ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০৪ পৃষ্ঠা ৫
  • চাৰ্কিট সন্মিলন কাৰ্য্যক্ৰমৰ পুনৰ নিৰীক্ষণ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চাৰ্কিট সন্মিলন কাৰ্য্যক্ৰমৰ পুনৰ নিৰীক্ষণ
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • এদিনীয়া বিশেষ সন্মিলনৰ পুনৰ নিৰীক্ষণ
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • সন্মিলনৰ কাৰ্য্যক্ৰমসমূহৰ পুনৰ নিৰীক্ষণ কৰাৰ নতুন ব্যৱস্থা
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • নতুন চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • চাৰ্কিট সন্মিলন কাৰ্য্যক্ৰমৰ পুনৰ নিৰীক্ষণ
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০৪ পৃষ্ঠা ৫

চাৰ্কিট সন্মিলন কাৰ্য্যক্ৰমৰ পুনৰ নিৰীক্ষণ

এই বিষয়বস্তু ২০০৫ চনৰ সেৱা বছৰত হʼবলগীয়া চাৰ্কিট সন্মিলনৰ পূৰ্বাভাস হিচাবে ব্যৱহাৰ কৰা হʼব। “নতুন চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম” লেখটো এই অন্তপত্ৰখনৰ ৪ পৃষ্ঠাত দিয়া হৈছে আৰু তাত বৰ্ণনা কৰা হৈছে যে কেনেকৈ পুনৰ নিৰীক্ষণ কৰিব পাৰি। পুনৰ নিৰীক্ষণৰ সময়ত এনেদৰে সময় ভাগ কৰক যাতে সকলো প্ৰশ্ন সুধিব পাৰে। সন্মিলনত প্ৰস্তুত কৰা বিষয়বোৰক কেনেকৈ ব্যৱহাৰিকৰূপে প্ৰয়োগ কৰিব পাৰি কেৱল সেই বিষয়েহে এই পুনৰ নিৰীক্ষণ কেন্দ্ৰিত কৰা উচিত।

প্ৰথম দিনা ৰাতিপুৱাৰ [বা আবেলিৰ] কাৰ্য্যক্ৰম

১. ঈশ্বৰীয় জ্ঞান লাভ কৰিবলৈ আমাক কিহে সহায় কৰিব?

২. অধিক সংখ্যক লোকক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা শুনাবলৈ আমাৰ চাৰ্কিটত থকা ভাই-ভনীসকলে কেনে প্ৰচেষ্টা কৰিছে?

প্ৰথম দিনা আবেলিৰ [বা সন্ধ্যা] কাৰ্য্যক্ৰম

৩. মানসিক আৰু আধ্যাত্মিকৰূপে দূষিত হোৱাৰ পৰা আঁতৰি থকাটো প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবে কিয় গুৰুত্বপূৰ্ণ? ইয়াৰ বাবে আমি কি কৰা আৱশ্যক?

৪. আমাৰ ভাই-ভনীসকলৰ সৈতে যে শান্তি বজাই ৰাখোঁ, তাক আমি কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ?

৫. যুক্তিসঙ্গতা কি আৰু আমি ব্যৱহাৰ কৰা সময়ৰ দ্বাৰা কেনেকৈ ইয়াক প্ৰকাশ কৰিব পাৰি?

৬. চৌল আৰু নোহৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ? কি প্ৰকাৰে প্ৰকাশ কৰি দেখুৱাম যে আমি “কোমল-স্বভাৱী”? (যাকো. ৩:⁠১৭)

৭. দুতৰপীয়া জীৱন-যাপন নকৰিবলৈ প্ৰকৃত খ্ৰীষ্টানসকলে কেনেকৈ নিজকে প্ৰতিৰক্ষা কৰিব পাৰে?

৮. ঈশ্বৰীয় জ্ঞানৰ বিষয়ে কোৱাত আমি কেনেকৈ পাঁচনি পৌলৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ?

দ্বিতীয় দিনা ৰাতিপুৱাৰ কাৰ্য্যক্ৰম

৯. আমি কৰিব লোৱা কাৰ্য্যৰ বাবে কিয় মনোযোগেৰে বাছনি কৰা উচিত আৰু কিহে আমাক উপযুক্ত বাছনি কৰাত সহায় কৰিব?

১০. আমাৰ চাৰ্কিটত থকা ভাই-ভনীসকলে নিয়মীয়াকৈ মণ্ডলীৰ সভাত উপস্থিত হʼবলৈ কেনেকৈ প্ৰচেষ্টা কৰিছে আৰু তেনে কৰাৰ দ্বাৰা তেওঁলোকে কেনে লাভৱান হৈছে?

১১. পৰিয়ালৰ মুখীয়ালসকলে কেনেকৈ তেওঁলোকৰ পৰিয়ালটোক আধ্যাত্মিকৰূপে গঢ়ি তুলিব পাৰে?

১২. আমাৰ চাৰ্কিটৰ কেনে আৱশ্যকতাৰ প্ৰতি আমাৰ ধ্যান কেন্দ্ৰীত কৰা হʼল?

দ্বিতীয় দিনা আবেলিৰ কাৰ্য্যক্ৰম

১৩. ৰাজহুৱা ভাষণত উল্লেখ কৰা অনুসাৰে ওপৰৰ পৰা অহা জ্ঞানে কেনে ধাৰ্ম্মিকতাৰ কাৰ্য্য উৎপন্ন কৰে?

১৪. আমি নিজকে বা ঈশ্বৰৰ জ্ঞানৰ দ্বাৰা পৰিচালিত নোহোৱা ব্যক্তিসকলৰ ওপৰত বিশ্বাস কৰাটো কিয় বুদ্ধিমানৰ কাৰ্য্য নহয়? কেনেবোৰ ক্ষেত্ৰত আমি নিজকে প্ৰতিৰক্ষা দিয়া উচিত?

১৫. ঈশ্বৰীয় জ্ঞানে আমাক কেনেবোৰ বিপদৰ পৰা ৰক্ষা কৰে?

১৬. চাৰ্কিট সন্মিলনত দিয়া পৰামৰ্শক পালন কৰাটো আমাৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক