ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৫ পৃষ্ঠা ৪
  • আপুনি হেণ্ডবিলবোৰ ব্যৱহাৰ কৰিছেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি হেণ্ডবিলবোৰ ব্যৱহাৰ কৰিছেনে?
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৫ পৃষ্ঠা ৪

আপুনি হেণ্ডবিলবোৰ ব্যৱহাৰ কৰিছেনে?

এজন ১১ বছৰীয়া লʼৰাই ৰাজহুৱা ভাষণত নৰকৰ সম্পৰ্কে আলোচনা কৰিবলগীয়া বিষয়ৰ বাবে নিমন্ত্ৰণ কৰা এখন হেণ্ডবিল পালে। পিছলৈ সেই লʼৰাজনে এইদৰে কয়: “সেই বিষয়টোৱে মোক আগ্ৰহী কৰি তুলিলে। কিয়নো মই সদায়ে বেয়া কাৰ্য্য কৰিছিলোঁ আৰু ভাবিছিলোঁ যে মই মৃত্যুৰ পিছত নৰকলৈ গৈ অগ্নিত দিনে-ৰাতিয়ে যাতনা ভূগিব লাগিব।” সেই লʼৰাজনে সেই ৰাজহুৱা ভাষণত উপস্থিত হয় আৰু প্ৰায় এবছৰ বাইবেল অধ্যয়ন কৰাৰ পিছত বাপ্তিষ্মা ললে। এইদৰে কাৰ্ল কেলৱিন নামৰ ভাইজনে নিজৰ খ্ৰীষ্টান জীৱন-যাপন আৰম্ভ কৰে আৰু পিছলৈ তেওঁ যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীৰ এজন সদস্য হৈ বহু বছৰে সেৱা কৰে। এই সকলো কেৱল এখন হেণ্ডবিলাৰ দ্বাৰা হʼল।

বৰ্তমান সময়ৰ বাবেও হেণ্ডবিলখন একেৰাহে কাৰ্য্যকাৰী হৈ আছে। বহুতো প্ৰকাশকে পাইছে যে হেণ্ডবিলখন কোনো এজন ব্যক্তিক দিয়াৰ দ্বাৰা উত্তমৰূপে কথোপকথন আৰম্ভ কৰিব পাৰি। পিতৃ-মাতৃসকলেও নিজৰ লʼৰা-ছোৱালীৰ হাতত হেণ্ডবিলখন দি সেইবোৰক বিতৰণ কৰিবলৈ কৈ তেওঁলোকক পৰিচৰ্য্যা কাৰ্য্যত ভাগ লোৱাত সহায় কৰিব পাৰে। পত্ৰ যোগেদি সাক্ষী দিয়া প্ৰকাশকসকলে হেণ্ডবিলখন পত্ৰৰ সৈতে পঠিয়াই সভাৰ বিষয়ে জনাব পাৰে। তদুপৰি হেণ্ডবিলখন হৈছে আমাৰ বাইবেল বিদ্যাৰ্থী আৰু আন আগ্ৰহী ব্যক্তিসকলক খ্ৰীষ্টান সভালৈ আমন্ত্ৰণ কৰাৰ এক সহজ উপায়।

আপুনি পৰিচৰ্য্যা কাৰ্য্যত হেণ্ডবিলবোৰ কাৰ্য্যকাৰীভাৱে ব্যৱহাৰ কৰিছেনে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক