ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০৪ পৃষ্ঠা ৫
  • নতুন চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নতুন চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • চাৰ্কিট সন্মিলন কাৰ্য্যক্ৰমৰ পুনৰ নিৰীক্ষণ
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰকৃত বুদ্ধিয়ে ৰিঙিয়াই আছে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • নতুন চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০৪ পৃষ্ঠা ৫

নতুন চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম

‘শেষ-কালৰ এই ভয়ঙ্কৰ সময়ত’ আমাক ঈশ্বৰীয় জ্ঞান আৰু ঈশ্বৰৰ অনুমোদন লাভ কৰা আৱশ্যক। (২ তীম. ৩:⁠১) ২০০৫ চনৰ সেৱা বছৰত হʼবলগীয়া চাৰ্কিট সন্মিলনৰ বিষয়বস্তু হৈছে “‘ওপৰৰ পৰা অহা জ্ঞানৰ’ দ্বাৰা পৰিচালিত হোৱা।” (যাকো. ৩:⁠১৭) এই বিষয়বস্তুত আমাৰ বাবে ব্যৱহাৰিক পৰামৰ্শ আৰু উৎসাহ প্ৰদান কৰা হʼব।

প্ৰথম আলোচনা চক্ৰৰ বিষয়টো হৈছে, “আমাৰ জীৱনত ‘ওপৰৰ পৰা অহা জ্ঞান’ প্ৰকাশ কৰা।” এই আলোচনা চক্ৰই আমাক শুচি, শান্তিযুক্ত, ক্ষান্তস্বভাৱ আৰু কোমল-স্বভাৱত কি সন্মিলিত আছে, সেই বিষয়ে দৃষ্টি কৰাত সহায় কৰিব। তাৰ পিছত চাৰ্কিট অধ্যক্ষই স্বৰ্গীয় জ্ঞানৰ তিনটা দিশৰ বিষয়ে বুজাই দিব। জিলা অধ্যক্ষই, খ্ৰীষ্টান পৰিচাৰকসকলক লোকসকলে যদিও “অপণ্ডিত সামান্য মানুহ” যেন জ্ঞান কৰে, তথাপিও তেওঁলোকে ঈশ্বৰৰ জ্ঞানৰ দ্বাৰা কথোপকথন কৰিবলৈ সাজু থাকে বুলি বৰ্ণনা কৰি প্ৰথম দিনৰ কাৰ্য্যক্ৰম সমাপ্ত কৰিব।​—⁠পাঁচ. ৪:⁠১৩.

দ্বিতীয় দিনৰ আলোচনা চক্ৰৰ বিষয় হৈছে, “উন্নতিসাধক কাৰ্য্য কৰা।” এই আলোচনা চক্ৰই আমাৰ আধ্যাত্মিকতাক নষ্ট কৰা কাৰ্য্যবোৰক চিনাক্ত কৰি তাৰ পৰা বিৰত থকাত সহায় কৰিব। তদুপৰি ইয়াত বুজাই দিয়া হʼব যে কেনেকৈ আমি মণ্ডলী, প্ৰচাৰ কাৰ্য্য আৰু পৰিয়ালত আনক উৎসাহিত কৰিব পাৰোঁ। ৰাজহুৱা ভাষণৰ বিষয়বস্তু হৈছে, “ঈশ্বৰীয় জ্ঞানৰ পৰা আমি কেনেকৈ লাভৱান হʼম।” এই ভাষণত আমি ঈশ্বৰীয় সিদ্ধান্তবোৰৰ অনুসাৰে জীৱন-যাপন কৰাৰ দ্বাৰা পোৱা লাভসমূহৰ প্ৰতি গভীৰভাৱে আমাৰ মূল্যাঙ্কন বৃদ্ধি কৰিব। সমাপ্তিৰ ভাষণৰ বিষয়বস্তু হৈছে, “ঈশ্বৰীয় জ্ঞানৰ অনুসাৰে কৰা কাৰ্য্যই আমাক প্ৰতিৰক্ষা প্ৰদান কৰে।”

প্ৰত্যেক সন্মিলনৰ বৈশিষ্ট্যপূৰ্ণ বিষয়টো হৈছে নতুন শিষ্যসকলৰ বাপ্তিষ্মা। তদুপৰি কাৰ্য্যক্ৰমত ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল আৰু প্ৰহৰীবুৰুজ অধ্যয়নকো সন্মিলিত কৰা হʼব। যিহোৱাৰ ইচ্ছা এই যে আমাৰ সকলোৱে যেন তেওঁ দিয়া জ্ঞানৰ দ্বাৰা লাভৱান হওঁ। এতেকে আগন্তুক চাৰ্কিট সন্মিলনত উপস্থিত হৈ তাৰ পৰা পোৱা পৰামৰ্শ আৰু উৎসাহৰ দ্বাৰা আমি আধ্যাত্মিকভাৱে ধনৱান হʼব পাৰিম।​—⁠হিতো. ৩:⁠১৩-১৮.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক