুখীয়ালজনৰ বাবে সহজ নহয়।
২ কিয়নো বিভিন্ন ঠাইত ঘৰখন চলাবলৈ অধিক আৰ্থিক আৱশ্যক হোৱাৰ বাবে পৰিয়ালৰ মুখীয়ালজনে অধিক সময় অতিবাহিত কৰি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। যেতিয়া চাকৰিৰ বাবে তেওঁলোকে অধিক সময় আৰু শক্তি ব্যয় কৰিবলগীয়া হয়, তেওঁলোকে নিশ্চয়ে প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰিবলৈ বহু কম সময় পায়। দৰাচলতে তেওঁলোকৰ ওপৰত নিজৰ পৰিয়ালটোক ভৌতিকৰূপে চোৱা-চিতা কৰাৰ দায়িত্ব থকাৰ বাবে প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰিবলৈ সীমিত সময় পায়। (১ তীম. ৫:৮) এইটো সঁচা যে বৰ্তমান সময়ত জীৱনটোৰ আৱশ্যকতাক পূৰণ কৰিবলৈ বহুতো হেঁচাৰ সম্মুখীন হʼবলগীয়া হয়। কিন্তু তথপিও, আমাৰ চাকৰিক প্ৰচাৰ কাৰ্য্যত বাধা উৎপন্ন কৰিবলৈ দিয়াটো উচিত নহয়। (মাৰ্ক ১৩:১০) এই সম্পৰ্কে আমাৰ প্ৰকৃত অৱস্থাক নিৰীক্ষণ কৰাটো উত্তম হʼব।
৩ এই জগতখন সঘনাই পৰিৱৰ্তন হৈ আছে, সেইবাবে এজন পৰিয়ালৰ মুখীয়ালে হয়তো অকস্মাৎ হোৱা কোনো সংকটৰ পূৰ্বেই আৰ্থিকৰূপে শক্তিশালী কৰিবলৈ চাকৰীত অধিক সময় অতিবাহিত কৰিবলগীয়া হয়। (১ কৰি. ৭:৩১) কিন্তু পৰিয়ালক অধিক আমোদ-প্ৰমোদ দি আনন্দিত কৰিবলৈ চাকৰীত যদি অতিৰিক্ত সময় আৰু পৰিশ্ৰম কৰা হয়, তেনেহʼলে আধ্যাত্মিক বিষয়সমূহত আৰু নিয়মীয়াকৈ সভাবোৰত উপস্থিত হʼব নোৱাৰিব। গতিকে তেনে কাৰ্য্য কৰাৰ যোগেদি বাস্তৱতে পৰিয়ালটোক আনন্দিত কৰিব পাৰিবনে? আমি নিশ্চয়ে এনেবোৰ বিষয়ৰ পৰা আঁতৰি থকা আৱশ্যক যিহে আমাৰ আধ্যাত্মিক বিষয়বোৰত বাধা উৎপন্ন কৰে। এই বিষয়ে যীচুৱে পৰামৰ্শ দি কৈছিল যে আমি ‘স্বৰ্গত ধন সাঁচি’ আৰু “ঈশ্বৰলৈ ধনবান” হোৱাতো বুদ্ধিমানৰ কাৰ্য্য হʼব।—মথি ৬:১৯-২১; লূক ১২:১৫-২১.
৪ সৰ্ব্বপ্ৰথমে ঈশ্বৰৰ ৰাজ্যক বিচাৰা: যীচুৱে তেওৰ অনুগামীসকলক আধ্যাত্মিক বিষয়বোৰত সকলোতকৈ প্ৰথম স্থান দিবলৈ শিকাইছিল। সেয়েহে যীচুৱে তেওঁলোকক এইদৰে কৈছিল: “কি খাম কি পান কৰিম? বা কি পিন্ধিম? এই বুলি চিন্তা নকৰিবা।” তেওঁ কিয় তেনেকৈ কৈছিল? যীচুৱে বৰ্ণনা কৰি কৈছিল যে: “এই সকলোবোৰৰ যে তোমালোকৰ প্ৰয়োজন, তাক তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে।” যদি আমি এইবোৰ বিশ্বাস কৰোঁ তেনেহʼলে যীচুৱে কোৱা পৰামৰ্শক পালন কৰিবলৈ একোৱেই বাধা জন্মাব নোৱাৰে। তেওঁ এইদৰে কৈছিল: “তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা; তাতে এই সকলোও তোমালোকক দিয়া হব।।” ঈশ্বৰে অৱশ্যেই আমাৰ প্ৰয়োজনীয়তাক পূৰণ কৰিব! (মথি ৬:৩১-৩৩) স্পষ্টৰূপে, আমাৰ জীৱনত হোৱা অনৰ্থক চিন্তাধাৰা বা এই সংসাৰত অধিক আমোদভাৱে কৰা জীৱন-যাপনে আমাৰ আধ্যাত্মিক কাৰ্য্যত বাধা উৎপন্ন কৰিবলৈ দিয়া উচিত নহয়, কিয়নো এই জগতৰ অভিলাষ অতি সোনাকালে গুচি যাব।—১ পিত. ৫:৭; ১ যোহ. ২:১৫-১৭.
৫ এজনে চাকৰী কৰাৰ মুখ্য উদ্দেশ্য হৈছে, তেওঁৰ আৱশ্যকতাক পূৰণ কৰা। কিন্তু আমাক কিমান আৱশ্যক? এই সন্দৰ্ভত পাঁচনি পৌলে এইদৰে লিখিছিল: “আমাৰ অন্ন-বস্ত্ৰ থাকিলে, তাৰেই আমি সন্তুষ্ট হৈ থাকিম।” আমি ইয়াতকৈ অধিক লাভ কৰিব বিচাৰোঁনে? যদি বিচাৰোঁ, তেনেহʼলে আমি ভুগীবলগীয়া পৰিণামৰ বিষয়ে সতৰ্ক কৰি পৌলে এইদৰে কৈছিল: “যি বিলাকে ধনৱন্ত হবলৈ ইচ্ছা কৰে, তেওঁবিলাক পৰীক্ষা আৰু ফান্দত, আৰু অজ্ঞান আৰু হানিজনক অভিলাষত পৰে; সেইবোৰ এনেকুৱা যে, মানুহবিলাকক সংহাৰত আৰু সৰ্ব্বনাশত মগ্ন কৰে।” (১ তীম. ৬:৮, ৯; মথি ৬:২৪; লূক ১৪:৩৩) আমি কেনেকৈ কʼব পাৰোঁ যে আমি অত্যাধিক আকাংক্ষাৰ দ্বাৰা বাধাগ্ৰস্ত হৈ পৰিছোঁ?
৬ যদি আমি প্ৰচাৰ কাৰ্য্যত বহু কমসময় অতিবাহিত কৰিছোঁ বা শুভবাৰ্ত্তা প্ৰচাৰৰ বাবে কোনো প্ৰয়োজনীয়তাক ত্যাগ কৰাৰ আৱশ্যক হৈছে, তেনেহʼলে আমি কোনো পলম নকৰাকৈ আৱশ্যকীয় সাল-সলনি কৰাটো উত্তম হʼব। (ইব্ৰী ১৩:১৫, ১৬) সৰলভাৱে কৰা জীৱন-যাপনে আমাৰ প্ৰচাৰ কাৰ্য্যত অহা বাধাবোৰক আঁতৰ কৰাত সহায় কৰিব। যেতিয়া অধিক সময় আৰু শক্তি ব্যৱহাৰ কৰাৰ প্ৰশ্ন আহে তেতিয়া আমি ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া আৱশ্যক।
৭ আমাৰ পৰিশ্ৰম ব্যৰ্থ নহয়: পাঁচনি পৌলে আমাক উৎসাহিত কৰি কৈছিল যে, “প্ৰভুত তোমালোকৰ পৰিশ্ৰম যে ব্যৰ্থ নহয়, ইয়াকে জানি, তোমালোক থিৰ আৰু অলৰ হৈ, প্ৰভুৰ কাৰ্য্যত সদায় উপচি পৰা।” (১ কৰি. ১৫:৫৮) গতিকে ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰা আৰু শিষ্য বনোৱাটো হৈছে ‘প্ৰভুৰ কাৰ্য্যৰ’ এটা মুখ্য ভাগ। (মথি ২৪:১৪; ২৮:১৯, ২০) সেয়েহে প্ৰত্যেক সপ্তাহে যিমান সম্ভৱ প্ৰচাৰ কাৰ্য্যত সম্পূৰ্ণৰূপে ভাগ লোৱা আৱশ্যক আৰু সেই সময়ত আন আন কাৰ্য্য কৰাৰ পৰা বিৰত থাকক। (ইফি. ৫:১৫-১৭) তেতিয়াহে চাকৰীয়েই হওঁক বা আন আন কাৰ্য্যসমূহেও আমাৰ প্ৰচাৰ কাৰ্য্যত বাধা উৎপন্ন কৰিব নোৱাৰিব।
৮ যেতিয়া আমি আনক বাইবেলৰ সত্যৰ বিষয়ে কওঁ তেতিয়া আমি দান কৰাৰ দ্বাৰা অধিক আনন্দিত হʼব পাৰিম। (পাঁচ. ২০:৩৫) আমি ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্য কৰাৰ যোগেদি ভৱিষ্যতে পাবলগীয়া আশীৰ্ব্বাদৰ প্ৰতি নিশ্চিত হʼব পাৰিম, কিয়নো ‘আমি দেখুউৱা প্ৰেম আৰু আমাৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্ম্মিক নহয়।’—ইব্ৰী ৬:১০.