‘মন আৰু হৃদয়ৰে জানিবলৈ প্ৰবল ইচ্ছা’
“সৃষ্টিকৰ্ত্তা আছেনে যিজনে আপোনাৰ বাবে চিন্তা কৰে? এই কিতাপখন মই যিমানে পঢ়ি গৈছো মোৰ হৃদয় সিমানে অধিক আনন্দিত হৈছে। মই যিমান আনন্দ লাভ কৰিছোঁ তাক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। এই কিতাপখনে অকলমাত্ৰ এজন ব্যক্তিক জনাৰ প্ৰবল ইচ্ছাকে বৃদ্ধি নকৰে, তাৰ আৱশ্যকতাও বৃদ্ধি কৰে। মোৰ মন আৰু হৃদয়ৰে ইয়াক জনাৰ ইচ্ছা জগাই তোলাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ।”
এই কথাফাকিঁ, আমেৰিকাৰ উত্তৰ কাৰলাইনত থকা এগৰাকী যিহোৱা সাক্ষী ভনীয়ে ৱাচ টাৱাৰ সংন্থা দ্বাৰা প্ৰকাশ কৰা এই কিতপৰ সম্পৰ্কে এইদৰে নিজৰ অভিমত দিয়ে। এই কিতাপখন ১৯৯৮/৯৯ চনত হোৱা জিলা অধিবেশনত প্ৰকাশ কৰা হৈছিল। যদিও আপোনাৰ ওচৰত এই কিতাপখনৰ কোনো কপি নাই, কিন্তু লক্ষ্য কৰক যে আনে ইয়াৰ প্ৰতি কেনেদৰে সঁহাৰি জনাইছে।
চান ডিয়াগ চহৰৰ এজন ব্যক্তিয়ে অধিবেশনৰ পৰা এই কিতাপৰখনৰ এখন কপি পালে। কিছুদিনৰ পাছত তেওঁ এইদৰে লিখিলে: “এই কিতাপখনৰ পৰা মোৰ বিশ্বাস আৰু দৃঢ় হʼল। ইয়াক পঢ়ি, যিহোৱাৰ সৃষ্টিক মই গভীৰভাৱে হৃদয়ৰে উপলব্ধি কৰিব পাৰিলোঁ। মই ৯৮ পৃষ্ঠা লৈকে পাইছোঁহি, আৰু মই নিবিচাৰোঁ যে এই কিতাপখন পঢ়া শেষ হোৱাটো! আপুনি কল্পনা কৰিব নোৱাৰিব এই কিতাপখন পঢ়ি মই কিমান আনন্দিত হৈছোঁ।”
প্ৰাচ্য দেশৰ এজনী মহিলাই এইদৰে লিখে: “অধিবেশনৰ এজন বক্তাই এই কিতাপ খনক ‘এখন অসাধাৰণ কিতাপ আৰু ইয়াত লিখা বিষয়বোৰো অতুলনীয়’ বুলি উল্লেখ কৰিলে। এই কিতাপখনৰ এটা বিশেষ কথা এইটো হৈছে যে কিতাপখন পঢ়া ব্যক্তিক এইটো স্বীকাৰ কৰাবলৈ বাধ্য নকৰাই যে এজন ঈশ্বৰ আছে, কিন্তু যি সত্য তাক স্পষ্টৰূপে ইয়াত কোৱা হৈছে।”
সত্য এই যে আমাৰ বিশ্বব্ৰহ্মণ্ড, জীৱন আৰু নিজে আমাৰ বিষয়ে বিজ্ঞান দ্বাৰা কৰা বহুতো আকৰ্ষণীয় আৱিষ্কাৰসমূহৰ বিষয়ে ইয়াত কোৱা হৈছে। এই সত্যতাই সকলোকে প্ৰভাৱিত কৰিছে। কেলিফৰ্নিয়াত থকা এগৰাকী মহিলাই এইদৰে লিখে: “প্ৰকৃততে মোৰ ওচৰত কবলৈ কোনো শব্দ নাই যে এই সৰু কিতাপখনে কিদৰে মোৰ হৃদয়ক প্ৰভাৱিত কৰিলে। মই এই কিতাপখনক পঢ়িবলৈ এৰিব নোৱাৰোঁ কিয়নো ইয়াৰ প্ৰত্যক পৃষ্ঠাত, আমাৰ বিশ্বব্ৰহ্মাণ্ড আৰু আমাৰ নিজ জীৱন সম্পৰ্কে বহুতো ৰোমাঞ্চিতজনক বিষয়ে জানিব দিছে। সচাঁকৈ, মই এই কিতাপখনৰ পৰা বহুতো কথা শিকিব পাৰিলোঁ! মই এই সৰু কিতাপখনক যত্নৰে ৰাখিম আৰু যিমান পাৰোঁ আন লোকসকলক এই কিতাপখন দিম আৰু ইয়াৰ কথাবোৰৰ উপৰত আলোচনাত ভাগ লম।”
এই কিতাপখনৰ এটা বিশেষ কথা এই যে এই কিতাপখনক বহুতে পঢ়ি ভাল পালে, ইয়াত বাইবেলৰ বৰ্ণনাসমূহ সংক্ষেপতে দিয়া হৈছে আৰু বিশেষকৈ সৃষ্টিকৰ্ত্তা গুণসমূহৰ বিষয়ে মুখ্য ভূমিকা লৈছে। বহুতে এইদৰে কৈছে, “এই কিতাপখনৰ শেষত সম্পূৰ্ণৰূপে বাইবেলখনক বৰ্ণনা কৰা হৈছে। ইমান ভালদৰে কৰা বৰ্ণনা কেতিয়াও পঢ়িব পোৱা নাই।” আমেৰিকাৰ নিউ ইয়ৰ্কত হোৱা অধিবেশনৰ ক্ষন্তেক পাছতে আন এগৰাকী মহিলাই এইদৰে লিখিছিল: মই ভাবো আপোনালোকে প্ৰকাশ কৰা নতুন কিথাপখন আনে প্ৰকাশ কৰা কিতাপতকৈ সম্পূৰ্ণ বেলেগ মই যেতিয়া পঢ়ো তেতিয়া তাক এৰিবলৈ মন নাযায়। সৃষ্টিকৰ্ত্তাৰ বিষয়ে যি বৈজ্ঞানিক প্ৰমাণ দিয়া হৈছে, সেইবোৰে মোৰ মন আকৰ্ষিত কৰিলে। সংক্ষেপতে দিয়া বাইবেলৰ বৰ্ণনাই ইয়াক অধিকৈ পঢ়িবলৈ অভিৰুচি বঢ়ায়।”
বিজ্ঞানৰ বিষয়বোৰ বুজিব পৰা যায়
আগতে প্ৰকাশ কৰা বৈজ্ঞানিক অধ্যায়বোৰ বুজিবলৈ কঠিন আছিল, কিন্তু ইয়াত সেই বিষয়বোৰ বুজিবলৈ অতি সহজ।
কানাডাৰ এজন ব্যক্তিয়ে এইদৰে লিখে: প্ৰযুক্তিবদ্যাৰ বিষয়ে লিখা কিতাপৰ লিখকে তেওঁলোকৰ লিখনিত হৃদয়স্পৰ্শী শব্দ ব্যৱহাৰ কৰে তাতকৈ এই কিতাপখন একেবাৰে ভিন্ন। পদাৰ্থ বিজ্ঞান, ৰাসায়নিক বিজ্ঞান, ডি.এন.এ, জৈৱসূত্ৰিকা আদিৰ বিষয়ত এই কিতাপত ভালকৈ সহজে বুজোৱা হৈছে। যদি বহু বছৰৰ আগতে আমি কলেজত যিবিলাক কিতাপ পঢ়িছিলোঁ, আপোনালোকে সেইবিলাক সেইসময়ত লিখা হলে কিমান ভাল হলেহেতেঁন!”
এজন পদাৰ্থ বিজ্ঞানৰ অধ্যাপকে এইদৰে লিখে: [এই কিতাপখন] সৰু সৰু বিষয় বিলাকত জট লগোৱাৰ পৰিৱৰ্ত্তে আৱশ্যকীয় বিষয়বিলাকত স্পষ্টৰূপে বুজাই দিছে। ইয়াক পঢ়া ব্যক্তিজনক কাৰণ দৰ্শাই আৰু বহুতো বিখ্যাত বৈজ্ঞানিক সকলৰ বিৱৰণ দিছে। এই কিতাপখন সেই সকলো ব্যক্তিয়ে পঢ়া আৱশ্যক যিসকলে প্ৰকৃততে জীৱনৰ উৎপত্তি আৰু আমাৰ বিশ্বব্ৰহ্মণ্ডৰ বিষয়ে জানিব বিচাৰে, তেওঁ এজন সাধাৰণ ব্যক্তি বৈজ্ঞানিক নহওঁক কিয়, তেৱোঁ এই কিতাপখন পঢ়া আৱশ্যক।”
নাৰ্চৰ প্ৰশিক্ষণ লোৱা এগৰাকী যুৱতীয়ে এইদৰে কয়: “যেতিয়া মই কিতাপখনৰ ৪ অধ্যায় খুলি পঢ়ো, তেতিয়া মই নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিছিলোঁ, তাত এনে এটা লিখনী উল্লেখ কৰা আছিল যিটো আমি আমাৰ ক্লাচত ব্যৱহাৰ কৰোঁ! মই এই কিতাপখন আমাৰ অধ্যাপকজনক দিলোঁ আৰু কলোঁ যে মই জানো তেওঁ ইয়াৰ পৰা আকৰ্ষণীয় বিষয় বিচাৰি পাব। মই তেওঁক মগজৰ বিষয়ে লিখা ৫৪ পৃষ্ঠাতো খুলি দেখুৱালোঁ। তেওঁ নিজে ইয়াক পঢ়িলে আৰু কলে, ‘এইখন বৰ ভাল কিতাপ! মই নিশ্চয়ে ইয়াক পঢ়িম।’ ”
বেলজিয়াম পাৰ্লিয়ামেন্টৰ এজন সদস্যই এইদৰে লিখিছিল: “যি কথাই মোক বেছিকৈ প্ৰভাৱিত কৰিলে আৰু মোৰ ইচ্ছাক জাগাই তুলিলে সেইটো আছিল বৰ্তমানৰ বিদ্বান লোকসকলে, বাইবেল বিৰোধী নোহোৱা সকলে কয় এজন ঈশ্বৰ আছে। আধুনিক বিজ্ঞানেও বাইবেলৰ কথা স্বীকাৰ কৰে। এইটো সচাঁকৈ উল্লেখনীয় কথা।”
সৃষ্টিকৰ্ত্তাক ভালদৰে জানক
এই কিতাপখনে বহুতো লোকক সহায় কৰিলে যাৰ ফলত তেওঁলোকে ঈশ্বৰক আৰু ভালকৈ জানিব পাৰিলে আৰু তেওঁৰ কাষ চাপি আহিল। জাপানৰ ফুকুৱকা চহৰত থকা এগৰাকী মহিলাই এইদৰে কয়: “মোৰ এনে অনুভৱ হʼল এই কিতপখনে সম্পূৰ্ণ ধ্যান যিহোৱালৈ কেন্দ্ৰিত কৰিছে। এই কিতাপখন বহুত ভাল আৰু বিশ্বাসযোগ্য। মই যিহোৱাক এইদৰে জানিব পাৰিলোঁ যিটো মই কেতিয়া চিন্তা কৰা নাছিলোঁ।” এল ছেল্বডৌৰ এজন ব্যক্তিয়ে লিখিলে: আপোনালোকে বহুত স্পষ্টৰূপে বুজাইছে যে ঈশ্বৰ কিমান দয়ালু, কৃপালু, ক্ৰোধত ধীৰ আৰু বহুত অনুগ্ৰহশীল। বাস্তৱতে তেওঁ আৰু তেওঁৰ পুত্ৰৰ কাষ চাপিবলৈ ইয়াৰ আৱশ্যকতা আছে। এই কিতাপখনে যিহোৱাৰ মনোভাৱ আৰু তেওঁ পুত্ৰ যীচুৰ মানুহ ৰূপত থকা তেওঁৰ মনোভাৱৰ বিষয়ে বুজাইছে।” আৰু জম্বিয়াৰ এজন পাঠকে মন্তব্য দিলে: “যিহোৱাক মই সম্পূৰ্ণৰূপে নতুনকৈ জানিব পাৰিলোঁ।”
আপুনি বুজিব পাৰে যে কিয় যিহোৱাৰ সাক্ষীসকলে, সৃষ্টিকৰ্ত্তা আছেনে যিজনে আপোনাৰ বাবে চিন্তা কৰে? কিতাপখন সম্পূৰ্ণ উৎসাহৰে আনক বিতৰণ কৰিছে। এগৰাকী ভনীয়ে কলে: “যেতিয়া মই কিতাপখনৰ দহ অধ্যায় [“যদি সৃষ্টিকৰ্ত্তাই আমাৰ বাবে চিন্তা কৰে তেতিয়াহʼলে ইমান দুখঃ কষ্টা কিয় হৈ আছে?”] পঢ়া শেষ কৰিলোঁ তেতিয়া মোৰ মুখৰ পৰা এই শব্দ ওলাল, ‘জাপানত এই কিতাপখনৰ আৱশ্যকতা আছে!’ মই অধ্যায়ত থকা বিষয়বোৰ ভালদৰে মনত ৰাখিব বিচাৰিছোঁ আৰু ইয়াক নিজৰ প্ৰচাৰ কাৰ্য্যত অধিকৈ ব্যৱহাৰ কৰিব বিচাৰিছোঁ।” আন এগৰাকী মহিলাই এজনী ছোৱালীৰ সৈতে বাইবেল অধ্যয়ন কৰে যিজনী বৌদ্ধ মন্দিৰত ডাঙৰ-দীঘল হৈছিল, যʼত তাই দেউতাক এজন পুৰোহিত আছিল। “যেতিয়া ভনী গৰাকীয়ে কলে, তাই সৃষ্টিকৰ্ত্তা আছে বুলি স্বীকাৰ কৰি লবলৈ একেবাৰে নোৱাৰিছিল। এই কিতপত এনে একো নাই যাৰ পৰা পাঠকক বাধ্য কৰে। তাৰ পৰিৱৰ্ত্তে যি সত্য তাকে কোৱা হৈছে আৰু সেইকাৰণে মই ভাবো বৌদ্ধ ধৰ্ম্ম পালন কৰা লোকে কোনো কুণ্ঠাবোধ নকৰিব। ইয়ে আমাক অনুভৱ কৰাই যে যিহোৱাৰ প্ৰেম অধিক।”
ইংলেণ্ডত থকা এগৰাকী মহিলাই এইদৰে কয়: “মই এইমাত্ৰ সৃষ্টি কিতাপখন পঢ়ি শেষ কৰিলোঁ, আৰু অতি সোনকালে আকৌ ইয়াক পঢ়িবলৈ আৰম্ভ কৰিম। কিযে আকৰ্ষণীয় কিতাপ! যিজনে ইয়াক পঢ়িব তেওঁ নিশ্চয়ে একমাত্ৰ যিহোৱাক প্ৰেম কৰিব। মই এই কিতাপখনৰ এটা কপি মোৰ ওচৰ-চুবুৰীয়ক দিলোঁ, যি গৰাকীয়ে মাত্ৰ দুটা অধ্যায় পঢ়াৰ পাছত কৈছিল, ‘মই ইয়াক এৰিব নোৱাৰোঁ, এই কিতাপখন বৰ আকৰ্ষণীয়।’ মই নিশ্চত হৈছোঁ যে এই কিতাপখনে মহান সৃষ্টিকৰ্তাক জানিবলৈ আৰু তেওঁক প্ৰেম কৰিবলৈ সহায় কৰিব।”
আমেৰিকা মেৰীলেণ্ডত থকা এজন ব্যক্তিয়ে এইদৰে কয়: “এই কিতাপখনে সচাঁকৈ মোৰ আধ্যাত্মিক হাড় আৰু হিমজুক প্ৰভাৱিত কৰিছে! মই যাৰ সৈতে বেহা-বেপাৰ কৰোঁ তেওঁলোকৰ প্ৰত্যেককে এখনকৈ কপি দিবলৈ পৰিকল্পনা কৰিলোঁ। মই ব্যস্ত লোকসকলক আৰু শিক্ষিত লোকক সাক্ষী দিবলৈ সহজ অনুভৱ নকৰোঁ। এই কিতাপখনৰ সৈতে মই আকৰ্ষণীয় আৰু ফলদায়কৰূপে প্ৰচাৰ কৰিব পাৰিম।”
স্পষ্টৰূপে, সৃষ্টিকৰ্ত্তা আছেনে যিজনে আপোনাৰ বাবে চিন্তা কৰে? এই কিতাপখনৰ পৰা গোটেই বিশ্বত থকা লোকসকলক সঠিকৰূপে প্ৰভাৱিত কৰিব।
[Picture Credit Line on page 25]
Cover photo above, Eagle Nebula: J. Hester and P. Scowen (AZ State Univ.), NASA