ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০৩ পৃষ্ঠা ১
  • চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি নিজৰ ভাই-ভনীসকলক ভৰসা কৰিব পাৰে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • যিহোৱাই তেওঁক ভাৰসা কৰাসকলক সহায় কৰে
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • নতুন চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০৩ পৃষ্ঠা ১

চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম

১ এই অস্থিৰ জগতখনত বিশ্বাসত সুস্থিৰে থাকিবলৈ আমি যিহোৱাত ভাৰসা ৰাখা উচিত। কিন্তু আমি আমাৰ দৈনন্দিন জীৱনত কেনেকৈ এনে ভাৰসা প্ৰকাশ কৰিব পাৰোঁ? যিহোৱাত ৰাখা ভাৰসাই কেনেকৈ আমাৰ নিজা আৰু পৰিয়ালৰ জীৱনত প্ৰভাৱ পেলায়? চয়তানৰ জগতৰ পৰা অহা হেঁচাক প্ৰতিৰোধ কৰাত ই কেনেকৈ সহায় কৰে? এই প্ৰশ্নবোৰৰ উত্তৰ ২০০৩ চনত হবলগীয়া চাৰ্কিট সন্মিলনত দিয়া হʼব। ইয়াৰ বিষয়বস্তু হৈছে “যিহোৱাত ভাৰসা ৰাখা আৰু সুকৰ্ম্ম কৰা।”​—⁠গীত. ৩৭:⁠৩.

২ আমি কোনো বিশেষ বা জৰুৰী সময়তহে যিহোৱাত ভাৰসা ৰাখোঁ, এনে নহয়। কিন্তু জীৱনৰ প্ৰত্যেকটো মুহূৰ্ত্ততে আমি তেওঁত ভাৰসা ৰাখোঁ। এই বিষয়ে “সদায় যিহোৱাত নিৰ্ভৰ কৰা” নামৰ আৰম্ভণিৰ ভাষণটোত জোৰ দি বৰ্ণনা কৰা হৈছে। (গীত. ৬২:⁠৮) “একেৰাহে যিহোৱাত ভাৰসা ৰাখা” বিষয়ৰ ওপৰত আধাৰিত থকা চাৰিটা ভাগৰ আলোচনা চক্ৰত কোৱা হʼব যে কেনেকৈ বাইবেল আধাৰিত তথ্য দ্বাৰা এখন সফল বিবাহ গঢ়ি তুলা, পৰিয়ালত দেখা দিয়া সমস্যাৰ সমাধান আৰু বৰ্তমানে থকা ভৌতিক আৱশ্যকসমূহক পূৰ্ণ কৰিব পাৰি।

৩ চয়তানৰ এই জগতে আমাত বিকৃত মনোভাৱ উৎপন্ন কৰি কি ভাল বা কি বেয়া আৰু কি আৱশ্যকীয় বা কি অনাৱশ্যকীয় তাক চিনাক্ত কৰাত বিবুদ্ধি কৰিবলৈ চেষ্টা কৰে। (যিচ. ৫:⁠২০) “জীৱনৰ অসাৰ বস্তুবোৰৰ পৰা নিজকে প্ৰতিৰক্ষা” আৰু “বেয়াক বৰ্জ্জন কৰি ঈশ্বৰৰ সৎকৰ্ম্মকাৰী হোৱা,” এই ভাষণবোৰে যিহোৱাৰ উচ্চ স্তৰক বজাই ৰাখিবলৈ আমাৰ মনোবল দৃঢ় কৰিব।​—⁠আমো. ৫:⁠১৪.

৪ ঈশ্বৰে এই দুষ্ট ৰীতি-ব্যৱস্থাক ধ্বংস কৰাৰ সময়ত তেওঁৰ সেৱকসকলে তেওঁত সম্পূৰ্ণৰূপে ভাৰসা ৰাখিব লাগিব। এই বিষয়ে “জগতৰ দুৰৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ সময় কাষ চাপি আহিল” নামৰ ৰাজহুৱা ভাষণত আলোকপাত কৰা হʼব। তাৰ পিছত “নিজকে আপুনি ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হোৱা যোগ্য বুলি ভাবিছেনে?” এই ভাষণটোৱে ব্যক্তিগতভাৱে আমি নিজকে নিৰীক্ষণ কৰিবলৈ আমাক উৎসাহিত কৰিব। কাৰ্য্যক্ৰমৰ শেষৰ ভাষণটো হৈছে “যিহোৱাৰ প্ৰতিজ্ঞাবোৰত ভাৰসা ৰাখক,” যিয়ে আমাক উৎসাহিত কৰি তুলিবলৈ প্ৰস্তুত কৰা হʼব।

৫ প্ৰত্যেক সন্মিলনৰ বৈশিষ্ট্যপূৰ্ণ ভাগ হৈছে বাপ্তিষ্মাৰ ভাষণটো। তদুপৰি যিসকলে বাপ্তিষ্মা লবলৈ আগ্ৰহী তেওঁলোকে কোনো পলম নকৰাকৈ মণ্ডলীৰ পৰিচালক অধ্যক্ষক আগতীয়াকৈ জনোৱা উচিত, যাতে তেওঁলোকে আৱশ্যকীয় ব্যৱস্থা কৰিব পাৰে।

৬ এই অস্থিৰ সময়ছোৱাত একমাত্ৰ যিহোৱাত ভাৰসা আৰু তেওঁত আশ্ৰয় লব পাৰি। (গীত. ১১৮:⁠৮, ৯) গতিকে আঁহক আমি সকলোৱে সেই চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰমত উপস্থিত হোৱাৰ দ্বাৰা নিজৰ ভাৰসাক দৃঢ় কৰোঁহঁক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক