ফেব্ৰুৱাৰী মাহৰ বাবে পৰিচৰ্য্যা সভা
ফ্ৰেব্ৰুৱাৰী ১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৫৪
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। সকলোকে জানুৱাৰী মাহৰ পৰিচৰ্য্যাৰ ৰিপৰ্ট দিবলৈ স্মৰণ কৰাই দিয়ক।
১৭ মি:“সকলো বয়সৰ লোকক সুখী পৰিয়ালৰ কিতাপখন আগবঢ়াওঁক।” এই বিষয়টোৰ ওপৰত দুজন বা তিনিজন নিপূৰ্ণ প্ৰচাৰকৰ সৈতে প্ৰাচীনৰ আলোচনা। সুখী পৰিয়ালৰ ৰহস্য বাইবেলৰ উপদেশতহে আছে, ইয়াক উপলব্ধি কৰিবলৈ আনলোকক সহায় কৰা লক্ষ্যৰ প্ৰতি ধ্যান কেন্দ্ৰীত কৰক। (সুখী পৰিয়ালৰ, ৯-১২ পৃষ্ঠাত চাওঁক।) ইয়াৰে এটা পৰামৰ্শৰ প্ৰস্তুতিৰ বাবে প্ৰদৰ্শন কৰি কওঁক যে কেনেকৈ পুনৰ সাক্ষাত আৰম্ভ কৰিব পাৰি।
১৮ মি:“নতুন পুৰুষক পিন্ধা।” ইফিচীয়া ৪:২০-২৪ পদটো বাখ্যা কৰি এটা ভাষণ। (মাৰ্চ ১, ১৯৯৩, প্ৰহৰীদূৰ্গ, [ইংৰাজী] ১৪-১৮ পৃষ্ঠাৰ, ৪-১৭ অনুচ্ছেদ চাওঁক।) বৰ্ণনা কৰক কেনেকৈ পুৰাতন পুৰুষক সোলকাই পেলাই আমি নতুন পুৰুষক পিন্ধিব পাৰো।
গীত ৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ফ্ৰেব্ৰুৱাৰী ৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১২
১০ মি: স্থানীয় ঘোষণাসমূহ। লেখ ৰিপৰ্ট।
১৫ মি: স্থানীয় আৱশ্যকতাবোৰ।
২০ মি: “আমাৰ মহান সৃষ্টিকৰ্ত্তাই আমাৰ বাবে চিন্তা কৰে!” প্ৰশ্ন আৰু উত্তৰ। বৰ্ণনা কৰক যে যিসকল ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে সন্দেহ কৰে বা অস্বীকাৰ কৰে তেওঁলোকক সহায় কৰিবলৈ সৃষ্টিকৰ্ত্তা কিতাপখন কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। যদিও এই কিতাপখন বাইবেল অধ্যয়ন পৰিচলনা কৰিবলৈ নহয়, কিন্তু ই এনে এটা আৱশ্যকীয় সজুলি, যিয়ে লোকসকলক বাইবেলে যি কয় তাক পৰিক্ষা কৰিবলৈ অনুপ্ৰেৰিত কৰে। (সৃষ্টিকৰ্ত্তা কিতাপৰ ১৮৯-৯১ পৃষ্ঠা চাওঁক।) এই প্ৰকাশনৰ বিষয়ে প্ৰচাৰকসকলক তেওঁলোকৰ ব্যক্তিগত অনুভৱ কবলৈ আৰু আনক এই কিতাপখন দিওঁতে ইয়াৰ সমন্ধে পোৱা যিকোনো অনুভৱৰ বিষয়ে কবলৈ নিমন্ত্ৰণ কৰক।
গীত ১৭৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ফ্ৰেব্ৰুৱাৰী ১৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৪০
১০ মি: স্থানীয় ঘোষণাসমূহ। ঈশ্বৰ-শাসিত বাৰ্তা।
১৮ মি: ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলত নামভূক্ত কৰাৰ দ্বাৰা আমি কেনেকৈ লাভৱান হব পাৰোঁ? স্কুল ওভাৰচিয়াৰৰ দ্বাৰা শ্ৰোতাসকলৰ সৈতে আলোচনা। মাত্ৰ ৰাজহুৱাভাৱে কথা-বতৰা হোৱাৰ শিক্ষা এই স্কুলৰ উদ্দেশ্য নহয়। ইয়াৰ অন্য পদ্ধতিবোৰৰ পৰা আমি পোনপটীয়াকৈ লাভৱান হওঁ। (স্কুলৰ নিৰ্দেশনা পুস্তক, ১২-১৩ পৃষ্ঠা চাওঁক।) আমি শিকোঁ কেনেকৈ আমি অন্যলোকৰ সৈতে ভালদৰে আদান-প্ৰদান কৰিব পাৰোঁ। আমি অন্যলোকৰ সৈতে কথা-বতৰা হওঁতে স্পষ্টবাদী, সতেজ আৰু আত্ম-নিৰ্ভৰ হবলৈ শিক্ষা পাওঁ। আমাৰ বিশ্বাস আৰু বাইবেলৰ ওপৰত আধাৰিত আমাৰ সিধান্ত বিষয়ে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ আমি নিপুৰ্ণ হওঁ। বৃদ্ধি হোৱা বাইবেলৰ জ্ঞানে আমাক, অন্য লোকসকলক কাৰ্য্যকাৰীৰূপে সাক্ষী দিবলৈ সহায় কৰে। আমি আমাৰ ভুলক স্বীকাৰ কৰি উপদেশ গ্ৰহণ কৰিবলৈ শিক্ষা পাওঁ, যাৰ পৰিণামস্বৰূপে অন্যৰ সৈতে আমাৰ আচৰণ আৰু বন্ধুত্বপূৰ্ণ হয়। স্কুলে ব্যৱস্থা কৰা সকলো শিক্ষাই আমাক এজন ঈশ্বৰৰ পৰিচাৰকৰূপে “যোগ্য” হয় স্থিৰ থাকিবলৈ সহায় কৰে।—২ কৰি. ৩:৫, ৬.
১৭ মি: “—কেনেকৈ পৰিয়ালৰ সদস্যসকলে বাইবেল অধ্যয়নত সম্পূৰ্ণৰূপে ভাগ লোৱাত সহযোগিতা আগবঢ়াব।” এক পৰিয়াল সমূহৰ দ্বাৰা পৰিচৰ্চ্চা। তেওঁলোকে বৰ্ণনা কৰে যে তেওঁলোকৰ পৰিয়ালে বাইবেল পাঠ আৰু অধ্যয়নৰ বিষয়ে মে’ ১৫, ১৯৯৬, প্ৰহৰীদূৰ্গ, ১৪-১৫ পৃষ্ঠা আৰু অক্টোবৰ ১৫, ১৯৯২, প্ৰহৰীদূৰ্গ, ১৬-১৭ পৃষ্ঠাত দিয়া পৰামৰ্শক কেনেকৈ প্ৰয়োগ কৰিছে।
গীত ৫৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ফ্ৰেব্ৰুৱাৰী ২২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৭০
১০ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: বাসগৃহত সাক্ষী দিয়ক। (আপোনাৰ ক্ষেত্ৰ পৰিচৰ্য্যাত যদি কিছুমান বাসগৃহ আছে, তেনেহʼলে মে’ ১৯৯৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ত থকা “ঘৰত নোপোৱা লোকৰ ৰেকৰ্ড কিয় ৰাখে?” বিষয়টোৰ ওপৰত বিবেচনা কৰক।) দুজন বা তিনিজন প্ৰচাৰকৰ সৈতে আলোচনা কৰক। নগৰৰ, যিবোৰ ঠাইত সঠিকৰূপে অনুমতি নোলোৱা কোনো ব্যক্তিক বাসগৃহত প্ৰৱেশ কৰিবলৈ নিষেধ কৰি সুৰক্ষা চকীদাৰক নিৰ্দেশনা দিয়া থাকে, তেনেহʼলে সেই বাসগৃহত থকা লোকসকলক সাক্ষাত কৰিবলৈ সঠিকভাৱে অনুমতি লওঁক। সেই বাসগৃহত থকা সভাপতি বা চেক্ৰেটৰীৰ পৰা মণ্ডলীয়ে চৰকাৰী অনুমতি লব পাৰে। যদি অনুমতি স্বীকাৰ কৰা হয় তেনেহʼলে কিছুমান প্ৰচাৰকে বাসগৃহত থকা সকলো লোকক শৃঙ্খলাবদ্ধৰে সাক্ষাত কৰিব পাৰে। যদি, অনুমতি অস্বীকাৰ কৰা হয়, তেনেহʼলে সুৰক্ষা চকীদাৰে এজন বা দুজন প্ৰচাৰকক প্ৰত্যেক চিঠিৰ বক্সবোৰত এখন এখনকৈ ট্ৰেক্ট থবলৈ অনুমতি দিব পাৰে। যদি তাত থকা বাসিন্দাসকলৰ নামবোৰ পাই, তেনেহʼলে টেলিফোনৰ দ্বাৰা সাক্ষী দিবলৈ সহায়ক হব। যʼত যোগাযোগ কৰাত সীমিত আছে, সেই লোকসকলৰ নামত চিঠি লিখক বা যেতিয়া তেওঁলোকে ঘৰলৈ আহে বা বাহিৰলৈ যায় সেই সময়ত তেওঁলোকক সাক্ষী দিয়ক। স্থানীয়ভাৱে বাসগৃহৰ বাসিন্দাসকলৰ সৈতে সাক্ষী দিয়াত সফল হোৱা এনে এটা প্ৰণালীৰ প্ৰদৰ্শন কৰক।
২০ মি: শিষ্য বনোৱা কাৰ্য্যত কেনেকৈ আনন্দ লাভ কৰিব পাৰি। ফেব্ৰুৱাৰী ১৫, ১৯৯৬, প্ৰহৰীদূৰ্গ, ১৯-২২ পৃষ্ঠাৰ ওপৰত আধাৰিত এটা ভাষণ।
গীত ৯১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।