চাৰ্কিট সন্মিলন কাৰ্য্যক্ৰমৰ পুনৰ নিৰীক্ষণ
তলত দিয়া প্ৰশ্নবোৰ ২০০৬ চনৰ সেৱা বছৰত হʼবলগীয়া চাৰ্কিট সন্মিলনৰ পূৰ্বাভাস হিচাপে ব্যৱহাৰ কৰা হʼব। মণ্ডলীৰ প্ৰিজাইডিং ওভাৰচিয়াৰে আগষ্ট ২০০৪ চনৰ আমাৰ ৰাজ্য পৰিচাৰ্য্যাʼৰ ৪ পৃষ্ঠাত পৰিলেখ দিয়াৰ অনুসাৰে এই ভাগটো পূৰ্বাভাস আৰু পুনৰ নিৰীক্ষণ কৰিবলৈ ব্যৱস্থা কৰিব। পুনৰ নিৰীক্ষণৰ সময়ত সন্মিলনত শিকা বিষয়বোৰ কেনেকৈ ব্যৱহাৰিকৰূপে প্ৰয়োগ কৰিব পাৰি, সেই বিষয়ে কেন্দ্ৰিত কৰি প্ৰশ্নবোৰ সোধা আৱশ্যক।
প্ৰথম দিনা
১. আমি কেনেকৈ নতুন ব্যক্তিত্ব ধাৰণ কৰিব পাৰোঁ আৰু ইয়াক কিয় বজাই ৰাখা উচিত?
২. বহুতে প্ৰচাৰ কাৰ্য্যত অধিক সময় অতিবাহিত কৰিবলৈ কেনেকৈ সক্ষম হৈছে?
৩. আমি নিজকে আনৰ সৈতে কিয় তুলনা কৰা উচিত নহয়?
৪. পৰিয়ালৰ সদস্যসকলে কেনেকৈ নিজৰ পৰিয়ালৰ মাজত নতুন ব্যক্তিত্বক প্ৰদৰ্শন কৰিব পাৰে?
৫. মণ্ডলীক আনুগত্যভাৱে সমৰ্থন কৰা কাৰ্য্যক আমি কেনেকৈ প্ৰদৰ্শন কৰিব পাৰোঁ?
৬. প্ৰচাৰ কাৰ্য্যত আমি কিয় নতুন ব্যক্তিত্বক প্ৰতিফলিত কৰা উচিত?
৭. উপযুক্তভাৱে ধ্যান কৰাত কি সন্মিলিত আছে আৰু আমি এনে ধ্যান কৰাৰ পৰা কেনেকৈ লাভৱান হʼব পাৰোঁ?
৮. কেনে গুণসমূহে আমাক যিহোৱাৰ হাতৰ দ্বাৰা সহজে গঢ় দিয়াত সহায় কৰে?
দ্বিতীয় দিনা
৯. আমাৰ মাত-কথা কিয় উত্তমভাৱে হোৱা আৱশ্যক?
১০. সহকৰ্ম্মী, সহপাঠী আৰু আনসকলৰ সৈতে হিতজনক কথোপকথন কৰি কেনে লাভৱান হʼব পাৰি?
১১. সত্যত থকা সঙ্গী ভাই-ভনীৰ সৈতে আচৰণ কৰোঁতে ইফিচীয়া ৪:২৫-৩২ পদত দিয়া পৌলৰ পৰামৰ্শক আমি কেনেকৈ পালন কৰিব পাৰোঁ?
১২. আমি আমাৰ জিভাক কেনেকৈ সন্মানীয়ভাৱে ব্যৱহাৰ কৰিব পাৰোঁ?
১৩. দুষ্ট লোকসকলৰ ওপৰত জয়ী হʼবলৈ আমি কি কৰা উচিত?
১৪. আমি জগতৰ কেনেবোৰ ক্ষেত্ৰত নিষ্কলঙ্ক হোৱাৰ পৰা আঁতৰি থকা উচিত?
১৫. নিতৌ নিজৰ ব্যক্তিত্বক কিয় নতুন কৰা আৱশ্যক আৰু আমি কেনেকৈ তেনে কৰিব পাৰোঁ?
১৬. এই বছৰৰ চাৰ্কিট সন্মিলনৰ কোনটো পৰামৰ্শক আপুনি ব্যক্তিগত জীৱনত ব্যৱহাৰ কৰিবলৈ নিশ্চিত কৰিছে?