ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ: আগষ্ট: তলত দিয়া ৩২ পৃষ্ঠাৰ যি কোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিৱীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!, “চোৱা! মই সকলোবোৰ নতুন কৰি দিছোঁ”, আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰা উচিত নে?, সেই ঈশ্বৰীয় নাম চিৰকালৰ বাবে স্থিৰ থাকিব, সেই চৰকাৰে যি পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কিদৰে পাব পাৰে?, আৰু যেতিয়া কোনো আপোনজনাৰ মৃত্যু হয়। ইয়াৰ ওপৰিও আন ব্ৰচাৰসমূহ হৈছে: সকলোৰ বাবে এখন কিতাপ, আমাৰ সমস্যাসমূহ—কোনে ইয়াৰ সমাধান কৰিব?, মৃত্যুবিলাকৰ আত্মা—তেওঁলোকে আমাক সহায় কৰেনে অথবা হানি কৰে? তেওঁলোকে বাস্তৱতে অস্তিত্বত আছেনে?, আৰু কি কেতিয়াবা যুদ্ধ বিহীন সংসাৰ সম্ভৱ হʼবনে? এই ব্ৰচাৰসমূহ আৱশ্যকতাৰ অনুসাৰে বিতৰণ কৰক। ছেপ্টেম্বৰ: বিশং শতাব্দীত যিহোৱাৰ সাক্ষীসকল নামৰ ব্ৰচাৰ আৰু জীৱন—কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? নামৰ কিতাপখন বিতৰণ কৰক। অক্টোবৰ: প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ বিতৰণ। আগ্ৰহী লোকসকলক পুনৰ সাক্ষাৎ কৰি আলোচনী প্ৰবাহ স্থাপন কৰিবলৈ চেষ্টা কৰক। যি ঠাইবিলাকত আলোচনী প্ৰবাহ স্থাপন কৰাটো ব্যৱহাৰিক নহয়, তেনে ক্ষেত্ৰত গৃহস্থক গ্ৰাহকতাৰ বাবে অনুৰোধ কৰিব পাৰে। নবেম্বৰ: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় বিতৰণ কৰিব পাৰি। যদি লোকসকলে ইতিমধ্যেই এই আলোচনীবোৰ লৈছে তেনেহʼলে তেওঁলোকক আপুনি মানৱজাতিয়ে ঈশ্বৰক অনুসন্ধান কৰা নামৰ কিতাপখন আগবঢ়াব পাৰে।
▪ প্ৰিজাইডিং ওভাৰচিয়াৰ বা তেওঁৰ দ্বাৰা নিযুক্তি কৰা কোনো ভায়ে ছেপ্টেম্বৰ মাহৰ ১ তাৰিখ বা অতি সোনকালে মণ্ডলীৰ লেখসমূহ হিচাপ কৰা উচিত। হিচাপৰ পাছত মণ্ডলীত লেখ ৰিপৰ্ট পঢ়াৰ সময়ত হিচাপ-নিকাচসমূহ ঘোষণা কৰা আৱশ্যক।
▪ মন কৰিবলগীয়া এই যে শাখা কাৰ্য্যলয়ে বাঙ্গালোৰলৈ আগন্তুক স্থানান্তৰৰ বিষয়ে মনত ৰাখি, এই বছৰত প্ৰত্যেকখন মণ্ডলীলৈ দুবছৰ অৰ্থাৎ ২০০২ আৰু ২০০৩ চনৰ সেৱা বছৰৰ বাবে ফৰ্মসমূহ পৃথকৈ পেকেটসমূহ প্ৰেৰণ কৰা হৈছে। অনুগ্ৰহ কৰি এই ফৰ্মসমূহক সযত্নে ব্যৱহাৰ কৰক। সেইবিলাকক যি উদ্দেশ্যেৰে তৈয়াৰ কৰা হৈছে, কেৱল সেই কাৰ্য্যতহে যেন ব্যৱহাৰ কৰে। ২০০৩ চনৰ পেকেটসমূহ ভৱিষ্যতে ব্যৱহাৰ কৰিবলৈ সাৱধানে সাঁচি থোৱা আৱশ্যক।
▪ এই বছৰৰ আৰম্ভণীতে হʼবলগীয়া অগ্ৰগামী সেৱা স্কুলত যিসকলৰ বয়স ছেপ্টেম্বৰ মাহৰ ১ তাৰিখলৈকে ১৬ বছৰ হোৱা নাই, তেওঁলোকে উপস্থিত হʼব নোৱাৰিব। কিন্তু এই ক্ষেত্ৰত সেই নবালক অগ্ৰগামী ভাই-ভনীসকলে সেই স্কুলত উপস্থিত হʼব পাৰিব, যদি তেওঁলোকৰ পিতৃ-মাতৃয়েও সেই একেইখন অগ্ৰগামী স্কুলত উপস্থিত হʼবলৈ উপযোগী হৈছে।
▪ আগষ্ট ৩১ তাৰিখ বা যিমান সোনকালে সম্ভৱ সকলোবোৰ সাহিত্যৰ বছেৰেকীয়া তালিকা আৰু হাতত থকা আলোচনীসমূহৰ হিচাপ-নিকাচ শেষ কৰা আৱশ্য। এই তালিকাখন একেই দৰে প্ৰস্তুত কৰা হয়, যিদৰে সাহিত্য কৰডিনেটৰে সাহিত্যসমূহৰ মাহেকীয়া তালিকা প্ৰস্তুত কৰে। তাৰ পাছত সকলোবোৰ সাহিত্যৰ হিচাপ-নিকাচ মুঠ সংখ্যা (S-18) ফৰ্মখনত ভৰ্ত্তি কৰা আৱশ্যক। প্ৰত্যেখন মণ্ডলীত আলোচনী চোৱা-চিতা কৰা ভাইসকলৰ পৰা তেওঁলোকৰ হাতত থকা আলোচনীসমূহৰ মুঠ সংখ্যা সংগ্ৰহ কৰিব পাৰে। প্ৰত্যেকখন কৰডিনেটিং মণ্ডলীয়ে তিনিখনকৈ সাহিত্য ইনভেনট্ৰী ফৰ্ম (S-18) পাব। অনুগ্ৰহ কৰি ছেপ্টেম্বৰ ৬ তাৰিখৰ আগতেই মূল কপিখন শাখা কাৰ্য্যালয়লৈ পেৰণ কৰক। দ্বিতীয় অৰ্থাৎ কাৰ্বন কপিখন আপোনাৰ ফাইলত সংৰক্ষণ কৰি ৰাখক। তৃতীয়খনক আপুনি প্ৰাথমিকভাৱে কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে। এই ইনভেনট্ৰী ফৰ্মখনক কৰডিনেটিং মণ্ডলীৰ চেক্ৰেটাৰীয়ে নিৰীক্ষণ কৰা উচিত। তাৰ পাছত এই ফৰ্মখনত তেওঁ আৰু কৰডিনেটিং মণ্ডলীৰ প্ৰিজাইডিং ওভাৰচিয়াৰে চহী কৰা আৱশ্যক।
▪ ২০০১ চনৰ আগষ্ট মাহৰ ২৪ তাৰিখৰ পৰা ৩১ তাৰিখলৈকে লোনাভেলা বেথেলত থকা সকলো সাহিত্যৰ হিচাপ-নিকাচ কৰা হʼব। সেইবাবে মণ্ডলীসমূহে এই সময়ছোৱাত অনুগ্ৰহ কৰি কোনো আৱেদন নপঠিয়াই যেন।
▪ নতুন প্ৰকাশন উপলব্ধ:
যিচয়াৰ ভৱিষ্যতবাণী—সকলো মানৱজাতিৰ বাবে দীপ্তিস্বৰূপ, ভাগ ১ —কানাড়ী, পঞ্জাবী, তামিল, তেলেগু আৰু হিন্দী ভাষাত প্ৰকাশ পালে।
আল্লাৰ হিদায়তেই হৈছে—আমাক বেহেষ্টলৈ লৈ যোৱা ৰাস্তা —হিন্দী ভাষাত প্ৰকাশ পালে।