ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w৯৯ ৬/১৫ পৃষ্ঠা ১৯-২৪
  • আপোনাৰ সৃষ্টিকৰ্ত্তা—তেওঁ কি ধৰণৰ তাক জানক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ সৃষ্টিকৰ্ত্তা—তেওঁ কি ধৰণৰ তাক জানক
  • ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • তেওঁ কি ধৰণৰ তাক প্ৰকাশ কৰে
  • এজন মহান শিক্ষকে ঈশ্বৰৰ বিষয়ে জানিবলৈ আমাক সহায় কৰে
  • তেওঁৰ বিষয়ে জানিবলৈ আপুনি আনক কেনেকৈ সহায় কৰিব?
  • আমাৰ মহান সৃষ্টিকৰ্ত্তাই আমাৰ বাবে চিন্তা কৰে!
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস দৃঢ় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • সৃষ্টিকৰ্ত্তাই আপোনাৰ জীৱনত অৰ্থ প্ৰদান কৰিব পাৰে
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • এজন সেনাপতি আৰু এজনী সৰু ছোৱালী
    বাইবেলৰ পৰা শিকোঁ আহা
আৰু চাওক
১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
w৯৯ ৬/১৫ পৃষ্ঠা ১৯-২৪

আপোনাৰ সৃষ্টিকৰ্ত্তা—তেওঁ কি ধৰণৰ তাক জানক

“মই তোমাৰ আগেদি মোৰ সকলো শ্ৰেষ্ঠত্ব গমন কৰাম, আৰু তোমাৰ আগত যিহোৱাৰ নাম ঘোষণা কৰিম।”—যাত্ৰাপুস্তক ৩৩:১৯.

১. সৃষ্টিকৰ্ত্তাই সমাদৰৰ যোগ্য কিয় হয়?

পাঁচনি যোহনে, বাইবেলৰ শেষৰ পুস্তকখনত সৃষ্টিকৰ্ত্তাৰ সম্পূৰ্ণ ঘোষণা বৰ্ণনা কৰি এইদৰে লিখিছে: “হে আমাৰ প্ৰভু [যিহোৱা, NW] ঈশ্বৰ, তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলেকে স্ৰজিলা; তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হল; সকলো সৃষ্ট হল।” (প্ৰকাশিত বাক্য ৪:১১) যেনেকৈ আগৰ অধ্যয়নত কোৱা হৈছে যে আধুনিক দিনৰ বৈজ্ঞানিকসকলে যিবোৰ বিচাৰি উলিয়াছে তাৰ পৰা আমি সৃষ্টিকৰ্ত্তাই যে এই সকলো সৃষ্টি কৰিলে তাক বিশ্বাস কৰিবলৈ বহুত কাৰণ পাওঁ।

২, ৩. (ক) মানুহে সৃষ্টিকৰ্ত্তাৰ সম্বন্ধে কি শিকা আৱশ্যক? (খ) ব্যক্তিগতৰূপে সৃষ্টিকৰ্ত্তাক সাক্ষাৎ কৰাটো কিয় যুক্তিসঙ্গত নহয়?

২ সৃষ্টিকৰ্ত্তাক স্বীকাৰ কৰাটো যিমান আৱশ্যক ঠিক সিমানে তেওঁ কিধৰণৰ ব্যক্তি তাক জনাটোও আৱশ্যক—তেওঁ ব্যক্তিত্বৰ সৈতে এজন বাস্তৱিক ব্যক্তি আৰু তেওঁৰ পথত সকলোকে নিজৰ কাষলৈ আনে। যিমান পৰ্য্যন্ত তেওঁক নাজানক কিয়, তেওঁৰ বিষয়ে আৰু বেছিকৈ জনাটো উত্তম নহবনে? এনে কৰোঁতে আমি আন ব্যক্তিক সাক্ষাৎ কৰাৰদৰে তেওঁক ব্যক্তিগতৰূপে সাক্ষাৎ কৰাৰ আৱশ্যক নাই।

৩ যিহোৱাই সকলো নক্ষত্ৰসমষ্টিৰ উৎস, তাৰে ভিতৰত আমাৰ সূৰ্য্যটো এটা মাত্ৰ মজলীয়া আকাৰৰ নক্ষেত্ৰ। আপুনি ভাৱিব পাৰেনে যে আমি সূৰ্য্যটোৰ সৈতে শাৰীৰিক সম্বন্ধ ৰাখিব পাৰোঁ? অৱশ্যে নোৱাৰোঁ! প্ৰায় বেছি সংখ্যক মানুহে নিজ শৰীৰৰ ছালৰ প্ৰতি চকু ৰাখে বা তেওঁলোকৰ ছালত যাতে সূৰ্য্যৰ শক্তিশালী ৰশ্মি পৰে তাৰ বাবে বহুসময় ধৰি ৰʼদ লয়। ইয়াৰ মাজ অংশৰ তাপৰ পৰিমাণ হৈছে প্ৰায় ১৫,০০০০০০ ডিগ্ৰী চেলছিয়াচ্‌ (২৭,০০০০০০০ফ্ৰা.)। প্ৰতি ছেকেণ্ডত এই অগ্নি পিণ্ডটোৱে চল্লিছ লাখ টন পৰিমানে শক্তি বাহিৰলৈ নিৰ্গত কৰে। পৃথিৱীলৈ মাত্ৰ এক ক্ষুদ্ৰ পৰিমানৰ তাপ আৰু পোহৰ আহে যাৰ বাবে সকলো প্ৰাণী জীয়াই থাকে। এই প্ৰধান সত্যতাই আমাক স্মৰণ কৰাই দিয়ে যে সৃষ্টিকৰ্ত্তা বহু শক্তিশালী। উপযুক্তৰূপে যিচয়া ভৱিষ্যতবক্তাই লিখিব পাৰিছিল যে ‘সেই জনাৰ [সৃষ্টিকৰ্ত্তা] অধিক সমৰ্থ আৰু বহু পৰাক্ৰম আছে।’—যিচয়া ৪০:২৬.

৪. মোচিয়ে কি সুধিছিল আৰু যিহোৱাই তাৰ উত্তৰ কেনেকৈ দিলে?

৪ সা.যূ.পূ. ১৫১৩ চনত ইস্ৰায়েলসকলে মিচৰ ত্যাগ কৰাৰ কিছুমাহৰ পাছত মোচিয়ে কি কৈছিল তাক জানেনে, তেওঁ কৈছিল: “বিনয় কৰিছোঁ, তুমি মোক তোমাৰ প্ৰতাপ দেখিবলৈ দিয়া।” (যাত্ৰাপুস্তক ৩৩:১৮) মন কৰক যে ঈশ্বৰ হৈছে সূৰ্য্যৰো সৃষ্টিকৰ্ত্তা, সেইবাবে তেওঁ মোচিক কৈছিল: “তুমি মোৰ মুখ দেখা পাব নোৱাৰা; কাৰণ মানুহে মোক দেখিলে নিজীব।” সৃষ্টিকৰ্ত্তাই “গমন কৰা সময়ত” মোচিক চীনয় পৰ্ব্বতৰ গোপন স্থানত থাকিবলৈ অনুমতি দিছিল। মোচিক ঈশ্বৰে তেওঁৰ “পিঠিভাগ” প্ৰকাশ কৰিলে, এইটো এক প্ৰকাৰে সৃষ্টিকৰ্ত্তাৰ প্ৰতাপ মাৰ যোৱা বা তেওঁৰ উপস্থিতিৰ পিছত আতঁৰি যোৱাৰ সময় আছিল।—যাত্ৰাপুস্তক ৩৩:২০-২৩; যোহন ১:১৮.

৫. সৃষ্টিকৰ্ত্তাই কিদৰে মোচিৰ অনুৰোধ ৰাখিলে, তাৰ দ্বাৰা কি প্ৰমাণ কৰিলে?

৫ মোচিয়ে সৃষ্টিকৰ্ত্তাক ভালদৰে নজনাকৈ নাথাকিল। ঈশ্বৰে মোচিৰ সৈতে স্বৰ্গদূতৰ জৰিয়তে ঘোষণা কৰিছিল: “যিহোৱাই কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান; হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁতা; অপৰাধ, আজ্ঞালঙ্ঘন, আৰু পাপ ক্ষমা কৰোঁতা; তথাপি তেওঁ নিশ্চয়ে দোষীক নিৰ্দ্দোষী নকৰে।” (যাত্ৰাপুস্তক ৩৪:৬, ৭) ইয়াৰ পৰা এইটো জানিব পাৰি যে সৃষ্টিকৰ্ত্তাক জানিবলৈ চকুৰে চোৱাৰ আৱশ্যকতা নাই কিন্তু সম্পূৰ্ণৰূপে এইটো বুজাৰ আৱশ্যক আছে যে তেওঁ কেনেকুৱা, তেওঁৰ ব্যক্তিত্ব আৰু চৰিত্ৰ কেনে ধৰণৰ?

৬. বেমাৰৰ সৈতে যুঁজ কৰা আমাৰ শাৰীৰিক শক্তি কিয় আচৰিতজনক?

৬ এক প্ৰকাৰে আমি তেওঁ সৃষ্টি কৰা বস্তুসমূহক বিবেচনা কৰি তেওঁৰ গুণসমূহ জানিব পাৰোঁ। আপোনাৰ শৰীৰৰ প্ৰতিৰোধ শক্তি প্ৰণালীৰ কথা বিবেচনা কৰক। চাইন্স অমেৰিকান আলোচনীয়ে শৰীৰৰ প্ৰতিৰোধ শক্তি সম্পৰ্কে লিখা এক বিৱৰণীত এইদৰে কৈছে: “বেমাৰৰ সৈতে যুজ কৰা শক্তি জন্মৰ আগৰ পৰা মূত্যু পৰ্য্যন্ত শৰীৰত একেৰাহে কাৰ্য্য কৰি থাকে। বেলেগ বেলেগ প্ৰকাৰৰ অনু আৰু পৰমাণু আৰু কোশসমূহে . . . বেমাৰ বিয়পোৱা বেক্টেৰীয়ৰ পৰা আমাক ৰক্ষা কৰে। আমাক যদি এইবোৰে ৰক্ষা নকৰে, তেতিয়াহʼলে আমি জীয়াই থাকিব নোৱাৰিম।” কিন্তু আমাৰ শৰীৰে বেমাৰৰ সৈতে যুঁজ কৰিবলৈ শক্তি কৰ পৰা লাভ কৰে? সেই আলোচনীৰ এটা লিখনীত এইদৰে কৈছে: “গৰ্ভধাৰণৰ ৯ সপ্তাহৰ পাছত কিছুমান এনেধৰণৰ কোষৰ উৎপন্ন হয় যাৰ দ্বাৰা আগলৈ যুঁজ কৰিব পৰা কোষৰ উৎপন্ন হয় যি বেক্টেৰীয় আৰু বিজাণুৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰে। এজনী গৰ্ভৱতী স্ত্ৰীৰ শৰীৰত বৃদ্ধি হোৱা ভ্ৰুণক বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ শক্তি প্ৰদান কৰে। পাছলৈ মাকৰ স্তন পান কৰি তাৰ পৰা নিৰ্গত হোৱা গাখীৰে শিশুৰ শৰীৰত কিছুমাত্ৰাত কোষ আৰু ৰাসায়ন প্ৰদান কৰি ৰোগৰ বিজাণু প্ৰতিৰোধ কৰে।

৭. আমি আমাৰ শৰীৰত থকা বেমাৰৰ পৰা ৰক্ষা কৰা শক্তিৰ বিষয়ে কি কব পাৰোঁ, ই আমাক কি সিদ্ধান্তত উপনীত হবলৈ পৰিচলনা কৰে?

৭ তেতিয়াহʼলে আপুনি বিশ্বাস কৰিব পাৰে যে আপোনাৰ শৰীৰে বেমাৰৰ সৈত যুঁজ কৰা যি প্ৰতিৰোধ শক্তি, বৰ্তমান সময়ৰ কোনো দক্ষতা থকা ডাক্টৰে দিব নোৱাৰে। নিজকে প্ৰশ্ন কৰক, ‘ই আমাক ইয়াৰ সৃষ্টিকৰ্ত্তা আৰু প্ৰৱন্ধকৰ্ত্তাৰ সম্পৰ্কে কি কয়?’ গৰ্ভ-ধাৰণ কৰা ৯ সপ্তাহৰ পাছত উৎপন্ন হোৱা এই কোষবিলাক, শিশু জন্ম হোৱা সময়ৰ পৰা তাক ৰক্ষা কৰিবলৈ প্ৰস্তুত থাকে। ইয়াৰ পৰা ইয়াক সৃষ্টি কৰা ব্যক্তিৰ জ্ঞান আৰু দূৰদৰ্শীতাৰ প্ৰকাশ পায়। কিন্তু কি আমি আমাৰ শৰীৰত থকা এই শক্তিৰ পৰা সৃষ্টিকৰ্ত্তাজনৰ সম্পৰ্কে আৰু অধিক বিবেচনা কৰিব পাৰোঁনে? আমাৰ বেছিভাগ লোকেই এলবাৰ্ট্‌ স্বাইট্‌জৰ আৰু তেনে ধৰণৰ বহুতো ব্যক্তিৰ বিষয়ে কি কʼব যিসকলে নিজৰ জীৱন দুখীয়া আৰু সামাজিকভাৱে বঞ্চিত থকা ব্যক্তিসকলক সহায় কৰিবলৈ আৰু চিকিৎসা ব্যৱস্থাৰ বাবে অৰ্পণ কৰিছিল? সাধাৰণতে আমি তেনে ভাল গুণ থকা যেনে দয়াশীল মানৱ হিতকাৰী লোকক ভাল বুলি কম। তুলনাত্মকৰূপে, যিজনে দুখীয়া আৰু ধনী এই দুয়োকে বেমাৰৰ পৰা ৰক্ষা কৰা প্ৰতিৰোধ শক্তি দিলে আমি তেনে সৃষ্টিকৰ্ত্তা সম্পৰ্কে কি কʼব পাৰোঁ? স্পষ্টৰূপে তেওঁ মৰমীয়াল, নিস্বাৰ্থপৰ, দয়াশীল আৰু ন্যায়ী ঈশ্বৰ। কি এইটো সৃষ্টিকৰ্ত্তাৰ সেই গুণ নহয়নে যাৰ বিষয়ে মোচিৰ আগত প্ৰকাশ কৰিছিল?

তেওঁ কি ধৰণৰ তাক প্ৰকাশ কৰে

৮. যিহোৱাই নিজকে আমালৈ কি বিশেষ ধৰণে প্ৰকাশ কৰিলে?

৮ সৃষ্টিকৰ্ত্তাক জানিবলৈ আৰু এটা পথ হʼল—বাইবেল। এইটো সেইবাবে কিয়নো বাইবেলত এনে কিছুমান তথ্য দাঙি ধৰা হৈছে যাৰ বিষয়ে বিজ্ঞান আৰু বিশ্বব্ৰহ্মাণ্ডই বৰ্ণনা কৰিব নোৱাৰে। তাৰ উপৰি বাইবেল পঢ়াৰ দ্বাৰা বেছিভাগ কথা আমি আৰু ভালকৈ বুজি পাওঁ। উদাহৰণস্বৰূপে সৰ্ব্বপ্ৰথমে জানিব পাৰোঁ তেওঁৰ ব্যক্তিগত নাম। কেৱল বাইবেলে সৃষ্টিকৰ্ত্তাৰ নাম আৰু তাৰ গুৰুত্বৰ সম্বন্ধে প্ৰকাশ কৰিছে। হিব্ৰু হস্তলিপিত প্ৰায় ৭০০০ বাৰ পোৱা যায়, যাক আমি YHWH (ইহৱহ) বা JHVH (জহৱহ) এই চাৰিটা আখৰৰে লিখিব পাৰোঁ, সাধাৰণতে অসমীয়াত আমি যিহোৱা বুলি উচ্চাৰণ কৰোঁ।—যাত্ৰাপুস্তক ৩:১৫; ৬:৩.

৯. সৃষ্টিকৰ্ত্তাৰ ব্যক্তিগত নামৰ অৰ্থ কি আৰু ইয়াৰ পৰা আমি কি সিদ্ধান্তত উপনীত হব পাৰোঁ?

৯ সৃষ্টিকৰ্ত্তাক আৰু ভালদৰে জানিবৰ কাৰণে আমাৰ আৱশ্যক যে তেওঁ মাত্ৰ এজন নিৰাকাৰ “শক্তি” বা “মই” নহয়। তেওঁৰ নামে তেওঁৰ বিষয়ে বহু কিছু প্ৰকাশ কৰে। হিব্ৰু ভাষাত ইয়াৰ অৰ্থ হৈছে “তেওঁ অস্তিত্বত অনা” বা “মই যি আছোঁ”a (আদিপুস্তক ২৭:২৯; উপদেশক ১১:৩ পদ তুলনা কৰক।) ঈশ্বৰৰ নামৰ অৰ্থ হৈছে “তেওঁ অস্তিত্বত অনা” আৰু ইয়ে উদ্দেশ্য আৰু কাৰ্য্য এই উভয়কে গুৰুত্ব দিয়ে। আমি তেওঁৰ নাম জনা আৰু তাক প্ৰয়োগ কৰাৰ দ্বাৰা, আমি অধিক ভালদৰে তেওঁৰ প্ৰতিজ্ঞাসমূহ আৰু উদ্দেশ্যৰ পূৰ্ণতাক চিনাক্ত কৰিব পাৰিম।

১০. আমি আদিপুস্তকত দিয়া বৃতান্তৰ পৰা কি গুৰুত্বপূৰ্ণ অন্তদৃষ্টি লাভ কৰিব পাৰোঁ?

১০ বাইবেল হৈছে উদ্দেশ্য আৰু ব্যক্তিত্ব থকা ঈশ্বৰ জ্ঞানৰ উৎস। আদিপুস্তক কিতাপত এইদৰে কৈছে যে এসময়ত মানৱে ঈশ্বৰৰ সৈতে শান্তিত জীৱন নিৰ্বাহ কৰিছিল আৰু অৰ্থপূৰ্ণ জীৱনৰ সৈতে এক অনন্তকলীয়া আশীৰ্ব্বাদৰ আনন্দ লাভ কৰিছিল। (আদিপুস্তক ১:২৮; ২:৭-৯) তেওঁৰ নামৰ আৱশ্যকতাৰ সামঞ্জস্য ৰাখি আমি নিশ্চিতৰূপে কব পাৰোঁ যে যিহোৱাই বৰ্তমানে মানৱজাতিয়ে ভোগী থকা সকলো দুখ কষ্টক আতঁৰ কৰিব। আমি সেই পৰিপূৰ্ণ সম্পৰ্কে এইদৰে পঢ়ো: “কাৰণ সৃষ্টিখন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হল, এনে নহয়; কিন্তু বশ্‌কৰ্ত্তাৰ কাৰণেহে হল; এই আশাৰে হল যে, সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ, ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব।”—ৰোমীয়া ৮:২০, ২১.

১১. আমি কিয় বাইবেলৰ বৰ্ণনাসমূহক বিবেচনা কৰিব লাগে আৰু এই ঘটনাৰ বিভিন্ন দিশসমূহ কি কি?

১১ আমি আমাৰ সৃষ্টিকৰ্ত্তাৰ সম্পৰ্কে বাইবেলত দিয়া বৃতান্ত বিবৰণী এই যে তেওঁ যেতিয়া প্ৰাচীন ইস্ৰায়েলৰ সৈতে আচৰণ কৰোঁতে কেনেকৈ কাৰ্য্য কৰিছিল আৰু কি প্ৰতিক্ৰিয়া দেখুৱাইছিল ইয়াৰ দ্বাৰা অধিক ভালকৈ জানিব পাৰোঁ। ইলীচা আৰু অৰামীয় সৈন্যৰ প্ৰধান সেনাপতি নামানৰ উদাহৰণ কথা বিবেচনা কৰক। যেনেকৈ আপুনি ২ ৰাজাৱলি ৫ অধ্যায়টো পঢ়ি আপুনি চাব পাৰিব যে বন্দী কৰা ইস্ৰায়েলৰ সৰু ছোৱালীজনীয়ে নামানক কৈছিল যে ইস্ৰায়েলত থকা ইলীচাই তেওঁৰ কুষ্ঠৰোগ ভাল কৰিব পাৰে। নামানে তেওঁৰ ওচৰলৈ গৈছিল আৰু তেওঁ এইটো আশা কৰিছিল যে তেওঁৰ শৰীৰ কুষ্ঠৰোগৰ ঠাইত হাত বুলাই কুষ্ঠৰোগক সুস্থ কৰিব। তাৰ পৰিৱৰ্তে নামানক যৰ্দ্দন নদীত গা ধুবলৈ কলে। যদিও নামানে তেনে আচৰণত বিৰক্ত হৈছিল কিন্তু যেতিয়া তেওঁ তেনে কৰিলে তেওঁ সুস্থ হʼল। তেতিয়া নামানে ইলীচালৈ বহুমূলীয়া উপহাৰ আগবঢ়ালে কিন্তু তেওঁ গ্ৰহণ নকৰিলে। কিন্তু পাছত এলীচাৰ সেৱকে গুপুতে নামানৰ ওচৰত গৈ মিছা কথা কৈ তেওঁৰ পৰা বহুমূলীয়া উপহাৰ গ্ৰহণ কৰে। সেৱকজনৰ সেই অসাধুতাৰ ফলত কুষ্ঠৰোগত ভোগীব লগীয়া হয়। অৱশ্যে এইটো মানুহৰ গুণ—যাৰ পৰা আমি এটা শিক্ষা শিকিব পাৰোঁ।

১২. আমি ইলীচা আৰু নামানৰ উদাৰহৰণৰ পৰা সৃষ্টিকৰ্ত্তাৰ সম্পৰ্কে কি সিদ্ধান্তত উপনীত হব পাৰোঁ?

১২ এই ঘটনাৰ এটা আকৰ্ষণীয় দিশ হৈছে, বিশ্বব্ৰহ্মণ্ডৰ মহান সৃষ্টিকৰ্ত্তাই সেই কণমানি সৰু ছোৱালীজনীৰ কাৰ্য্য দেখি অতি আনন্দিত হʼল, তাৰ বিপৰীতে মানুহে তেনে নকৰে। ইয়ে এইটো প্ৰমাণ কৰিলে যে সৃষ্টিকৰ্ত্তাই অকলমাত্ৰ কোনো জাতি বা বৰ্ণৰ সৈতে প্ৰেম নকৰে। (পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫) মনকৰিব লগীয়ে এই যে আমাৰ সৃষ্টিকৰ্ত্তাই বেমাৰক সুস্থ কৰিবলৈ প্ৰাচীন সময়ত আৰু বৰ্তমান দিনত কোনো হাকিম বা বৈদ্য ব্যৱহাৰ কৰাৰ দৰে জৰা-ফুকাঁ কৰাটো নিবিচাৰে। তেওঁ জানিছিল যে কুষ্ঠ ৰোগ কেনেকৈ ভাল কৰিব পাৰি আৰু ইয়াৰ পৰা তেওঁৰ অসীম জ্ঞান প্ৰকাশ হয়। ইলীচৰ সেৱকৰ অসাধুতাৰ কাৰ্য্যক প্ৰকাশ কৰি এইটো প্ৰদৰ্শন কৰিলে যে কোনো কাৰ্য্য তেওঁৰ পৰা লুকাই নাথাকে আৰু দোষীক অৱশ্যে শাস্তি দিয়ে। যিহোৱাই মোচিৰ আগত প্ৰকাশ কৰা গুণসমূহ সেই একেদৰে নাছিল নে? গোটেই বাইবেলত এই বৃতান্তক বহুত সংক্ষিপ্তৰূপে বৰ্ণনা কৰিছে, তেতিয়াও আমি আমাৰ সৃষ্টিকৰ্ত্তাৰ বিষয়ে ভালদৰে জানিবলৈ অনুসন্ধান কৰিব পাৰোঁ!—গীতমালা ৩৩:৫; ৩৭:২৮.

১৩. আমি বাইবেলৰ পৰা কেনেকৈ বহুমূলীয়া শিক্ষা পাব পাৰোঁ তাৰ উদাহৰণ দিয়ক।

১৩ আন এটা ঘটনাৰ দ্বাৰা এইটো জানিব পাৰি যদিও ইস্ৰায়েলসকলে খাই পাত ফলা স্বভাৱৰ আছিল তথাপিও যিহোৱাই প্ৰকৃততে তেওঁলোকৰ যত্ন লৈছিল। বাইবেলৰ বৃতান্তই দেখুৱাইছে যে ইস্ৰায়েলসকলে বাৰে বাৰে যিহোৱাক পৰীক্ষা কৰিছিল আৰু তেওঁৰ মনত বেজাৰ দিছিল। (গীতমালা ৭৮:৪০, ৪১) ইয়াৰ অৰ্থ হৈছে সৃষ্টিকৰ্ত্তাৰ অনুভূতি আছে আৰু মানুহে যি কৰে তাৰ প্ৰতি তত্ত্বাবধান লয়। বাইবেলত এনে বহুতো পৰিচিত ব্যক্তিসকলৰ বিষয়ে লিখনী পোৱা যায় যাৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ। যেতিয়া দায়ূদক ইস্ৰায়েলৰ ৰজাৰূপে বাচি লোৱা হʼল, ঈশ্বৰে চমূৱেলক কৈছিল: “মানুহে যেনেকৈ চায় যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখিব পাৰি, তালৈ চায়, কিন্তু যিহোৱাই মনলৈ দৃষ্টি ৰাখে।” (১ চমূৱেল ১৬:৭) হয়, সৃষ্টিকৰ্ত্তাই বাহিৰৰৰূপত দৃষ্টি দিয়াৰ পৰিৱৰ্ত্তে ভিতৰত থকা মনলৈ দৃষ্টি কৰে। কিমান যে সন্তোষজনক!

১৪. পুৰণি নিয়মত থকা বাইবেলৰ পুস্তকসমূহ পঢ়িলে আমি কেনেকৈ লাভৱান হব পাৰিম?

১৪ যীচু অহাৰ আগতে উনত্ৰিশ খন বাইবেলৰ পুস্তক লিখা হৈছিল আৰু ই আমাক পঢ়িবলৈ উৎসাহিত কৰে। ইয়াক মাত্ৰ বাইবেলৰ বৰ্ণীত ঘটনা বা বুৰঞ্জীৰূপে পঢ়া উচিত নহয়। যদি আমি প্ৰকৃততে সৃষ্টিকৰ্ত্তাক জানিব বিচাৰোঁ তেতিয়াহʼলে আমি ইয়াক ধ্যান, বিবেচনা কৰা উচিত যেনে এই বৃতান্তই কেনেকৈ তেওঁৰ ব্যক্তিত্বক প্ৰকাশ কৰে? তেওঁৰ কোনটো গুণ ইয়াত প্ৰকাশ পাইছে’b এইদৰে কৰাৰ দ্বাৰা অকলমাত্ৰ বাইবেলখন যে ঈশ্বৰৰ ফালৰ পৰা আহিছে তাক জানিব এনে নহয় কিন্তু ইয়াৰ দয়ালু লিখকৰ সম্বন্ধেও জানিব।

এজন মহান শিক্ষকে ঈশ্বৰৰ বিষয়ে জানিবলৈ আমাক সহায় কৰে

১৫. যীচুৰ কাৰ্য্য আৰু শিক্ষা কি উপদেশপূৰ্ণ হোৱা উচিত?

১৫ এইটো সচাঁ যে যি সকল ব্যক্তিয়ে সৃষ্টিকৰ্ত্তা সম্পৰ্কে সন্দেহ কৰে বা যি সকলে ঈশ্বৰক কম বিশ্বাস কৰে, হয়তো তেওঁলোকে বাইবেলৰ বিষয়ে অলপমাত্ৰ জ্ঞান আছে। আপুনি হয়তো এনে ব্যক্তিৰ সৈতে সাক্ষাৎ কৰিছে যিসকলে এইটো কʼব নোৱাৰে মোচি মথিতকৈ আগতে আছিল নে নাই, বা তাৰ পাছত, এনে লোকসকল যি সকলে যীচুৱে কৰা কাৰ্য্য আৰু তেওঁৰ শিক্ষাৰ বিষয়ে একো নাজানে। এইটো বহুত দুখলগা কথা হʼব কিয়নো মহান শিক্ষক যীচুৱে সৃষ্টিকৰ্ত্তাৰ বিষয়ে বহু কিছু শিকাব পাৰে। ঈশ্বৰৰ সৈতে তেওঁৰ ঘনিষ্ট সম্বন্ধ আছিল, সেইকাৰণে তেওঁ কব পাৰে আমাৰ সৃষ্টিকৰ্ত্তা কেনেধৰণৰ ব্যক্তি। (যোহন ১:১৮; ২ কৰিন্থীয়া ৪:৬; ইব্ৰী ১:৩) তেওঁ তেনেদৰে প্ৰকাশ কৰিলে। বাস্তৱতে এবাৰ তেওঁ কৈছিল: “যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে;”—যোহন ১৪:৯.

১৬. চমৰিয়া স্ত্ৰীৰ সৈতে কৰা যীচুৰ কথোপকথনে কি চিত্ৰত কৰে?

১৬ এই উদাহৰণক বিবেচনা কৰক। এবাৰ যীচু যাত্ৰা কৰি ভাগৰি পৰিছিল, তেতিয়া তেওঁ চুখৰ নামেৰে এখন নগৰৰ কাষত এজনী মহিলাৰ সৈতে কথা পাতিছিল। তেওঁ তাইক সত্যৰ সম্পৰ্কে কৈছিল, “আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা” কৰিবলৈ ইয়াৰ আৱশ্যকতাক কেন্দ্ৰিত কৰিছিল। সেই সময়ৰ যিহুদীসকলে চমৰিয়াসকলক তুচ্ছ জ্ঞান কৰিছিল। তাৰ বিপৰীতে যেনেকৈ আমি ইলীয়া আৰু নামান ঘটনাত চাবলৈ পালোঁ তেনেকৈ যিহোৱাই যে সকলো জাতিৰ সৰল মনৰ পুৰুষ আৰু স্ত্ৰীক গ্ৰহণ কৰাৰ বাবে ইচ্ছুক তাক যীচুৱে প্ৰকাশ কৰিলে। ইয়ে আমাৰ আশা সজীৱ কৰে যে যিহোৱা, বৰ্তমান সময়ৰ থকা কঠোৰমনৰ ধৰ্ম্মীয় নেতাসকলতকৈ বহু উচ্চত। এই ক্ষেত্ৰত আমি যীচুৰ শিক্ষা দিয়া ইচ্ছাক লক্ষ্য কৰিব পাৰোঁ, তেওঁ এনে এজনী তিৰোতাৰ সৈতে কথোপকথন হৈছিল যি গৰাকীয়ে এনে পুৰুষৰ সৈতে বাস কৰিছিল যিজন তেওঁৰ স্বামী নাছিল। তাইক দোষী সাব্যস্ত কৰা নাছিল, তাৰ পৰিৱৰ্তে তাইৰ সৈতে সন্মানৰে আচৰণ কৰিছিল, যিটো এনে এটা পথ আছিল যাৰ দ্বাৰা বাস্তৱতে তাইক সহায় কৰিব পাৰে। তাৰ পাছত, আন চমৰিয়া বাসীসকলে যীচুৰ বাক্যক শুনিছিল আৰু এইদৰে কৈছিল: “আমি নিজে শুনিলোঁ, আৰু জানো যে, এওঁ স্বৰূপেই জগতৰ ত্ৰাণকৰ্ত্তা।”—যোহন ৪:২-৩০, ৩৯-৪২; ১ ৰাজাৱলি ৮:৪১-৪৩; মথি ৯:১০-১৩.

১৭. লাজাৰৰ পুনৰুত্থানৰ পৰা আমি কি সিদ্ধান্তত উপনীত হʼব পাৰোঁ?

১৭ আহঁক আমি আন এটা উদাৰহণক লক্ষ্য কৰোঁ যে কেনেকৈ আমি যীচুৰ কাৰ্য্য আৰু শিক্ষাৰ সৈতে পৰিচিত হৈ সৃষ্টিকৰ্ত্তাৰ বিষয়ে কেনেকৈ শিকিব পাৰোঁ। যীচুৱে যেতিয়া তেওঁৰ বন্ধু লাজাৰৰ মৃত্যু হৈছিল সেই সময়ত প্ৰতিফলিত কৰা তেওঁৰ মনোভাৱ। যীচুৱে তাৰ আগতেও মৃতকক জীয়াই তেওঁত থকা শক্তি প্ৰদৰ্শন কৰিছিল যে তেওঁ মৃত ব্যক্তিকো জীৱন দান কৰিব পাৰে। (লূক ৭:১১-১৭; ৮:৪০-৫৬) যেতিয়া তেওঁ মৃত্যু লাজাৰৰ বায়েকক ক্ৰন্দন কৰি থকা দেখিছিল তেতিয়া তেওঁ কি প্ৰতিক্ৰিয়া দেখুৱাছিল? যীচু ‘আত্মাত উত্তেজিত হৈ, গা জিকাৰ মাৰিলে।’ তেওঁ নিজকে এনেদৰে প্ৰকাশ নকৰিলে যে তেওঁ আনতকৈ উদাসীন, তাৰ পৰিৱৰ্ত্তে তেওঁ “ক্ৰন্দন কৰিলে।” (যোহন ১১:৩৩-৩৫) তেওঁ এই ক্ৰন্দন মাত্ৰ আনক দেখুৱাবলৈ কৰা নাছিল। যীচুৱে এই দুখক আতঁৰ কৰিবলৈ পদক্ষেপ ললে, আৰু তেওঁ লাজাৰক পুনৰুত্থান কৰিলে। আপুনি কল্পনা কৰিব পাৰে যে যীচুৰ এই কাৰ্য্যৰ দ্বাৰা তেওঁৰ পাঁচনিসকলে সৃষ্টিকৰ্ত্তাৰ ভাৱনাক ভালকৈ বুজি পালে। ইয়াৰ দ্বাৰা আমাক আৰু আনক এইটো বুজিবলৈ সহায় কৰা উচিত যে আমাৰ সৃষ্টিকৰ্ত্তা কেনে ধৰণৰ ব্যক্তি আৰু তেওঁ কি ধৰণে কাম কৰে।

১৮. বাইবেল অধ্যয়ন কৰাৰ বিষয়ে মানুহে কি অনুভৱ কৰা উচিত?

১৮ বাইবেল অধ্যয়ন কৰা আৰু আমাৰ সৃষ্টিকৰ্ত্তাৰ বিষয়ে শিকাটো কোনো লাজৰ কাৰণ নহয়। কিয়নো বাইবেলখন আজিও আমাৰ সময়ত ব্যৱহাৰ হয়। এজন ব্যক্তি যিজনে বাইবেল অধ্যয়ন কৰিছিল আৰু যীচুৰ সৈতে অধিক আত্মীয়তা গঢ়ি উঠিছিল; তেওঁ হʼল যোহন। তেওঁ পাছত লিখিছিল: “আমি আৰু জানো যে, ঈশ্বৰৰ পুত্ৰ আহিল; আৰু যিহৰ দ্বাৰাই আমি সেই সত্য জনাক জানিছোঁ, নে চিত্ত আমাক দিলে; আৰু আমি সেই সত্য জনাত, তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টত আছোঁ। তেৱেঁই সত্য ঈশ্বৰ আৰু অনন্ত জীৱন।” (১ যোহন ৫:২০-২১) মনত ৰাখক “এনে চিত্ত আমাক দিলে” যাতে আমি “সেই সত্য জনাত” জানোঁ অৰ্থাৎ সৃষ্টিকৰ্ত্তা, যিয়ে আমাৰ “অনন্ত জীৱন” লৈ পৰিচলনা কৰিব।

তেওঁৰ বিষয়ে জানিবলৈ আপুনি আনক কেনেকৈ সহায় কৰিব?

১৯. সন্দেহ কৰা লোকসকলক সহায় কৰিবলৈ কি পদক্ষেপ লব পাৰি?

১৯ কিন্তু এনেধৰণৰ কিছুমান লোক আছে যি স্বীকাৰ নকৰে যে এনেধৰণৰ এজন দয়ালু সৃষ্টিকৰ্ত্তা আছে যিজনে আমাৰ বাবে চিন্তা কৰে, নতুবা তেওঁ কিধৰণৰ ব্যক্তি তাক জানিব নিবিচাৰে। এনেধৰণৰ ব্যক্তিসকলক আৰু অধিক প্ৰমাণ লাগে। এনেদৰে কোটি কোটি লোকে সৃষ্টিকৰ্ত্তাৰ অস্তিত্বক সন্দেহ কৰে বা ঈশ্বৰৰ প্ৰতি থকা তেওঁলোকৰ দৃষ্টিভঙ্গী বাইবেলৰ সৈতে মিল নাখায়। আপুনি এনেধৰণৰ লোকক কেনেকৈ সহায় কৰিব? ১৯৯৮/৯৯ চনত যিহোৱা সাক্ষীসকলৰ অন্তৰাষ্ট্ৰীয় জিলা অধিবেশনত বহুতো ভাষাত এক নতুন প্ৰভাৱশালী কিতাপ প্ৰকাশ কৰা হৈছে—সেই কিতাপখন হৈছে সৃষ্টিকৰ্ত্তা আছেনে যিজনে আপোনাৰ বাবে চিন্তা কৰে? (ইংৰাজী)

২০, ২১. (ক) সৃষ্টি কিতাপখন সফলৰূপে ব্যৱহাৰ কৰিব পাৰি? (খ) সৃষ্টি কিতাপৰ সম্পৰ্কে প্ৰমাণিত হোৱা কিছুমান কাৰ্য্যকাৰী উদাহৰণ দাঙি ধৰক।

২০ এইখন এনে এখন কিতাপ যিয়ে সৃষ্টিকৰ্ত্তাৰ প্ৰতি আমাৰ বিশ্বাস বঢ়াই তুলিব আৰু তেওঁৰ ব্যক্তিত্ব আৰু পথক উপলব্ধি কৰিবলৈ সহায় কৰিব। আমি এনেকৈ সম্পূৰ্ণ বিশ্বাসৰে কিয় কব পাৰোঁ? কিয়নো সৃষ্টিকৰ্ত্তা আছেনে যিজনে আপোনাৰ বাবে চিন্তা কৰে? (ইংৰাজী) নামৰ কিতাপখনে বিষেশকৈ এই বিষয়েবোৰক মনত ৰাখি বিশেষ আৰ্হিৰে তৈয়াৰ কৰা হৈছে। সম্পূৰ্ণ কিতাপখনত এটা বিশেষ বিষয় আছে, “জীৱনত কিহে এক উদ্দেশ্য প্ৰদান কৰিব পাৰে?” এই কিতাপখনত দিয়া সংবাদ এইদৰে প্ৰস্তুত কৰা হৈছে যে বহুতো শিক্ষিত ব্যক্তিয়ে এই কিতাপখনৰ প্ৰতি ইচ্ছুক। তথাপিও ইয়াত এনেধৰণৰ কথা কোৱা হৈছে যিটোৱে আমাৰ প্ৰত্যেককে স্পৰ্শ কৰে। সৃষ্টিকৰ্ত্তাক সন্দেহ কৰা পাঠকসকলৰ বাবে ইয়াত বহুতো আকৰ্ষ ণীয় আৰু বিশ্বাস কৰা বিষয় দিয়া আছে। এই কিতাপখন সেই পাঠকসকলৰ বাবে লিখা নাই যিসকলে ঈশ্বৰক বিশ্বাস কৰে। যিসকলে সৃষ্টিকৰ্ত্তাক বিশ্বাস নকৰে, তেওঁলোকৰ বাবে অলপতে বিজ্ঞানীসকলে কৰা আৱিষ্কাৰ আৰু ধাৰণা বিষয়ে বৰ্ণনা কৰা হৈছে যাৰ বিষয়ে পঢ়ি ভাল পাব। যিসকলে ঈশ্বৰক বিশ্বাস কৰে এই কিতাপখনে তেওঁলোকৰ বিশ্বাস দৃঢ় কৰিব।

২১ এই নতুন কিতাপখন অধ্যয়ন কৰাৰ সময়ত, আপুনি চাব পাৰিব যে বাইবেল ইতিহাসক সংক্ষেপতে দাঙি ধৰা হৈছে যাৰ পৰা ঈশ্বৰৰ বেলেগ-বেলেগ গুণসমূহক স্পষ্টকৈ দেখিব পৰা যায়। ইয়াক পঢ়াৰ দ্বাৰা ঈশ্বৰক আৰু ভালদৰে জানিব পাৰিব। যিসকলে এই কিতাপ পঢ়িলে তেওঁলোকে ইয়াক অনুভৱ কৰিব পাৰিছে। (পিছৰ প্ৰবন্ধৰ ১২ আৰু ১৩ পৃষ্ঠাত চাওঁক) আপুনিও এই কিতাপ পঢ়াৰ দ্বাৰা এইদৰে অনুভৱ কৰক আৰু ইয়াৰ দ্বাৰা আনক সৃষ্টিকৰ্ত্তাৰ সম্পৰ্কে জানিবলৈ সহায় কৰক।

[Footnotes]

a জেচুইট বিদ্বান এম. জে. গ্ৰান্টহানৰ যেতিয়া কেথলিক বিবলিকেল কোৱাটাৰলী-ৰ মুখ্য সম্পদক আছিল তেতিয়া তেওঁ এইদৰে লিখিছিল হিব্ৰু ভাষাত এই ক্ৰিয়া পদৰ বিষয়ে সেইটোৱে কব পাৰি যি ইয়াত জৰিত থকা আৰু এটা ক্ৰিয়া পদৰ বিষয়ে সত্য হয়। এই ক্ৰিয়া পদটো এনে এটা বস্তুৰ ক্ষেত্ৰত ব্যৱহাৰ হয় যি আচলতে অস্তিত্বত আছে, যাক আমি স্পৰ্শ কৰিব পাৰোঁ বা দৃষ্টি কৰিব পাৰোঁ আৰু এনে বস্তুত ব্যৱহাৰ কৰিব নোৱাৰি যাৰ কোনো আকৃতি নাই।”

b যেনেকৈ পিতৃ-মাতৃয়ে তেওঁলোকৰ লৰা-ছোৱালীক বাইবেলৰ বৃতান্তসমূহ বৰ্ণনা কৰিব, তেওঁলোকে নিজৰ সন্তানক এইধৰণৰ প্ৰশ্ন কৰাৰ দ্বাৰা সহায় কৰিব। এইদৰে যুৱক-যুৱতী সকলে ঈশ্বৰৰ সম্পৰ্কে আৰু ভালকৈ জানিব পাৰিব আৰু তেওঁৰ বাক্যত ধ্যান কৰিব পাৰিব।

আপুনি জানেনে?

◻ চীনয় পৰ্ব্বতত মোচিয়ে কেনেকৈ যিহোৱাক ভালদৰে জানিলে?

◻ কিয় বাইবেল অধ্যয়নে ঈশ্বৰ কেনেধৰণৰ জানাত সহায় কৰে?

◻ যেতিয়া আমি বাইবেল পঢ়ো, তেতিয়া সৃষ্টিকৰ্ত্তাৰ কাষ চাপিবলৈ আমি কি কৰা উচিত?

◻ সৃষ্টি কিতাপখন আপুনি কি ধৰণে ব্যৱহাৰত লগাব?

[Picture on page 20]

বেমাৰৰ সৈতে যুঁজ কৰা আমাৰ প্ৰতিৰোধ শক্তিয়ে সৃষ্টিকৰ্ত্তাৰ সম্পৰ্কে কি প্ৰকাশ কৰে?

[Picture on page 21]

মৃত সাগৰৰ নুৰাৰ এক অংশ যʼত (হিব্ৰু ভাষাত ঈশ্বৰৰ নাম) চাৰিটা আখৰ স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে

[Credit Line]

Courtesy of the Shrine of the Book, Israel Museum, Jerusalem

[Picture on page 23]

মেৰীয়ে ক্ৰন্দন কৰা দেখি যীচুৱে দেখুৱা প্ৰতিক্ৰিয়াৰ পৰা আমি কি শিকিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক