ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w৯৯ ৯/১৫ পৃষ্ঠা ১৬-২০
  • যিহোৱাই আমাৰ পৰা অধিক বিচাৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই আমাৰ পৰা অধিক বিচাৰেনে?
  • ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • অতীতত যিহোৱাই কি বিচাৰিছিল
  • ইস্ৰায়েল জাতিলৈ যিহোৱাই দিয়া ব্যৱস্থা
  • যিহোৱাৰ ব্যৱস্থাৰ ভাৰ গধুৰ আছিলনে?
  • প্ৰকৃততে যিহোৱাই কি বিচাৰিছে
  • এইটো অধিক নহয়
  • এজন সেনাপতি আৰু এজনী সৰু ছোৱালী
    বাইবেলৰ পৰা শিকোঁ আহা
  • এজনী সৰু ছোৱালীৰ সাহস
    বাইবেলৰ কাহিনী
  • বৰ্তমান সময়ত যিহোৱাই আমাৰ পৰা কি বিচাৰে?
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
w৯৯ ৯/১৫ পৃষ্ঠা ১৬-২০

যিহোৱাই আমাৰ পৰা অধিক বিচাৰেনে?

“দয়া ভাল পোৱাৰ, আৰু নম্ৰভাৱে নিজ ঈশ্বৰে সৈতে চলাৰ বাহিৰে যিহোৱাই তোমাৰ পৰা আৰু কি বিচাৰে?”—মীখা ৬:৮.

১. কি কাৰণে বহুতে যিহোৱাক সেৱা নকৰে?

যিহোৱাই তেওঁৰ লোকসকলৰ পৰা কিবা বিচাৰে। কিন্তু ওপৰত লিখা মীখাৰ কথাফাকিঁ পঢ়া পাছত, আপুনি ভাৱিব পাৰে যে ঈশ্বৰৰ আৱশ্যকতাসমূহ যুক্তিসঙ্গত। তথাপি বহুতে মহান সৃষ্টিকৰ্ত্তাক সেৱা নকৰে, আৰু যিসকলে প্ৰথমতে সেৱা কৰিছিল তেওঁলোকে তেওঁক ত্যাগ কৰিলে। কিয় ত্যাগ কৰিলে? কিয়নো তেওঁলোকে ভাবিব ধৰিলে যে ঈশ্বৰে আমাৰ পৰা অধিক বিচাৰিছে। তেওঁ তেনেদৰে বিচাৰেনে? বা যিহোৱাই বিচৰাৰ অনুসাৰে কোনো এজন ব্যক্তিৰ ভাৱভঙ্গীক সলনি কৰিবলৈ কঠিন হয়নে? এক ঐতিহাসিক ঘটনাই এই বিষয়টোৰ ওপৰত পোহৰ পেলাইছে।

২. নামান কোন আছিল, আৰু যিহোৱাৰ ভৱিষ্যতবক্তাই তেওঁক কি কৰিবলৈ কৈছিল?

২ অৰামীয়া সেনাপতি নামানে কুষ্ট ৰোগৰে পীড়িত হৈছিল, কিন্তু তেওঁক পৰামৰ্শ দিয়া হʼল যে ইস্ৰায়েলত যিহোৱাৰ এজন ভৱিষ্যতবক্তা আছে যি জনে তেওঁক সুস্থ কৰিব পাৰে। সেইবাবে নামান আৰু তেওঁৰ পৰিচাৰকে ইস্ৰায়েললৈ যাত্ৰা কৰিলে আৰু শেষত তেওঁ ঈশ্বৰৰ ভৱিষ্যতবক্তা ইলীচাৰ ঘৰত উপস্থিত হʼল। ইলীচাই তেওঁক দেখা কৰিবলৈ অহা অতিথিক সাক্ষাত কৰিবলৈ ঘৰৰ পৰা ওলাই অহাৰ পৰিৱৰ্ত্তে, তেওঁ নিজৰ সেৱকক পঠিয়াই নামানক কলে: “তুমি গৈ যৰ্দ্দন নদীত সাত্‌বাৰ জোবোৰা মাৰাগৈ; তাতে তোমাৰ গাৰ মঙহ আগৰ নিচিনা হব, আৰু তুমি শুচি হবা।”—২ ৰাজাৱলি ৫:১০.

৩. নামানে যিহোৱাই যি কৈছিল তাক কৰিবলৈ প্ৰথমতে কিয় অস্বীকাৰ কৰিছিল?

৩ যদি নামানে ঈশ্বৰৰ ভৱিষ্যতবক্তাই বৰ্ণনা কৰা আৱশ্যকতা অনুসাৰে কাৰ্য্য কৰে, তেওঁ জঘন্য বেমাৰৰ পৰা সুস্থ হʼব। সেইবাবে যিহোৱাই তেওঁৰ পৰা অধিক বিচৰিছিলনে? বাস্তৱেত নহয়। তথাপিও নামানে, যিহোৱাই যি বিচাৰিছিল তেওঁ তাক কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁ প্ৰতিবাদ কৰি কৈছিল: “ইস্ৰায়েলৰ আটাই জলত্‌কৈ দম্মেচকৰ অবানা আৰু ফাৰ্পৰ নদী জানো উত্তম নহয়? মই জানো সেইবোৰত জোবোৰা মাৰি শুচি হব নোৱাৰিম?” এই বুলি তেওঁ মুখ ঘূৰাই খঙেৰে গুচি গল।—২ ৰাজাৱলি ৫:১২.

৪, ৫. (ক) নামানে আজ্ঞা পালন কৰাৰ ফলত কি পুৰস্কাৰ পালে, আৰু তেওঁ ইয়াক লাভ কৰাৰ পাছত কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? (খ) এতিয়া আমি কিহৰ বিষয়ে আলোচনা কৰিম?

৪ আচলতে নামানে কিয় তেনেকৈ কৰিছিল? এইটো এইবাবে নাছিল যে যিহোৱাই নামানক এটা কঠিন কাম কৰিবলৈ কৈছিল। নামানৰ দাসজনে কৌশলে সুধিছিল: “সেই ভাববাদীয়ে কোনো মহৎ কৰ্ম্ম কৰিবৰ আজ্ঞা আপোনাক কৰা হলে, আপুনি তাক নকৰিলেহেঁতেন নে? এই হেতুকে, ‘জোবোৰা মাৰি শুচি হোৱা,’ তেওঁ আপোনাক এই আজ্ঞা দিয়াত, আপুনি জানো তাক কৰিব নোৱাৰে?” (২ ৰাজাৱলি ৫:১৩) আচলতে নামানে, নিজৰ মনোবৃত্তিৰ বাবে মানি লবলৈ কঠিন অনুভৱ কৰিছিল। তেওঁ ভাবিছিল যে তেওঁৰ সৈতে সন্মানৰে আচৰণ কৰা হোৱা নাই, তেওঁক এনে কাৰ্য্য কৰিবলৈ কোৱা হৈছে যিটো নিষ্ফল আৰু লজ্জাজনক বিবেচনা কৰা হয়। যিহেতু নামানে তেওঁৰ দাসে কৌশলপূৰ্ণৰে কোৱা পৰামৰ্শক মানি লয় আৰু যৰ্দ্দন নদীত সাতবাৰ ডুব মাৰে। সেই বিষয়ে কল্পনা কৰক তেওঁ কিমান যে আনন্দিত হৈছিল যেতিয়া তেওঁৰ “গাৰ মঙহ সৰু লৰাৰ গাৰ মঙহৰ নিচিনা হল, আৰু তেওঁ শুচি হল”! তেওঁ কৃতজ্ঞতাৰে ভৰি পৰিল। তদুপৰি নামানে সেই সময়ৰ পৰা আন দেৱতাবিলাকৰ পৰিৱৰ্ত্তে যিহোৱাক উপাসনা কৰিবলৈ ঘোষণা কৰিলে।—২ ৰাজাৱলি ৫:১৪-১৭.

৫ গোটেই মানৱ ইতিহাসত এইটো দেখা গৈছে, যিহোৱাই মানুহৰ পৰা বিচাৰে যে তেওঁ দিয়া বিভিন্ন নিয়মসমূহ পালন কৰাটো। আমি তাৰে কিছুমানক বিবেচনা কৰিবলৈ আপোনাক আমন্ত্ৰণ কৰিছোঁ। আপুনি যেনেকৈ সেইবিলাকক বিবেচনা কৰি যাব, তেতিয়া নিজকে প্ৰশ্ন কৰক, যদি যিহোৱাই আপোনাৰ পৰা এনে কাৰ্য্য কৰাটো আশা কৰে যিটো তেওঁ বিচাৰে, তেনে পৰিস্থিতি আপুনি কি কৰিব। পাছলৈ আমি পৰীক্ষা কৰিম যে বৰ্তমান সময়ত যিহোৱাই আমাৰ পৰা কি বিচাৰিছে।

অতীতত যিহোৱাই কি বিচাৰিছিল

৬. প্ৰথম মানৱ দম্পতীক কি কৰিবলৈ কোৱা হৈছিল, আপুনি তেনে আজ্ঞাৰ প্ৰতি কি প্ৰতিক্ৰিয়া দেখুৱালেহেতেঁন?

৬ যিহোৱাই প্ৰথম মানৱ দম্পতী, আদম আৰু হৱাক সন্তান উৎপন্ন কৰি সমুদায় পৃথিৱীখন পূৰ্ণ কৰিবলৈ আৰু জীৱ-জন্তুবিলাকক ওপৰত নিজ অধীকাৰ ৰাখিবলৈ আজ্ঞা দিছিল। পুৰুষ আৰু তেওঁৰ স্ত্ৰীক আহল-বহল উদ্যানৰূপী বাগিছাৰ সৈতে আশীৰ্ব্বাদ কৰিছিল। (আদিপুস্তক ১:২৭, ২৮; ২:৯-১৫) কিন্তু তাত এটা প্ৰতিবন্ধক আছিল। তেওঁলোকক এদন বাগিছাত থকা ফল উৎপন্ন কৰা গছৰ মাজত এটা বিশেষ গছৰ ফল খাবলৈ নিষেধ কৰিছিল। (আদিপুস্তক ২:১৬, ১৭) তেওঁলোকৰ পৰা অধিক বিচৰা নাছিল, নহনে বাৰু? আপুনি এনে কাৰ্য্যৰ ভাৰ গ্ৰহণ কৰি সুস্থ শৰীৰে চিৰকাল জীয়াই থকা ভৱিষ্যত নিবিচাৰিলেহেতেঁন নে? যদিও বাগিছাখনত ছলনা কৰা ব্যক্তি আছিল, আপুনি তেওঁৰ যুক্তিক অস্বীকাৰ নকৰিলেহেতেঁন নে? আপোনাক যিহোৱাই এটা সহজ নিষিদ্ধজ্ঞা দিয়াটো তেওঁৰ অধিকাৰ বুলি স্বীকাৰ নকৰিলেহেঁতেন নে?—আদিপুস্তক ৩:১-৫.

৭. (ক) নোহক কি কাৰ্য্য কৰিবলৈ কোৱা হৈছিল, আৰু কি ধৰণৰ বিৰোধিতাৰ সন্মূখীন হবলগা হৈছিল? (খ) যিহোৱাই নোহৰ পৰা যি বিচাৰিছিল আপুনি তাক কি দৃষ্টিৰে চাব?

৭ পাছলৈ, যিহোৱাই নোহক বিশ্বজুৰি হোৱা জলপ্লাৱনৰ পৰা ৰক্ষা পাবলৈ জাহাজ বনাবলৈ কৈছিল। এই ডাঙৰ জাহাজখনক নিৰ্ম্মাণ কৰাটো সহজ কাম নাছিল, নিন্দা আৰু বিৰোধিতা সন্মূখীন হব লগা হৈছিল। অৱশ্যে নোহে তেওঁৰ পৰিয়াল, তাৰ উপৰিও জীৱ-জন্তুক ৰক্ষা কৰিবলৈ বিশেষ অধিকাৰ পাইছিল! (আদিপুস্তক ৬:১-৮, ১৪-১৬; ইব্ৰী ১১:৭; ২ পিতৰ ২:৫) আপোনাক যদি তেনে কাৰ্য্য কৰিবলৈ দিয়া হলে, আপুনি তাক পূৰ্ণ কৰিবলৈ পৰিশ্ৰম কৰিলেহেতেঁন নে? বা যিহোৱাই আপোনাৰ পৰা অধিক বিচাৰিছে বুলি এই সকলোকে আপুনি ত্যাগ দিলেহেতেঁন?

৮. অব্ৰাহামক কি কৰিবলৈ কোৱা হৈছিল, আৰু তেওঁৰ আজ্ঞা পালন কৰাই কি চিত্ৰিত কৰিলে?

৮ যিহোৱাই অব্ৰাহামক এনে এটা কঠিন কাৰ্য্য কৰিব কৈছিল, ঈশ্বৰে তেওঁক কৈছিল: “তুমি নিজ পুত্ৰক, তুমি প্ৰেম কৰা তোমাৰ সেই একেটি পুত্ৰ ইচ্‌হাককে লৈ, মোৰিয়া দেশলৈ যোৱা; আৰু . . . তাৰ ওপৰতে তাক হোমৰ অৰ্থে বলিদান কৰাগৈ।” (আদিপুস্তক ২২:২) অব্ৰাহামে যিহোৱাৰ ওপৰত বিশ্বাস আছিল যে যেতিয়া ঈশ্বৰে নিঃসন্তানক, ইচহাক নামেৰে পুত্ৰ সন্তান দিব পাৰে তেনেহʼলে ইচহাকৰ জীৱনো পুনৰ ঘুৰাই দিবলৈ ঈশ্বৰৰ শক্তি আছে। যেতিয়া অব্ৰাহমে ইচহাকক বলি দিবলৈ লওঁতেই, ঈশ্বৰে সেই ডেকা মানুহক ৰক্ষা কৰিলে। এই ঘটনাই এইটো চিত্ৰিত কৰিছিল যে ঈশ্বৰে একমাত্ৰ পুত্ৰ মানৱজাতিৰ বাবে বলিদান দিবলৈ আৰু পাছলৈ তেওঁক পুনৰুত্থান কৰিবলৈ আছিল।—আদিপুস্তক ১৭:১৯; ২২:৯-১৮; যোহন ৩:১৬; পাঁচনিৰ কৰ্ম্ম ২:২৩, ২৪, ২৯-৩২; ইব্ৰী ১১:১৭-১৯.

৯. যিহোৱাই অব্ৰাহামৰ পৰা যি বিচাৰিছিল সেইটো কিয় অধিক নাছিল?

৯ কিছুমানে হয়তো ভাবিব পাৰে যে যিহোৱাই অব্ৰাহামৰ পৰা অধিক বিচাৰিছিল। কিন্তু বাস্তৱতে তেওঁ সেইদৰে দাবী কৰিছিল নে? যি জনে মৃতকক জীয়াই তুলিব পাৰে, তেওঁৰ আজ্ঞাকাৰী হবলৈ যদিও আমাৰ অস্থায়ী মৃত্যু হয়, তেনেহʼলে সৃষ্টিকৰ্ত্তাৰ বাবে তেনে কৰাটো নিষ্ঠুৰতাৰ কাৰ্য্য নহবনে? যীচু খ্ৰীষ্ট আৰু তেওঁৰ অনুগামীসকলে তেনেদৰে কেতিয়াও ভবা নাছিল। তেওঁলোকে ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ শৰীৰিক যান্ত্ৰণা, আনকি মৃত্যু বৰণ কৰিবলৈও ইচ্ছুক আছিল। (যোহন ১০:১১, ১৭, ১৮; পাঁচনিৰ কৰ্ম্ম ৫:৪০-৪২; ২১:১৩) যদি তেনেদৰে পৰিস্থিতি আহে আপুনিও তেনে কৰিবলৈ ইচ্ছুক হবনে? যিসকলে তেওঁৰ লোক হবলৈ বিচাৰে, যিহোৱাই তেওঁলোকৰ পৰা বিচৰা আৱশ্যকতাসমূহক বিবেচনা কৰক।

ইস্ৰায়েল জাতিলৈ যিহোৱাই দিয়া ব্যৱস্থা

১০. যিহোৱাই বিচৰা আৱশ্যকতাৰ অনুসাৰে কাৰ্য্য কৰিবলৈ কোনে প্ৰতিজ্ঞা কৰিছিল, আৰু তেওঁ তেওঁলোকক কি দিছিল?

১০ অব্ৰাহামৰ পুত্ৰ ইচহাক আৰু তেওঁৰ নাতি যাকোব, বা ইস্ৰায়েল পৰা বংশ বৃদ্ধি হৈ পাছলৈ ইস্ৰায়েল জাতি হৈ পৰিল। যিহোৱাই ইস্ৰায়েলক মিচৰৰ দাসত্ব বন্ধনৰ পৰা মুক্ত কৰিছিল। (আদিপুস্তক ৩২:২৮; ৪৬:১-৩; ২ চমূৱেল ৭:২৩, ২৪) তাৰ পাছত তেওঁলোকে প্ৰতিজ্ঞা কৰিছিল যে ঈশ্বৰে তেওঁলোকৰ পৰা যি বিচাৰিব তেওঁলোকে তাকে কৰিব। তেওঁলোকে কৈছিল: “যিহোৱাই যি যি কৈছে, সেই সকলোকে আমি কৰিম।” (যাত্ৰাপুস্তক ১৯:৮) ইস্ৰায়েলে এই ইচ্ছা ৰখাৰ বাবে তেওঁ তেওঁলোকক পৰিচালনা কৰিছিল, যিহোৱাই সেই জাতিক দহ আজ্ঞাৰ সৈতে ৬০০ তকৈ বেছি নিয়ম দিছিল। সময় অতিক্ৰম কৰাৰ লগে লগে ঈশ্বৰে মোচিৰ দ্বাৰা নিয়ম ধাৰ্য্য কৰিছিল, পাছলৈ ইয়াক ব্যৱস্থা বুলি জনা গৈছিল।—ইজ্ৰা ৭:৬; লূক ১০:২৫-২৭; যোহন ১:১৭.

১১. ব্যৱস্থাৰ এটা উদ্দেশ্য কি আছিল, আৰু ইয়াৰ সৈতে দিয়া কিছুমান নিয়ম কি কি?

১১ ব্যৱস্থা দিয়া এটা উদ্দেশ্য আছিল ইস্ৰায়েলসকলক যৌন নৈতিকতা, ব্যৱসায়ত লেন-দেন, সন্তানৰ তত্ত্বাৱধান লোৱা আদি বিষয়ত সামাজিকভাৱে ব্যৱস্থাৰ যোগেদি নিৰাপত্তা দিয়া। (যাত্ৰাপুস্তক ২০:১৪; লেবীয়া পুস্তক ১৮:৬-১৮, ২২-২৪; ১৯:৩৫, ৩৬; দ্বিতীয় বিবৰণ ৬:৬-৯) সঙ্গী মানৱ আৰু তেওঁলোকৰ জীৱ-জন্তুৰ সৈতে কেনেকৈ আচৰণ কৰিব লাগে তাৰ বাবেও নিয়মৰ ব্যৱস্থা কৰা হৈছিল। (লেবীয়া পুস্তক ১৯:১৮; দ্বিতীয় বিবৰণ ২২:৪, ১০) বছৰেকীয়া উৎসৱৰ সৈতে সম্পৰ্ক থকা আৱশ্যকতা আৰু উপাসনাৰ বাবে একত্ৰিত হোৱা কাৰ্য্যই তেওঁলোকক আধ্যাত্মিকতাত ৰক্ষা কৰিবলৈ সহায় কৰিছিল।—লেবীয়া পুস্তক ২৩:১-৪৩; দ্বিতীয় বিবৰণ ৩১:১০-১৩.

১২. ব্যৱস্থাৰ মুখ্য উদ্দেশ্য কি আছিল?

১২ ব্যৱস্থাৰ এটা মুখ্য উদ্দেশ্যৰ বিষয়ে পৌলে এইদৰে লিখিছিল: “যি বংশলৈ [খ্ৰীষ্ট] প্ৰতিজ্ঞা কৰা হল, তেওঁ অহা কাললৈকে, আজ্ঞা-লঙ্ঘনৰ অৰ্থেহে বিধান দিয়া হল।” (গালাতীয়া ৩:১৯) ইস্ৰায়েলসকলে যে অসিদ্ধ তাক ব্যৱস্থাই স্মৰণ কৰাই দিছিল। যুক্তিসন্মতভাৱে, সম্পূৰ্ণৰূপে তেওঁলোকৰ পাপ মোচন কৰিবলৈ এটা সিদ্ধ বলিদানৰ আৱশ্যকতা আছিল। (ইব্ৰী ১০:১-৪) সেইবাবে ব্যৱস্থাই যীচু অৰ্থাৎ মচীহ বা খ্ৰীষ্ট, তেওঁক স্বীকাৰ কৰিবলৈ তেওঁলোকক প্ৰস্তুত কৰিছিল। পৌলে এইদৰে লিখিছিল: “এইদৰে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত হবলৈ খ্ৰীষ্টৰ ওচৰলৈ আমাক নিবলৈ, বিধানেই আমাৰ ৰখীয়া শিক্ষক হৈছিল।”—গালাতীয়া ৩:২৪.

যিহোৱাৰ ব্যৱস্থাৰ ভাৰ গধুৰ আছিলনে?

১৩. (ক) অসিদ্ধ মানৱে সেই ব্যৱস্থাক কেনেকৈ বিবেচনা কৰিছিল আৰু কিয়? (খ) ব্যৱস্থা পালন কৰাটো সঁচাকৈ গধুৰ আছিলনে?

১৩ যদিও ব্যৱস্থা “পবিত্ৰ, ন্যায় আৰু উত্তম” আছিল বহুতে ইয়াক গধুৰ যেন বিবেচনা কৰিছিল। (ৰোমীয়া ৭:১২) কিয়নো ব্যৱস্থা সিদ্ধ আছিল, ইস্ৰায়েলসকলে ইয়াৰ উচ্চ সিদ্ধান্তক পালন কৰিবলৈ নোৱাৰিছিল। (গীতমালা ১৯:৭) সেইবাবে পাঁচনি পৌলে কৈছিল “এই কাৰণে আমাৰ পিতৃসকলে আৰু আমিও যি যুৱলিৰ ভাৰ সহিব নোৱাৰিলোঁ।” (পাঁচনিৰ কৰ্ম্ম ১৫:১০) অৱশ্যে, ব্যৱস্থা ভাৰ গধুৰ নাছিল, আৰু যিসকলে ইয়াক পালন কৰে তেওঁলোকৰ বাবে লাভজনক আছিল।

১৪. কিছুমান উদাহৰণে কি কি, যাৰ দ্বাৰা এইটো জানিব পাৰি যে ইস্ৰায়েলসকলৰ লাভৰ অৰ্থে ব্যৱস্থা দিয়া হৈছিল?

১৪ উদাহৰণস্বৰূপে ব্যৱস্থাৰ অন্তৰ্গত, এজন চোৰ কৰা ব্যক্তিক বন্দী কৰি ফাটেকত ৰখা নহৈছিল, তাৰ পৰিৱৰ্ত্তে তেওঁ যি চুৰি কৰিছিল তাৰ বাবে দুগুণ ঘুৰাই দিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লগীয়া হৈছিল। এইদৰে বস্তুৰ মালিকে একো হেৰুৱাব লগা নহৈছিল, নতুবা অপৰাধীজনে কাৰাগাৰৰ বাবে কঠোৰ পৰিশ্ৰম কৰি জৰিমনা দিবলগীয়া হৈছিল। (যাত্ৰাপুস্তক ২২:১, ৩, ৪, ৭) ভালকৈ নৰখা খাদ্য খোৱাটো নিষেধ আছিল। যদি গাহৰী মঙহ ভালদৰে ৰন্ধা নহয়, তেনে মঙহ খালে দেহৰ মাংসপেশীত ট্ৰিকাইনা পেলু হব পাৰে আৰু শহাপশুৰ মঙহৰ পৰা টোলাৰমিয়া ৰোগ হʼব পাৰে। (লেবীয়া পুস্তক ১১:৪-১২) একেইদৰে মৃত দেহৰ সম্পৰ্কেও ব্যৱস্থা দিয়া হৈছিল। যদি এজন ব্যক্তিয়ে মৃতদেহ স্পৰ্শ কৰে, তেওঁ নিজৰ শৰীৰ আৰু বস্ত্ৰ ধোৱা আৱশ্যক আছিল। (লেবীয়া পুস্তক ১১:৩১-৩৬; গণনা পুস্তক ১৯:১১-২২) শৌচ মাটিত পোতা হৈছিল, কিয়নো তেনে কাৰ্য্যই বেমাৰৰ বিজাণু বিয়পাৰ পৰা ৰক্ষা কৰিছিল, এই বিষয়ে বৰ্তমান দিনত বিজ্ঞানে এতিয়াহে জানিব পাৰিছে।—দ্বিতীয় বিবৰণ ২৩:১৩.

১৫. কিহে প্ৰমাণ কৰিলে যে ব্যৱস্থা ইস্ৰায়েলসকলৰ বাবে ভাৰৰ কাৰণ হৈছিল?

১৫ ব্যৱস্থাই লোকসমূহৰ পৰা অধিক বিচৰা নাছিল। কিন্তু এনে কিছুমান ব্যৱস্থাৰ শিক্ষকে ব্যৱস্থাত অধিক নিয়ম জড়িত কৰি তাক গধুৰ বনাইছিল। এই নিয়মৰ সম্পৰ্কে জেমচ্‌ হেষ্টিংচে এ ডিক্সেনেৰী অৱ দ্যা বাইবেল নামৰ কিতাপত এইদৰে কৈছে: “ব্যৱস্থাৰ প্ৰত্যেকটো আজ্ঞাৰ সৈতে বহুতো সৰু সৰু নিয়ম জড়িত কৰা হʼল। . . . মাত্ৰ ইমানে যথেষ্ট নাছিল, ইয়াত এইটো চেষ্টা কৰা হৈছে জীৱনৰ প্ৰত্যেকটো সৰু সৰু বিষয়ত নিয়ম আৱশ্যকতা আছে। . . . লোকবিলাকে নিয়মৰ গধুৰ ভাৰৰ ফলত ইমানে পোত খাই গৈছিল যে তেওঁলোকে সচাঁ কি আৰু মিছা কি তাক বিবেচনা কৰিবলৈ নিজ বিবেকৰ কথা শুনিবলৈ পাহৰি গৈছিল। মানুহৰ নিয়মৰ এই অধিক ভাৰৰ ফলত ঈশ্বৰৰ জীৱিত্ব বচনৰ বাক্যও তল পৰি গৈছিল আৰু মানুহৰ সম্পূৰ্ণ জীৱন কঠোৰ আৰু নিম্নগামী নিয়মে আৱৰি ৰাখিছিল।”

১৬. ধৰ্ম্মীয় নেতাসকলে তৈয়াৰ কৰা গধুৰ নিয়ম আৰু পৰম্পৰা বিষয়ে যীচুৱে কি কৈছিল?

১৬ যীচু খ্ৰীষ্টই ধৰ্ম্মীয় নেতাসকল, অৰ্থাৎ যিসকলে ব্যৱস্থাৰ শিক্ষক আছিল তেওঁলোকক অভিযোগ কৰি কৈছিল: “তেওঁবিলাকে গধুৰ আৰু অসহনীয় ভাৰ বান্ধি, মানুহবিলাকৰ কান্ধত দিয়ে, কিন্তু নিজে, এটা আঙুলিৰেও তাক লৰাবলৈ ইচ্ছা নকৰে।” (মথি ২৩:২, ৪) প্ৰত্যেক সৰু সৰু বিষয়ৰ বাবে নিয়ম আৰু পৰম্পৰা কৰি লৈছিল, যেনে হাত ধোৱাৰ সময়ত কিলাকুটিৰ ভাঁজ লৈকে ধোৱা। যীচুৱে স্পষ্টৰূপে কৈছিল যে তেওঁলোকে নিয়ম আৰু পৰম্পৰা তৈয়াৰ কৰি “ঈশ্বৰৰ আজ্ঞা লোপ” কৰিলে। (মাৰ্ক ৭:১-১৩; মথি ২৩:১৩, ২৪-২৬) যীচু পৃথিৱীত অহাৰ পূৰ্ব্বেই ধৰ্ম্মীয় নেতাসকলে যিহোৱাৰ আৱশ্যকতাক ভুলভাৱে বৰ্ণনাৰ কৰিছিল।

প্ৰকৃততে যিহোৱাই কি বিচাৰিছে

১৭. অবিশ্বাসী ইস্ৰায়েলসকলে কৰা হোম-বলিত যিহোৱাই কিয় সন্তোষ হৈছিল?

১৭ যিচয়া ভৱিষ্যতবক্তাৰ দ্বাৰা যিহোৱাই কৈছিল: “মেৰৰ আহুতিৰে আৰু পুষ্ট পশুৰ তেলেৰে মই পৰিপূৰ্ণ আছোঁ; ভতৰা, কি মেৰ, কি ছাগবোৰৰ তেজত মোৰ একো সন্তোষ নাই।” (যিচয়া ১:১১) ব্যৱস্থাত যিহোৱাই নিজেই হোম-বলিৰ বিষয়ে কৈছিল, পাছলৈ তেওঁ কিয় হোম-বলিৰ পৰা অসন্তোষ হৈছিল? (লেবীয়া পুস্তক ১:১-৪:৩৫) কিয়নো লোকসকলে যিহোৱাৰ সৈতে সন্মানৰে আচৰণ কৰা নাছিল। সেইকাৰণে তেওঁলোকক সাৱধান কৰি কৈছিল: “তোমালোকে তোমালোকক ধুই শুচি হোৱা; মোৰ চকুৰ আগৰ পৰা নিজ নিজ কৰ্ম্মৰ দুষ্টতা দূৰ কৰা; কদাচৰণ ত্যাগ কৰা, সদাচৰণ শিক্ষা কৰা; ন্যায় বিচাৰ কৰিবলৈ পুৰুষাৰ্থ কৰা, অত্যাচাৰীক দণ্ড দিয়া, পিতৃহীনৰ বিচাৰ কৰা, বিধৱাৰ নিমিত্তে প্ৰতিবাদ কৰা।” (যিচয়া ১:১৬, ১৭) যিহোৱাই নিজৰ সেৱকসকলৰ পৰা যি বিচাৰে তাক উপলব্ধি কৰিবলৈ ইয়ে আমাক সহায় নকৰেনে?

১৮. যিহোৱাই প্ৰকৃততে ইস্ৰায়েলসকলৰ পৰা কি বিচাৰিছিল?

১৮ ঈশ্বৰে আচলতে কি বিচাৰে যীচুৱে তাক প্ৰদৰ্শন কৰি দেখুৱাইছিল। “ব্যৱস্থাৰ কোনটো আজ্ঞা প্ৰধান?” এইবুলি যেতিয়া যীচুক প্ৰশ্ন কৰা হৈছিল, তেওঁ উত্তৰ দি কৈছিল: “তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা; এয়ে প্ৰধান আৰু প্ৰথম আজ্ঞা। আৰু তাৰে নিচিনা দ্বিতীয়টো এই, তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা। এই দুটা আজ্ঞাতে গোটেই ব্যৱস্থা আৰু ভাববাদীসকলৰ বাক্য ওলমি আছে।” (মথি ২২:৩৬-৪০; লেবীয়া পুস্তক ১৯:১৮; দ্বিতীয় বিবৰণ ৬:৪-৬) ভাববাদী মোচিও সেই একেই বিষয়ে কৈছিল, যেতিয়া তেওঁক সোধা হৈছিল: “এতিয়া, তোমাৰ ঈশ্বৰ যিহোৱাক ভয় কৰাৰ, তেওঁৰ সকলো পথত চলাৰ, তেওঁক প্ৰেম কৰাৰ, সকলো মন ও সকলো প্ৰাণেৰে তোমাৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰাৰ, আৰু আজি মই তোমাৰ হিতৰ অৰ্থে যিহোৱাৰ যি যি আজ্ঞা আৰু বিধি তোমাক দিছোঁ, সেই সকলোকে পালন কৰাৰ বাহিৰে তোমাৰ ঈশ্বৰ যিহোৱাই তোমাৰ পৰা আৰু কি খুজিছে?”—দ্বিতীয় বিবৰণ ১০:১২, ১৩; ১৫:৭, ৮.

১৯. ইস্ৰায়েলসকলে কেনেকৈ পবিত্ৰৰূপে প্ৰতীয়মান হবলৈ চেষ্টা কৰিছিল, কিন্তু যিহোৱাই তেওঁলোকক কি কৈছিল?

১৯ ভুল কৰা স্বত্তেও, ইস্ৰায়েলসকলে পবিত্ৰৰূপে প্ৰতীয়মান হবলৈ বিচাৰিছিল। যিহেতু ব্যৱস্থাত মাত্ৰ প্ৰায়শ্চিত্ত দিনত লঘোন দিবলৈ কোৱা হৈছিল, কিন্তু তেওঁলোকে বাৰে বাৰে লঘোন দিছিল। (লেবীয়া পুস্তক ১৬:৩০, ৩১) সেইবাবে যিহোৱাই তেওঁলোকক গৰিহণা দি কৈছিল: “তুমি ইয়াকেই ব্ৰত আৰু যিহোৱাৰ গ্ৰহণীয় দিন বোলা নে? দুষ্টতাৰ বান্ধ মুকলি কৰাই, যুৱলিৰ শলমাৰি সোলোকোৱাই, আৰু উপদ্ৰৱ পোৱা লোকবিলাকক স্বাধীন কৰি বিদায় দিয়াই, আৰু তোমালোকে প্ৰত্যেক যুৱলি ভঙাই জানো মোৰ মনোনীত ব্ৰত নহয়? ক্ষুধাতুৰ লোকক আহাৰ বাঁটি দিয়াই, আৰু খেদি দিয়া দুখীয়াবিলাকক নিজৰ ঘৰত আশ্ৰয় দিয়াই ব্ৰত নহয় নে? উলঙ্গ দেখি তাক বস্ত্ৰ দান কৰাই, আৰু নিজ মঙহৰ পৰা নিজকে লুকুৱাই নৰখাই ব্ৰত নহয় নে?”—যিচয়া ৫৮:৩-৭.

২০. কি কাৰণে যীচুৱে ধৰ্ম্মীয় কপটীয়াসকলক গৰিহণা দিছিল?

২০. যিসকল ইস্ৰায়েলে নিজকে ধাৰ্ম্মিক বুলি বিবেচনা কৰিছিল, ধৰ্ম্মীয় কপটীয়াসকলৰ দৰে তেওঁলোকৰো একেই সমস্যা আছিল, যীচুৱে সেই লোকবিলাকক কৈছিল: “কিয়নো তোমালোকে পদিনা, গুৱামৰি, আৰু জীৰাৰ দশম ভাগ দান কৰা, কিন্তু ব্যৱস্থাৰ মাজৰ গুৰুতৰ ভাগ যি ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰ এৰিলাহঁক। কিন্তু এইবোৰ পালন কৰা, আৰু সেইবোৰকো নেৰা তোমালোকৰ উচিত আছিল।” (মথি ২৩:২৩; লেবীয়া পুস্তক ২৭:৩০) যীচুৰ এই বাক্যই এইটো বুজাত সহায় নকৰেনে যে যিহোৱাই বাস্তৱতে আমাৰ পৰা কি বিচাৰে?

২১. ভৱিষ্যতবক্তা মীখাই কেনেকৈ বৰ্ণনা কৰিলে যে যিহোৱাই আমাৰ পৰা কি বিচাৰে আৰু কি নিবিচাৰে?

২১ যিহোৱাই কি বিচাৰ আৰু তেওঁ কি নিবিচাৰে ইয়াক স্পষ্টকৰণ কৰিবলৈ, ঈশ্বৰৰ ভৱিষ্যতবক্তা মীখাই সুধিছিল: “মই কি লৈ যিহোৱাৰ আগলৈ যাম, আৰু সৰ্ব্বোপৰি ঈশ্বৰক প্ৰণাম কৰিম? মই হোম-বলি স্বৰূপে এবছৰীয়া দামুৰী লৈ তেওঁৰ আগলৈ যাম নে? হাজাৰ হাজাৰ ভেড়া, বা অযুত অযুত তেলৰ সুঁতাত যিহোৱা সন্তুষ্ট হব নে? মোৰ অপৰাধৰ নিমিত্তে মোৰ প্ৰথমে জন্মা পুত্ৰক, মোৰ পাপৰ কাৰণে মোৰ ঔৰসৰ ফল দান কৰিম নে? হে মনুষ্য, যি ভাল, তাক তেওঁ তোমাক দেখুৱালে; আৰু ন্যায় কাৰ্য্য কৰাৰ, দয়া ভাল পোৱাৰ, আৰু নম্ৰভাৱে নিজ ঈশ্বৰে সৈতে চলাৰ বাহিৰে যিহোৱাই তোমাৰ পৰা আৰু কি বিচাৰে?”—মীখা ৬:৬-৮.

২২. বিশেষকৈ যিসকলে সেই ব্যৱস্থাৰ অধীনত আছে যিহোৱাই তেওঁলোকৰ পৰা কি বিচাৰিছিল?

২২ তেতিয়াহʼলে যিসকলে সেই ব্যৱস্থাৰ অধীনত আছিল যিহোৱাই তেওঁলোকৰ পৰা কি বিচাৰিছিল? নিঃসন্দেহ, তেওঁলোকে যিহোৱাক প্ৰেম কৰিব আছিল। তাৰ উপৰিও পাঁচনি পৌলে কৈছিল: “কিয়নো, তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা, এই এক বচনেতে সমুদায় বিধান সিদ্ধ হৈছে।” (গালাতীয়া ৫:১৪) সেই একেদৰে পৌলে ৰোমত থকা খ্ৰীষ্টানসকলক কৈছিল: “যি জনে পৰক প্ৰেম কৰে, তেওঁ ব্যৱস্থাকে সিদ্ধ কৰিলে। . . . প্ৰেমেই ব্যৱস্থাৰ সিদ্ধি।”—ৰোমীয়া ১৩:৮-১০.

এইটো অধিক নহয়

২৩, ২৪. (ক) যিহোৱাই যি বিচাৰে সেইটো কিয় কেতিয়াও অধিক নহয়? (খ) পৰৱৰ্ত্তী পৱন্ধত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

২৩ আমি এনে প্ৰেমময়, বিবেচক, দয়াময় ঈশ্বৰ যিহোৱাৰ পৰা প্ৰভাৱিত নহওঁনে? তেওঁৰ একমাত্ৰ পুত্ৰ যীচু খ্ৰীষ্টই পৃথিৱীত ঈশ্বৰৰ প্ৰেম প্ৰকাশ কৰিব আহিল—মানুহক এইটোও জনালে যে তেওঁলোক যিহোৱাৰ আগত বহু মূল্যৱান। যীচুৱে ঈশ্বৰৰ প্ৰেমক বৰ্ণনা কৰিবলৈ নগন্য ঘৰ-চিৰিকাৰ উদাহৰণ দি কৈছিল: “তথাপি তোমালোকৰ পিতৃৰ অনুমতিৰ বিনে সেইবোৰৰ এটিও মাটিত নপৰে।” তেওঁ এইদৰে সমাপ্ত কৰি কৈছিল: “এই হেতুকে ভয় নকৰিবা; তোমালোক অনেক ঘৰচিৰিকাতকৈ বহুমূলীয়া।” (মথি ১০:২৯-৩১) বাস্তৱতে প্ৰেমময় ঈশ্বৰে আমাৰ পৰা যি বিচাৰে সেই কেতিয়াও অধিক নহয়!

২৪ তথাপি, বৰ্তমান সময়ত যিহোৱাই আমাৰ পৰা কি বিচাৰিছে? আৰু কিয় বহুতৰ বাবে এনে হয় যে ঈশ্বৰে অধিক বিচাৰিছে? এই প্ৰশ্নসমূহক পৰীক্ষা কৰাৰ দ্বাৰা আমি চাবলৈ পাৰিম যে যিহোৱাই যি বিচাৰিছে সেইটো কিয় এটা বিশেষ অধিকাৰ হয়।

আপুনি উত্তৰ দিব পাৰিবনে?

◻ কিয় বহুতে যিহোৱাক সেৱা কৰিবলৈ ত্যাগ দিয়ে?

◻ বছৰ অতিক্ৰম কৰাৰ লগে লগে যিহোৱাৰ আৱশ্যকতাসমূহ কেনেকৈ সাল-সলনি কৰা হৈছে?

◻ ব্যৱস্থা দিয়াৰ উদ্দেশ্য কি আছিল?

◻ যিহোৱাই যি বিচাৰে সেইটো আমাৰ বাবে কিয় অধিক নহয়?

[Picture on page 18]

মানুহে বনোৱা নিয়ম, যেনে হাতৰ কিলাকুটিৰ লৈকে হাত ধোৱা, এইবিলাকে উপাসনাক গধুৰ কৰি তুলিছিল

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক