ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৫ পৃষ্ঠা ৪
  • ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৫ পৃষ্ঠা ৪

ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ

তলত দিয়া প্ৰশ্নসমূহ ২০০৫ চনৰ আগষ্ট মাহৰ ২৯ তাৰিখে আৰম্ভ হʼবলগীয়া ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত মৌখিকভাৱে আলোচনা কৰা হʼব। স্কুল অধ্যক্ষজনে এই পুনৰ নিৰীক্ষণটো ৩০ মিনিটত সমাপ্তি কৰিব। ইয়াত দিয়া প্ৰশ্নসমূহ ২০০৫ চনৰ জুলাই ৪ তাৰিখৰ পৰা লৈ আগষ্ট ২৯ তাৰিখৰ নিযুক্তিসমূহৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। [টোকা: যি প্ৰশ্নসমূহৰ পিছত কোনো উদ্ধৃতি দিয়া নাই, সেইবোৰ বিষয়ত আপুনি নিজেই অনুসন্ধান কৰি উত্তৰ দিয়া আৱশ্যক।​—⁠পৰিচৰ্য্যা স্কুল, কিতাপৰ ৩৬-৩৭ পৃ. চাওক।]

বক্তৃতাৰ বৈশিষ্ট্য

১. আমাৰ আশাৰ বিষয়ে যেতিয়া আমি আনক কওঁ, তেতিয়া আমি “সকলো মানুহৰ” প্ৰতি কেনেকৈ যুক্তিযুক্ততা হʼব পাৰোঁ আৰু তেনে হোৱাটো কিয় গুৰুত্বপূৰ্ণ? (ফিলি. ৪:⁠৫; যাকো. ৩:⁠১৭) [be ২৫১ পৃ. ১-৩ অনু. বক্স]

২. কেতিয়া যুক্তিযুক্ততা হʼব লাগে, সেই বিষয়ে আমি বুজি পোৱাৰ দ্বাৰা আনৰ সৈতে সফলতাৰে আচৰণ কৰিবলৈ কেনেকৈ সহায় কৰিব? [be ২৫৩ পৃ. ১-২ অনু.]

৩. আমি আনক কোনো এটা বিষয়ৰ কাৰণ বুজি পোৱাত সহায় কৰিবলৈ কিয় নিপুণতাৰে প্ৰশ্নবোৰ ব্যৱহাৰ কৰা আৱশ্যক? [be ২৫৩ পৃ. ৩-৪ অনু.]

৪. এটা ভাষণ প্ৰত্যয়জনকভাৱে দিবলৈ কেনেবোৰ কাৰণক বিবেচনা কৰা উচিত? [be ২৫৫ পৃ. ১-৪ অনু., বক্স; ২৫৬ পৃ. ১ অনু., বক্স]

৫. কোনো এক শাস্ত্ৰীয় পদৰ যুক্তিযুক্ততাক সমৰ্থন কৰিবলৈ বাইবেলৰ বাহিৰে আন প্ৰমাণ দাঙি ধৰিবলৈ নিৰ্ণয় কৰাৰ সময়ত আমি কিহৰ বিষয়ে মনত ৰাখা উচিত? [be ২৫৬ পৃ. ৩-৫ অনু., বক্স]

ভাষণ নং ১

৬. যীচুৰ ঐতিহাসিক বাস্তৱিকাতৰ বিষয়ে কেনে প্ৰমাণসমূহে স্পষ্টকৈ সাক্ষী দিছে? [w03 ৬/১৫ ৪-৭ পৃ.]

৭. কেনেকৈ “সৰলবিলাকৰ মুখে তেওঁবিলাকক ৰক্ষা” আৰু “ধাৰ্ম্মিকবিলাকৰ ঘৰ-বাৰী থিৰে থাকে”? (হিতো. ১২:⁠৬, ৭) [w03 ১/১৫ ১-৩ অনু.]

৮. যিহেতু বাইবেলত কি কৰা বা নকৰা আৱশ্যক সেই বিষয়ে কোনো তালিকা দিয়া নাই, তেনেহʼলে আমি কেনেকৈ ‘যিহোৱাৰ ইচ্ছা কি, সেই বিষয়ে জ্ঞাত’ হʼব পাৰিম? (ইফি. ৫:⁠১৭) [w03 ১২/১ ২১ পৃ. ৩ অনু.–২২ পৃ. ৩ অনু.]

৯. দৰিদ্ৰতা বা আৰ্থিক অৱস্থা অৱনতি হোৱা পৰিস্থিতিৰ সৈতে সফলতাৰে সম্মুখীন হʼবলৈ কেনে বাইবেল সিদ্ধান্তই আমাক সহায় কৰিব পাৰে? [w03-AE ৮/১ ৫ পৃ. ২-⁠৫ অনু.]

১০. উদাৰশীলতাৰে দান কৰা যিহোৱাৰ আৰ্হিয়ে আমাক কেনেকৈ প্ৰভাৱিত কৰে? (মথি ১০:⁠৮) [w03 ৮/১ ২০-২২ পৃ.]

সপ্তাহিক বাইবেল পাঠ

১১. চলোমনে মন্দিৰত নিৰ্মাণ কৰা যাখীন আৰু বোৱজ নামৰ স্তম্ভ দুটাই কিহক বুজাইছে? (১ ৰাজা. ৭:⁠১৫-⁠২২)

১২. চলোমন ৰজাই গালীল প্ৰদেশৰ ২০ খন চহৰ তূৰ নগৰৰ হীৰম ৰজাক উপহাৰ হিচাপে দিয়াটো মোচিৰ ব্যৱস্থাৰ সামঞ্জস্যত আছিলনে? (১ ৰাজা. ৯:⁠১০-⁠১৩)

১৩. ‘ঈশ্বৰৰ এজন লোকে’ অৱজ্ঞাকাৰী হোৱাৰ বৃতান্তৰ পৰা আমি কি শিকিব পাৰোঁ? (১ ৰাজা. ১৩:⁠১-⁠২৫)

১৪. যিহূদাৰ ৰজা আচাই কেনেকৈ সাহসিকতাৰ প্ৰমাণ দিলে আৰু আমি তেওঁৰ আৰ্হিৰ পৰা কি শিকিব পাৰোঁ? (১ ৰাজা. ১৫:⁠১১-⁠১৩)

১৫. আহাব আৰু নাবোতৰ ঘটনাটোৱে কেনেকৈ আত্মব্যথা কৰাৰ বিপদৰ বিষয়ে দাঙি ধৰিছে? (১ ৰাজা. ২১:⁠১-⁠১৬)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক