স্বৰ্গদূতবোৰে আমাক সহায় কৰিছে
১ “চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।” যীচুৱে ‘সকলো জাতিকে শিষ্য কৰা’ বুলি দিয়া আজ্ঞাক পালন কৰাসকলৰ বাবে তেওঁ কোৱা আৰম্ভণীৰ বাক্যশাৰী উৎসাহজনক নহয়নে বাৰু! (মথি ২৮:১৮-২০) স্বৰ্গদূতবিলাকৰ জড়িয়তে এক বিশেষ প্ৰকাৰে যীচু প্ৰকৃত খ্ৰীষ্টানসকলৰ সঙ্গে সঙ্গে আছে। (মথি ১৩:৩৬-৪৩) গতিকে এই বিশ্বাসী আত্মিক প্ৰাণীৰ সৈতে “অনন্ত শুভবাৰ্ত্তা” ঘোষণা কৰিবলৈ পোৱাটো কিমান যে এক ৰোমাঞ্চিত বিষয়!—প্ৰকা. ১৪:৬, ৭.
২ আমাৰ পৰিচৰ্য্যা কাৰ্য্যত: বাইবেলে কৈছে যে এই স্বৰ্গদূতবোৰক “পৰিত্ৰাণৰ অধিকাৰী হʼবলৈ উদ্যত হোৱাবিলাকৰ পৰিচৰ্য্যাৰ অৰ্থে পঠোৱা” হʼল। (ইব্ৰী ১:১৪) প্ৰথম শতাব্দীত এই স্বৰ্গদূতবিলাকে যীচুৰ শিষ্যসকলক যোগ্য ব্যক্তিসকলৰ ওচৰলৈ যাবলৈ নিৰ্দ্দেশনা দিয়াত জড়িত আছিল। (পাঁচ. ৮:২৬) বৰ্তমান সময়তো যিহোৱাৰ উপাসকসকলে স্বৰ্গদূতে দিয়া নিৰ্দ্দেশনাৰ স্পষ্ট প্ৰমাণ দেখিবলৈ পাইছে। কেতিয়াবা গৃহস্থসকলে সহায়ৰ বাবে প্ৰাৰ্থনা কৰি থকাৰ সময়ত এজন যিহোৱাৰ সাক্ষীয়ে তেওঁলোকৰ ঘৰত উপস্থিত হয়। যেতিয়া তেনে ব্যক্তিসকলে ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি সঠিক প্ৰতিক্ৰিয়া দেখুৱাই তেতিয়া স্বৰ্গদূতবিলাকৰ সৈতে আমিও কিমান যে আনন্দিত হওঁ!—লূক ১৫:১০.
৩ বিৰোধীতাৰ সম্মুখীন হোৱা: দানিয়েল আৰু তেওঁৰ তিনিজন হিব্ৰু বন্ধু, পাঁচনি পিতৰ আৰু আন বহুতো বিশ্বাসী উপাসকে অত্যন্ত পৰীক্ষাৰ সম্মুখীন হৈ “পৰাক্ৰমী” স্বৰ্গদূতবিলাকৰ জড়িয়তে যিহোৱাৰ নিৰাপত্তা লাভ কৰাৰ অভিজ্ঞতা হʼল। (গীত ১০৩:২০; দানি. ৩:২৮; ৬:২১, ২২; পাঁচ. ১২:১১) বিৰোধীতাৰ সম্মুখীন হৈ যদিও আমি কোনো এক সময়ত অসহায় যেন বোধ কৰোঁ, তথাপিও আমি ইলীচাৰ পৰিচাৰকৰ অনুভৱৰ পৰা উৎসাহিত হʼব পাৰোঁ যিজনে জানিব পাৰিলে যে, “সিহঁতৰ সঙ্গীবোৰতকৈ আমাৰ সঙ্গী অধিক।” (২ ৰাজা. ৬:১৫-১৭) আমাক যদিও বলেৰে খ্ৰীষ্টান ভাই-ভনীসকলৰ পৰা পৃথক কৰা হয়, তথাপিও নিৰুৎসাহিত হোৱাৰ কোনো আৱশ্যক নাই। কিয়নো ঈশ্বৰৰ বাক্যই আমাক এইদৰে আশ্বাস দিছে: “যিহোৱাৰ দূতে তেওঁলৈ ভয় ৰাখোঁতাবিলাকৰ চাৰিওফালে ছাউনি পাতে।”—গীত ৩৪:৭.
৪ অনতিপলমে যিহোৱাৰ স্বৰ্গদূতীয় সেনা বাহিনীয়ে খ্ৰীষ্টৰ শাসনক বিৰোধ কৰা সকলোকে বিনষ্ট কৰিব। (প্ৰকা. ১৯:১১, ১৪, ১৫) গতিকে সেই দিনলৈ অপেক্ষা কৰি যীচু খ্ৰীষ্টৰ আজ্ঞাৰ অধীনত থকা শক্তিশালী স্বৰ্গদূতৰ সাহায্যৰ ওপৰত ভাৰসা ৰাখি একেৰাহে সাহসী হৈ যিহোৱাৰ মহিমা কৰা আৱশ্যক।—১ পিত. ৩:২২.