কাহিনী ৬৯
এজনী সৰু ছোৱালীৰ সাহস
সৰু ছোৱালীজনীয়ে তিৰোতাগৰাকীক কি কৈছে তুমি কʼব পাৰিবানে? ছোৱালীজনীয়ে তিৰোতাগৰাকীক ভৱিষ্যতবক্তা ইলীচা আৰু তেওঁ যিহোৱাৰ সহায়ত কৰা আচৰিত কাৰ্য্যবোৰৰ বিষয়ে বৰ্ণনা কৰিছে। তিৰোতাগৰাকীয়ে যিহোৱাৰ বিষয়ে নাজানে, কিয়নো তাই ইস্ৰায়েলী নহয়। তেনেহʼলে এই ছোৱালীজনী তিৰোতাগৰাকীৰ ঘৰলৈ কেনেকৈ আহিল? আহাঁ আমি ইয়াৰ বিষয়ে চালি-জাৰি চাওঁ।
তিৰোতাগৰাকী হৈছে অৰাম দেশৰ বাসিন্দা। তাইৰ স্বামীৰ নাম হৈছে নামান অৰু তেওঁ অৰামীয়া সৈন্যবাহিনীৰ সেনাপতি। অৰামীয়াবিলাকে এই ইস্ৰায়েলী ছোৱালীজনীক বন্দী কৰি অৰামলৈ লৈ আনিছিল। তাই নামানৰ পত্নীৰ আলপৈচান ধৰে।
নামানৰ কুষ্ঠৰোগ আছিল। এই ৰোগৰ ফলত এজন মানুহৰ শৰীৰৰ মঙহ গেলি যায়। ইস্ৰায়েলী ছোৱালীজনীয়ে নামানৰ পত্নীক এইদৰে কয়: ‘ইস্ৰায়েলত থকা যিহোৱাৰ ভাববাদীৰ লগত মোৰ প্ৰভুৱে সাক্ষাৎ কৰিলে বৰ ভাল হʼব। ঈশ্বৰৰ ভাববাদীয়ে কুষ্ঠৰোগৰপৰা তেওঁক সুস্থ কৰিব।’ এই বিষয়ে নামানক জনোৱা হʼল।
নামানে নিজেও এই কুষ্ঠৰোগৰপৰা সুস্থ হʼব বিচাৰিছিল আৰু সেইবাবে তেওঁ ইস্ৰায়েললৈ যাবলৈ থিৰাং কৰিলে। ইস্ৰায়েলত উপস্থিত হৈ নামানে ইলীচাৰ ঘৰলৈ আহিল। ইলীচাই নিজৰ এজন সেৱকক নামানৰ ওচৰলৈ কৈ পঠালে, বোলে নামানে গৈ যৰ্দ্দন নদীত সাতবাৰ জোবোৰ মাৰিব লাগে। যৰ্দ্দন নদীত জোবোৰ মৰাৰ কথাত নামানৰ বৰ খং উঠিল। তেওঁ কʼলে: ‘ইস্ৰায়েলৰ নদীবোৰতকৈ আমাৰ দেশৰ নদীবোৰ উত্তম নহয়নে?’ ইয়াৰ পাছত নামানে ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে।
কিন্তু নামানৰ সেৱকবিলাকে তেওঁক কʼলে: ‘হে প্ৰভু, ইলীচা ভাববাদীয়ে কোনো মহৎ কৰ্ম্ম কৰিবলৈ আজ্ঞা দিয়া হʼলে, আপুনি নিশ্চয় তাক কৰিলেহেঁতেন। এই হেতুকে, তেওঁ আপোনাক মাত্ৰ পানীত জোবোৰ মাৰিবলৈ দিয়া আজ্ঞা আপুনি পালন নকৰিবনে?’ নামানে নিজৰ সেৱকসকলৰ কথা শুনি যৰ্দ্দন নদীত সাতবাৰ জোবোৰ মাৰিলে। জোবোৰ মৰাৰ লগে লগে নামানৰ কুষ্ঠৰোগ নাইকিয়া হʼল।
কুষ্ঠৰোগৰপৰা সুস্থ হৈ নামানৰ আনন্দৰ সীমা নাইকিয়া হʼল। তেওঁ ইলীচাৰ ওচৰলৈ ঘূৰি আহিল আৰু কʼলে: ‘মই এতিয়া জানিলো যে গোটেই পৃথিৱীত আৰু কʼতো সত্য ঈশ্বৰ নাই, কেৱল ইস্ৰায়েলৰ মাজতহে আছে। এই হেতুকে মই বিনয় কৰোঁ, আপোনাৰ দাসৰপৰা এই উপহাৰ গ্ৰহণ কৰক।’ কিন্তু ইলীচাই উত্তৰ দিলে: ‘মই একোকে গ্ৰহণ নকৰোঁ।’ ইলীচাই ভালদৰে জানে যে প্ৰকৃততে যিহোৱা ঈশ্বৰেহে নামানক সুস্থ কৰিছে আৰু সেইবাবে তেওঁৰপৰা উপহাৰ লোৱাটো উচিত নহʼব। কিন্তু ইলীচাৰ সেৱক গেহজীয়ে এই উপহাৰ পাবলৈ লোভ কৰিছিল।
সেই উপহাৰ পাবলৈ গেহজীয়ে কি কৰিলে তোমালোকে জানানে? নামানে ইলীচাৰ ওচৰৰপৰা ওলাই যোৱাৰ অলপ পাছতে, গেহজীয়ে দৌৰি গৈ নামানক লগ ধৰিলে। গেহজীয়ে নামানক কʼলে: ‘ইলীচাই মোক এই কথা কৈ পঠাইছে যে তেওঁৰ কিছুমান বন্ধুৱে তেওঁক চাবলৈ আহিছে আৰু তেওঁবিলাকৰ বাবে কিছুমান উপহাৰ দিয়ক।’ গেহজীয়ে নামানক মিছা কথা কৈছিল। কিন্তু গেহজীয়ে মিছা কথা কৈছে বুলি নামানে নাজানে আৰু সেইবাবে তেওঁ গেহজীক কিছুমান উপহাৰ দিয়ে।
গেহজীয়ে ঘৰলৈ উভতিল। গেহজীয়ে কি কাৰ্য্য কৰি আহিছে ইলীচাই ভালদৰে জানে। ইয়াৰ বিষয়ে যিহোৱাই ইলীচাক আগতেই জনালে। ইলীচাই গেহজীক কʼলে: ‘তুমি যি বেয়া কাম কৰিলা, তাৰ বাবে নামানৰ কুষ্ঠৰোগ তোমাৰ লগত সদায় থাকিব।’ ইলীচাই এই কথা কৈ শেষ হোৱাৰ লগে লগে গেহজীৰ শৰীৰত কুষ্ঠৰোগে দেখা দিলে।
এই সকলো ঘটনাৰপৰা আমি কি শিকিব পাৰোঁ? প্ৰথমতে, আমি সেই সৰু ইস্ৰায়েলী ছোৱালীজনীৰ দৰে আনক যিহোৱাৰ বিষয়ে কʼব লাগে। কিয়নো ইয়াৰ যোগেদি আনৰ ভাল হʼব। দ্বিতীয়তে, নামানে আৰম্ভণিতে গৰ্ব্ব কৰিছিল। কিন্তু আমি গৰ্ব্ব কৰা উচিত নহয়। বৰঞ্চ আমি ঈশ্বৰৰ দাসবিলাকৰ আজ্ঞা পালন কৰিব লাগে। তৃতীয়তে, গেহজীৰ দৰে আমি মিছা কথা কোৱা উচিত নহয়। বাইবেল পঢ়াৰ যোগেদি আমি বহু কথা শিকিব পাৰোঁ, নহয়নে বাৰু?
২ ৰাজাৱলি ৫:১-২৭.