ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w21 আগষ্ট পৃষ্ঠা ১৪-১৯
  • সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস দৃঢ় কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস দৃঢ় কৰক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • বহুতোলোকে সৃষ্টিকৰ্তাৰ ওপৰত কিয় বিশ্বাস নকৰে
  • সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস দৃঢ় কৰাৰ উপায়
  • আপোনাৰ বিশ্বাস দুৰ্বল হʼবলৈ নিদিব
  • আপুনি সঁচাকৈ শুভবাৰ্ত্তাত বিশ্বাস কৰেনে?
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আপোনাৰ সৃষ্টিকৰ্ত্তা—তেওঁ কি ধৰণৰ তাক জানক
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
w21 আগষ্ট পৃষ্ঠা ১৪-১৯

অধ্যয়নৰ লেখ ৩২

সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস দৃঢ় কৰক

“বিশ্বাস হৈছে, আশা কৰা বিষয়ৰ নিশ্চয়জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ-প্ৰাপ্তি।”—ইব্ৰী ১১:১.

গীত ১১ সৃষ্টিয়ে যিহোৱাৰ প্ৰশংসা কৰে

লেখৰ এক আভাসa

১. আপুনি সৰুৰেপৰা যিহোৱাৰ বিষয়ে কি শিকিছে?

আপোনাৰ পিতৃ-মাতৃ যিহোৱাৰ সাক্ষী হয়নে? যদি হয়, তেনেহʼলে আপুনি হয়তো সৰুৰেপৰা শিকিছে যে সকলোবোৰ যিহোৱাই সৃষ্টি কৰিছে আৰু তেওঁৰ বহুতো ভাল গুণ আছে। তেওঁ আমাক প্ৰেম কৰে আৰু অতি সোনকালে তেওঁ এই পৃথিৱীখনক ধুনীয়া বাগিচালৈ পৰিৱৰ্তন কৰিব।—আদি. ১:১; পাঁচ. ১৭:২৪-২৭.

২. সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস কৰা লোকসকলৰ বিষয়ে কিছুমান লোকে কি ভাবে?

২ আজি বহুতোলোকে বিশ্বাস কৰে যে কোনো সৃষ্টিকৰ্তা নাই। তেওঁলোকে ভাবে যে সকলোবোৰ নিজে নিজে আহিছে আৰু তেওঁলোকে বিৱৰ্তণৰ ওপৰত বিশ্বাস কৰে। যিসকল লোকে বিৱৰ্তণৰ ওপৰত বিশ্বাস কৰে, তেওঁলোকৰ মাজৰ কিছুমান লোক বহুত পঢ়া-লিখা থাকে আৰু তেওঁলোকে বিজ্ঞানৰ ওপৰত বিশ্বাস কৰে। তেওঁলোকে ভাবে যে বিজ্ঞানে বাইবেলৰ শিক্ষাবোৰক ভুল বুলি প্ৰমাণ কৰে। তেওঁলোকে এয়াও ভাবে যে যিসকল লোক কম পঢ়া-লিখা আৰু মুৰ্খ হয়, তেওঁলোকেহে সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস কৰে।

৩. আমি নিজৰ বিশ্বাস কিয় দৃঢ় কৰি থকা উচিত?

৩ যিসকল লোকে কোনো সৃষ্টিকৰ্তা নাই বুলি বিশ্বাস কৰে, তেওঁলোকৰ কথাত বিশ্বাস কৰি আমি সৃষ্টিকৰ্তাৰ ওপৰত সন্দেহ কৰিব পাৰোঁনে? নিশ্চয়, যদি আমি কাৰোবাৰ কথা শুনি যিহোৱাৰ ওপৰত বিশ্বাস কৰোঁ, তেনেহʼলে আমি নিশ্চয় সন্দেহ কৰিব পাৰোঁ। কিন্তু আমি যদি সময় উলিয়াই যিহোৱাই সৃষ্টি কৰা প্ৰমাণবোৰলৈ ধ্যান কৰোঁ আৰু চালি-জাৰি চাওঁ, তেনেহʼলে আমি সন্দেহ নকৰিম। (১ কৰি. ৩:১২-১৫) যদিও আমি বহুবছৰ ধৰি সত্যত আছোঁ, তথাপি আমি নিজৰ বিশ্বাস দৃঢ় কৰি থকা উচিত। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে বাইবেলৰ শিক্ষাক ভুল কোৱা লোকসকলৰ কথা আমি বিশ্বাস নকৰিম। (কল. ২:৮; ইব্ৰী ১১:৬) এই লেখত আমি এই বিষয়বোৰৰ ওপৰত আলোচনা কৰিম, (১) বহুতোলোকে সৃষ্টিকৰ্তাৰ ওপৰত কিয় বিশ্বাস নকৰে? (২) আমি আমাৰ সৃষ্টিকৰ্তা যিহোৱাৰ ওপৰত নিজৰ বিশ্বাস কেনেকৈ দৃঢ় কৰিব পাৰোঁ? (৩) সৃষ্টিকৰ্তাৰ ওপৰত আমাৰ বিশ্বাস দুৰ্বল নহʼবলৈ আমি কি কৰিব পাৰোঁ?

বহুতোলোকে সৃষ্টিকৰ্তাৰ ওপৰত কিয় বিশ্বাস নকৰে

৪. ইব্ৰী ১১:১ পদৰ অনুসৰি বিশ্বাস কি হয়?

৪ বহুতোলোকে ভাবে যে বিশ্বাস কৰিবলৈ প্ৰমাণৰ প্ৰয়োজন নাই। কিন্তু বাইবেলে এইদৰে নকয়। (ইব্ৰী ১১:১ পঢ়ক।) প্ৰমাণৰ আধাৰতহে বিশ্বাস কৰিব পাৰি। উদাহৰণস্বৰূপে, যদিও আমি ঈশ্বৰৰ ৰাজ্যক দেখা নাই, কিন্তু আমি তাৰ ওপৰত বিশ্বাস কৰোঁ। ইয়াৰ উপৰিও আমি যিহোৱা আৰু যীচু খ্ৰীষ্টকো দেখা নাই, তথাপি তেওঁলোক আছে বুলি আমি বিশ্বাস কৰোঁ। কিয়নো ইয়াৰ প্ৰমাণ আছে। (ইব্ৰী ১১:৩) এজন ভাই, যিজন জীৱ ৰসায়ন বৈজ্ঞানিক হয়, তেওঁ এইদৰে কৈছে, “যিহোৱাৰ সাক্ষীসকলে কোনো এটা কথা সহজে বিশ্বাস নকৰে। তেওঁলোকে প্ৰমাণবোৰ চালি-জাৰি চায়। আনকি বিজ্ঞানে দিয়া প্ৰমাণবোৰো তেওঁলোকে চালি-জাৰি চায়।”

৫. এজন সৃষ্টিকৰ্তা আছে বুলি বহুতোলোকে কিয় বিশ্বাস নকৰে?

৫ এই পৃথিৱীখনক সৃষ্টি কৰা হৈছে বুলি যদি প্ৰমাণ আছে, তেনেহʼলে বহুতোলোকে কিয় ইয়াৰ ওপৰত বিশ্বাস নকৰে? কিয়নো তেওঁলোকে প্ৰমাণবোৰৰ ওপৰত ধ্যান নিদিয়ে। ৰবাৰ্ট নামৰ ভাইজনৰ উদাহৰণলৈ মন কৰক। তেওঁ এতিয়া সাক্ষী হয়, তেওঁ এইদৰে কৈছে, “এই পৃথিৱীখনক সৃষ্টি কৰা হৈছে বুলি আমাৰ স্কুলত কেতিয়াও শিকোৱা নাছিল আৰু মইয়ো এই কথাৰ ওপৰত বিশ্বাস কৰিছিলোঁ। কিন্তু যেতিয়া মই ২২ বছৰৰ হʼলোঁ, তেতিয়া মই সাক্ষীসকলক লগ পালোঁ। তেওঁলোকে মোক বাইবেলৰপৰা বহুতো প্ৰমাণ দেখুৱালে যে সৃষ্টিকৰ্তা আছে। এই প্ৰমাণবোৰৰপৰা মোৰ বিশ্বাস হʼল যে সঁচাকৈ এই পৃথিৱীখনক সৃষ্টি কৰা হৈছে।”b—“পিতৃ-মাতৃসকলৰ বাবে এক গুৰুত্বপূৰ্ণ কথা” নামৰ বক্স পঢ়ক।

পিতৃ-মাতৃসকলৰ বাবে এক গুৰুত্বপূৰ্ণ কথা

“জীৱনৰ আৰম্ভণি—পাঁচটা প্ৰশ্নৰ উত্তৰ জনাৰ প্ৰয়োজন” ব্ৰচাৰৰপৰা এজন পিতৃয়ে নিজৰ লʼৰা লগত কথা পাতি আছে।

পিতৃ-মাতৃসকল, আপোনালোকৰ লʼৰা-ছোৱালীক স্কুলত কি শিকোৱা হয়, তাক জানিবলৈ চেষ্টা কৰক। যদি আপুনি গম পায় যে তেওঁলোকক বাইবেলৰ শিক্ষাৰ বিৰুদ্ধে শিকোৱা হৈছে, তেনেহʼলে আপুনি কি কৰিব? বাইবেলখন যে সঠিক হয়, তাৰ প্ৰমাণ আপুনি আমাৰ আলোচনীবোৰত বিচাৰিব পাৰে আৰু ইয়াৰ বিষয়ে আপুনি নিজৰ লʼৰা-ছোৱালীক বুজাব পাৰে, যাতে তেওঁলোকৰ বিশ্বাস মজবুত হয়। আজি বহুতো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে ঈশ্বৰক বিশ্বাস নকৰে আৰু বিশ্বাস কৰা লোকসকলক ঠাট্টা কৰে। সেইবাবে, আপুনি যদি নিজৰ লʼৰা-ছোৱালীক উচ্চ শিক্ষা লʼবলৈ পঠায়, তেনেহʼলে তেওঁলোকে যিহোৱাৰপৰা আঁতৰি যাব পাৰে।

৬. কিছুমান লোকে সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস নকৰাৰ আন এটা কাৰণ কি?

৬ ঈশ্বৰক দেখা নাই বুলি বহুতোলোকে সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস নকৰে। কিন্তু তেওঁলোকে দেখা নোপোৱা বহুতো বস্তুৰ ওপৰত বিশ্বাস কৰে। কিয়নো সেইবোৰৰ প্ৰমাণ আছে, উদাহৰণস্বৰূপে, বতাহ। বাইবেলত কোৱা হৈছে যে আমি সেই “নিশ্চয়জ্ঞান” অৰ্থাৎ সত্যতাৰ ওপৰত বিশ্বাস কৰিব পাৰোঁ, যিবোৰ “অদৃশ্য” হয়, কিয়নো ইয়াৰ প্ৰমাণ আছে। (ইব্ৰী ১১:১) সেই প্ৰমাণবোৰ চালি-জাৰি চাবলৈ সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন হয়। কিন্তু বহুতোলোকে এইদৰে নকৰে, সেইবাবে তেওঁলোকে ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰে।

৭. সকলো পঢ়া-লিখা লোকে সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস নকৰেনে? বুজাওক।

৭ কিছুমানে বৈজ্ঞানিকে প্ৰমাণবোৰ পৰীক্ষা কৰি চালে। সেইবাবে, তেওঁলোকৰ বিশ্বাস হʼল যে সৃষ্টিকৰ্তা আছে।c অনুচ্ছেদ ৫ ত উল্লেখ কৰা ৰবাৰ্টৰ নিচিনা বহুতো বৈজ্ঞানিকে ভাবিছিল যে কোনো সৃষ্টিকৰ্তা নাই। কিয়নো তেওঁলোকৰ স্কুল বা বিশ্ববিদ্যালয়ত ইয়াৰ বিষয়ে শিকোৱা নাছিল। কিন্তু পাছত তেওঁলোকে যিহোৱাৰ বিষয়ে শিকিবলৈ ধৰিলে আৰু তেওঁৰ ওপৰত বিশ্বাস কৰিলে। আমি কম পঢ়া-লিখা হওঁ বা বেছি, আমি সকলোৱে তেওঁলোকৰ নিচিনা নিজৰ বিশ্বাস বঢ়াই থকা উচিত। কিন্তু এয়া আমি নিজেই কৰিব লাগিব।

সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস দৃঢ় কৰাৰ উপায়

৮-৯. (ক) এতিয়া আমি কোনটো প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম? (খ) সৃষ্টিৰ বিষয়ে শিকিলে আমাৰ কি লাভ হʼব?

৮ আপুনি সৃষ্টিকৰ্তাৰ ওপৰত নিজৰ বিশ্বাস কেনেকৈ দৃঢ় কৰিব পাৰে? আহক ইয়াৰ দুটা উপায় চাওঁ।

৯ সৃষ্টিক চাই শিকক। আমি গছ-গছনি, জীৱ-জন্তু আৰু তৰাবোৰক চাই সৃষ্টিকৰ্তাৰ ওপৰত আমাৰ বিশ্বাস দৃঢ় কৰিব পাৰোঁ। (গীত. ৯১:১; যিচ. ৪০:২৬) আমি যিমানেই এইবোৰৰ বিষয়ে শিকিম, সিমানেই এই সকলো সৃষ্টিকৰ্তা যিহোৱা হয় বুলি আমাৰ বিশ্বাস বাঢ়িব। সৃষ্টিৰ বিষয়ে আমাৰ প্ৰকাশনবোৰতো বৰ্ণনা কৰিছে। সেইবোৰ বুজিবলৈ আমাক হয়তো কঠিন লাগিব পাৰে, তথাপি আমি সেইবোৰ পঢ়া উচিত আৰু শিকিবলৈ চেষ্টা কৰা উচিত। যোৱা কিছুমান আঞ্চলিক অধিৱেশনত সৃষ্টিৰ বিষয়ে বহুতো ভিডিঅʼ দেখুওৱা হৈছিল। সেইবোৰ আমাৰ ৱেবচাইট jw.org ত পুনৰ চাওক।

১০. সৃষ্টিৰপৰা সৃষ্টিকৰ্তাৰ বিষয়ে কি শিকিব পাৰি এটা উদাহৰণ দি বুজাওক। (ৰোমীয়া ১:২০)

১০ সৃষ্টিৰ বিষয়ে শিকাৰ সময়ত প্ৰতিটো সৃষ্টিয়ে সৃষ্টিকৰ্তাৰ বিষয়ে কি শিকাই, সেয়া জানিবলৈ চেষ্টা কৰক। (ৰোমীয়া ১:২০ পঢ়ক।) উদাহৰণস্বৰূপে, সূৰ্য্য মানুহৰ বাবে অতি প্ৰয়োজনীয়। কিয়নো আমি ইয়াৰপৰা তাপ আৰু পোহৰ পাওঁ। কিন্তু ইয়াৰপৰা ক্ষতিকাৰক ৰশ্মিও ওলাই, তথাপি এই ৰশ্মিয়ে আমাৰ কোনো হানি কৰিব নোৱাৰে। কিয় বাৰু? কিয়নো পৃথিৱীৰ চাৰিওফালে অʼজন গেচৰ এটা স্তৰ আছে আৰু ইয়ে ক্ষতিকাৰক ৰশ্মিবোৰ শুঁহি লয়। যিমানেই এই ৰশ্মিবোৰ বাঢ়ি থাকে, সিমানেই অʼজন গেচৰ মাত্ৰাও বাঢ়িবলৈ ধৰে। আপুনি কি ভাবে এইবোৰে এজন মৰমিয়াল আৰু বুদ্ধিমান সৃষ্টিকৰ্তা আছে বুলি প্ৰমাণ নিদিয়েনে?

১১. সৃষ্টিৰ বিষয়ে আপুনি কʼৰপৰা জানিব পাৰিব? (“সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস দৃঢ় কৰাৰ সহায়” নামৰ বক্স পঢ়ক।)

১১ আপুনি অনুসন্ধান গাইড আৰু jw.org ৰপৰা সৃষ্টিৰ বিষয়ে বহুতো কথা জানিব পাৰিব। এনে কৰাৰ যোগেদি সৃষ্টিকৰ্তাৰ ওপৰত আপোনাৰ বিশ্বাস আৰু বাঢ়িব। প্ৰথমে আপুনি “ইয়াক সৃষ্টি কৰা হৈছিল নেকি?” ভাগত গৈ লেখ আৰু ভিডিঅʼবোৰ চাব পাৰে। ইয়াত জীৱ-জন্তু আৰু গছ-গছনিৰ বিষয়ে চমুকৈ আৰু আৰ্কষণীয় কথা উল্লেখ আছে। এই লেখ আৰু ভিডিঅʼত এয়াও কোৱা হৈছে যে সৃষ্টিক চাই বৈজ্ঞানিকসকলে কি কি আৱিস্কাৰ কৰিছে।

সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস দৃঢ় কৰাৰ সহায়

এজন ডেকা ভায়ে “ইজ দেয়াৰ এ ক্ৰিয়েটৰ হু কেয়াৰ্চ এবাউট ইউ?” কিতাপ, “ওৱাজ লাইফ ক্ৰিয়েটেদ?” আৰু “জীৱনৰ আৰম্ভণি—পাঁচটা প্ৰশ্নৰ উত্তৰ জনাৰ প্ৰয়োজন” ব্ৰচাৰ আৰু টেবলেটৰ যোগেদি সৃষ্টিৰ বিষয়ে শিকি আছে। ছবি: ১. ডি. এন. এ. ২. এজনী পৰুৱা ৩. সৌৰজগতৰ গ্ৰহ

ব্ৰচাৰ:

জীৱনৰ আৰম্ভণি—পাঁচটা প্ৰশ্নৰ উত্তৰ জনাৰ প্ৰয়োজন

প্ৰত্ৰিকা:

অক্টোবৰ-ডিচেম্বৰ, ২০০৬ চনৰ সচেতন থাকক! বিশেষ নং “এজন সৃষ্টিকৰ্তা আছেনে?”

ভিডিঅʼ:

সৃষ্টিয়ে ঈশ্বৰৰ মহিমা কৰে—পোহৰ আৰু ৰং

ধাৰাবাহিক:

সচেতন থাকক! আৰু jw.org ত “ইয়াক সৃষ্টি কৰা হৈছিল নেকি?”

১২. বাইবেলৰ অধ্যয়ন কৰাৰ সময়ত আমি কি কি কথালৈ ধ্যান দিয়া উচিত?

১২ বাইবেল অধ্যয়ন কৰক। অনুচ্ছেদ ৪ ত উল্লেখ কৰা এজন জীৱ ৰসায়ন বৈজ্ঞানিকে আৰম্ভণিতে সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস কৰা নাছিল। কিন্তু পাছত তেওঁ বিশ্বাস কৰিবলৈ ধৰিলে। তেওঁ এইদৰে কৈছে, “কেৱল বিজ্ঞানৰ অধ্যয়নৰ কৰাৰ বাবে মোৰ বিশ্বাস দৃঢ় হোৱা নাছিল। মই বাইবেলো অধ্যয়ন কৰিছিলোঁ।” হয়তো আপোনাৰো বাইবেলৰ জ্ঞান আছে। কিন্তু সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস বঢ়াবলৈ হʼলে আপুনি গভীৰভাৱে বাইবেলৰ অধ্যয়ন কৰিব লাগিব। (যিহো. ১:৮; গীত. ১১৯:৯৭) উদাহৰণস্বৰূপে, বহুবছৰৰ আগতে ঘটি যোৱা কিছুমান ঘটনালৈ ধ্যান দিয়ক, যাৰ বিষয়ে বাইবেলে বিতংভাৱে বৰ্ণনা কৰিছে। বাইবেলত দিয়া ভৱিষ্যতবাণীবোৰ কেনেকৈ পূৰ হৈছে তাৰ ওপৰত ধ্যান দিয়ক আৰু বেলেগ বেলেগ লেখকসকলে লিখা কিতাপবোৰৰ মাজত কেনেকৈ মিল আছে তাৰ ওপৰতো ধ্যান দিয়ক। এইদৰে কৰাৰ যোগেদি এজন মৰমিয়াল আৰু বুদ্ধিমান সৃষ্টিকৰ্তাই আমাক বনাইছে আৰু বাইবেলখন লিখাইছে বুলি আপোনাৰ বিশ্বাস দৃঢ় হʼব।d—২ তীম. ৩:১৪; ২ পিত. ১:২১.

১৩. বাইবেলত দিয়া পৰামৰ্শবোৰ লাভদায়ক হয় বুলি উদাহৰণ দি বুজাওক।

১৩ বাইবেলৰ অধ্যয়ন কৰাৰ সময়ত এই বিষয়েও চিন্তা কৰক যে ইয়াত দিয়া পৰামৰ্শ কিমান লাভদায়ক। উদাহৰণস্বৰূপে, বহুবছৰৰ আগতে বাইবেলত উল্লেখ কৰা হৈছিল যে টকা-পইচাৰ লোভ কৰিলে বহুতো ‘যাতনা’ ভুগিব লাগিব। (১ তীম. ৬:৯, ১০; হিতো. ২৮:২০; মথি ৬:২৪) এই কথা আজিও একেবাৰে সঁচা। এখন কিতাপে এইদৰে কৈছে, “যিসকলে ভাবে যে টকা-পইচাই সকলো হয়, তেওঁলোকে সদায় নিৰাশাত থাকে আৰু যিসকলে বেছি টকা-পইচা অৰ্জন কৰিব বিচাৰে, তেওঁলোকৰ বহুতো বেমাৰ হয়।” সঁচাকৈ, টকা-পইচাৰ প্ৰতি প্ৰেম নকৰিবলৈ বাইবেলত যি পৰামৰ্শ দিয়া হৈছে সেয়া কিমান লাভদায়ক। আপুনি বাইবেলৰ এনে কিছুমান সিদ্ধান্তৰ বিষয়ে চিন্তা কৰিব পাৰেনে, যাৰপৰা আপুনি লাভৱান হৈছে? যদি আমি বাইবেলত দিয়া পৰামৰ্শ লাভদায়ক হয় বুলি বুজি পাওঁ, তেনেহʼলে আমি সেই পৰামৰ্শবোৰ পালন কৰিম। (যাকো. ১:৫) এইদৰে কৰিলে আমাৰ জীৱন আনন্দময় হৈ পৰিব।—যিচ. ৪৮:১৭, ১৮.

১৪. বাইবেলৰ অধ্যয়ন কৰিলে আপুনি যিহোৱাৰ বিষয়ে কি শিকিব?

১৪ যিহোৱাক জনাৰ উদ্দেশ্যেৰে বাইবেল অধ্যয়ন কৰক। (যোহ. ১৭:৩) এইদৰে কৰিলে আপুনি জানিব পাৰিব যে সৃষ্টিক চাই আপুনি যিবোৰ গুণৰ বিষয়ে শিকিছে, সেই সকলো গুণ যিহোৱাৰ ওচৰত আছে। আপুনি বুজিব পাৰিব যে তেওঁ সঁচাকৈ আছে। (যাত্ৰা. ৩৪:৬, ৭; গীত. ১৪৫:৮, ৯) আপুনি যিমান বেছি যিহোৱাৰ বিষয়ে শিকিব, সিমানেই তেওঁৰ ওপৰত আপোনাৰ বিশ্বাস দৃঢ় হʼব, তেওঁৰ প্ৰতি প্ৰেম গভীৰ হʼব আৰু তেওঁৰ লগত বন্ধুত্বও মজবুত হʼব।

১৫. সৃষ্টিকৰ্তাৰ বিষয়ে আনক জনালে আপোনাৰ কি লাভ হʼব?

১৫ আপুনি যিহোৱাৰ বিষয়ে যি শিকিছে, তাৰ বিষয়ে আনক জনাওক। এইদৰে কৰিলে আপোনাৰ বিশ্বাস মজবুত হʼব। উদাহৰণস্বৰূপে, চিন্তা কৰক যে কোনোবাই আপোনাক সৃষ্টিকৰ্তা নাই বুলি কৈছে। আপুনি যদি নাজানে যে তেওঁক কেনেকৈ উত্তৰ দিব লাগে, তেনেহʼলে কি কৰিব পাৰে? আপুনি আমাৰ প্ৰকাশনবোৰত অনুসন্ধান কৰিব পাৰে আৰু তাৰ পাছত সেই ব্যক্তিজনক কʼব পাৰে। (১ পিত. ৩:১৫) আপুনি মণ্ডলীৰ কোনো ভাই বা ভনীৰ সহায় লʼব পাৰে। সেই ব্যক্তিজনে আপোনাৰ কথা শুনি সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস কৰক বা নকৰক, কিন্তু অনুসন্ধান কৰাৰ বাবে আপোনাৰ বিশ্বাস আৰু মজবুত হʼব। এইদৰে কৰিলে আপুনি এই জগতৰ পঢ়া-লিখা লোকসকলৰ কথাত বিশ্বাস নকৰিব।

আপোনাৰ বিশ্বাস দুৰ্বল হʼবলৈ নিদিব

১৬. আমি নিজৰ বিশ্বাস দৃঢ় কৰিবলৈ পৰিশ্ৰম নকৰিলে কি হʼব পাৰে?

১৬ যদিও আমি বহুবছৰ ধৰি সত্যত আছোঁ, তথাপি আমি নিজৰ বিশ্বাস দৃঢ় কৰি থকা উচিত। যদি আমি এইদৰে নকৰোঁ, তেনেহʼলে আমাৰ বিশ্বাস দুৰ্বল হʼব পাৰে। যিদৰে আমি শিকিছিলোঁ যে বিশ্বাস সেই অদৃশ্য সত্যতাবোৰৰ প্ৰমাণ হয়। যিবোৰ বস্তু আমি দেখা নাপাওঁ, সেইবোৰ আমি সহজে পাহৰি যাব পাৰোঁ। সেইবাবে পাঁচনি পৌলেও কৈছিল যে দুৰ্বল বিশ্বাস এনে “পাপ” হয়, যিয়ে আমাক সহজে ফান্দত পেলাব পাৰে। (ইব্ৰী ১২:১) গতিকে প্ৰশ্ন হৈছে নিজৰ বিশ্বাস দুৰ্বল নহʼবলৈ আমি কি কৰিব পাৰোঁ?—২ থিচ. ১:৩.

১৭. নিজৰ বিশ্বাস দৃঢ় কৰিবলৈ আমি কি কৰিব লাগিব?

১৭ পবিত্ৰ আত্মা বিচাৰি যিহোৱালৈ বাৰে-বাৰে প্ৰাৰ্থনা কৰক। বিশ্বাস হৈছে পবিত্ৰ আত্মাৰ ফলৰ এটা গুণ। (গালা. ৫:২২, ২৩) পবিত্ৰ আত্মাৰ অবিহনে আমি সৃষ্টিকৰ্তাৰ ওপৰত নিজৰ বিশ্বাস দৃঢ় কৰিব নোৱাৰোঁ। যদি আমি পবিত্ৰ আত্মা বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তেনেহʼলে তেওঁ আমাক নিশ্চয় দিব। (লূক ১১:১৩) আমি প্ৰাৰ্থনাত এইদৰেও কʼব পাৰোঁ, ‘মোৰ বিশ্বাস বঢ়াই দিয়ক।’—লূক ১৭:৫.

১৮. আজি আমি কি উপহাৰ লাভ কৰিছোঁ? (গীতমালা ১:২, ৩)

১৮ বাইবেল অধ্যয়ন কৰিবলৈ সময় নিৰ্ধাৰিত কৰক আৰু তাৰ অনুসৰি কৰি থাকক। (গীতমালা ১:২, ৩ পঢ়ক।) যেতিয়া এই গীত লিখা হৈছিল, সেইসময়ত সকলো ইস্ৰায়েলীসকলৰ ওচৰত ঈশ্বৰৰ সম্পূৰ্ণ নিয়ম লিখিতৰূপে নাছিল। কেৱল ৰজা আৰু পুৰোহিতসকলৰ ওচৰতহে আছিল। সেইবাবে “পুৰুষ, স্ত্ৰী আৰু লʼৰা-ছোৱালী” আৰু বিদেশীসকলে ঈশ্বৰৰ নিয়ম শুনিবলৈ সাত বছৰৰ মূৰে-মূৰে একগোট হৈছিল। (দ্বিতী. ৩১:১০-১২) যীচুৰ সময়তো কিছুমান লোকৰ ওচৰতহে শাস্ত্ৰৰ নুৰা আছিল। এই নুৰাবোৰ সভা-ঘৰত ৰখা হৈছিল। কিন্তু এতিয়া বেছিভাগ লোকৰ ওচৰত সম্পূৰ্ণ বাইবেল বা ইয়াৰ কিছুমান ভাগ আছে। সঁচাকৈ, এয়া যিহোৱাৰ ফালৰপৰা কিমান ডাঙৰ উপহাৰ হয়। এই উপহাৰৰ বাবে আমি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ?

১৯. আমাৰ বিশ্বাস দৃঢ় কৰিবলৈ আমি আৰু কি কৰা উচিত?

১৯ আমি সদায় বাইবেল পঢ়া উচিত আৰু অধ্যয়ন কৰিবলৈ সময় নিৰ্ধাৰিত কৰা উচিত। মই যেতিয়া সময় পাম, তেতিয়া অধ্যয়ন কৰিম বুলি আমি ভবা উচিত নহয়। যদি আমি সদায় বাইবেল অধ্যয়ন কৰোঁ, তেনেহʼলে আমাৰ বিশ্বাস মজবুত হʼব।

২০. আপুনি কি কৰিবলৈ থিৰাং কৰিছে?

২০ আমি জগতৰ “জ্ঞানী আৰু বুদ্ধিমন্ত” লোকসকলৰ নিচিনা নহয়। আমাৰ বিশ্বাস বাইবেলৰ প্ৰমাণৰ আধাৰত হয়। (মথি ১১:২৫, ২৬) যেতিয়া আমি বাইবেলৰ অধ্যয়ন কৰিলোঁ, তেতিয়া আমি জানিব পাৰিলোঁ যে আজি এই জগতৰ পৰিস্থিতি ইমান বেয়া কিয় হৈছে আৰু ভৱিষ্যতে যিহোৱাই কি কৰিব। গতিকে আহক আমি থিৰাং কৰোঁ যে আমি নিজৰ বিশ্বাস দৃঢ় কৰি থাকিম আৰু বেছিভাগ লোকক সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস কৰিবলৈ সহায় কৰিম। (১ তীম. ২:৩, ৪) ইয়াৰ উপৰিও সেইসময়ৰ বাবে অপেক্ষা কৰি থাকিম, যেতিয়া এই জগতত লোকসকলে যিহোৱাৰ প্ৰশংসাত এইদৰে কʼব, “হে আমাৰ প্ৰভু ঈশ্বৰ, তুমিয়েই প্ৰশংসা . . . পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা।”—প্ৰকা. ৪:১১.

আপুনি কেনেকৈ উত্তৰ দিব?

  • বিশ্বাসৰ বিষয়ে লোকসকলে কি কয়? কিন্তু বাইবেলে ইয়াৰ বিষয়ে কি কয়?

  • সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস দৃঢ় কৰাৰ দুটা উপায় কি?

  • আমাৰ বিশ্বাস দুৰ্বল নহʼবলৈ আমি কি কৰিব পাৰোঁ?

গীত ২ যিহোৱা তোমাৰ নাম

a বাইবেলে শিকায় যে সকলো বস্তু যিহোৱা ঈশ্বৰে সৃষ্টি কৰিছে। কিন্তু বহুতোলোকে কয় যে কোনো সৃষ্টিকৰ্তা নাই আৰু সকলো বস্তু নিজে নিজে আহিছে। তেওঁলোকৰ এই চিন্তাধাৰাই যাতে আমাৰ ওপৰত প্ৰভাৱ নেপেলায়, তাৰ বাবে আমি যিহোৱা আৰু বাইবেলৰ ওপৰত আমাৰ বিশ্বাস দৃঢ় কৰিব লাগিব। এয়া কেনেকৈ কৰিব পাৰোঁ, তাৰ বিষয়ে এই লেখত আলোচনা কৰিম।

b হয়তো সকলো ঈশ্বৰে সৃষ্টি কৰিছে বুলি বহুতো স্কুলত শিক্ষকসকলে নিশিকায়। তেওঁলোকে ভাবে যে যদি তেওঁলোকে এইদৰে শিকায়, তেনেহʼলে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিবলৈ লʼৰা-ছোৱালীক হেঁচা দিয়াৰ নিচিনা হʼব।

c কিছুমান পঢ়া-লিখা লোক আৰু বৈজ্ঞানিকসকলৰ ইণ্টাৰভিউ যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডত উল্লেখ আছে। আপোনালোকে ইয়াক “বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা” বিষয়ৰ তলত “‘কথা-বতৰা’ সচেতন থাকক! ধাৰাবাহিক লেখ” ভাগত পঢ়িব পাৰে।

d উদাহৰণস্বৰূপে, জুলাই-চেপ্টেম্বৰ, ২০১১ চনৰ সচেতন থাকক! (হিন্দী) “বাইবেল আৰু বিজ্ঞানত মিল আছেনে?” আৰু জানুৱাৰী-মাৰ্চ, ২০০৮ চনৰ প্ৰহৰীদুৰ্গ (হিন্দী) “যিহোৱাই কৰা ভৱিষ্যতবাণী নিশ্চয় পূৰ হʼব” নামৰ লেখ পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক