যিহোৱাই তেওঁক ভাৰসা কৰাসকলক সহায় কৰে
১ বহুতে ধন-সম্পত্তি, কৰ্তৃত্ব আৰু মানুহৰ প্ৰতিভাবোৰক সফলতাৰ মাপকাঠি বুলি দৃষ্টি কৰে। (গীত ১২:৪; ৩৩:১৬, ১৭; ৪৯:৬) কিন্তু যিসকলে যিহোৱাৰ প্ৰতি সম্ভ্ৰম ভয় আৰু তেওঁক ভাৰসা কৰে, বাইবেলে তেওঁলোকক এইদৰে আশ্বাস দিছে যে, “তেৱেঁই সিবিলাকৰ সহায় আৰু ঢাল” স্বৰূপ। (গীত ১১৫:৯) আমি যে যিহোৱাক ভাৰসা কৰোঁ এই বিষয়ে কেনে দুই প্ৰকাৰে প্ৰতিফলিত কৰিব পাৰোঁ, আঁহক আমি তাৰ বিষয়ে বিবেচনা কৰোঁহঁক।
২ প্ৰকৃত খ্ৰীষ্টান পৰিচাৰক হিচাবে: আমি মন্ডলী বা প্ৰচাৰ কাৰ্য্যত শিক্ষাদান কৰাৰ সময়ত অৱশ্যেই যিহোৱাক ভাৰসা কৰা উচিত। এই বিষয়ে যীচুৰ আৰ্হিক বিবেচনা কৰক। তেওঁ যদিও ঈশ্বৰৰ পুত্ৰ আছিল তথাপিও নিজৰ জ্ঞান বা প্ৰতিভাৰ ওপৰত ভাৰসা কৰাৰ পৰিৱৰ্তে সদায়ে তেওঁৰ স্বৰ্গীয় পিতৃত সম্পূৰ্ণকৈ ভাৰসা কৰিছিল। (যোহ. ১২:৪৯; ১৪:১০) আমিও তেওঁতকৈ অধিক কৰা উচিত নহয়নে বাৰু! (হিতো. ৩:৫-৭) একমাত্ৰ যিহোৱাৰ আশীৰ্ব্বাদৰ দ্বাৰাহে আমি তেওঁক সন্মান কৰিবলৈ কৰা নম্ৰতাপূৰ্বক প্ৰচেষ্টা আৰু আনক সহায় কৰাত সফলতা লাভ কৰিব পাৰিম।—গীত ১২৭:১, ২.
৩ যিহোৱাৰ নিৰ্দ্দেশনা আৰু তেওঁৰ পবিত্ৰ আত্মাৰ সহায় বিচাৰি কৰা প্ৰাৰ্থনাৰ জড়িয়তে দেখুৱাওঁ যে আমি সম্পূৰ্ণকৈ তেওঁত ভাৰসা ৰাখিছোঁ। (গীত ১০৫:৪; লূক ১১:১৩) তদুপৰি আমি ঈশ্বৰৰ বাক্যৰ ওপৰত আধাৰিত শিক্ষাদান কৰি প্ৰকাশ কৰোঁ যে আমি তেওঁত ভাৰসা কৰিছোঁ। কিয়নো তেওঁৰ বাৰ্ত্তা হৈছে শক্তিশালী আৰু লোকসকলৰ হৃদয় স্পৰ্শ কৰি তেওঁলোকৰ জীৱনধাৰা সলনি কৰিব পাৰে। (ইব্ৰী ৪:১২) যেতিয়া আমি ‘সেৱা-শুশ্ৰূষা ঈশ্বৰে দিয়া শক্তিৰ দৰে কৰোঁ’ তেতিয়া যিহোৱাৰ নাম মহিমান্বিত হয়।—১ পিত. ৪:১১.
৪ সমস্যাবোৰৰ সম্মুখীন হোৱা: আমি কোনো হেঁচা আৰু সমস্যাবোৰৰ সম্মুখীন হোৱাৰ সময়তো যিহোৱাৰ সহায় বিচৰা আৱশ্যক। (গীত ৪৬:১) উদাহৰণস্বৰূপে, সন্মিলনত উপস্থিত হʼবলৈ আমি চাকৰি কৰা কাৰ্য্যালয়ৰ মেনেজাৰ বা অধিকাৰীক ছুটিৰ বাবে অনুৰোধ কৰাৰ সময়ত তেওঁ হয়তো ছুটি দিবলৈ সংকোচ কৰিব পাৰে অথবা আমাৰ নিজৰ পৰিয়ালত হয়তো কোনো প্ৰত্যাহ্বানজনক সমস্যাই দেখা দিব পাৰে। তেনে অৱস্থাত আমি যে যিহোৱাক ভাৰসা কৰোঁ, তাক আমি তেওঁৰ বাক্য আৰু সংগঠনে দিয়া নিৰ্দ্দেশনাবোৰ পালন কৰাৰ দ্বাৰা দেখুৱাব পাৰোঁ। (গীত ৬২:৮; ১১৯:১৪৩, ১৭৩) তেনেদৰে কৰাৰ দ্বাৰা যিহোৱাৰ উপাসকসকলে তেওঁলোকৰ জীৱনত ঈশ্বৰৰ সহায় লাভ কৰিছে।—গীত ৩৭:৫; ১১৮:১৩, ১৬.
৫ এই ক্ষেত্ৰত যিহোৱাই নিজেই এইদৰে আশ্বাস প্ৰদান কৰিছে: “যি পুৰুষে যিহোৱাত নিৰ্ভৰ কৰে, আৰু যি জনৰ বিশ্বাস-ভূমি যিহোৱা, সেই পুৰুষ ধন্য।” (যিৰি. ১৭:৭) এতেকে আঁহক আমি কৰা সকলো কাৰ্য্যতে যেন যিহোৱাক ভাৰসা কৰাৰ প্ৰমাণ দিওঁহঁক!—গীত ১৪৬:৫.