আমি সৃষ্টিকৰ্ত্তা কিতাপখন বিতৰণ কৰিমনে?
যোৱা বছৰত আমি সকলোৱে এনে সৃষ্টিকৰ্ত্তা আছেনে যিজনে আপোনাৰ বাবে চিন্তা কৰে? (ইংৰাজী) কিতাপখন পাই আনন্দিত হলোঁ। এই কিতাপখনক বিশেষকৈ সেই সকলৰ বাবে ছপোৱা হৈছে, যিসকল যদিও আন বিষয়বোৰত শিক্ষিত, হয়তো ঈশ্বৰক বিশ্বাস নকৰে। এই কিতাপখনে সমস্ত প্ৰয়োজনীয়তা পূৰ্ণ কৰিছে।
ব্যৱহাৰিক কাৰণে সাধাৰণতে মাহেকীয়া সাহিত্য বিতৰণত সেই প্ৰকাশনবিলাক লোকসকলক দিয়া হয় যি সাধাৰণতে বেছিকৈ ব্যৱহাৰিত হয়। ইয়াৰ অৰ্থ এইটো নে আমি এই সৃষ্টিকৰ্ত্তা কিতাপখন বিতৰণ কৰাৰ পৰা পিছ পৰি থাকিম? কেতিয়াও নহয়! আমি এই কিতাপখন বছৰৰ যি কোনো সময়তে সেই ব্যক্তিসকলক দিব পাৰো যিসকলে ঈশ্বৰক বিশ্বাস নকৰে আৰু যিসকলে ইয়াৰ পৰা লাভৱান হব পাৰে। আমি সেই ব্যক্তিসকলকো এই কিতাপখন আগবঢ়াব পাৰো যিসকলে ঈশ্বৰক বিশ্বাস কৰে কিন্তু তেওঁ কোন বা তেওঁৰ গুণ আৰু উদ্দেশ্যবোৰ কি, তাৰ বিষয়ে প্ৰকৃত জ্ঞান নাই। সেইবাবে আপোনাক উৎসাহিত কৰা হৈছে যে আপোনাৰ প্ৰচাৰৰ বেগত যাতে ইয়াৰ এটা কপি ৰাখে আৰু যিসকলক আপুনি ভাৱে যে তেওঁলোক ইয়াক পঢ়িবলৈ আগ্ৰহী, তেওঁলোকক এই কিতাপখন আগবঢ়াবলৈ প্ৰস্তুত থাকক।