ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৫ পৃষ্ঠা ৫
  • চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • বাপ্তিষ্মাৰ পাছতো ‘নতুন পুৰুষক’ পিন্ধি থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • চাৰ্কিট সন্মিলন কাৰ্য্যক্ৰমৰ পুনৰ নিৰীক্ষণ
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • নতুন চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • “নতুন পুৰুষক পিন্ধা”
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৫ পৃষ্ঠা ৫

চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম

ভ্ৰষ্ট জগতখনৰ এই অন্তিম সময়ছোৱাত আমি আমাৰ আধ্যাত্মিকতা বজাই ৰাখি খ্ৰীষ্টান ব্যক্তিত্বক ৰক্ষা কৰাটো অতি গম্ভীৰ বিষয়। (প্ৰকা. ১৬:⁠১৫) গতিকে উপযুক্তভাৱে ২০০৬ চনৰ সেৱা বছৰত হʼবলগীয়া চাৰ্কিট সন্মিলনৰ বিষয়বস্তু হৈছে “নতুন ব্যক্তিত্বক পৰিধান কৰা।”​—⁠কল. ৩:⁠১০.

প্ৰথম দিনা: প্ৰথম আলোচনা চক্ৰত চৰ্চ্চা কৰা “নতুন ব্যক্তিত্বৰ বহুতো দিশবোৰ” নামৰ বিষয়টোৰ অন্তৰ্গত আমাৰ জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰত নতুন ব্যক্তিত্ব বিকশিত কৰি পোৱা লাভসমূহৰ বিষয়ে আলোকপাত কৰা হʼব। আমি কেনেকৈ নতুন ব্যক্তিত্বক বিকশিত কৰিব পাৰোঁ? সেই সম্পৰ্কে প্ৰথম দিনা শেষৰ দুটা ভাষণত আলোচনা কৰা হʼব। সেই দুটা ভাষণৰ বিষয়বস্তু হৈছে, “উপযুক্তভাৱে ধ্যান কৰিবলৈ নিজকে অনুশাসন কৰা” আৰু “নতুন ব্যক্তিত্বৰ সাঁচত ঢালা।”

দ্বিতীয় দিনা: নতুন ব্যক্তিত্বই আমাৰ মাত-কথাত কেনেকৈ প্ৰভাৱিত কৰে, সেই বিষয়ে দ্বিতীয় দিনৰ আলোচনা চক্ৰত বিবেচনা কৰা হʼব। সেই আলোচনা চক্ৰৰ বিষয়বস্তু হৈছে, “জ্ঞানী লোকৰ মাত-কথা বিকশিত কৰক।” ৰাজহুৱা ভাষণত আলোচনা কৰিবলগীয়া বিষয়বস্তু হৈছে, “আপুনি দুষ্ট লোকৰ ওপৰত জয়ী হৈছেনে?” এই ভাষণত চয়তানৰ নানা কৌশলবোৰ চিনাক্ত কৰি তাৰ পৰা সাৱধানে থাকিবলৈ সতৰ্ক কৰা হʼব। সন্মিলনৰ শেষৰ দুটা ভাষণৰ বিষয়বস্তু হৈছে, “সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা” আৰু “নিতৌ নিজৰ আন্তৰিক ব্যক্তিত্বক নতুন কৰা।” এই দুটা ভাষণে আমাক ঈশ্বৰ স্তৰৰ বিৰুদ্ধে থকা মনোবৃত্তি আৰু আচাৰ-ব্যৱহাৰক ত্যাগ কৰি আনুগত্যৰে যিহোৱাৰ উপাসনা কৰিবলৈ সহায় কৰিব।

এনে উৎসাহজনক পৰামৰ্শ আৰু নিৰ্দ্দেশনা লাভ কৰি নতুন ব্যক্তিত্ব বজাই ৰাখিবলৈ আমি কিমান যে আগ্ৰহেৰে বাট চাই আছোঁ!

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক