পৰিচৰ্য্যা সভাৰ তালিকা
জুন ৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৮১
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শৰ অনুসাৰে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰি দেখুৱাউক যে কেনেকৈ জুন ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া প্ৰথমটো উপস্থাপন ব্যৱহাৰ কৰক) আৰু জুন ২২ সচেতন! আলোচনী দিব পাৰে। প্ৰত্যেকটো উপস্থাপনত যদিও এখন আলোচনীৰ বিষয়ে প্ৰদৰ্শন কৰে তথাপিও দুয়োখন আলোচনী গৃহস্থক দিয়ক। প্ৰত্যেকটো উপস্থাপনত এটাকৈ শাস্ত্ৰীয় পদ ব্যৱহাৰ কৰক।
১৫ মি: “আমাৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ কৰ্ম্ম হৈছে—খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্য।”a মণ্ডলীত থকা ডেকা ব্যক্তিসকলক পূৰ্ণ সময়ৰ সেৱা কাৰ্য্যত জড়িত হৈ লাভ কৰা আশীৰ্ব্বাদসমূহৰ বিষয়ে বিবেচনা কৰিবলৈ উৎসাহিত কৰক। নবেম্বৰ ১, ২০০০ চনৰ প্ৰহৰীবুৰুজ ১৯-২০ পৃষ্ঠাত দিয়া উপশিতানৰ মন্তব্যসমূহ সন্মিলিত কৰক।
২০ মি: “অৱসৰপ্ৰাপ্তই কাৰ্য্যসাধক দুৱাৰ মুকলি কৰেনে?”b যদি সম্ভৱ হয় তেনেহʼলে এনে এজন প্ৰকাশকৰ সাক্ষাতকাৰ গ্ৰহণ কৰক যিজনে চাকৰিৰ পৰা অৱসৰপ্ৰাপ্ত অৱস্থাত অধিককৈ যিহোৱাৰ সেৱা কৰিছে। তেওঁক সোধক যে তাৰ বাবে কেনেধৰণৰ সাল-সলনি কৰিব লগা হৈছে আৰু তেওঁ কেনে আশীৰ্ব্বাদসমূহ লাভ কৰিছে।
গীত ১৯০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুন ১৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৫৫
৮ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।
৩৭ মি: যেতিয়া আমাৰ কাৰ্য্যক ভুল দৃষ্টিৰে চোৱা হয়। শাখা কাৰ্য্যালয়ে পঠোৱা পৰিলেখৰ ওপৰত আধাৰিত কৰি এজন উপযুক্ত প্ৰাচীনে এই ভাগটোক ভাষণৰ দ্বাৰা প্ৰস্তুত কৰে।
গীত ১৩১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুন ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৯৫
১০ মি: স্থানীয় ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শৰ অনুসাৰে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰি দেখুৱাউক যে কেনেকৈ জুন ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া তৃতীয়টো উপস্থাপন ব্যৱহাৰ কৰক) আৰু জুলাই ৮ সচেতন! আলোচনী দিব পাৰে। প্ৰত্যেকটো উপস্থাপনত যদিও এখন আলোচনীৰ বিষয়ে প্ৰদৰ্শন কৰে তথাপিও দুয়োখন আলোচনী গৃহস্থক দিয়ক। এটা উপস্থাপনত প্ৰকাশকে ৰাস্তাত সাক্ষী দিয়াটো প্ৰদৰ্শন কৰি দেখুৱাউক।
২০ মি: “‘সম্পূৰ্ণকৈ সাক্ষী’ দিবলৈ পৰিশ্ৰমী হওক।”c উল্লেখ কৰা প্ৰশ্নসমূহ ব্যৱহাৰ কৰক। ৫ আৰু ৬ অনুচ্ছেদ আলোচনা কৰাৰ পিছত, বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? নামৰ ট্ৰেক্টখন ব্যৱহাৰ কৰি অনিয়মিতৰূপে সাক্ষী দিয়াৰ এক চমু উপস্থাপন প্ৰস্তুত কৰক। ৭ আৰু ৮ অনুচ্ছেদৰ পৰা আলোচনা কৰাৰ পূৰ্বেই সেই অনুচ্ছেদবোৰক উচ্চস্বৰত পঢ়াৰ ব্যৱস্থা কৰক। শেষত “তেওঁলোকক কেতিয়াও পাহৰি যোৱা উচিত নহয়!” নামৰ বক্সটো পঢ়ি আলোচনা কৰি সমাপ্তি কৰক।
১৫ মি: “পৰিৱৰ্তনশীল জগতত কৰা প্ৰচাৰ কাৰ্য্য।”d লেখটোৰ ২-৩ অনুচ্ছেদটো আলোচনা কৰাৰ সময়ত শ্ৰোতাসকলক সোধক যে কথোপকথন আৰম্ভ কৰিবলৈ তেওঁলোকে স্থানীয় এলেকাত ঘটি থকা কেনে ঘটনাবোৰক ব্যৱহাৰ কৰিব পাৰে। ৪ নম্বৰ অনুচ্ছেদটো আলোচনা কৰাৰ সময়ত শ্ৰোতাসকলে উল্লেখ কৰা যিকোনো এটা ঘটনাক ব্যৱহাৰ কৰি চমুকৈ এটা উপস্থাপন প্ৰস্তুত কৰক।
গীত ১৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুন ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৩
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰকাশকক জুন মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। জুলাই আৰু আগষ্ট মাহত বিতৰণ কৰিবলগীয়া প্ৰকাশনৰ বিষয়ে উল্লেখ কৰক। মণ্ডলীৰ ষ্টকত থকা দুখন ব্ৰচাৰৰ আলোকপাত কৰক। প্ৰচাৰ কাৰ্য্যত সেইবোৰক কেনেকৈ বিতৰণ কৰিব পাৰি, সেই বিষয়ে উত্তমভাৱে তৈয়াৰ কৰা এটা উপস্থাপন প্ৰস্তুত কৰক। পৰামৰ্শৰ বাবে জুলাই ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৮ পৃষ্ঠাত চাওক। অতিৰিক্ত পৰামৰ্শৰ বাবে ওৱাচ্ টাৱাৰ পাব্লিকেশ্নচ্ ইনডেক্সʼত “প্ৰেজেন্টেইশ্ব্যনচ্” অন্তৰ্গত থকা “লিষ্ট বাই পাব্লিকেশ্বন” নামৰ উপশিতানটো চাওক।
১৫ মি: নিৰুৎসাহী সকলক কেনেকৈ সহায় কৰিব পাৰি? নবেম্বৰ ১৫, ১৯৯৯ চনৰ প্ৰহৰীবুৰুজ আলোচনীৰ ২৮-৯ পৃষ্ঠাত দিয়া “উত্তম মনোবৃত্তি বজাই ৰখা” নামৰ উপশিতানটোৰ ওপৰত আধাৰিত কৰি এটা ভাষণ আৰু শ্ৰোতাসকলৰ আলোচনাৰূপে প্ৰস্তুত কৰক। আধ্যাত্মিক উপদেশবোৰৰ সৈতে কিছুমান ব্যৱহাৰিক পৰামৰ্শৰ বিষয়েও আলোচনা কৰক। প্ৰচাৰ কাৰ্য্যত কিহে আনন্দিত আৰু সুখী হʼবলৈ সহায় কৰিছে এই বিষয়ে কʼবলৈ আগতীয়াকৈ এজন বা দুজন প্ৰকাশকৰ ব্যৱস্থা কৰক।
২০ মি: ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ তেওঁৰ বাক্যক কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰক। এই ভাগটো সেৱা অধ্যক্ষই শ্ৰোতাসকলৰ সৈতে আলোচনা কৰে। আমাৰ পৰিচৰ্য্যাত লগ পোৱা সকলো ব্যক্তিকৰ আগত আমি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে উন্নতিসাধক শাস্ত্ৰীয় বিচাৰধাৰা দাঙি ধৰিবলৈ প্ৰচেষ্টা কৰোঁ। সেয়েহে ইয়াৰ বাবে আমি বাইবেলখন কেৱল পঢ়াতকৈ অধিক কিছু কৰা আৱশ্যক। আমি বাইবেলৰ পৰা বিষয়বোৰক বৰ্ণনা, দৃষ্টান্ত আৰু ব্যৱহাৰ কৰা প্ৰয়োজন। কেনেকৈ তেনে কৰিব পাৰি, সেই বিষয়ে ৰীজনিং কিতাপৰ ১৫৪-১৫৫ পৃষ্ঠাত হেলনীয়া আখৰত দিয়া “মানৱীয় শাসকসকলে মানুষ্যজাতিৰ আৱশ্যকতাবোৰ পূৰণ কৰিব পৰা নাই” নামৰ উপশিতানটোত থকা কিছুমান শাস্ত্ৰীয় পদক উদাহৰণৰূপে ব্যৱহাৰ কৰক। আলোচনাৰ পিছত ভালকৈ তৈয়াৰ কৰা উপস্থাপনৰ যোগেদি এজন প্ৰকাশকে দেখুৱাই যে পুনৰ সাক্ষাতৰ সময়ত কাৰ্য্যকাৰীৰূপে শাস্ত্ৰীয় পদ ব্যৱহাৰ কৰি চমু বৰ্ণনা, সহজ দৃষ্টান্ত আৰু সংক্ষিপ্ত অনুপ্ৰয়োগৰে ব্যাখ্যা কৰি গৃহস্থক বুজাই দিয়া হয় যে তেওঁ কেনেকৈ ব্যক্তিগতভাৱে ঈশ্বৰৰ ৰাজ্যৰ পৰা লাভৱান হʼব পাৰে। উপস্থাপন প্ৰস্তুত কৰাৰ আৰম্ভণিতে প্ৰকাশকজনে এটা শাস্ত্ৰীয় পদ পঢ়ে। উপস্থাপন প্ৰস্তুত কৰাৰ পিছত উল্লেখ কৰা শাস্ত্ৰীয় পদৰ বৰ্ণনা, দৃষ্টান্ত আৰু অনুপ্ৰয়োগতাক চমুকৈ পুনৰ আবৃতি কৰক। সকলোকে ঈশ্বৰৰ বাক্যক কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰিবলৈ থকা পাৰগতাক উন্নত কৰিবলৈ উৎসাহিত কৰক।
গীত ১৭১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুলাই ৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৬৫
৫ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: স্থানীয় অভিজ্ঞতাসমূহ। স্থানীয় প্ৰকাশকসকলে (১) অন্য ভাষা কোৱা লোকসকলক সাক্ষী দিয়া বা (২) ঘৰে-ঘৰে কৰাৰ উপৰিও ৰাস্তাত সাক্ষী দিয়া কাৰ্য্যত হোৱা অভিজ্ঞতাবোৰ বৰ্ণনা অথবা অভিনয় কৰি দেখুৱাউক। সকলো জাতিৰ বাবে শুভবাৰ্ত্তা নামৰ সৰু কিতাপখন উত্তমভাৱে ব্যৱহাৰ কৰিবলৈ সকলোকে উৎসাহিত কৰক আৰু অনুগ্ৰহ কৰি পশ্চাদগামী কাৰ্য্য ফৰ্ম (S-43) ব্যৱহাৰ কৰি অন্য ভাষা কোৱা লোকসকলক সাক্ষাৎ কৰক।—জুলাই ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ১ পৃষ্ঠাত চাওক।
২৫ মি: “সকলোকে ঈশ্বৰৰ নামটোৰ বিষয়ে জনাওক।”e লেখটোত উল্লেখ কৰা প্ৰশ্নবোৰ ব্যৱহাৰ কৰক। যেতিয়া ৪ অনুচ্ছেদ আলচনা কৰা হয় তেতিয়া প্ৰক্লেইমাৰ কিতাপৰ ১২৪ পৃষ্ঠাত দিয়া “সকলোকে ঈশ্বৰৰ নামটোৰ বিষয়ে জনাওক” নামৰ বক্সটোৰ পৰা মন্তব্য সন্মিলিত কৰক। এজন উপযুক্ত প্ৰকাশৰ দ্বাৰা পুনৰ সাক্ষাতৰ প্ৰদৰ্শন প্ৰস্তুত কৰক। প্ৰকাশকজনে ৰীজনিং কিতাপৰ ১৯৬-৭ পৃষ্ঠাত দিয়া দুটা বা তিনিটা শাস্ত্ৰীয় পদৰ উদাহৰণ দাঙি ধৰি বৰ্ণনা কৰি দেখুৱাই যে ব্যক্তিগতভাৱে ঈশ্বৰৰ ব্যক্তিগত নাম জনাটো কিয় ইমান গুৰুত্বপূৰ্ণ।
গীত ১৯৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
e এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।