আমাৰ মহান সৃষ্টিকৰ্ত্তাই আমাৰ বাবে চিন্তা কৰে!
১ অৱজ্ঞাকাৰী ইস্ৰায়েলক তেওঁৰ যুক্তিপূৰ্ণ প্ৰচেষ্টাৰে, যিহোৱাই সুধিছিল: ‘তুমি জানো জনা নাই? তুমি জানো শুনা নাই? অনাদি অনন্ত ঈশ্বৰ যিহোৱাই, পৃথিবীৰ সীমাবোৰৰ সৃষ্টিকৰ্ত্তা।’ (যিচ. ৪০:২৮) আমি আমাৰ মহান সৃষ্টিকৰ্ত্তাক জানো আৰু দেখা পাওঁ যে কিমান স্নেহপূৰ্ণৰে তেওঁ আমাৰ তত্ত্বাৱধান লয়। যিহেতু, লাখ লাখ লোকে তেওঁৰ অস্তিত্বৰ সম্পৰ্কে সন্দেহ কৰে বা তেওঁৰ প্ৰতি এই মনোভাৱ ৰাখে যে বাইবেলত তেওঁৰ বিষয়ে যি পোৱা যায় সেইবোৰৰ লগত কোনো মিল নাখায়। আমি কেনেকৈ তেওঁলোকক সহায় কৰিব পাৰোঁ?
২ এনে সৃষ্টিকৰ্ত্তা আছেনে যিজনে আমাৰ বাবে চিন্তা কৰে? (ইংৰাজী) এই নতুন কিতাপখন এনেধৰণৰ লোকসকলক সহায় কৰিবলৈ প্ৰস্তুত কৰা হৈছে। ই তথ্যবোৰক যুক্তিপূৰ্ণৰে ভাবিবলৈ লোকসকলক আমন্ত্ৰণ কৰে। ইয়াক পঢ়া লোকসকলক এই কিতাপখনত থকা নিগূঢ়তত্ব বিষয় আৰু প্ৰবৃত্তিজনক সমৰ্থনে আকৰ্ষিত কৰা উচিত।
৩ সৃষ্টিকৰ্ত্তা কিতাপখনৰ সৈতে পৰিচিত হওঁক: প্ৰত্যেক সাৰাংশৰ মূল বিষয়বস্তুৰ এটা মৌলিক পৰিলেখ মনত সৃষ্টি কৰক। অধ্যায় ২ পৰা ৫ লৈকে কেনেকৈ বিশ্বব্ৰহ্মাণ্ড, জীৱন আৰু মানুহ অস্তিত্বলৈ আহিল আৰু ইয়াৰ উদ্দেশ্য কি তাৰ বিষয়ে বিবেচনা কৰা হৈছে। অধ্যায় ৬ পৰা ৯ লৈকে বাইবেল আৰু ইয়াৰ লিখকৰ বিষয়ে, আৰু বিষেশকৈ সৃষ্টিৰ বিষয়ে আদিপুস্তকত থকা ৰেকৰ্ড নিৰ্ভৰযোগ্য হয় নে নহয় ইয়াৰ বৰ্ণনা কৰিছে। ১০ অধ্যায়ত প্ৰশ্নবোৰৰ ভিতৰত থকা এটা বহু জটিল প্ৰশ্নৰ সন্তোষজনক উত্তৰ দিছে যিটো মানুহে সুধে: “যদি সৃষ্টিকৰ্ত্তাই আমাৰ বাবে চিন্তা কৰে, তেনেহʼলে ইমান দুঃখ-কষ্ট কিয় অনুমতি দিছে?”
৪ যিসকলে সন্দেহ কৰে তেওঁলোকৰ সৈতে যুক্তিপূৰ্ণ হবলৈ চেষ্টা কৰক: সৃষ্টিকৰ্ত্তা কিতাপখনৰ ৭৮-৯ পৃষ্ঠাত এটা যুক্তিপূৰ্ণ বাক্য দিয়া আছে, যিয়ে অন্য লোকসকলে যাতে ঈশ্বৰৰ বিষয়ে সঠিক সিদ্ধান্তত উপনীত হব পাৰে তাৰ সম্পৰ্কে বুজাবলৈ আপোনাক সহায় কৰিব। তেওঁলোকক সোধক: “বিশ্বব্ৰহ্মাণ্ডক সৃষ্টি কৰা হৈছেনে? বহুতে হৈছে বুলি মান্তি হব। যদি সেইদৰে, তেন্তে সোধক: “কোনো কাৰণ নোহোৱাকৈ ইয়াক সৃষ্টি কৰা হলনে বা ইয়াৰ কোনো কাৰণ আছিল নে?” বহুতে স্বীকাৰ কৰে যে ইয়াৰ কাৰণ আছিল। এইটোৱে শেষ প্ৰশ্নলৈ পৰিচালিত কৰে: “বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কোনো চিৰস্থায়ী বস্তুৰ দ্বাৰা হৈছিল, নে কোনো চিৰস্থায়ী এজনাৰ দ্বাৰা হৈছিল?” ইয়াৰ দ্বাৰা বহুতকে বুজিবলৈ সহায় কৰিব পাৰে যে নিশ্চয় ইয়াৰ এজন সৃষ্টিকৰ্ত্তা আছে।
৫ প্ৰকৃততে সৃষ্টিকৰ্ত্তা কিতাপখনেই বহুতো লোকৰ আৱশ্যকতাক পূৰ্ণ কৰিব। আপোনাৰ আত্মীয়-সমন্ধীয়, সহকৰ্মী, সহপাঠী আৰু অন্য পৰিচিত ব্যক্তিসকলৰ সৈতে ইয়াক প্ৰয়োগ কৰক। ইয়াক আপোনাৰ পৰিচৰ্য্যাৰ সময়ত লগত ৰাখক যাতে আপুনি সাক্ষাত কৰা ব্যক্তিসকল, যিসকলে ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে সন্দেহ কৰে তেওঁলোকক দিব পাৰে। যিমানে আমি এই কিতাপখনৰ সৈতে পৰিচিত হম, সিমানে আমাৰ সৃষ্টিকৰ্ত্তাৰ প্ৰতি প্ৰেম বৃদ্ধি হব আৰু তেওঁৰ উচ্চ মানদণ্ডৰ সৈতে একেৰাহে চলি থাকিবলৈ আমাক সহায় কৰিব।—ইফি. ৫:১; প্ৰকা. ৪:১১.