ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/৯৯ পৃষ্ঠা ১
  • পিতৃ-মাতৃসকল—নিজৰ সন্তানৰ বাবে এক ভাল উদাহৰণ ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পিতৃ-মাতৃসকল—নিজৰ সন্তানৰ বাবে এক ভাল উদাহৰণ ৰাখক
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আধ্যাত্মিকৰূপে এক শক্তিশালী পৰিয়াল গঢ়ি তোলক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • সজ আচৰণ হৈছে ঈশ্বৰীয় লোকৰ এক উল্লেখনীয় গুণ
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • পিতৃ-মাতৃসকল—লʼৰা-ছোৱালীক যিহোৱাক প্ৰেম কৰিবলৈ শিকাওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • পিতৃ-মাতৃৰ উদাহৰণে সন্তানক কি শিক্ষা দিয়ে?
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
আৰু চাওক
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/৯৯ পৃষ্ঠা ১

পিতৃ-মাতৃসকল—নিজৰ সন্তানৰ বাবে এক ভাল উদাহৰণ ৰাখক

১ ঈশ্বৰৰ বাক্যই আমাক কয় যে “ধাৰ্ম্মিকৰ পিতৃ অতিশয় উল্লাসিত হয়, আৰু জ্ঞানী পুত্ৰৰ জন্মদাতাই তাৰ কাৰণে আনন্দ কৰে।” (হিতো. ২৩:২৪, ৫) পিতৃ-মাতৃসকলৰ বাবে কিযে মহান আৰ্শীব্বাদ যিসকলে নিজৰ সন্তানৰ বাবে এটা ভাল উদাহৰণ ৰাখে! এজন শাখা সমিতিৰ সদস্যই তেওঁৰ পিতৃ-মাতৃৰ বিষয়ে এইদৰে কয়: “তেওঁলোকৰ জীৱন সত্যৰ ওপৰত কেন্দ্ৰিত আছিল, আৰু ময়ো গোটেই জীৱন এনে সত্যৰে কেন্দ্ৰিত কৰিব বিচাৰো।” সন্তানসকলে তেওঁলোকৰ পিতৃ-মাতৃৰ কেনেধৰণৰ গুণসমূহ লক্ষ্য কৰা আৱশ্যক?

২ ভাল ব্যৱহাৰ আৰু গভীৰ সন্মান: লৰা-ছোৱলীক সম্পূৰ্ণৰূপে মানসিক চাৰিত্ৰিক বৈশিষ্ট গুণৰে গঢ় দিয়াটো পিতৃ-মাতৃৰ দায়ীত্ব। মাত্ৰ মৌখিক উপদেশৰ পৰা নহয়, কিন্তু পৰ্য্যবেক্ষণ আৰু অনুকৰণৰ দ্বাৰা ভাল ব্যৱহাৰ শিকিব পাৰে। সেইবাবে আপুনি কেনেধৰণৰ ব্যৱহাৰ প্ৰদৰ্শিত কৰে? “মোক ক্ষমা কৰা,” “অনুগ্ৰহ কৰি,” আৰু “ধন্যবাদ” এইবোৰ শব্দ আপোনাৰ সন্তানে কোৱা শুনিছেনে? পৰিয়ালত, আপুনি এজনে আনজনক গভীৰ সন্মান কৰেনে? যেতিয়া অন্য ব্যক্তিয়ে কথা পাতে আপুনি মনোযোগ দিয়েনে? যেতিয়া আপোনাৰ লৰা-ছোৱালীয়ে আপোনাৰ সৈতে কথা-বতৰা পাতে তেতিয়া আপুনি মনোযোগেৰে শুনেনে? এই ভাল চাৰিত্ৰিক বৈশিষ্টবোৰ ৰাজ্যগৃহ আৰু ঘৰৰ নিঃসঙ্গতাত প্ৰদৰ্শিত হয়নে?

৩ আধ্যাত্মিকত শক্তিশালী আৰু পৰিচৰ্য্যাত উৎসাহী: ৫০তকৈ অধিক বছৰ পূৰ্ণ সেৱা কাৰ্য্যত ব্যয় কৰা এজন ভায়ে স্মৰণৰ কৰে: “মোৰ পিতৃ আৰু মাতৃয়ে সভাৰ বাবে প্ৰশংসনীয়তা আৰু তেওঁলোকৰ পৰিচৰ্য্যা কাৰ্য্যৰ বাবে উৎসাহীতাৰ এক সুন্দৰ উদাহৰণ ৰাখিলে।” আপুনি আপোনাৰ লৰা-ছোৱালীক কেনেকৈ দেখুৱাব যে ঘৰত থকা সকলো ব্যক্তিৰ আধ্যাত্মিকতাৰ প্ৰতি আপুনি চিন্তিত? আপুনি একেলগে দৈনিক পাঠ আলোচনা কৰেনে? আপোনাৰ নিয়মিত পৰিয়াল অধ্যয়ন আছেনে? আপোনাৰ লৰা-ছোৱালীয়ে আপুনি বাইবেল পঢ়া আৰু সংস্থাৰ কিতাপবোৰ পঢ়া দেখিছেনে? যেতিয়া আপুনি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰে তেতিয়া তেওঁলোকে কেনেধৰণেৰে শুনে? আপুনি আপোনাৰ লৰা-ছোৱালীৰ সৈতে সত্যৰ আৰু মণ্ডলীৰ যথাৰ্থ বিষয়ৰ সমন্ধে আলোচনা কৰি তেওঁলোকৰ আধ্যাত্মিক উন্নতিৰ হকে লাগি থাকেনে? আপুনি আপোনাৰ পৰিয়ালৰ সৈতে প্ৰত্যেকখন সভাত উপস্থিত হবলৈ আৰু পৰিচৰ্য্যা কাৰ্য্যত ভাগ লবলৈ আগ্ৰহীনে?

৪ পিতৃ-মাতৃসকল, আপোনালোকৰ ভাল উদাহৰণ আপোনাৰ সন্তানৰ ওপৰত প্ৰতিফলিত হয়। ইয়াক এক উত্তমৰূপে প্ৰস্তুত কৰক যাতে তেওঁলোকে ইয়াক তেওঁলোকৰ গোটেই জীৱনত সঞ্চিত ধনৰ দৰে মূল্য দিব পাৰে। এজন ভ্ৰমণ ওভাৰচিয়াৰৰ স্ত্ৰী, যিগৰাকীৰ বয়স এতিয়া ৭০ বছৰতকৈ অধিক, তাই কʼলে: “মই এতিয়াও মোৰ মৰমীয়াল খ্ৰীষ্টান পিতৃ-মাতৃৰ ভাল উদাহৰণৰ পৰা লাভৱান হৈ আছো। আৰু এইটো মোৰ আন্তৰিক প্ৰাৰ্থনা যে মোৰ গোটেই জীৱনত ইয়াক ভালদৰে ব্যৱহাৰ কৰাৰ দ্বাৰা এই পৰম্পৰাক সম্পূৰ্ণৰূপে প্ৰশংসনীয় কৰিম।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক