ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০০ পৃষ্ঠা ৩
  • চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • নতুন চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • নতুন চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০০ পৃষ্ঠা ৩

চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম

আমি জানো যে মাত্ৰ যিহোৱা ঈশ্বৰেহে আমাৰ প্ৰেম আৰু অনন্য ভক্তি পোৱাৰ যোগ্য। যিহেতু, এই জগতে নিবিচাৰে যে আমি ঈশ্বৰৰ সৈতে এক ঘনিষ্ট সমন্ধ বজাই ৰখাটো, সেইবাবে তেওঁলোকে সকলো প্ৰকাৰৰ প্ৰচেষ্টা চলাই যাতে আমি যিহোৱাক উপাসনা কৰিবলৈ ত্যাগ দিওঁ। (যোহ. ১৭:⁠১৪) সেয়েহে ২০০১ চনৰ সেৱা বছৰৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰমত প্ৰস্তুত কৰা বিষয় হৈছে, “এই জগতক নহয়​—⁠ঈশ্বৰক প্ৰেম কৰা।” এই চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰমে ঈশ্বৰৰ সৈতে ঘনিষ্ঠ সমন্ধ বজাই ৰাখিবলৈ আৰু এই জগতৰ প্ৰলোভনক প্ৰতিৰোধ কৰিবৰ বাবে আধ্যাত্মিকত শক্তিশালী হʼবলৈ সহায় কৰিব।​—⁠১ যোহ. ২:⁠১৫-​১৭.

আমি সকলোৱে যিহোৱাক গভীৰভাৱে প্ৰেম কৰোঁ আৰু ইয়ে আমাক তেওঁৰ বিষয়ে সাক্ষী দিবলৈ সহায় কৰে। কিন্তু, তথাপিও বহুতৰে বাবে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাটো সহজ নহয়। এতেকে এই সন্মিলনত প্ৰস্তুত কৰা এটা ভাষণৰ বিষয় হৈছে “ঈশ্বৰৰ প্ৰতি থকা প্ৰেমে আমাক প্ৰচাৰ কাৰ্য্যত উৎসাহেৰে ভাগ লবলৈ প্ৰেৰণা দিয়ে,” সেই ভাষণত বুজাই দিয়া হʼব যে কেনেকৈ লাজকুৰীয়া স্বভাৱ থকা আৰু অন্য বাধাবোৰক সফলতাৰে পাৰ কৰি বহুতো ভাই-ভনীয়ে প্ৰচাৰ কাৰ্য্যত সম্পূৰ্ণ হৃদয়েৰে ভাগ লৈছে।

অৱনতি ফালে ঢাল খোৱা এই জগতৰ ৰীতি-নীতিবোৰে কেনেকৈ আমাক প্ৰভাৱিত কৰে? যিহেতু বৰ্তমান সময়ত বেয়া কাৰ্য্য কৰাটো এটা সাধাৰণ বিষয় হৈ পৰিছে। গতিকে এনে কাৰ্য্যৰ পৰা আমি কেনেকৈ আঁতৰি থাকিব পাৰোঁ? এই সন্দৰ্ভত সন্মিলনত ভাষণ প্ৰস্তুত কৰা হʼব, যাৰ বিষয়সমূহ হৈছে “যিহোৱাক প্ৰেম কৰোঁতাবিলাক, দুষ্টতাক ঘিণ কৰা” আৰু “এই জগতৰ বস্তুবোৰৰ প্ৰতি আমি কেনে দৃষ্টি কৰোঁ?” এই ভাষণসমূহে আমাক তেনে ভুল কাৰ্য্যক প্ৰতিৰোধ কৰি তাৰ পৰা আঁতৰি থাকিবলৈ আমাৰ বিশ্বাস দৃঢ় কৰিব।

এই সন্মিলনৰ কাৰ্য্যক্ৰমত ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল আৰু সেৱা সভাক আৰ্হিৰূপে প্ৰস্তুত কৰা হৈছে। ইয়াৰ ওপৰিও সেই কাৰ্য্যক্ৰমত, সপ্তাহটোত হʼবলগীয়া প্ৰহৰীদুৰ্গ অধ্যয়নৰ সাৰাংশক অন্তৰ্ভূক্ত কৰা হৈছে। সেই সন্মিলনৰ শেষৰ দিনা এক ৰাজহুৱা ভাষণ প্ৰস্তুত কৰা হʼব, যাৰ বিষয় হৈছে “প্ৰেম আৰু বিশ্বাসে কেনেকৈ জগতক জয় কৰিবলৈ সহায় কৰিব।” এই ভাষণে আমাক যীচুৰ আৰ্হিক নিবিড়ভাৱে অনুকৰণ কৰি জগতৰ পৰা অহা হেঁচাবোৰত জয়ী হʼবলৈ উৎসাহিত কৰিব। (যোহ. ১৬:⁠৩৩) গতিকে আপুনি, আপোনাৰ সৈতে বাইবেল অধ্যয়ন কৰা আগ্ৰহী ব্যক্তিসকলক এই চাৰ্কিত সন্মিলনত আমন্ত্ৰণ কৰিবলৈ নাপাহৰিব। তদুপৰি যিসকলে বাপ্তিষ্মা লʼবলৈ আগ্ৰহী তেওঁলোকে প্ৰিজাইডিং ওভাৰচিয়াৰক আগতীয়াকৈ জনোৱা উচিত, যাতে তেওঁলোকে আৱশ্যকীয় ব্যৱস্থা কৰিব পাৰে।

আমি কেনেবোৰ ক্ষেত্ৰত প্ৰেম প্ৰকাশ কৰি যিহোৱাৰ আশীৰ্ব্বাদ লাভ কৰিব পাৰোঁ, এই বিষয়ে মনোযোগ দিবলৈ আগন্তুক চাৰ্কিট সন্মিলনে আমাক সহায় কৰিব। গতিকে আহঁক, এনে আধ্যাত্মিক প্ৰৱন্ধৰ পৰা সম্পূৰ্ণৰূপে লাভবান হʼবলৈ আৰু তাত উপস্থিত থাকিবলৈ আমি মনে-প্ৰাণে চেষ্টা কৰোঁহঁক!

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক