পৰিচৰ্য্যা সভাৰ তালিকা
জুন ১৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৬৮
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। ৪ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ (যদি আপোনালোকৰ প্ৰচাৰ এলেকাৰ বাবে ব্যৱহাৰিক) ব্যৱহাৰ কৰি কেনেকৈ জুন ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া প্ৰথমটো পৰামৰ্শ ব্যৱহাৰ কৰক) আৰু জুন ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, তাক প্ৰদৰ্শন কৰি দেখুৱাউক। এটা প্ৰদৰ্শনত দেখুৱাউক যে কেনেকৈ ব্যৱসায় এলেকাবোৰত সাক্ষী দিব পাৰে। তদুপৰি আন কাৰ্য্যকাৰী প্ৰদৰ্শনো ব্যৱহাৰ কৰিব পাৰে।
২০ মি: “যিহোৱাই তেওঁক ভাৰসা কৰাসকলক সহায় কৰে।”a ৪ অনুচ্ছেদ আলোচনা কৰাৰ সময়ত মে’ ২০০০ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ৩ পৃষ্ঠাৰ ৪, ৫ অনুচ্ছেদ আৰু ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল কিতাপখনৰ ৬৭ পৃষ্ঠাৰ ২ অনুচ্ছেদত দিয়া মন্তব্যবোৰ সন্মিলিত কৰক।
১৫ মি: ড্ৰাগছ লোৱাৰ পৰা কিয় বিৰত থকা উচিত? ৰীজনিং কিতাপৰ ১০৬-৯ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা। বৰ্তমান সময়ত “মনোৰঞ্জনৰ” উদ্দেশ্যৰে ড্ৰাগছ লোৱাতো এটা সাধাৰণ বিষয় হৈ পৰিছে। বহুতে কয় যে তেনে ধৰণৰ ড্ৰাগছ লোৱাতো কোনো হানিকাৰক নহয়; কোনো কোনোৱে কিছুমান ড্ৰাগছ সেৱন কৰাটো বেআইনী নহয় বুলি দাবী কৰে। আমি তেনেলোকৰ সৈতে কেনেকৈ যুক্তি দৰ্শাই বৰ্ণনা কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰক। নবেম্বৰ ৮, ১৯৯৯ চনৰ, সচেতন! ১০ পৃষ্ঠাত দিয়া বক্সটো চাওক।
গীত ১৭৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুন ২১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২৯
১০ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: “স্বৰ্গদূতবোৰে আমাক সহায় কৰিছে।”b যদি সময়ে অনুমতি দিয়ে তেনেহʼলে উল্লেখ কৰা শাস্ত্ৰীয় পদবোৰৰ পৰা মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।
২০ মি: ওপৰৰ পৰা অহা জ্ঞান যুক্তিসঙ্গত। (যাকো. ৩:১৭) ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল কিতাপখনৰ ২৫১-২ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি এই ভাগটো ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা কৰি প্ৰস্তুত কৰক। যুক্তিসঙ্গত হোৱাৰ অৰ্থ কি? পৰিচৰ্য্যা কাৰ্য্যত কিয় যুক্তিসঙ্গত হোৱা আৱশ্যক? পাঁচনি পৌলৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ? প্ৰচাৰকসকলে স্থানীয় লোকসকলৰ পৃষ্ঠভূমিৰ বিষয়ে কেনেকৈ বিবেচনা কৰিব পাৰে? যুক্তিসঙ্গত হʼবলৈ বাইবেল বিদ্যাৰ্থীসকলক কেনেকৈ আমি সহায় কৰিব পাৰোঁ? লোকসকলৰ সৈতে যুক্তিসঙ্গত হৈ কথোপকথন কৰি লাভৱান হোৱাৰ বিষয়ে এটা বা দুটা অভিজ্ঞতা কʼবলৈ আগতীয়াকৈ ব্যৱস্থা কৰক।
গীত ৫৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুন ২৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৩৯
১২ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট। সকলো প্ৰচাৰকক জুন মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। ৪ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ (যদি আপোনালোকৰ প্ৰচাৰ এলেকাৰ বাবে ব্যৱহাৰিক) ব্যৱহাৰ কৰি কেনেকৈ জুন ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া তৃতীয়টো পৰামৰ্শ ব্যৱহাৰ কৰক) আৰু জুলাই ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, তাক প্ৰদৰ্শন কৰি দেখুৱাউক। প্ৰত্যেকটো প্ৰদৰ্শনৰ আৰম্ভণীতে প্ৰকাশকে চমুকৈ বন্ধুত্বভাৱে মন্তব্য দিয়ে। উল্লেখ কৰক যে তেনে কৰাৰ দ্বাৰা গৃহস্থই সহজে আমাৰ সৈতে কথোপকথন কৰিব পাৰিব।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
১৮ মি: “মণ্ডলীৰ পুস্তক অধ্যয়ন—আমাক কিয় ইয়াৰ আৱশ্যক।”c উল্লেখ কৰা প্ৰশ্নসমূহ ব্যৱহাৰ কৰক। নবেম্বৰ ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ১ পৃষ্ঠাত “আপোনাৰ মণ্ডলীৰ পুস্তক অধ্যয়ন অধ্যক্ষক সহযোগ কৰক” নামৰ লেখটোত দিয়া মন্তব্যসমূহ সন্মিলিত কৰক।
গীত ২০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুলাই ৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৩
১০ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: আপুনি কি কʼব? ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। জুলাই আৰু আগষ্ট মাহত আমি ব্ৰচাৰবোৰ বিতৰণ কৰিম। প্ৰচাৰকে কোনখন ব্ৰচাৰ স্থানীয় এলেকাৰ বাবে ব্যৱহাৰিক বুলি বিবেচনা কৰে? জুলাই ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ৮ পৃষ্ঠাত উল্লেখ কৰা বা বিগত কোনো সংখ্যাত দিয়া পৰামৰ্শসমূহ পুনৰ নিৰীক্ষণ কৰক। প্ৰত্যেকটো প্ৰদৰ্শনত এই তিনিটা বিষয় সন্মিলিত কৰক, (১) এটা প্ৰশ্ন, (২) এটা শাস্ত্ৰীয় পদ আৰু (৩) প্ৰকাশনত দিয়া কোনো এটা বিষয় বস্তু। এটা বা দুটা প্ৰদৰ্শনৰ উপস্থাপন প্ৰস্তুত কৰক। শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ সময়ত বাইবেলখন ব্যৱহাৰ কৰিবলৈ সকলোকে উৎসাহিত কৰক।
২০ মি: লʼৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ পৰা কি বিচাৰে। মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা কিতাপখনৰ ৬-৭ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। লʼৰা-ছোৱালীয়ে সত্য উপাসনাক পৰিচালিত কৰা মুখ্য সিদ্ধান্তসমূহৰ বিষয়ে শিকা আৰু প্ৰশিক্ষণ দিয়াত তেওঁলোকৰ পিতৃ-মাতৃয়ে আদায় কৰা ভূমিকাক বুজি পোৱাতো অতি আৱশ্যক। সেই কিতাপখন অধ্যয়ন কৰিবলৈ দিয়া পৰামৰ্শসমূহক আলোচনা কৰক। অধ্যয়নৰ বাবে দিয়া এই সহায়কাৰী কিতাপখনক কেনেকৈ ব্যৱহাৰ কৰিছে সেই বিষয়ে কʼবলৈ পিতৃ-মাতৃসকলক আমন্ত্ৰণ কৰক। এটা বা দুটা লʼৰা-ছোৱালীক কিতাপখনৰ প্ৰতি থকা মূল্যাঙ্কনৰ বিষয়ে কʼবলৈ আগ্ৰহ কৰক।
গীত ৬৫ সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।