পাঠ ৫১
এজন সেনাপতি আৰু এজনী সৰু ছোৱালী
এজনী সৰু ইস্ৰায়েলী ছোৱালীক চিৰিয়াৰ সেনাই জোৰ-জবৰদস্তি কৰি তাইক নিজৰ পৰিয়ালৰ পৰা বেলেগ কৰি দিলে আৰু তাইক দূৰ দেশ চিৰিয়ালৈ লৈ যায়। তাত তাই নামান নামৰ এজন সেনাপতিৰ পত্নীৰ দাসী হʼল। তাইৰ আশে-পাশে থকা লোকসকলে যিহোৱাৰ উপাসনা কৰা নাছিল। কিন্তু তাই যিহোৱাৰ উপাসনা কৰিছিল।
নামানৰ ছালৰ এটা ডাঙৰ বেমাৰ আছিল, যাক কুষ্ঠ ৰোগ বুলি কোৱা হয়। ইয়াৰ কাৰণে তেওঁৰ সকলো সময়তে বিষ হৈ থাকিছিল। সেই ছোৱালীজনীয়ে নামানক সহায় কৰিব বিচাৰিছিল। সেইবাবে, তাই নামানৰ পত্নীক কʼলে, ‘মই এজন মানুহক জানোঁ, যিজনে আপোনাৰ স্বামীক ঠিক কৰিব পাৰে। তেওঁৰ নাম ইলীচা হয় আৰু তেওঁ এজন ভৱিষ্যবক্তা হয় আৰু তেওঁ ইস্ৰায়েলত থাকে।’
নামানৰ পত্নীয়ে ছোৱালীজনীয়ে কোৱা কথাবোৰ নামানক কʼলে। নামানে ঠিক হʼবলৈ যিকোনো কৰিবলৈ সাজু আছিল। সেইবাবে, তেওঁ ইলীচাক লগ কৰিবলৈ ইস্ৰায়েলত তেওঁৰ ঘৰলৈ গʼল। নামানে ভাবিছিল যে তেওঁ এজন ডাঙৰ মানুহ হয়, সেইবাবে ইলীচাই নিজেই তেওঁক লগ কৰিবলৈ আহিব। কিন্তু ইলীচাই লগ কৰিবলৈ নাহিল, ইয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ সেৱকক পঠাই এই খবৰ তেওঁক দিলে, ‘আপুনি যৰ্দ্দন নদীত গৈ সাতবাৰ ডুব মাৰক, তেতিয়া আপুনি ঠিক হৈ যাব।’
এই কথা শুনি নামানে বহুত নিৰাশ হৈ গʼল। তেওঁ কʼলে, ‘মই ভাবিছিলোঁ যে এই ভৱিষ্যবক্তাজনে নিজৰ ঈশ্বৰৰ নাম লʼব আৰু মোৰ ওপৰত হাত থৈ মোক ঠিক কৰিব। কিন্তু তেওঁতো মোক ইস্ৰায়েলৰ এখন নদীত যাবলৈ কৈছে। ইয়াতকৈ ভাল নদীতো আমাৰ চিৰিয়াতে আছে। মই দেখোন তালৈকে যাব পাৰোঁ?’ নামানৰ ইমানেই খং উঠিল যে তেওঁ ইলীচাৰ ঘৰৰ পৰা যাবলৈ ধৰিলে।
নামানৰ সেৱকে তেওঁক বুজালে। তেওঁ কʼলে, ‘আপুনি ঠিক হʼবলৈ যিকোনো কৰিবলৈ সাজু নাই নে? এই ভৱিষ্যবক্তাজনে আপোনাক যি কৰিবলৈ কৈছে, সেয়া একেবাৰে সহজ। তেনেহʼলে আপুনি এইদৰে কিয় নকৰে?’ তেতিয়া নামানে মান্তি হʼল আৰু সাতবাৰ ডুব মাৰিলে। সপ্তমবাৰ ডুব মৰাৰ পাছত যেতিয়া তেওঁ পানীৰ পৰা ওপৰলৈ আহিলে, তেতিয়া তেওঁ একেবাৰে ভাল হৈ গʼল। নামানে ইলীচাক ধন্যবাদ দিবলৈ আকৌ তেওঁৰ ওচৰলৈ গʼল। নামানে তেওঁক কʼলে, ‘মই এতিয়া গʼম পালোঁ যে যিহোৱা সত্য ঈশ্বৰ হয়।’ তুমি কি ভাবা, নামানে ঠিক হৈ যেতিয়া আকৌ উভতি আহিলে, তেতিয়া সেই ইস্ৰায়েলী ছোৱালীজনীৰ কেনেকুৱা লাগিল?
“তুমি সৰু লʼৰা-ছোৱালীৰ মুখৰ পৰা নিজৰ প্ৰশংসা কৰাইছা।”—মথি ২১:১৬