ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০১ পৃষ্ঠা ৫-৬
  • ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুনঃ নিৰীক্ষণ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুনঃ নিৰীক্ষণ
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০১ পৃষ্ঠা ৫-৬

ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুনঃ নিৰীক্ষণ

২০০১ চনৰ মে’ ৭ তাৰিখৰ পৰা আগষ্ট মাহৰ ২০ তাৰিখৰ লৈকে থকা ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ ভাষণবোৰৰ ওপৰত আধাৰিত কৰি এই পুনঃ নিৰীক্ষণ আলোচনা কৰা হʼব। নিযুক্ত কৰা সময়ৰ অনুসৰি, আপুনি যাতে প্ৰশ্নসমূহৰ উত্তৰবোৰ লিখিব পাৰে তাৰ বাবে এখন বেলেগে কাগজ ব্যৱহাৰ কৰক।

[সূচনা: পুনঃ নিৰীক্ষণৰ সময়ত, যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ মাত্ৰ বাইবেল ব্যৱহাৰ কৰিব পাৰে। প্ৰশ্নসমূহৰ পাছত উল্লেখ কৰা সংখ্যাবোৰ ব্যক্তিগতৰূপে আপুনি অনুসন্ধান কৰাত সহায়ৰ বাবে দিয়া হৈছে। প্ৰহৰীদুৰ্গʼৰ পৰা উত্তৰ বিচাৰি পাবলৈ সকলো প্ৰশ্নৰ পাছত পৃষ্ঠা বা অনুচ্ছেদৰ নম্বৰ নাথাকিবও পাৰে।]

প্ৰত্যেক নিম্নলিখিত বিৱৰণ শুদ্ধ নে অশুদ্ধ তাৰ উত্তৰ দিয়ক:

১. নহিমিয়া ২:⁠৫ পদত উল্লেখ কৰা প্ৰাৰ্থনাটো শেষ মুহূৰ্তত হতাশ হৈ কৰা প্ৰাৰ্থনা আছিল। [সপ্তাহিক বাইবেল পাঠ; w৮৬ ২/১৫ ২৫ পৃ. ৮ অনু. চাওঁক।]

২. “মণ্ডলী” শব্দটো গ্ৰীক এক-ক্লে-চিয়া শব্দৰ পৰা অনুবাদ কৰা হৈছে। স্বাভাৱিকতে এই উক্তিটোৱে দৃঢ়তাৰ ভাৱধাৰা আৰু সমূহীয়াকৈ সহায় আগবঢ়োৱাৰ অৰ্থ প্ৰকাশ কৰে। [w৯৯ ৫/১৫ ২৫ পৃ. ৪ অনু.]

৩. যীচুৱে এই পৃথিৱীত অহাৰ মুখ্য উদ্দেশ্য আছিল, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰা যিহে তেওঁৰ পিতৃৰ নাম প্ৰতিপন্ন কৰিব আৰু চিৰকালৰ বাবে মানুহৰ সকলো প্ৰকাৰৰ সমস্যাৰ সমাধান কৰিব। [gt ২৪]

৪. ইয়োবে বাস কৰা সময়ছোৱাত, গোটেই পৃথিৱীত তেওঁৱেই একমাত্ৰ যিহোৱাৰ প্ৰতি বিশ্বাসী ব্যক্তি আছিল। (ইয়োব ১:⁠৮) [সপ্তাহিক বাইবেল পাঠ; w৯২ ৮/১ ৩১ পৃ. ৩-৪ অনু. চাওঁক।]

৫. চৌল অৰ্থাৎ পৌলে জীৱন নিৰ্বাহ কৰাৰ বাবে তম্বু নিৰ্ম্মাণ কৰা কাৰ্য্যই এইটো প্ৰকাশ কৰে যে তেওঁ এজন উদাৰ স্বভাৱৰ ব্যক্তি আছিল। (পাঁচনিৰ কৰ্ম্ম ১৮:⁠২, ৩) [w৯৯ ৫/১৫ ৩০ পৃ. ২-অনু. ৩১ পৃ. ১ অনু.]

৬. যদিও ৰজা দায়ূদে গম্ভীৰ পাপ কৰিলে, কিন্তু তেওঁ অনুতাপ কৰি তেওঁৰ ভাল গুণসমূহ প্ৰকাশ কৰাৰ বাবে যিহোৱাই তেওঁক কৈছিল “নিজৰ সকলো মনে সৈতে মোৰ পাছত চলিছিল।” (১ ৰাজাৱলি ১৪:⁠৮) [w৯৯ ৬/১৫ ১১ পৃ. ৪ অনু.]

৭. অশাস্ত্ৰীয় কাৰ্য্য কৰিবলৈ কৰা প্ৰতিজ্ঞাৰ বাহিৰে আমি কৰা প্ৰতিজ্ঞাসমূহ যদিও কঠিন হয়, তাক পূৰ্ণ কৰা উচিত। (গীত. ১৫:⁠৪) [সপ্তাহিক বাইবেল পাঠ; w৮৯ ৯/১৫ ২৮ পৃ. ৫ অনু. চাওঁক।]

৮. গীতমালা ২২:⁠১ পদত উল্লেখ কৰিছে যে ৰজা দায়ূদে তেওঁৰ ওপৰত অহা হেঁচাৰ বাবে বাধ্য হৈ অলপ সময়ৰ বাবে তেওঁৰ বিশ্বাস হেৰুৱাই পেলাইছিল। [সপ্তাহিক বাইবেল পাঠ; w৮৬ ৮/১৫ ২০ পৃ. ১৯ অনু. চাওঁক।]

৯. এই শেষৰ সময়ত এজন খ্ৰীষ্টান ব্যক্তিয়ে হয়তো নিৰাশ, হতাশ আৰু আইন বা আৰ্থিক সমস্যাত ‘পৰিব’ পাৰে, কিন্তু ঈশ্বৰৰ আত্মাই তেওঁৰ সেৱকসকলক আধ্যাত্মিকৰূপে “নিচেইকৈ পতিত” হʼবলৈ নিদিব। (গীতমালা ৩৭:⁠২৩, ২৪) [সপ্তাহিক বাইবেল পাঠ; w৮৬ ১১/১ ৩০ পৃ. ১৪ অনু. চাওঁক।]

১০. যীচুৱে কোৱা “দ্বন্দ্ব হাই নকৰিব, আটাহ নাপাৰিব; আলিবাটত কোনেও তেওঁৰ মাত নুশুনিব,” ইয়াৰ অৰ্থ হৈছে তেওঁ আটাহ পাৰি ৰাজহুৱাভাৱে সকলোৱে দেখাকৈ প্ৰচাৰ নকৰিব। (মথি ১২:⁠১৯) [gt ৩৩]

নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়ক:

১১. ইজ্ৰা আৰু তেওঁৰ সহকাৰীয়ে কেনেকৈ ব্যৱস্থা-পুস্তক পাঠ কৰি ‘তাৰ অৰ্থ উলিয়াইছিল?’ (নহি. ৮:⁠৮) [সপ্তাহিক বাইবেল পাঠ; w৮৬ ২/১৫ ২৬ পৃ. ৪ অনু.]

১২. কেনেকৈ “যিহোৱাত যি আনন্দ,” তাক লাভ কৰিব পাৰি? (নহি. ৮:⁠১০) [সপ্তাহিক বাইবেল পাঠ; w৮৬ ২/১৫ ২৬ পৃ. ৯ অনু. চাওঁক।]

১৩. “যি মানুহবিলাকে নিজ ইচ্ছাৰে যিৰূচালেমত বাস কৰিবলৈ ওলাল,” তেওঁবিলাকে কিয় আশীৰ্ব্বাদ লাভ কৰিলে? (নহি. ১১:⁠২) [সপ্তাহিক বাইবেল পাঠ; w৮৬ ২/১৫ ২৬ পৃ. ১২ অনু. চাওঁক।]

১৪. ইষ্টেৰে তাইৰ নিৰ্দিষ্ট অভিপ্ৰায়ৰ বিষয়ে ৰজাক জনাবলৈ কিয় পলম কৰিছিল? (ইষ্টে. ৫:⁠৬-​৮) [সপ্তাহিক বাইবেল পাঠ; w৮৬ ৩/১৫ ২৪ পৃ. ১৮ অনু. চাওঁক।]

১৫. সত্যত নথকা সঙ্গীৰ সৈতে বিবাহ কৰাৰ সম্পৰ্কে বাইবেলে কেনে পৰামৰ্শ আগবঢ়াইছে? শাস্ত্ৰীয় পদ উল্লেখ কৰক। [fy ১২৯ পৃ. ৩ অনু.]

১৬. ইলীফজৰ পৰামৰ্শই কিয় ইয়োবক শান্ত্বনা দিব আৰু উৎসাহিত কৰিব নোৱাৰিলে? (ইয়োব ২১:⁠৩৪; ২২:⁠২, ৩) [সপ্তাহিক বাইবেল পাঠ; w৯৫ ২/১৫ ২৭ পৃ. ৫-৬ অনু. চাওঁক।]

১৭. কেতিয়া আৰু কেনেকৈ বিবাহত হোৱা সমস্যাসমূহক সমাধান কৰিব পাৰি? [fy ১৫৪ পৃ. ৪ অনু.]

১৮. গীতমালা ২:⁠১ পদত উল্লেখ কৰা অনুসাৰে জাতিবোৰে কি “ব্যৰ্থ চিন্তা কৰিছে?” [সপ্তাহিক বাইবেল পাঠ; w৮৬ ৮/১৫ ২০ পৃ. ৫ অনু. চাওঁক।]

১৯. ফিলিপে কুচ-দেশীয় নপুংসক আৰু চমৰীয়াত কৰা প্ৰচাৰ কাৰ্য্যৰ পৰা আমি কেনে ব্যৱহাৰিক শিক্ষা পাওঁ? (পাঁচনিৰ কৰ্ম্ম ৮:⁠৬-​১৩, ২৬-​৩৯) [w৯৯ ৭/১৫ ২৫ পৃ. ২ অনু.]

২০. ইয়োবে সমস্যাৰ পৰা ৰক্ষা পাবলৈ এনে এক স্থান অৰ্থাৎ কবৰলৈ যাবলৈ বিচাৰিছিল; ঈশ্বৰৰ পুনৰুত্থানৰ ওপৰত যে দৃঢ় বিশ্বাস আছিল তাক তেওঁ কোনেকৈ বৰ্ণনা কৰিলে? (ইয়োব ১৪:⁠৭, ১৩-​১৫) [সপ্তাহিক বাইবেল পাঠ; w০০ ৫/১৫ ২৭ পৃ. ৭ অনু.–২৮ পৃ. ১ অনু. চাওঁক।]

প্ৰত্যেক নিম্নলিখিত উক্তিক পূৰ্ণ কৰিবলৈ আৱশ্যকীয় শব্দ বা বাক্য দিয়ক:

২১. ইষ্টেৰ ৮:⁠১৭ পদত কৈছে “অনেক মানুহ যিহূদী হল”; একেইদৰে বৰ্তমান সময়টো  _________________________  সৈতে ‘অন্য মেৰবৰ্গ’ অৰ্থাৎ ‘ _________________________ ’ মিলিত হৈছে। (প্ৰকা. ৭:⁠৯; যোহ. ১০:⁠১৬; জখ. ৮:⁠২৩) [সপ্তাহিক বাইবেল পাঠ; w৮৬ ৩/১৫ ২৫ পৃ. ১৪ অনু. চাওঁক।]

২২. পাঁচনিৰ কৰ্ম্ম ১:⁠৭ পদে কৈছে যে যদিও যিহোৱাই  _________________________  বিষয়ে সচেতন, তথাপিও সেই দিন লোকসকলে অপেক্ষা নকৰা সময়ত  _________________________  দৰে আহিব। (২ পিত. ৩:⁠১০) [w৯৯ ৬/১ ৫ পৃ. ২-৩ অনু.]

২৩. মথি ৯:⁠১৬, ১৭ পদত উল্লেখ কৰা বৃতান্তসমূহে দেখুৱাইছে, যীচুৱে  _________________________  শিষ্যসকলক এইটো বুজাত সহায় কৰিছিল যে কোনো এজনে নিজৰ অনুগামীসকলক  _________________________  পুৰণি পৰম্পৰাগত নিয়ম অৰ্থাৎ  _________________________  দিয়াৰ প্ৰত্যাশা কৰাটো উচিত নহয়। [gt ২৮]

২৪. কথা-বতৰা স্ফুৰ্তিদায়ক কৰি তুলিবলৈ নিশ্চয়তা, ভাৰসা আৰু বুজা-পৰাৰ অতি আৱশ্যক; এই গুণসমূহ তেতিয়াহে লাভ কৰিব পাৰি যেতিয়া এখন বিবাহক  _________________________  বন্ধন আৰু প্ৰকৃত  _________________________  হিচাপে স্বীকাৰ কৰা হয়। [w৯৯ ৭/১ ১৫ ২১ পৃ. ৩ অনু.]

২৫. সঙ্গীসকলৰ পৰা অহা সঠিক হেঁচাই আমাক নৈতিকা আৰু আধ্যাত্মিক আৱশ্যকতাসমূহক  _________________________  আৰু যিহোৱাক  _________________________  সেৱা কৰাত সহায় কৰে। [w৯৯ ৮/১ ২৪ পৃ. ৩ অনু.]

প্ৰত্যেক নিম্নলিখিত উক্তিৰ শুদ্ধ উত্তৰ বাঁচনি কৰক:

২৬. মৰ্দখয়ে “ৰাজদুৱাৰত” বহা কাৰ্য্যই এইটো প্ৰকাশ কৰে যে তেওঁ এজন (ৰজাৰ দেহৰক্ষী; অহচ্‌বেৰোচ ৰজাৰ এজন পদাধিকাৰী; শ্ৰোতাসকলৰ সৈতে ৰজাৰ প্ৰতীক্ষাত) আছিল। (ইষ্টেৰ ২:⁠১৯, ২০) [সপ্তাহিক বাইবেল পাঠ; w৮৬ ৩/১৫ ২৪ পৃ. ৯ অনু. চাওঁক।]

২৭. ইয়োব ১৯:⁠২৫-​২৭ পদত কোৱা বাক্যশাৰীয়ে কৈছে, ইয়োবৰ বিশ্বাস আছিল যে তেওঁ “ঈশ্বৰক দৰ্শন” কৰিব আৰু যাতে তেওঁৰ (দৰ্শনৰ সৈতে অনুমোদন পাব; স্বৰ্গীয় জীৱনৰ বাবে পুনৰুত্থান হʼব; যিহোৱাৰ সম্পৰ্কে সত্যক জানিবলৈ জ্ঞানৰ চকু মুকলি হʼব)। [সপ্তাহিক বাইবেল পাঠ; w৯৪ ১১/১৫ ১৯ পৃ. ১৭ অনু. চাওঁক।]

২৮. লʼৰা-ছোৱালী যদি (মতিচ্ছন্ন; নিৰ্ব্বোধ; চঞ্চল) হয়, তেন্তে পিতৃ-মাতৃসকলে আচৰিত হোৱা উচিত নহয়। (হিতো. ২২:⁠১৫) [fy ১৪৯ পৃ. ২০ অনু.]

২৯. যেতিয়া কোনো স্বামী বা স্ত্ৰীয়ে কোনো এক বিষয়ত অসন্মত হয়, তেনেহʼলে তেওঁলোক (শুনিবলৈ খৰ, কবলৈ খৰ, ক্ৰোধত খৰ) হোৱা আৱশ্যক। (যাকো. ১:⁠১৯) [fy ১৫৬ পৃ. ৯ অনু.]

৩০. বিবাহিত সঙ্গীসকলে এজনে আনজনৰ সৈতে অকপটভাৱে কথা-বতৰা আৰু সত্যবাদী হোৱাৰ দ্বাৰা তেওঁলোকৰ বিবাহ বন্ধন অটুট কৰি (বৃদ্ধ অৱস্থা; অসুস্থ শৰীৰ; চয়তানৰ) আক্ৰমণত বিবাহ বন্ধন ভাঙি যোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। [fy ১৬৭ পৃ. ১৩ অনু.]

নিম্নলিখিত শাস্ত্ৰপদবোৰ তলত দিয়া তালিকাৰ উক্তিবোৰৰ সৈতে মিলাওঁক:

নহি. ৩:⁠৫; গীত. ১২:⁠২; ১৯:⁠৭; ৭২:⁠১৩; লূক ৪:⁠১৬-​২১

৩১. কঠোৰ পৰিশ্ৰম কৰাৰ বাবে আমাৰ সন্মান হানি হʼব বুলি অহঙ্কাৰ কৰাৰ পৰিৱৰ্তে আমি বহল মনোভাৱ ৰাখিবলৈ আগ্ৰহ কৰা উচিত। [সপ্তাহিক বাইবেল পাঠ; w৮৬ ২/১৫ ২৫ পৃ. ১২, ১৯ অনু. চাওঁক।]

৩২. পৃথিৱীত যীচুৱে তেওঁৰ পৰিচৰ্য্যাৰ কাৰ্য্য কৰাৰ কালছোৱাত যিহূদীবিলাকৰ ধৰ্ম্মধামলৈ গৈ শিক্ষা দিয়া, প্ৰাৰ্থনা কৰা আৰু শাস্ত্ৰৰ পদসমূহ পাঠ কৰি তাৰ অৰ্থ ভাঙনি কৰি বুজাই দিছিল। [gt ২১]

৩৩. ভৱিষ্যতে যীচুৱে ৰজা হিচাপে শাসন কৰা কালছোৱাত সকলো ক্লেশত ভোগী থকা মানৱক সহায় কৰাৰ দ্বাৰা তেওঁৰ মনৰ ইচ্ছাক পূৰ্ণ কৰিব। [gt ২৫]

৩৪. যদি আমি ঈশ্বৰৰ বন্ধু হʼবলৈ বিচাৰোঁ, তেতিয়াহʼলে অন্তৰে সৈতে সাধু আৰু অকপট হোৱা আৱশ্যক। [সপ্তাহিক বাইবেল পাঠ; w৮৯ ৯/১৫ ২৬ পৃ. ৭ অনু. চাওঁক।]

৩৫. ঈশ্বৰৰ আজ্ঞাক পালন কৰাৰ দ্বাৰা এজন ব্যক্তি সজীৱ হৈ উঠিব আৰু তেওঁৰ কল্যাণ হʼব। [সপ্তাহিক বাইবেল পাঠ; w০০ ১০/১ ১৩ পৃ. ৪ অনু. চাওঁক।]

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক