ছেপ্তেম্বৰ মাহৰ বাবে পৰিচৰ্য্যা সভা
নোট: অহা মাহৰ পৰা প্ৰত্যেক সপ্তাহৰ বাবে এক সেৱা সভা আযোজন তালিকাসহ আমাৰ ৰাজ্য পৰিচৰ্য্যা-য়ে প্ৰস্তুত কৰিব। “ঈশ্বৰৰ ভৱিষ্যতসূচক বাক্য” জিলা অধিৱেশনত উপস্থিত হবলৈ আৱশ্যকতাৰ অনুসৰি মণ্ডলীয়ে ব্যৱস্থা কৰিব আৰু তাৰ পাছত পৰৱৰ্তী সপ্তাহৰ সেৱা সভাত কাৰ্যক্ৰমক সাৰাংশৰূপে ৩০ মিনিটৰ ভিতৰত পুনৰ আলোচনা কৰক। অধিৱেশনৰ কাৰ্য্যক্ৰমৰ প্ৰত্যেক দিনৰ বাবে আলোচনা কৰিবলৈ আগতীয়াকৈ তিনিজন ভাইক নিযুক্ত কৰা উচিত, যিসকলে উল্লেখনীয় বিষয়বোৰক কেন্দ্ৰীভূত কৰিব। এই সু-তৈয়াৰীয়ে মণ্ডলীক নিজৰ ব্যক্তিগত আৰু পৰিচৰ্য্যাত ব্যৱহাৰ কৰিব বাবে মূখ্য বিষয়বোৰক মনত ৰাখিবলৈ সহায় কৰিব। শ্ৰোতাগণৰ মন্তব্য আৰু অনুভৱ চমু আৰু মূখ্য বিষয়ৰ ওপৰত হোৱা উচিত।
ছেপ্তেম্বৰ ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৯০
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ।
১৭ মি: “আপুনি উদ্দেশ্যৰ সৈতে কাৰ্য্য কৰিছেনে?” এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ ওপৰত পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। আমাৰ পৰিচৰ্য্যা কিতাপখনৰ ৮৮-৯ পৃষ্ঠাৰ মন্তব্য সন্মিলিত কৰক। সকলোকে পৰিচৰ্য্যা কাৰ্য্যত স্থিৰ থাকিবলৈ উৎসাহিত কৰক।
১৮ মি: “পিতৃ-মাতৃসকল—নিজৰ সন্তানৰ বাবে এক ভাল উদাহৰণ ৰাখক।” এজন প্ৰাচীনে ইয়াৰ বিষয়ে এক চমু সাৰাংশ দি, এই বিষয়টোৰ ওপৰত দুজন ভাইৰ যি পিতৃ হয়, তেওঁলোকৰ সৈতে আলোচনা কৰিব। স্কুল, দুৰদৰ্শন, অ-সাক্ষী সমন্ধীয় লোক আৰু অন্য লোকে প্ৰদৰ্শিত কৰা হানিকাৰক অভ্যাস আৰু মনোবৃত্তিৰ পৰা সূৰক্ষা দিবলৈ নিজৰ লৰা-ছোৱালীৰ প্ৰতি কেনেকৈ চিন্তা কৰে, তাৰ বিষয়ে তেওঁলোকে প্ৰকাশ কৰিব। ভাইসকলে অসন্মানীয় মনোবৃত্তি, জাগতিক কথা-বতৰা আৰু পিন্ধা-উৰা, আৰু হানিকাৰক মনোৰঞ্জনৰ বিষয়ে কথা-বতৰা হব। ভাল উদাহৰণক স্থাপন কৰাৰ আৱশ্যকতাৰ প্ৰতি মনোযোগ কৰাৰ পাছত তেওঁলোকে পৰিয়াল অধ্যয়ন, মণ্ডলীৰ সভা আৰু ক্ষেত্ৰ সেৱাৰ বাবে গভীৰভাৱে উৎসাহিত কৰিব পৰাকৈ আলোচনা কৰিব।—ছেপ্তেম্বৰ ২২, ১৯৯১, সচেতন!, ৮-৯ পৃষ্ঠা চাওঁক।
গীত ১০১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ছেপ্তেম্বৰ ১৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৭১
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।
১৫ মি: যোৱা বছৰত আমি কেনেকৈ কাৰ্য্য কৰিলোঁ? সেৱা ওভাৰচিয়াৰৰ দ্বাৰা এক ভাষণ। ১৯৯৯ চনৰ সেৱা বছৰৰ বাবে মণ্ডলীৰ ৰিপৰ্টৰ পৰা কিছুমান মূখ্য বিষয়ক পুনৰ আলোচনা কৰক। সু-কামক সম্পন্ন কৰাৰ বাবে প্ৰশংসা কৰক। যʼত আৱশ্যক তাত উন্নতি কৰিবলৈ আঙুলিয়াওঁক। বৰ্ণনা কৰক যে কেনেকৈ মণ্ডলীয়ে সভাৰ উপস্থিতি কাৰ্য্যক সম্পন্ন কৰে আৰু বাইবেল অধ্যয়ন পৰিচালনা কৰে। আহিবলগীয়া বছৰত ব্যৱহাৰিক লক্ষ্য ৰখাৰ বিষয়ে গুৰুত্ব দিয়ক।
২০ মি: “আপুনি এজন হিন্দুক কি কব?” প্ৰশ্ন আৰু উত্তৰ। এজন হিন্দুৰ ব্যক্তিৰ সৈতে সাধাৰণ বিষয়বস্তু ব্যৱহাৰ কৰি পোৱা সফলতাৰ বিষয়ে জোৰ দিয়ক আৰু দেখুৱাক যে আমি এজন তেনে ব্যক্তিৰ সৈতে কেনে ক্ষেত্ৰত একমত হওঁ। যিকোনো ধৰ্ম্মৰ লোকক সাক্ষী দিবলৈ কেনেকৈ এই পৰামৰ্শবোৰ কামত খটাব পাৰি তাক দেখুৱাক। এজন হিন্দু ব্যক্তি কিদৰে সাক্ষী দিব পাৰি তাৰে এটি সু-তৈয়াৰী প্ৰস্তুতিৰ প্ৰদৰ্শন কৰক। হিন্দু ধৰ্ম্মৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ হʼলে ফেব্ৰুৱাৰী ১৯৯৮ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ অন্তপত্ৰ; বাইবেলৰ পৰিচৰ্চ্চা কেনেকৈ আৰম্ভ আৰু একেৰাহে চলাই যাব পাৰি পুস্তিকা, পৃষ্ঠা ১৪; আৰু মানৱজাতিৰ ঈশ্বৰ অম্বেষণ (ইংৰাজী) অধ্যায় ৫ চাওঁক।
গীত ১৪০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ছেপ্তেম্বৰ ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৯৩
৫ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: স্থানীয় আৱশ্যকসমূহ।
২৫ মি: “১৯৯৯ চনৰ ‘ঈশ্বৰৰ ভৱিষ্যতসূচক বাক্য’ জিলা অধিৱেশন।” (অনুচ্ছেদ ১-১৫) প্ৰশ্ন আৰু উত্তৰ। অনুচ্ছেদ ৬, ৮, ১১, আৰু ১৫ পঢ়ক। যুক্তিসহকাৰে জোৰ দিয়ক যে আমি সমূহ অধিৱেশনৰ কাৰ্য্যক্ৰমত উপস্থিত হোৱা আৱশ্যক, আনকি শুক্ৰবাৰৰ কাৰ্য্যক্ৰমটো। অধিৱেশনৰ প্ৰত্যেক দিনা দুপৰীয়া আহাৰৰ বিষয়ে সংস্থাই দিয়া পৰামৰ্শ গুৰুত্বৰ বিষয়ে উল্লেখ কৰক।
গীত ১৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ছেপ্তেম্বৰ ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৪১
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে ছেপ্তেম্বৰ মাহৰ পৰিচৰ্য্যাৰ ৰিপৰ্ট দিবলৈ স্মৰণ কৰাওঁক। সকলোকে অক্টোবৰ মাহত আলোচনী বিতৰণত সম্পূৰ্ণৰূপে ভাগ লব বাবে আঁচনি তৈয়াৰ কৰিবলৈ উৎসাহিত কৰক। কেনেকৈ প্ৰস্তুতি তৈয়াৰ কৰিব পাৰি তাৰ বিষয়ে অক্টোবৰ ১৯৯৬ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ ৮ পৃষ্ঠাত দিয়া কিছুমান পৰামৰ্শক পুনৰ আলোচনা কৰক। চলিত আলোচনী ব্যৱহাৰ কৰি, কিছুমান ভাল বিষয়বস্তু উল্লেখ কৰি এটা বা দুটা চমুকৈ প্ৰদৰ্শন প্ৰস্তুত কৰক।
১৫ মি: প্ৰশ্ন বক্স। এজন প্ৰাচীনৰ দ্বাৰা ভাষণ।
২০ মি: “১৯৯৯ চনৰ ‘ঈশ্বৰৰ ভৱিষ্যতসূচক বাক্য’ জিলা অধিৱেশন।” (অনুচ্ছেদ ১৬-২৩) প্ৰশ্ন আৰু উত্তৰ। ১৭-২০ অনুচ্ছেদলৈকে পঢ়ক। উদ্ধৃত আৰু উল্লেখিত শাস্ত্ৰীয় পদবোৰ ব্যৱহাৰ কৰি জোৰ দিয়ক যে কিয় কাপোৰ-কানি, পিন্ধা-উৰা, আৰু আচাৰণৰ ওপৰত আমি গভীৰভাৱে মনোযোগ দিয়া আৱশ্যক।
গীত ৮৭ আৰু আৰু সমাপ্তিৰ প্ৰাৰ্থনা।