সৃষ্টিকৰ্ত্তাই আপোনাৰ জীৱনত অৰ্থ প্ৰদান কৰিব পাৰে
“সেইবোৰে যিহোৱাৰ নামৰ প্ৰশংসা কৰক; কিয়নো তেওঁ আজ্ঞা দিয়াতে সেইবোৰৰ সৃষ্টি হল।”—গীত. ১৪৮:৫
১, ২. (ক) আমি কি প্ৰশ্ন বিবেচনা কৰা উচিত? (খ) যিচয়াই কৰা প্ৰশ্নটোত সৃষ্টিকৰ্ত্তা কেনেকৈ অন্তৰ্ভূক্ত হৈ আছে?
“তুমি জানো জনা নাই?” এইটো মূল কথাৰ উত্তৰ বিচাৰি পোৱা এটা প্ৰশ্ন, যাৰ কাৰণে বহুতকে উত্তৰ দিবলৈ পৰিচলনা কৰিব, ‘কি জানিব লাগে?’ কিন্তু এইটো এটা অতি আৱশ্যকীয় প্ৰশ্ন। আমি যিচয়া ৪০ অধ্যায়ৰ বৰ্ণনাক মূল্যঙ্কন দেখুৱাই প্ৰশংসনীয় উত্তৰ দিব পাৰোঁ। প্ৰাচীন হিব্ৰু ভাষাত যিচয়াই লিখিছিল যে এইটো অতি পুৰণি প্ৰশ্ন। অৱশ্যে এইটো প্ৰশ্ন বৰ্ত্তমান দিনটো অতি ব্যৱহাৰিক আৰু আপোনাৰ জীৱনৰ সৈতেও মূল অৰ্থ ৰাখে।
২ বৰ্ত্তমান সময়ত আৱশ্যক হোৱাৰ স্বত্তেও, যিচয়া ৪০:২৮ পদে আমাক গভীৰ মনোযোগেৰ লাভৱান কৰে: ‘তুমি জানো জনা নাই? তুমি জানো শুনা নাই? অনাদি অনন্ত ঈশ্বৰ যিহোৱাই, পৃথিবীৰ সীমাবোৰৰ সৃষ্টিকৰ্ত্তা।’ সেইবাবে ‘জনা’ মানে হৈছে পৃথিৱীৰ সৃষ্টিকৰ্ত্তাক জনা আৰু বাক্যশাৰীয়ে দেখুৱাইছে যে ইয়াত পৃথিৱীখনক জনাতকৈও বহু বেছি অন্তৰ্ভুক্ত হৈ আছে। আগৰ দুটা পদত যিচয়াই তৰাবোৰৰ সম্বন্ধে এইদৰে লিখিছিল: “তোমাৰ চকু ওপৰলৈ তুলি দৃষ্টি কৰা, কোনে সৌবোৰ সৃষ্টি কৰিলে? যি জনাই সংখ্যা অনুসাৰে সেইবোৰৰ বাহিনীবিলাকক উলিয়াই আনে, . . . সেই জনাৰ অধিক সমৰ্থ আৰু বহু পৰাক্ৰমৰ কাৰণে সেইবোৰৰ এটিও অনুপস্থিত নাথাকে।”
৩. যদিও আপুনি সৃষ্টিকৰ্ত্তাৰ বিষয়ে বহু কিছু জানে, তেতিয়াও তেওঁৰ বিষয়ে আৰু অধিক জনাৰ কিয় আৱশ্যক?
৩ অৱশ্যে প্ৰশ্নটো হৈছে “তুমি জানো জনা নাই?” আচলতে আমাৰ বিশ্বৰ সৃষ্টিকৰ্ত্তাৰ সম্বন্ধে এই প্ৰশ্নটো কৰা হৈছে। ব্যক্তিগতৰূপে আপুনি হয়তো স্বীকাৰ কৰিছে যে যিহোৱা ঈশ্বৰেই ‘পৃথিবীৰ সীমাবোৰৰ সৃষ্টিকৰ্ত্তা।’ আপুনি হয়তো তেওঁৰ ব্যক্তিত্ব আৰু তেওঁৰ পথৰ সম্পৰ্কে বহু কিছু জানে। কিন্তু যেতিয়া এনেধৰণৰ কোনো পুৰুষ বা স্ত্ৰীক লগ পোৱা যায় যিসকলে সৃষ্টিকৰ্ত্তাৰ সম্পৰ্কে সন্দেহ কৰে বা তেওঁ কিধৰণৰ তাৰ সম্বন্ধে স্পষ্টকৈ নাজানে, তেতিয়াহʼলে আপুনি কি ধৰণৰ প্ৰতিক্ৰয়া দেখুৱাব? এনেধৰণৰ পৰিস্থিতিয়ে আমাক আচৰিত কৰিব নোৱাৰে কিয়নো তেনে বহুতো সংখ্যক লোক আছে যিসকলে সৃষ্টিকৰ্ত্তাৰ বিষয়ে নাজানে বা বিশ্বাস নকৰে।—“অজ্ঞানে নিজ মনতে ভাবে, “ঈশ্বৰ নাই।” সিহঁত ভ্ৰষ্ট হল; সিহঁতে ঘিণলগীয়া কৰ্ম্ম কৰিছে; সিহঁতৰ কোনেও সৎকৰ্ম্ম নকৰিলে। অজ্ঞানে নিজ মনতে ভাবে, “ঈশ্বৰ নাই।” সিহঁত ভ্ৰষ্ট হল, সিহঁতে ঘিণলগীয়া অধৰ্ম্ম কাৰ্য্য কৰিছে; সিহঁতৰ কোনেও সৎকৰ্ম্ম নকৰিলে।”—গীতমালা ১৪:১; ৫৩:১.
৪. (ক) সৃষ্টিকৰ্ত্তাৰ বিষয়ে বিবেচনা কৰাটো এয়া কিয় উপযুক্ত সময়? (খ) বিজ্ঞানে কি প্ৰশ্নৰ উত্তৰ দিব পৰা নাই?
৪ বিদ্যালয়সমূহৰ শিক্ষাৰ দ্বাৰা বহুত নাস্তিক উদ্ভৱ হৈ পৰিছে যি সকলে অনুভৱ কৰে যে বিজ্ঞানে বিশ্বব্ৰহ্মাণ্ড আৰু জীৱনৰ উৎপত্তিৰ সম্বন্ধে থকা প্ৰশ্নৰ উত্তৰ দিছে (বা দিব পাৰিব)। অজেন আৰু লানা নামাৰ দুজন লিখকে দি অৰিজিন অৱ লাইফ (মূলতে ফ্ৰান্স ভাষাত: অউক্স অৰিজেনচ ড্যা লা ৱাই) নামৰ কিতাপত এইদৰে কয়: “একৈশ শতাব্দীৰ আৰম্ভণীলৈকে জীৱনৰ উৎপত্তি বিষয়টো এটা বিতৰ্কৰ বিষয় হয় আছে। এই সমস্যাক সমধান কৰিবলৈ বহু কঠিন কাৰ্য্য, কিয়নো ইয়াৰ বাবে অসীম মহাকাশত থকা বিশালকায় বস্তুৰ পৰা লৈ ক্ষুদ্ৰ বস্তু লৈকে সকলো ক্ষেত্ৰত তদন্ত কৰা আৱশ্যক।” তেতিয়াও “ড্যা কুশ্বেন ৰিমেইনচ এলাইভ,” নামৰ কিতাপৰ শেষৰ অধ্যায়ত কৈছে: “পৃথিৱীত কেনেকৈ জীৱনৰ উৎপত্তি হʼল? এই প্ৰশ্নৰ কিছু বৈজ্ঞানীক উত্তৰ আমি বিচাৰি পাইছোঁ কিন্তু জীৱ কিয় উৎপত্তি হʼল? জীৱনৰ কোনো উদ্দেশ্য আছেনে? এই প্ৰশ্নসমূহৰ কোনো উত্তৰ বৈজ্ঞানিকে বিচাৰিব পৰা নাই। ইয়াৰ দ্বাৰাই বস্তুসমূহ ‘কেনেকৈ’ হʼল তাক মাত্ৰ বিচাৰি ওলিউৱা হৈছে। ‘কেনেকৈ’ আৰু ‘কিয়’ এই দুটা সম্পূৰ্ণ বেলেগ বেলেগ প্ৰশ্ন। . . . দৰ্শনশাশাস্ত্ৰ, ধৰ্ম্ম, আৰু—তাৰ উপৰিও—আমাৰ প্ৰত্যেকে ‘কিয়’ প্ৰশ্নৰ উত্তৰ বিচাৰি উলিওৱা আৱশ্যক।”
প্ৰশ্নৰ উত্তৰ আৰু ইয়াৰ অৰ্থ বিচাৰি উলিওয়া
৫. বিশেষকৈ কি ধৰণৰ ব্যক্তিসকলে সৃষ্টিকৰ্ত্তাৰ বিষয়ে বেছি জ্ঞান আহৰণ কৰি লাভ প্ৰাপ্ত কৰিব?
৫ হয়, আচলতে জীৱন কেনেকৈ অস্তিত্বত আহিল—আৰু বিশেষকৈ, আমি ইয়াত কিয় আছোঁ এই বিষয়ে জানিব বিচাৰোঁ। তদুপৰি, যিসকলে সৃষ্টিকৰ্ত্তা আছে বুলি বিশ্বাস কৰে আৰু তেওঁৰ পথৰ সম্বন্ধে অল্প মাত্ৰা জ্ঞান আছে আমি তেনে লোকসকলক প্ৰতি আগ্ৰহী হোৱা উচিত বা তেওঁলোকৰ বিষয়ে চিন্তা কৰক যি সকলৰ পৃষ্ঠভূমিত কোৱা হৈছে যে ঈশ্বৰ প্ৰতি ধাৰণা আচলতে, বাইবেলত যি কোৱা হৈছে তাতকৈ সম্পূৰ্ণ বেলেগ। কোটি কোটি লোকে এনে পৰিস্থিতিৰ মাজত থাকি ডাঙৰ-দীঘল হৈছে যʼত বহু সংখ্যক লোকে ব্যক্তিগত ঈশ্বৰ আৰু তেওঁৰ আকৰ্ষণীয় ব্যক্তিত্বৰ সম্পৰ্কে বিবচনা নকৰে। তেওঁলোকৰ বাবে হয়তো ‘ঈশ্বৰ’ শব্দটো কোনো অনিৰ্দিষ্ট শক্তি বা ভাৱাত্মক কোনো বস্তুৰ পৰা অহা এক প্ৰতীক চিন। তেওঁলোকে ‘সৃষ্টিকৰ্ত্তা বা তেওঁৰ পথক’ জানিব পৰা নাই। যদি তেওঁলোক বা একে দৃষ্টিভঙ্গী ৰখা কোটি কোটি লোকে সৃষ্টিকৰ্ত্তা আছে বুলি স্বীকাৰ কৰে, তেওঁলোকে অনন্ত জীৱনৰ আশীৰ্ব্বাদৰ অগ্ৰগতিৰে কি যে উপকাৰ প্ৰাপ্ত কৰিব! তেওঁলোকেও কোনো অত্যুত্তম বিষয়—জীৱনৰ প্ৰকৃত অৰ্থ, বাস্তৱ উদ্দেশ্য আৰু মনৰ শান্তি, অৱশ্যে যি অতি বিৰল লাভ কৰিব।
৬. বৰ্তমান সময়ত পৌল গাউগুইন আৰু তেওঁ আকাঁ ছবিখনৰ দৰে বহুতে কি একেই অনুভৱ কৰেনে?
৬ উদাহৰণ স্বৰূপে: ১৮৯১ চনত, পৌল গাউগুইন নামৰ এজন ফ্ৰান্স দেশৰ শিল্পীয়ে ফ্ৰান্সৰ ভৌগোলিক স্থানত কাল্পনিক পৰমদেশত জীৱনৰ এক সম্পূৰ্ণতা বিচাৰি গৈছিল। কিন্তু বিগত দিনৰ যৌন সংযমীৰ অভাৱৰ ফলত তেওঁ আৰু আনলোকে বেমাৰত পৰিল। যেনেকৈ তেওঁ অনুভৱ কৰিলে যে তেওঁৰ মৃত্যু কাষ চাপি আহিছে, তেওঁ এখন ডাঠ কাপোৰত ছবি আকিঁলে, সেই ছবিত এইটো দেখুৱাইছিল ‘জীৱনটো এটা ডাঙৰ ৰহস্য।’ আপুনি জানেনে গাউগুইনে সেই ছবিখনৰ কি নাম ৰাখিছিল? “আমি কʼৰ পৰা আহিছোঁ? আমি কি হওঁ? আমি কলৈ গৈ আছোঁ?” আপুনি হয়তু আনলোকেও এই একেইদৰে প্ৰশ্ন কৰা শুনিছে। বহুতে কৰে। কিন্তু যেতিয়া তেওঁলোকে—জীৱনত কোনো সন্তোষজনক উত্তৰ নাপাই—জীৱনৰ কোনো প্ৰকৃত অৰ্থ নাপাই—তেওঁলোকে কʼলৈ যাব?। তেওঁলোকে হয়তো এইদৰে মীমাংসাত উপনীত হʼব পাৰে যে তেওঁলোকৰ জীৱন পশুতকৈ অলপহে ভিন্ন।—২ পিতৰ ২:১২.a
৭, ৮. বিজ্ঞানৰ তদন্তকাৰীয়ে কি প্ৰশ্ন সমূহৰ উত্তৰ দিব নোৱাৰে?
৭ আপুনি এইদৰে বুজিব পাৰিব যে পদাৰ্থ বিজ্ঞানৰ অধ্যাপক ফ্ৰিমেন ডাইচন লিখনিক কিয় কিছুমানে পছন্দ কৰে, যʼত তেওঁ লিখিছিল: “মই বহুতো সন্মানীয় ব্যক্তিসকলৰ ভাৱধাৰাৰক ভগাই লওঁ, যেতিয়া ইয়োবে কৰা প্ৰশ্নক পুনৰাবৃতি কৰোঁ। কিয় আমি দুখ ভোগীছো? পৃথিৱীত কিয় ইমান অন্যায় ভৰি পৰিছে? বেদনা আৰু দুখজনক ঘটনাৰ উদ্দেশ্য কি?” (ইয়োব ৩:২০, ২১; ১০:২, ১৮; ২১:৭) যেনেকৈ উল্লেখ কৰা হৈছে যে বহুতে ঈশ্বৰৰ পৰিৱৰ্ত্তে বিজ্ঞানৰ পৰা উত্তৰৰ অপেক্ষা কৰে। জীৱবিজ্ঞান, সমুদ্ৰপৰ্য্যবেক্ষক আৰু আন সকলে আমাৰ পৃথিৱী আৰু ইয়াত থকা জীৱবোৰৰ জ্ঞান সংযোগ কৰিছে। অন্যদিশত বিচাৰি মহাকাশচাৰী আৰু পদাৰ্থ বিজ্ঞানীসকলে আমাৰ সৌৰ-জগত, নক্ষেত্ৰসমষ্টি, অদূৰত থকা নক্ষেত্ৰ পূঞ্জৰ সম্পৰ্কে আগতকৈও অধিক জ্ঞান আহৰণ কৰিছে। (আদিপুস্তক ১১:৬ পদৰ সৈতে তুলনা কৰক।) এই ধৰণৰ বাস্তৱ বিষয়বোৰত কি যুক্তিসঙ্গত অভিমত উপনীত হʼব পাৰোঁ?
৮ কিছুমান বিজ্ঞানীয়ে কয় যে ঈশ্বৰৰ “মন” বা “ঈশ্বৰৰ কাৰুকাৰ্য্য” গোটেই বিশ্বব্ৰাহ্মাণ্ডত দেখিবলৈ পোৱা যায়। সেইটোৱে এই মুখ্য বিষয়টোক লুপ্ত কৰিব পাৰেনে? এখন বিজ্ঞান আলোচনীয়ে এইদৰে কৈছে: “গৱেষণকাৰী সকলে কয়, যেতিয়া বিশ্বতত্ত্বই ঈশ্বৰৰ ‘মন’ বা ‘কাৰুকাৰ্য্যৰ’ বিষয়ে প্ৰকাশ কৰে, সেইবিলাকে মাথোন সৃষ্টিকৰ্ত্তা ঈশ্বৰক মৰ্য্যদা দিয়ে। কিন্তু ইয়াতকৈ আৱশ্যকীয় বিষয় হৈছে, অৰ্থাত বিশ্ব ব্ৰাহ্মাণ্ডক সৃষ্টি কৰা ব্যক্তিজনৰ উদ্দেশ্যক কম গুৰুত্ব দিয়ে।” নৱেল পুৰষ্কাৰ প্ৰাপ্ত কৰা এজন পদাৰ্থ বিজ্ঞানী ষ্টিভেন ৱাইনবৰ্গ, তেওঁ এইদৰে লিখে: “আমি এই বিশ্বব্ৰহ্মাণ্ডৰ সম্বন্ধে যিমান বোধগম্য কৰোঁ সিমানে আমাক এনে লাগে যে ইয়াৰ বিষয়ে বেছি জানি লাভ নাই।”
৯. কি প্ৰমাণে আমাক আৰু আনক সৃষ্টিকৰ্ত্তাৰ বিষয়ে শিকিবলৈ সহায় কৰিব?
৯ আপুনি হয়তো সেই কোটি কোটি লোকৰ মাজৰ এজন হব পাৰে যিসকলে এই বিষয়টো গভীৰভাৱে অধ্যয়ন কৰিছে আৰু যিসকলে জীৱনটো যে সৃষ্টিকৰ্ত্তাৰ সম্পৰ্কে জনাত জৰিত হৈ আছে তাৰ আচল অৰ্থ বুজিব পাৰিছে। পাঁচনি পৌলে কি কৈছিল তাক স্মৰণ কৰক, তেওঁ এইদৰে লিখিছিল: “মানুহে কব নোৱাৰে যে তেওঁলোকে ঈশ্বৰক নাজানে। জগতৰ আৰম্ভণীৰ পৰাই ঈশ্বৰ যে কি ধৰণৰ তাক তেওঁ সৃষ্টি কৰা বস্তুবিলাকৰ পৰা মানুহে চাব পাৰিছে। ইয়াৰ দ্বাৰা এইটো প্ৰকাশ কৰিছে তেওঁ শক্তি চিৰস্থায়ী। ই দেখুৱাইছে তেওঁ ঈশ্বৰ।” (ৰোমীয়া ১:২০, হলি বাইবেল, নিউ লাইফ ভাৰচন্) হয়, পৃথিৱী আৰু আমাৰ সম্বন্ধে থকা বাস্তৱতাই লোকসকলক সৃষ্টিকৰ্ত্তাক চিনাক্ত কৰিবলৈ আৰু তেওঁৰ সৈতে জৰিত থকা অৰ্থক বিচাৰি পাবলৈ সহায় কৰিব। ইয়াৰে তিনিটা দিশক বিবেচনা কৰক: আমাৰ চাৰিওফালে থকা বিশ্বব্ৰহ্মাণ্ড, জীৱনৰ উৎস, আৰু আমাৰ মানসিক সক্ষমতা।
বিশ্বাস কৰাৰ যুক্তিসমূহ
১০. আদিপুস্তক কিতাপত সৃষ্টিৰ বিষয়ে দিয়া বৃতান্তক বিবেচনা কৰাটো কি সঠিক হʼব (আদিপুস্তক ১:১; গীতমালা ১১১:১০)
১০ আমাৰ বিশ্বব্ৰহ্মাণ্ড কেনেকৈ সৃষ্টি হʼল? আপুনি হয়তো মহাকাশ পৰ্য্যবেক্ষণ কৰা টেলিষ্কোপ আৰু মহাকাশত পঠোৱা সাধাৰণ যন্ত্ৰপাতিৰ ৰিপৰ্টৰ পৰা জানিব পাৰিছে যে বেছি ভাগ বৈজ্ঞানীয়ে সন্মত হৈছে যে আমাৰ বিশ্বব্ৰহ্মাণ্ড নিৰন্তৰ পৰা অস্তিত্বত থকা নাই। ইয়াৰ এটা আৰম্ভণী, আৰু বিস্তৃতকৰণ আছে। ইয়াত কি অন্তৰ্ভূক্ত হৈ আছে? চাৰ বেৰ্নাৰড লভেল নামৰ এজন মহাকাশচাৰীয়ে কি কলে তাক শুনক: “অতিত আমাৰ বিশ্বব্ৰহ্মাণ্ডখন বহুত ক্ষুদ্ৰ আৰু এক বিন্দু নিচিনা আছিল, কিন্তু প্ৰশ্ন এইটো হৈছে এই ক্ষুদ্ৰ অৱস্থা বা বিন্দু হোৱা আগতে ই কি অৱস্থাত আছিল। . . . আমি এইটো স্বীকাৰ কৰিব লাগিব যে ইয়াৰ আৰম্ভণিক লৈ আমি এটা সমস্যাৰ সন্মূখীন হৈছোঁ।”
১১. (ক) এই বিশ্বব্ৰহ্মাণ্ডখন কিমান ডাঙৰ? (খ) বিশ্বব্ৰহ্মাণ্ডত দেখিবলৈ পোৱা যথাৰ্থতাৰ পৰা কি জনাব পাৰি?
১১ শৃঙ্খলাবদ্ধৰূপে সৃষ্টি কৰা বিশ্বব্ৰহ্মণ্ড আৰু আমাৰ পৃথিৱীখনে এক আচৰিত উচ্চস্তৰীয় কাৰ্য্য হিচাবে প্ৰতিফলিত কৰিছে। উদাহৰণস্বৰূপে আমাৰ সূৰ্য্য আৰু আন-আন তৰাসমূহে দীৰ্ঘসময় ধৰি কাৰ্য্যকৰণ আৰু স্থায়ী হৈ থকা দুটা লক্ষ্য কৰিবলগীয়া গুণক দৃষ্টি কৰক। চলিত গণনা অনুসৰি মহাকাশত আমি ৫০০০ কোটি (৫০,০০০,০০০,০০০) পৰা লৈ ১২৫০০ কোটি হাতীপটি চাব পাৰোঁ। আৰু আমাৰ হাতীপটিতো কোটি কোটি নক্ষেত্ৰসমষ্ঠিৰে গঠিত। এতিয়া বিবেচনা কৰক: আমি জনো যে এটা মটৰ ইঞ্জিনত সম অনুপাতত বায়ু আৰু ইন্ধনতকৈ বেছি খৰচ হৈছে। যদি আমাৰ নিজৰ গাড়ী আছে, তেতিয়া ইয়াৰ ইন্ধন আৰু বায়ুক সঠিক মাত্ৰত ৰাখিবলৈ হয়তু কোনো দক্ষতা থকা মেকানিকৰ সহায় লব। যাতে গাড়ীখন নিমজ আৰু সুন্দৰ গতিত চলিব পাৰে। যদি এই সাধাৰণ ইঞ্জিন চলাবলৈ ইমান যথাৰ্থতাৰ আৱশ্যক, তেনেহʼলে ক্ষন্তেক চিন্তা কৰক শতাব্দী ধৰি একেৰাহে “জ্বলি” থকা আমাৰ সূৰ্য্যৰ সম্পৰ্কে? স্পষ্টৰূপে, পৃথিৱীত সকলো জীৱিত থাকিবলৈ যি যি পদাৰ্থ আৱশ্যকতা আছে তাক সঠিকৰূপে ব্যৱস্থিত কৰি ৰাখিছে। কি সকলোবিলাক আপুনা-আপুনি হৈছিল নে? প্ৰাচীন সময়ত ইয়োবক প্ৰশ্ন কৰা হৈছিল: “তুমি আকাশ-মণ্ডলৰ নিয়মবোৰ জানা নে? পৃথিবীৰ ওপৰত তুমি সেইবোৰৰ অধিকাৰ স্থাপন কৰিব পৰা নে?” (ইয়োব ৩৮:৩৩) কোনো মানুহে এই নিয়ম গঢ়িব নোৱাৰে। তেতিয়াহʼলে এই নিয়ম আৰু ইয়াৰ বাবে সঠিকৰূপে গঢ়াৰ যথাৰ্থতা কʼৰ পৰা আহিল?—গীতমালা ১৯:১.
১২. এইটো বিবেচনা কৰা কিয় যুক্তিসঙ্গত যে কোনো অদৃশ্য শক্তিশালী আৰু বুদ্ধিমান ব্যক্তিয়ে সকলোকে স্ৰজিলে?
১২ কি এইটো এনেকৈ হব পাৰেনে যে এই যথাৰ্থতাৰ কাৰণ কোনো বস্তু বা কোনো ব্যক্তি যাক কোনো মানুহে দেখিব নোৱাৰে? আধুনিক বিজ্ঞানৰ দৃষ্টিৰে এই প্ৰশ্নক বিবেচনা কৰক। মহাকাশত হৈ থকা ঘটনাসমূহক অধ্যয়ন কৰি বেছিভাগ বৈজ্ঞানিয়ে স্বীকাৰ কৰে মহাকাশত বহুতো প্ৰকাণ্ড প্ৰকাণ্ড পিণ্ড আছে যাক অন্ধাকাৰময় যুক্ত গহ্বৰ (ব্লেক হল) বুলি কোৱা হয়। এই আন্ধকাৰময় যুক্ত গহ্বৰবোৰ দৃশ্যমান নহয়, তথাপিও বিশেষজ্ঞসকলে স্বীকাৰ কৰিছে যে সেইবিলাকৰ অৱস্থিতি আছে। সেই কাৰণে বাইবেলে কৈছে যে এনে ধৰণৰ এক স্থান যʼত বহু শক্তিশালী আৰু বুদ্ধিমান প্ৰাণী থাকে কিন্তু আমি দেখি নাপাওঁ—সেইবিলাক হৈছে আত্মিক প্ৰাণী। যদি এইধৰণৰ অদৃশ্য প্ৰাণী আছে, কি এইটো যুক্তিসঙ্গত নহয়নে যে এই সমস্ত বিশ্বব্ৰহ্মাণ্ডখনত কোনো শক্তিশালী আৰু বুদ্ধিমান ব্যক্তিয়ে সকলোকে সঠিক স্থানত ৰাখিলে?—নহিমিয়া ৯:৬.
১৩, ১৪. (ক) জীৱনৰ আৰম্ভণীৰ সম্পৰ্কে বৈজ্ঞানিক সকলে কি প্ৰমাণ কৰিলে? (খ) পৃথিৱীত অস্তিত্বত থকা জীৱনে কি প্ৰকাশ কৰিছে?
১৩ আন এটা কাৰণ হৈছে যিসকলে সৃষ্টিকৰ্ত্তাক বিশ্বাস কৰিবলৈ আনলোকক সহায় কৰিব পাৰে, সেইটো হৈছে জীৱনৰ আৰম্ভণী। লুই পেষ্টিউৰৰ নিৰীক্ষণৰ পাছৰ পৰা এই প্ৰমাণ হল যে জীৱন কোনো নিৰ্জীৱ বস্তুৰ পৰা আপোনা-আপুনি উৎপন্ন হোৱা নাই। তেতিয়াহʼলে পৃথিৱীত জীৱনৰ উৎপত্তি কেনেকৈ হʼল? ১৯৫০ চনত বৈজ্ঞানীক সকলে প্ৰামাণ কৰিব বিচাৰিলে যে আৰম্ভণীতে কোনো মহাসাগৰত লাহে লাহে জীৱনৰ বিকাশিত হʼল। তেওঁলোকৰ অনুসাৰে এই সকলো সম্ভৱ তেতিয়া হৈছিল, যেতিয়া আৰম্ভণীতে বায়ুমণ্ডলত বাৰে বাৰে বিজুলী সঞ্চাৰিত হৈছিল। কিন্তু, অলপতে পোৱা প্ৰমাণে এইটো প্ৰকাশ কৰিছে যে পৃথিৱীত সংসাৰিক জীৱনৰ বিকাশ এইদৰে হʼব নোৱাৰে কিয়নো এনে কোনো বিশেষ বায়ুমণ্ডল কেতিয়াও নাছিল। সেইবাবে এতিয়া কিছুমান বৈজ্ঞানীকে ইয়াক বুজিবলৈ নতুন প্ৰণালীক নিৰীক্ষণ কৰি আছে যিটোক বাস্তৱৰূপ দিব পাৰি। কিন্তু তেওঁলোকেও আচল অৰ্থৰ আতঁ নোপোৱা হলনে?
১৪ বিশ্বব্ৰহ্মণ্ড আৰু তাত থকা জীৱৰ সম্পৰ্কে বহু বছৰ ধৰি অধ্যয়ন কৰা ব্ৰটিছ বৈজ্ঞানিক চাৰ ফ্ৰড হলে এইদৰে কয়: “প্ৰকৃতিৰ এটা ঘটনাৰ পৰা আচৰিতৰূপে জীৱনৰ আৰম্ভণী হʼল, এনে ঘটনা ঘটাৰ সম্ভৱনা প্ৰায় নঘটাৰ সমান একেই। এই কথাক স্বীকাৰ কৰা পৰিৱৰ্ত্তে যদি আমি এইদৰে ভাৱো যে কোনো ব্যক্তিয়ে এক উদ্দেশ্যৰ সৈতে বুদ্ধিমানেৰে জীৱনৰ আৰম্ভণ কৰিলে তেতিয়াহʼলে সেইটো বেছি উত্তম হʼব।” হয়, অৱশ্যে আমি জীৱনত হোৱা অনিশ্চিয়তা সম্পৰ্কে যিমানে বেছি চিন্তা কৰোঁ সিমানে বেছি ইয়াক স্বীকাৰ কৰি লোৱাটে উচিত হʼব যে কোনো বুদ্ধিমান ব্যক্তিৰ উৎসৰ পৰাই এই সকলোবোৰ আহিলে।—ইয়োব ৩৩:৪; গীতমালা ৮:৩, ৪; ৩৬:৯; পাঁচনিৰ কৰ্ম্ম ১৭:২৮.
১৫. আপোনাক যে অসাধাৰণৰূপে সৃষ্টি কৰা হৈছে বুলি আমি কিয় কব পাৰোঁ?
১৫ সেই প্ৰথম কাৰণটো হৈছে আমাৰ বিশ্বব্ৰহ্মণ্ড আৰু দ্বিতীয়টো হৈছে পৃথিৱীত জীৱনৰ আৰম্ভণী। এতিয়া তৃতীয় কাৰণটো হৈছে—আমাৰ উত্তম দক্ষতা। বহুতো ফালৰ পৰা সকলো ব্যক্তি উত্তম হয়, যাৰ অৰ্থ হৈছে আপুনিও উত্তম হয়। সেইটো কেনেকৈ? আপুনি হয়তো শুনিছে যে আমাৰ মগজক শক্তিশালী কম্পিউটাৰৰ সৈতে তুলনা কৰা হৈছে। কিন্তু অলপতে কৰা গৱেষণাৰ পৰা এইটো জানিব পৰা গৈছে আচলতে তেনেকৈ তুলনা কৰাটো ভূল। মেচাছুচেট্চ্ ইনষ্টিটিউত অৱ টেক্নলজীৰ এজন বিজ্ঞানীয়ে এইদৰে কয়: ৪ বছৰ বয়সৰ শিশুৱে নিজৰ মগজৰ দক্ষতাৰ পৰা চাব পাৰে, কথা কব পাৰে, খোজ কাঢ়িব পাৰে, বা নিজ চিন্তাধাৰাক ব্যৱহাৰ কৰিব পাৰে। . . . এইটো অনুমান কৰিব পৰা গৈছে যে সকলোতকৈ শক্তিশালী চুপাৰ কম্পিউটাৰ খবৰ সংগ্ৰহ কৰি ৰাখিবলৈ যিমান ক্ষমতা আছে সেইসকলৰ দক্ষতা এটা শামুকৰ মগজৰ সমান—এই দুটাতকৈ আমাৰ মগজৰ ক্ষমতা লাখ লাখ গুণ বেছি।”
১৬. ভাষা কবলৈ পৰা ক্ষমতাই কি প্ৰকাশ কৰে?
১৬ আমি আমাৰ মগজৰ ক্ষমতাৰ বাবে ভাষা কব পাৰোঁ। কিছুমানে দুটা, তিনিটা বা তাতকৈ বেছি ভাষাত কথা পাতিব পাৰে, কিন্তু এটা ভাষা কোৱা ক্ষমতাৰ বাবে আমাক অসাধাৰণ বুলি কোৱা হয়। (যিচয়া ৩৬:১১; পাঁচনিৰ কৰ্ম্ম ২১:৩৭-৪০) আৰ. এচ. আৰু ডী. এইচ. ফাউট্চ নামৰ অধ্যাপক দুজনে সুধিছিল: “অকলমাত্ৰ মানুহে . . . ভাষাৰে দ্বাৰা যোগাযোগ কৰিব পাৰেনে? . . . সকলো উচ্চ স্তৰৰ জন্তুৱে . . . অঙ্গি-ভঙ্গী, ঘ্ৰাণেন্দ্ৰিয়, চিঞৰ, চিৎকাৰ আৰু গান গাই, আৰু মৌ-মাখিয়ে নাচ কৰি নিজ ভাৱভঙ্গীৰে যোগাযোগ কৰে। কিন্তু মানুহৰ বাহিৰে কোনো জীৱই ব্যাকৰণৰ সৈতে বাক্য গঠন কৰি ভাষা কব নোৱাৰে। আৰু জন্তুৱে কাৰো চিত্ৰ অঙ্কন কৰিব নোৱাৰে। সিবিলাকে অকল মাত্ৰ আচঁ টানিব পাৰে।” বাস্তৱতে একমাত্ৰ মানুহৰ ভাষা কবলৈ আৰু চিত্ৰ বনাবলৈ মগজত ক্ষমতা আছে।—যিচয়া ৮:১; ৩০:৮; লূক ১:৩ পদ তুলনা কৰক।
১৭. মানুহে নিজে আৰ্চিত চোৱা আৰু জীৱ-জন্তুৱে আৰ্চি চোৱাৰ মাজত কি প্ৰধান পাৰ্থক্য আছে?
১৭ ইয়াৰ উপৰিও, আপুনি নিজকে চিনি পায়; আপুনি জানে যে আপুনি কোন হয়। (হিতোপদেশ ১৪:১০) চৰাই, কুকুৰ বা মেকুৰীয়ে নিজকে আৰ্চিত দেখি ঠুঁটেৰে খুটিউৱা, গোজৰা বা আক্ৰমণ কৰাটো আপুনি কেতিয়াবা দেখিছেনে? ই ভাৱে যে এইটো আন এটা প্ৰাণী, নিজকে চিনিব নোৱাৰে। তাৰ বিপৰীতে যেতিয়া আপুনি নিজকে আৰ্চিত দেখে, তেতিয়া সেই প্ৰতিছাঁয়া আপোনাৰ বুলি চিনিব পাৰে। (যাকোব ১:২৩, ২৪) আপুনি হয়তো নিজৰ চেহেৰা নিৰীক্ষণ কৰে বা চিন্তিত হব পাৰে যে অলপ বছৰৰ পাছত আপুনি দেখিবলৈ কেনেকুৱা হʼব। জীৱ-জন্তুৱে তেনে কৰিব নোৱাৰে। হয়, আপোনাৰ মগজে আপোনাক অসাধাৰণ কৰি তুলে। এই সকলোৰ বাবে আমি কাক প্ৰশংসা কৰিব পাৰোঁ? যদি আপোনাৰ মগজক ঈশ্বৰে সৃষ্টি নাই কৰা তেন্তে ই কʼৰ পৰা আহিলে?
১৮. আপোনাৰ মগজৰ কোনটো ক্ষমতাই প্ৰকাশ কৰে যে আপুনি জীৱ-জন্তুতকৈ বেলেগ?
১৮ আপোনাৰ মগজৰ কাৰণে আপুনি কলা আৰু সঙ্গীতৰ আনন্দ লাভ কৰিব পাৰে আৰু নিজৰ ভাল-বেয়াও চিনাক্ত কৰিব পাৰে। (যাত্ৰাপুস্তক ১৫:২০; বিচাৰকৰ্ত্তাবিলাক ১১:৩৪; ১ ৰাজাৱলি ৬:১, ২৯-৩৫; মথি ১১:১৬, ১৭) কিয় অকলমাত্ৰ আপুনি কৰিব পাৰে জন্তুৱে কৰিব নোৱাৰে? কিয়নো সেইবিলাকে নিজৰ মগজ প্ৰাথমিক আৱশ্যকতাৰ বাবে ব্যৱহাৰ কৰে—আহাৰ গোটোৱা, সঙ্গী বিচৰা বা বাহ সজা। অকল মানুহে ভৱিষ্যতৰ সম্পৰ্কে চিন্তা কৰে। কিছুমান লোকে এইদৰেও চিন্তা কৰে যে আজি তেওঁলোকে যি কৰিছে পৰিবেশত তাৰ কেনে প্ৰভাৱ পৰিব বা ভৱিষ্যতে তেওঁলোকৰ সন্তানৰ ওপৰত কেনে প্ৰভাৱ পৰিব পাৰে। কিয় তেনে দৰে চিন্তা কৰে? উপদেশক ৩:১১ পদত কৈছে: “[সৃষ্টিকৰ্ত্তাই] তেওঁবিলাকৰ হৃদয়ত অনন্ত কালো ৰাখিছে” হয় অৱশ্যে, অনন্ত জীৱনৰ অৰ্থ বুজিবলৈ বা মৃত্যু নোহৱাকৈ জীৱনৰ কল্পনা কৰিবলৈ ক্ষমতা অকলমাত্ৰ মানুহৰ ওচৰত বিৰাজমান।
সৃষ্টিকৰ্ত্তাৰ পৰা আপোনাৰ জীৱনৰ উদ্দেশ্যক জানিবলৈ চেষ্টা কৰক
১৯. কোন তিনিটা প্ৰশ্নৰ জৰিয়তে আমি লোকসকলক সঠিক সিদ্ধান্তত উপনীত হোৱাত সহায় কৰিব পাৰোঁ?
১৯ আমি মাত্ৰ তিনিটা ক্ষেত্ৰতে বিবেচনা কৰিলোঁ: বিশালকায় বিশ্বব্ৰহ্মাণ্ডত দেখিবলৈ পোৱা যথাৰ্থতা, পৃথিৱীত জীৱনৰ উৎপত্তি আৰু মানৱ মগজৰ বিভিন্ন যোগ্যতাৰ সৈতে অসাধাৰণ ক্ষমতা। এই তিনিটা কাৰণে কি দৰ্শাই? আনক সঠিক সিদ্ধান্তত উপনীত হবলৈ সহায় কৰিবৰ বাবে এই তিনিটা প্ৰশ্নক ব্যৱহাৰ কৰিব পাৰে। প্ৰথমতে সুধক: কি এই বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণী হৈছিল নে? বেছিভাগ লোকে কব হয় ইয়াৰ আৰম্ভ হৈছিল। তেতিয়া তেওঁক সুধক: কি ই আপোনা-আপুনি আৰম্ভ হৈছেল নে বা ইয়াক আৰম্ভ কৰা হৈছিল? বেছিভাগ ব্যক্তিয়ে স্বাকাৰ কৰে যে ইয়াক আৰম্ভ কৰা হৈছিল। এই শেষৰ প্ৰশ্নটো এনেধৰণৰ: তেতিয়াহʼলে এই বিশ্বব্ৰহ্মাণ্ড কোন নিৰাকাৰ শক্তিৰে আহিলে নে বা কোনো বুদ্ধিমানী ব্যক্তিৰ দ্বাৰা আহিল? যেতিয়া এই প্ৰশ্নসমূহক এইধৰণে স্পষ্টকৈ এটাৰ পাছত আনটো প্ৰশ্ন কৰা হয় তেতিয়াহʼলে বহুতো লোকে এই সিদ্ধান্তত উপনীত হয়: অৱশ্যে এজন সৃষ্টিকৰ্ত্তা আছে! যদি এজন সৃষ্টিকৰ্ত্তা আছে তেতিয়াহʼলে আমাৰ জীৱনত এক উদ্দেশ্যও থকাৰ আৱশ্যক?
২০, ২১. জীৱনৰ উদ্দেশ্যক পাবলৈ সৃষ্টিকৰ্ত্তাক জনাৰ কিয় আৱশ্যক?
২০ আমাৰ অস্তিত্ব আৰু ভাল-বেয়া বুজা শক্তি এই সকলোবোৰ আমাৰ সৃষ্টিকৰ্ত্তাৰ সৈতে জৰিত আছে। ডা. ৰলো মে নামৰ এজন ব্যক্তিয়ে এইদৰে লিখিছিল: “উপযুক্ত নৈতিকতাৰ বাবে কেৱল যথোচিত গাঠনি কেৱল জীৱনৰ অৰ্থৰ উপৰত আধাৰিত হয়।” ইয়াক কʼত পোৱা যাব? তেওঁ আৰু কয়: “যথোচিত গাঠনি হৈছে ঈশ্বৰৰ প্ৰকৃতি। ঈশ্বৰৰ সিদ্ধান্তসমূহ সমৰ্থনৰ বুনিয়াদ, সৃষ্টিৰ আৰম্ভণীৰ পৰা শেষলৈকে কেন্দ্ৰিত।”
২১ আমি এতিয়া ভালদৰে বুজিব পাৰিছোঁ যে যেতিয়া গীতমালা লিখকে সৃষ্টিকৰ্ত্তাক বিচাৰিবলৈ নম্ৰতা আৰু জ্ঞান উভয়কে প্ৰদৰ্শন কৰি কৈছিল: “হে যিহোৱা, তোমাৰ পথবোৰ মোক জনোৱা; তোমাৰ বাটবোৰ মোক শিকোৱা। তোমাৰ সত্যতাত মোক চলাই শিক্ষা দিয়া; কিয়নো তুমি মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰ।” (গীতমালা ২৫:৪, ৫) যেনেকৈ তেওঁ জানিব পাৰিছিল যে সৃষ্টিকৰ্ত্তা হৈছে উত্তম, তেওঁৰ জীৱন অৱশ্যে বহুত অৰ্থপূৰ্ণ, উদ্দেশ্য আৰু পথ-পদৰ্শক হৈ পৰিছিল। সেই একেইদৰে আমাৰ সকলোৰ বাবে হʼব পাৰে।—যাত্ৰাপুস্তক ৩৩:১৩.
২২. সৃষ্টিকৰ্ত্তা পথ জনাত কি কি জৰিত আছে?
২২ সৃষ্টিকৰ্ত্তাৰ “পথ” জনাবলৈ এইটো জনাৰ আৱশ্যক যে তেওঁ কি ধৰণৰ ব্যক্তি, তেওঁৰ কি কি গুণ আছে আৰু তেওঁ কেনেকৈ ব্যৱহাৰ কৰে। কিন্তু যি জন সৃষ্টিকৰ্ত্তাক আমি কেতিয়াও দেখা নাই আৰু যি জন বহুত শক্তিশালী, তেওঁক আমি কেনেকৈ ভালদৰে জানিব পাৰিম? পৰৱৰ্তি অধ্যয়নত ইয়াক আলোচনা কৰা হʼব।
[Footnotes]
a নাজি যাতনা দিয়া কেম্পৰ, অনুভৱবোৰ ডা. ভিক্টৰ ই. ফ্ৰেকেল্ এনেদৰে বৰ্ণনা কৰিছে: “মানুহে জীৱনৰ অৰ্থৰ অম্বেষন প্ৰথমিক শক্তিৰে কৰিছে আৰু পশু দৰে ‘সামান্য অনুভূতি নোহোৱাকৈ অগ্ৰসৰ হৈছে।” তেওঁ এইদৰেও কয় যে দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত দুই যুগ ধৰি ফ্ৰন্সত এক পৰিদৰ্শন চলোৱাৰ পাছত দেখা গৈছে “জনসংখ্যাৰ ৮৯% মানুহে স্বীকাৰ কৰিছে যে জীয়াই থাকিবলৈ ‘কিহবাৰ’ আৱ্যশক আছে।”
আপুনি কি দৰে উত্তৰ দিব?
◻ আমি কিয় আমাৰ বিশ্বব্ৰহ্মাণ্ডতৰ সম্বন্ধে থকা বৈজ্ঞানিক সংবাদতকৈ বেছি জনা আৱশ্যক?
◻ আনক সৃষ্টিকৰ্ত্তাৰ সম্পৰ্কে জানিবলৈ সহায় কৰিবলৈ আপুনি কিহলৈ নিৰ্দ্দেশিত কৰিব?
◻ আমি জীৱনৰ সন্তোষজনক অৰ্থ পাবলৈ কিয় সৃষ্টিকৰ্ত্তাক জনা আৱশ্যক?
[Diagram/Picture on page 18]
(For fully formatted text, see publication)
আপুনি কি সিদ্ধান্তত উপনীত হʼব?
আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভ
↓ ↓
হোৱা হৈছিল
নাছিল
↓ ↓
আপোনা-আপুনি হৈছিল কোনোবাই স্ৰজিলে
↓ ↓
কোনো নিৰাকাৰ শক্তিৰ কোনো বুদ্ধিমান
পৰা হৈছিল ব্যক্তিয়েসৃষ্টি কৰিছিল
[Picture on page 15]
বিশালকায় বিশ্বব্ৰহ্মাণ্ড আৰু তাত দেখিবলৈ পোৱা যথাৰ্থতা কাৰণসমূহৰ বাবে বহুতে স্বীকাৰ কৰে যে এজন সৃষ্টিকৰ্ত্তা আছে
[Credit Line]
পৃষ্ঠা ১৫ আৰু ১৮ (ইংৰাজী): Jeff Hester (Arizona State University) and NASA