“নতুন পুৰুষক পিন্ধা”
১ সত্যক জনাৰ বাবে খ্ৰীষ্টানসকলে হৃদয়েৰে প্ৰশংসা কৰে! আমি শিকিছোঁ যে কেনেকৈ আমাক জগতৰ জীৱন-প্ৰণালীৰ পৰা আতঁৰি শুদ্ধৰূপে জীৱন-যাপন কৰা উচিত। “ঈশ্বৰে দিয়া জীৱনৰ ভাগী” নোহোৱাৰ অৰ্থ হৈছে তেওঁলোকৰ “চিত্ত আন্ধাৰময়।” (ইফি. ৪:১৮) পুৰাতন পুৰুষক ত্যাগ কৰি নতুন পুৰুষক পিন্ধাৰ দ্বাৰা আমি আমাৰ হৃদয়ক জাগতিক বিচাৰ-ধাৰাৰ পৰা আতঁৰাই ৰাখিবলৈ শিক্ষা পাওঁ।—ইফি. ৪:২২-২৪.
২ পুৰাতন পুৰুষে একেৰাহে নৈতিক অধঃপতনৰ ফালে পৰিচালিত কৰে, যাৰ পৰিণাম হৈছে ভ্ৰষ্টতা আৰু মৃত্যু। সেইবাবে, যিসকলে ৰাজ্যৰ বাৰ্ত্তা গ্ৰহণ কৰিব তেওঁলোকক ক্ৰোধ, খং, দুষ্টতা, অপমানজনক বক্তৃতা আৰু অশ্লীল কথা-বতৰা ত্যাগ কৰিবলৈ আমি আন্তৰিকতাৰে নিবেদন জনাইছোঁ। যিসকলে ঈশ্বৰৰ অনুগ্ৰহ পাবলৈ ইচ্ছা কৰে তেওঁলোকে পুৰাতন পুৰুষক দৃঢ়সংকল্পৰে আৰু সম্পূৰ্ণৰূপে ত্যাগ কৰা উচিত—যিদৰে অপৰিষ্কাৰ পোচাক সোলকাই পেলোৱা হয়।—কল. ৩:৮, ৯.
৩ মনৰ আত্মাত নতুন হোৱা: নতুন পুৰুষক পিন্ধাৰ সৈতে সন্মিলিত আছে আমাৰ নিজ মনৰ আত্মা নতুন হোৱা। (ইফি. ৪:২৩) কেনেকৈ এজনে সেই আত্মাক বা মানসিক নিয়ন্ত্ৰণক নকৈ গঢ়ি তুলিব যাতে সঠিক দিশত চলিব পাৰে? ঈশ্বৰৰ বাক্যক যত্নেৰে আৰু নিয়মীয়াকৈ অধ্যয়ন কৰা আৰু ইয়াৰ অৰ্থৰ ওপৰত ধ্যান কৰাৰ দ্বাৰা ইয়াক কৰিব পাৰি। তেতিয়া, নতুন চিন্তা-ধাৰাৰ আদৰ্শ উন্নত হয় আৰু ব্যক্তিজনে ঈশ্বৰ আৰু খ্ৰীষ্টৰ দৃষ্টিভঙ্গীৰে বস্তুবোৰত দৃষ্টি কৰে। ব্যক্তিজনৰ জীৱন পৰিবৰ্তন হয় যেতিয়া তেওঁ নিজে খ্ৰীষ্টৰূপী গুণবোৰৰ কাপোৰ পিন্ধে, যʼত সন্মিলিত আছে কৰুণাময় স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা, চিৰসহিষ্ণুতা আৰু প্ৰেম।—কল. ৩:১০, ১২-১৪.
৪ নতুন পুৰুষক পিন্ধাৰ দ্বাৰা আমি নিজকে জগতৰ পৰা পৃথক কৰোঁ। আমাৰ নতুন জীৱন-প্ৰণালীয়ে আমাক ভিন্নৰূপে প্ৰস্তুত কৰে। আমি সত্য কওঁ আৰু উৎসাহজনক কথা-বতৰাৰে অন্যলোকক উৎসাহিত কৰোঁ। আমি আমাৰ ক্ৰোধক দমন কৰোঁ আৰু ইতিকিং, চিঞৰ-বাখৰ, কটু-বাক্য আৰু সকলো বেয়া কাৰ্য্য ত্যাগ কৰি তাৰ ঠাইত ঈশ্বৰীয় গুণ ধাৰ্ম্মিকতা প্ৰদৰ্শন কৰোঁ। ক্ষমাৰ ক্ষেত্ৰত আমি সেই সীমালৈকে যাওঁ যিটো সাধাৰণতে প্ৰয়োজন। এই সকলোবোৰ হৃদয়ৰে ইচ্ছাপূৰ্বকভাৱে কৰা হয়।—ইফি. ৪:২৫-৩২.
৫ কেতিয়াও নতুন পুৰুষক ত্যাগ নকৰিব। কিয়নো ইয়াৰ অবিহনে আমি কেতিয়াও যিহোৱাক গ্ৰহণযোগ্য সেৱা দিব নোৱাৰো। ই লোকসকলক সত্যৰ কাষ চাপিবলৈ আৰু আমাৰ অৰ্পূব নতুন পুৰুষৰ সৃষ্টিকৰ্ত্তা, যিহোৱাক মহিমা কৰিবলৈ সহায় কৰে।—ইফি. ৪:২৪.