সজ আচৰণ হৈছে ঈশ্বৰীয় লোকৰ এক উল্লেখনীয় গুণ
১ বৰ্তমান সময়ত লোকসকলৰ মাজত বহু কম পৰিমাণে সজ আচৰণ দেখিবলৈ পোৱা যায়। কিয় তেনে হৈছে? কিয়নো লোকসকলে ইমানেই ব্যস্ত যে তেওঁলোকে কাচিতহে “অনুগ্ৰহ কৰি,” “ধন্যবাদ,” বা “ক্ষমা কৰিব,” বুলি শব্দ ব্যৱহাৰ কৰি শিষ্টতা দেখুৱায়। নৈতিকতাত অৱনতি হোৱাৰ বিষয়ে ঈশ্বৰৰ বাক্যই পূৰ্বতেই ভৱিষ্যতবাণী কৰিছিল যে শেষ কালত মানুহবিলাকে ‘নিজকে প্ৰীতি কৰোঁতা, দৰ্পী, অহঙ্কাৰী, উপকাৰ নমনা, স্নেহহীন, নিৰ্দ্দয়, অপবাদক, ইনন্দ্ৰিয় দমন নকৰা, প্ৰচণ্ড, সাধুক ঘিণাওঁতা’ হʼব। (২ তীম. ৩:১-৪) এই সকলোবোৰ গুণে বেয়া আচৰণ উৎপন্ন কৰে। সত্য খ্ৰীষ্টানসকল ঈশ্বৰৰ লোক হোৱাৰ বাবে এই জগতে বিকাশিত কৰা বেয়া গুণ, যি আনক কোনো সন্মান নকৰাৰ পৰা বিৰত থকা আৱশ্যক।
২ সজ আচৰণসমূহ কি কি? সজ আচৰণক এইদৰে বৰ্ণনা কৰিব পাৰি, ই হৈছে এনে গুণ যিয়ে আনৰ অনুভূতিৰ বিষয়ে বিবেচনা কৰে আৰু আনৰ সৈতে শান্তিত থাকিবলৈ সহায় কৰে। সজ আচৰণৰ গুণবোৰ হৈছে, সুবিবেচক, সতৰ্কতা, দয়াবান, শিষ্টাচাৰ, আৰু কৌশলপূৰ্ণ। এই গুণসমূহৰ মূল উৎস হৈছে ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি থকা প্ৰেম। (লূক ১০:২৭) এই গুণসমূহে কোনো ক্ষতি সাধন নকৰে, কিন্তু আনৰ সৈতে আচৰণ কৰোঁতে এক মূল্যবান আৱদান আগবঢ়ায়।
৩ এই সন্দৰ্ভত যীচুৱে এক উত্তম আৰ্হি ৰাখিলে। কিয়নো তেওঁ সদায়ে সোণালী নিয়মৰ পালন কৰিছিল। যʼত এইদৰে কোৱা হৈছিল: “তোমালোকক যেনে ব্যৱহাৰ কৰিলে ভালপোৱা তোমালোকেও তেওঁবিলাকক তেনে ব্যৱহাৰ কৰা।” (লূক ৬:৩১) যীচুৱে তেওঁৰ শিষ্যসকলৰ সৈতে সুবিবেচক আৰু দয়াবানেৰে আচৰণ কৰা দেখিবলৈ পাই আমি আঁচৰিত নহওঁনে? (মথি ১১:২৮-৩০) যীচুৱে প্ৰকাশ কৰা সজ আচৰণ, কোনো আচাৰ-ব্যৱহাৰৰ বিষয়ে লিখা কিতাপৰ ওপৰত আধাৰিত নাছিল। সেই গুণসমূহ অকপট আৰু উদাৰভাৱে তেওঁৰ হৃদয়ৰ পৰা প্ৰকাশ পাইছিল। সেইবাবে আমিও তেওঁৰ উত্তম আৰ্হিক অনুকৰণ কৰা উচিত।
৪ খ্ৰীষ্টানসকলে কেতিয়া সজ আচৰণ দেখুৱা আৱশ্যক? কেৱল যেতিয়া আনক বিশ্বাস জন্মাব বিচাৰে মাত্ৰ তেতিয়াহে সজ আচৰণ দেখুৱা আৱশ্যকনে? অথবা কেৱল আনক প্ৰভাৱিত কৰিবৰ চেষ্টাৰে সজ আচৰণ দেখুৱা উচিত নে? নিশ্চয়ে নহয়! আমি খ্ৰীষ্টান হোৱাৰ হেতুকে সকলো সময়তে সজ আচৰণ দেখুৱা প্ৰয়োজন। গতিকে এজন ব্যক্তিয়ে আনজন অৰ্থাৎ মণ্ডলীৰ ভাই-ভনীসকলৰ লগত সঙ্গতি কৰোঁতে তেওঁলোকৰ প্ৰতি কিদৰে বিবেচনাশীল হোৱা উচিত?
৫ ৰাজ্যগৃহত সজ আচৰণ দেখুৱা: ৰাজ্যগৃহ হৈছে আমাৰ উপাসনাৰ কেন্দ্ৰ। যিহোৱাই আমাৰ সকলোকে ৰাজ্যগৃহত আমন্ত্ৰণ কৰিছে। এই অৰ্থত আমি হৈছোঁ যিহোৱাৰ অতিথি। (গীত. ১৫:১) এতেকে আমি যেতিয়া ৰাজ্যগৃহত উপস্থিত হওঁ, তেতিয়া আমি এক উত্তম অতিথি হিচাপে আচৰণ কৰোঁনে? যিহেতু আমি অধিক অলংকাৰ-পাতিৰে ভূষিত বা একেবাৰে আধুনিক সাজ-পোচাক পৰিধান নকৰোঁ। কিন্তু তথাপিও আমি আমাৰ সাজ-পোচাকৰ প্ৰতি মনোযোগ দিওঁনে? যিহোৱাৰ লোকসকলে অধিবেশনতেই হওঁক বা ৰাজ্যগৃহৰ সপ্তাহিক সভাতেই উপস্থিত নহওঁক কিয়, সকলোকে লক্ষ্য কৰা হৈছে যে তেওঁলোকৰ সাজ-পোচাক আৰু আচৰণে ঈশ্বৰক উপাসনা কৰিবলৈ বিচৰা আগ্ৰহী লোকৰ বাবে লাভজনক প্ৰমাণিত হৈছে। (১ তীম. ২:৯, ১০) এনে সাজ-পোচাক আৰু আচৰণৰ দ্বাৰা আমি অতিথি সৎকাৰ দেখুৱা স্বৰ্গীয় পিতৃ যিহোৱা আৰু আমন্ত্ৰিত হোৱা আন অতিথিসকলৰ প্ৰতি বিবেচনাশীল ব্যক্তি হিচাপে প্ৰকাশ কৰোঁ।
৬ সভাত সময়মতে উপস্থিত হৈ আমি অন্য প্ৰকাৰে সজ আচৰণ প্ৰকাশ কৰিব পাৰোঁ। এইটো সঁচা যে সকলো সময়ত সময়মতে সভাত উপস্থিত হʼব নোৱাৰি। কিয়নো বহুতে হয়তো বহু দূৰত বাস কৰে বা সভালৈ যাবৰ বাবে তৈয়াৰ হʼবলৈ এটা বৃহৎ পৰিয়ালক যথেষ্ট সময়ৰ আৱশ্যকতা হয়। এইটো লক্ষ্য কৰা হৈছে যে মণ্ডলীসমূহত উপস্থিত হোৱা ২৫ শতাংশ ভাই-ভনীয়ে সভাত গীত আৰু প্ৰাৰ্থনা আৰম্ভ হোৱাৰ পাছত উপস্থিত হয়। এনে কৰাটো তেওঁলোকৰ অভ্যাস হৈ পৰিছে। এইটো বাস্তৱতে এটা গম্ভীৰ বিষয়। এই ক্ষেত্ৰত এইটো মনত ৰাখিলে উত্তম হʼব যে আনৰ অনুভূতিৰ বিষয়ে বিবেচনা কৰাৰ দ্বাৰা আমি সজ আচৰণ প্ৰকাশ কৰিব পাৰোঁ। আমাক অতিথি সৎকাৰ দেখুৱা আনন্দিত ঈশ্বৰ যিহোৱাই আমাৰ লাভৰ বাবে আধ্যাত্মিক ভোজৰ প্ৰবন্ধ কৰিছে। এতেকে আমি সময়মতে সভাত উপস্থিত হৈ, আমি তেওঁৰ অনুভূতিক মুল্যাঙ্কণ আৰু তেওঁৰ প্ৰতি যে চিন্তিত তাক প্ৰকাশ কৰোঁ। তদুপৰি, আমি সভাত পলমকৈ উপস্থিত হʼলে উপস্থিত থকা লোকসকলৰ ধ্যান ভঙ্গ আৰু তেওঁলোকক অসন্মান কৰা হয়।
৭ যেতিয়া আমি সভাৰ বাবে একত্ৰিত হওঁ তেতিয়া আমি ৰাজ্যগৃহলৈ অহা নতুন ব্যক্তিসকলৰ প্ৰতি ধ্যান দিওঁনে? তেওঁলোকক আমি সন্মানেৰে আদৰণি জনোৱা আৱশ্যক। এনে কৰাৰ দ্বাৰা আমি তেওঁলোকৰ প্ৰতি আমাৰ সজ আচৰণ প্ৰকাশ কৰিম। (মথি ৫:৪৭; ৰোমী. ১৫:৭) আমি তেওঁলোকক আনন্দেৰে অভিবাদন হাঁহি মুখেৰে তেওঁলোকৰ সৈতে কথো-পকথন কৰিব পাৰোঁ। চাবলৈ গʼলে এই সকলোবোৰ অতি সামান্য বিষয় যেন বোধ হʼব পাৰে, কিন্তু ইয়ে আমাক সত্য খ্ৰীষ্টান হোৱাৰ পৰিচয় দিয়ে। (যোহ. ১৩:৩৫) উদাহৰণস্বৰূপে, ৰাজ্যগৃহত প্ৰথমবাৰৰ বাবে উপস্থিত হোৱা এজন ব্যক্তিয়ে এইদৰে কয়: “মই যদিও সৰুৰে পৰা গীৰ্জাত উপস্থিত হৈছিলোঁ, তালৈ অহা এজন নতুন ব্যক্তিক সকলোৱে নিজৰ আপোন কৰি লোৱাটো মই কেতিয়াও দেখা নাছিলোঁ। কিন্তু ইয়াত মই অকৃত্ৰিমভাৱে প্ৰেম কৰা লোকসকলক পালোঁ। বাস্তৱতে এইটোৱে হৈছে সত্য।” ফলস্বৰূপে তেওঁ নিজৰ জীৱন-প্ৰণালী সলনি কৰে আৰু সাত মাহৰ পাছত বাপ্তিষ্মা লৈ এজন যিহোৱাৰ সাক্ষী হৈ পৰে। সঁচাকৈ সজ আচৰণে লোকসকলক প্ৰভাৱিত কৰি সত্যক গ্ৰহণ কৰাত কিমান যে সহায় কৰে!
৮ আমি প্ৰায়ে এজন অচিনাকি ব্যক্তিৰ সৈতে সজ আচৰণ কৰোঁ। কিন্তু বিশেষকৈ “পৰিয়ালস্বৰূপ বিশ্বাস কৰাবিলাকলৈ” কেনে আচৰণ দেখুৱাওঁ? তেওঁলোকৰ প্ৰতি সজ আচৰণ আমাৰ অতি আৱশ্যকীয় কৰ্তব্য নহব নে? (গালা. ৬:১০) তেওঁলোকৰ প্ৰতি বাইবেলত এইদৰে কোৱা হৈছে: “বৃদ্ধ লোকক সমাদৰ কৰিবা।” (লেবী. ১৯:৩২) গতিকে যেতিয়া আমি ৰাজ্যগৃহত উপস্থিত হওঁ, কেতিয়াও তেনে ব্যক্তিসকলক অগ্ৰাহ্য কৰা উচিত নহয়।
৯ আধ্যাত্মিক পৰামৰ্শমূহৰ প্ৰতি মনোযোগ দিয়ক: মণ্ডলীৰ সভাসমূহত ঈশ্বৰৰ খ্ৰীষ্টান পৰিচাৰকসকলে আধ্যাত্মিক উপহাৰ হিচাপে পৰামৰ্শ প্ৰদান কৰে, যিয়ে আমাৰ বিশ্বাস দৃঢ় কৰি তুলে। (ৰোমী. ১:১১) যদি আমি সভাৰ সময়ছোৱাত টোপনিয়াওঁ, চানা-চুৰ বা চুইং গাম খাওঁ, বাৰে বাৰে কাষত বহি থকা জনৰ সৈতে ফুচ-ফুচাই কথা পাতোঁ, সঘনাই প্ৰস্ৰাৱগাৰলৈ যাওঁ, সভাৰ সৈতে সম্পৰ্ক নথকা কোনো বিষয় পঢ়োঁ বা সভাৰ সময়ত আন কাৰ্য্য কৰোঁ, তেনেহʼলে আমি সজ আচৰণ প্ৰকাশ নকৰিম। এই বিষয়ত প্ৰাচীনসকলে উত্তম আৰ্হি ৰখা আৱশ্যক। খ্ৰীষ্টানৰ সজ আচৰণে আমাক বক্তাজনে প্ৰদান কৰা বাইবেল আধাৰিত পৰামৰ্শক সন্মান আৰু তেওঁ কোৱা কথাৰ প্ৰতি মনোযোগ দিবলৈ সহায় কৰিব।
১০ ইয়াৰ উপৰিও, আমি বক্তা আৰু শ্ৰোতাসকলৰ কথা মনত ৰাখি, সভালৈ কোনো ইলেকট্ৰনিক্ পেজাৰ আৰু চেলুলাৰ ফোন অনা উচিত নহয়। কিয়নো ইয়ে তাত উপস্থিত থকা লোকসকলৰ ধ্যান ভঙ্গ কৰিব।
১১ সজ আচৰণ আৰু লʼৰা-ছোৱালী: পিতৃ-মাতৃসকলে তেওঁলোকৰ লʼৰা-ছোৱালীয়ে কৰা আচৰণৰ প্ৰতি সদায়ে সতৰ্ক হোৱা আৱশ্যক। যদি কণমানি শিশুয়ে সভাত কান্দে বা অধৈৰ্য্য হৈ পৰে তেনেহʼলে কোনো পলম নকৰাকৈ পিতৃ বা মাতৃসকলে তেওঁলোকক নিচুকাবলৈ ৰাজ্যগৃহৰ বাহিৰলৈ নিয়া আৱশ্যক। এনে কৰাৰ দ্বাৰা আন শ্ৰোতাসকলৰ ধ্যান ভঙ্গ কৰাৰ পৰা বিৰত থাকিব পাৰি। কেতিয়াবা হয়তো তেনে কৰাটো অসুবিধা হʼব পাৰে, কিন্তু মনত ৰাখক, আপোনাৰ তেনে কাৰ্য্যই প্ৰকাশ কৰে যে আপুনি আনৰ অনুভূতিৰ সম্পৰ্কে চিন্তা কৰে। সেয়েহে যিসকলৰ লʼৰা-ছোৱালীয়ে সভা চলি থকাৰ সময়ত অধীৰ হৈ পৰে বা কান্দিব পাৰে, তেওঁলোকে ৰাজ্যগৃহৰ শেষৰ ভাগত থকা আসনত বহিব পাৰে যাতে তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক আমনি কৰাৰ সময়ত পলম নকৰাকৈ বাহিৰলৈ নিব পাৰে। একেইদৰে তাত উপস্থিত হোৱা আন আন ভাই-ভনীসকলেও সৰু সৰু লʼৰা-ছোৱালী থকা পৰিয়ালৰসমূহলৈ শেষৰ আসনবোৰ এৰি দিলে উত্তম হʼব।
১২ পিতৃ-মাতৃয়ে সভাৰ আগত আৰু পাছত তেওঁলোকৰ লʼৰা-ছোৱালীয়ে কিদৰে আচৰণ কৰে তাৰ প্ৰতি লক্ষ্য কৰা উচিত। লʼৰা-ছোৱালীবোৰক সভাগৃহৰ ভিতৰত দৌৰি ফুৰিবলৈ এৰি দিয়াতো উচিত নহয়। কিয়নো এনে কৰাৰ ফলত দুৰ্ঘটনা হʼব পাৰে। ৰাজ্যগৃহৰ বাহিৰতো দৌৰি ফুৰাতো বিশেষকৈ আন্ধাৰৰ সময়ত বিপদজনক হʼব পাৰে, কিয়নো আন্ধাৰত কʼত কি আছে তাক ভালদৰে দেখি পোৱা নাযায়। ৰাজ্যগৃহৰ বাহিৰত উচ্চস্বৰে কথা-বতৰা পতাটো উচিত নহয়, কিয়নো তেনে কৰিলে ওচৰ-চুবুৰীয়াই আমনি পাব আৰু আমাৰ উপাসনাক ভুলভাৱে দৃষ্টি কৰিব পাৰে। পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীয়ে ৰাজ্যগৃহৰ বাহিৰত বা ভিতৰত কেনে আচৰণ কৰিছে তাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰাটো সঁচাকৈ প্ৰসংশানীয়, কাৰণ তেনে কাৰ্য্যই আমাৰ ঐক্যতাৰে একে-লগে বাস কৰাত আনন্দ কঢ়িয়াই আনে।—গীত. ১৩৩:১.
১৩ পুস্তক অধ্যয়নত সজ আচৰণ দেখুৱা: ভাই-ভনীসকলে তেওঁলোকে থকা ঘৰখনক পুস্তক অধ্যয়নৰ বাবে ব্যৱহাৰ কৰিব দিয়াৰ বাবে আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যেতিয়া তেওঁলোকৰ ঘৰলৈ পুস্তক অধ্যয়নৰ বাবে যোৱা হয় তেতিয়া আমি তেওঁলোকক আৰু তেওঁলোকৰ সম্পত্তিৰ প্ৰতি বিবেচনাশীল আৰু সমাদৰ দেখুৱা উচিত। এতেকে আমি তেওঁলোকৰ ঘৰখনত প্ৰৱেশ কৰাৰ আগতে নিজৰ জোতাযোৰ পৰিষ্কাৰ কৰাৰ দ্বাৰা ঘৰখনৰ মজিয়াখন বা কাৰ্পেট অপৰিষ্কাৰ হোৱাৰ পৰা বিৰত থাকিব পাৰোঁ। পিতৃ-মাতৃসকলে তেওঁলোকৰ লʼৰা-ছোৱালীৰ ওপৰত ধ্যান দিয়া আৱশ্যক যে তেওঁলোকে ঘৰখনৰ ইফালে সিফালে দৌৰি ফুৰাৰ পৰিৱৰ্তে কেৱল পুস্তক অধ্যয়নৰ বাবে দিয়া স্থানতে যেন বহি থাকে। পুস্তক অধ্যয়নৰ গ্ৰুপবোৰ হয়তো সৰু আৰু ঘৰুৱা পৰিবেশ হʼব পাৰে, কিন্তু তথাপিও ঘৰখন আৰু গৃহস্থৰ প্ৰতি বিবেচক হোৱা আৱশ্যক। যেতিয়া সৰু লʼৰা-ছোৱালীয়ে প্ৰস্ৰাৱগাৰলৈ যায় তেতিয়া তেওঁলোকৰ সৈতে পিতৃ বা মাতৃও যোৱা আৱশ্যক। তদুপৰি পুস্তক অধ্যয়ন হৈছে মণ্ডলীৰ সভাৰ এটা ভাগ, গতিকে আমি ৰাজ্যগৃহলৈ যোৱাৰ সময়ত সাজ-পোচাক পৰিধান কৰাৰ দৰে বস্ত্ৰ পৰিধান কৰা আৱশ্যক।
১৪ সজ আচৰণ বজাই ৰখাটো এক আৱশ্যকীয় কৰ্তব্য: খ্ৰীষ্টান ভাই-ভনীসকলে প্ৰতিফলিত কৰা সজ আচৰণে লোকসকলক কেৱল পৰিচৰ্য্যা কাৰ্য্যৰ প্ৰতি সঠিক দৃষ্টিভঙ্গী দিয়াত সহায় কৰে এনে নহয়, কিন্তু আনৰ সৈতে আমাৰ ভাল সম্বন্ধও গঢ়ি উঠে। (২ কৰি. ৬:৩, ৪, ৬) আনন্দিত ঈশ্বৰৰ সেৱক হোৱা হেতুকে, প্ৰাকৃতিকভাৱে আমি হৃদয়েৰে প্ৰফুল্লিত আৰু সৰু সৰু বিষয়বোৰত মান্তি হোৱা আৱশ্যক। এনে কৰাৰ দ্বাৰা আমি আনৰ বাবেও আনন্দৰ কাৰণ হʼব পাৰোঁ। এনেধৰণে আচৰণে ঈশ্বৰীয় লোকসকলৰ জীৱন সুশোভিত কৰি তুলে।