ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/০৪ পৃষ্ঠা ৩
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/০৪ পৃষ্ঠা ৩

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। জুন: মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা নামৰ কিতাপখন বিতৰণ। যদি গৃহস্থই কয় যে তেওঁলোকৰ কোনো লʼৰা-ছোৱালী নাই, তেনেহʼলে তেওঁলোকক বিচাৰে ব্ৰচাৰখন দিব পাৰে। যেতিয়া ব্ৰচাৰখন দিয়া হয় তেতিয়া বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ লক্ষ্য ৰাখা উচিত। জুলাই আৰু আগষ্ট: ৩২ পৃষ্ঠাৰ যি কোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰা উচিত নে?, সেই ঈশ্বৰীয় নাম চিৰকাললৈ থাকিব, সেই চৰকাৰ যি পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি​—⁠আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? আৰু যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়। ছেপ্টেম্বৰ: এনে এজন ঈশ্বৰ আছেনে যিজনে আপোনাৰ বাবে চিন্তা কৰে? বিকল্প বিতৰণৰ বাবে আপুনি জীৱন​—⁠কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা?

▪ ৰাজ্যগৃহৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ একেবাৰে শেষত ৰাজ্যগৃহৰ পৰা যোৱা ব্যক্তিজনে সকলো দুৱাৰ-খিৰিকী সম্পূৰ্ণকৈ বন্ধ আৰু নিৰাপত্তাৰ বাবে থকা আন ব্যৱস্থাসমূহ ভালদৰে নিৰীক্ষণ কৰা উচিত। যদি ব্যক্তিজনে কোনো কাৰণত ৰাজ্যগৃহৰ দুৱাৰ-খিৰিকী, সম্মুখৰ গেট আদি বন্ধ কৰা হʼল নে নাই তাক নিশ্চিত কৰিবলৈ উপস্থিত থাকিব নোৱাৰে তেনেহʼলে আন এজনক সহায়ৰ বাবে কʼব পাৰে। যেতিয়ালৈকে সেই সহায় কৰা ব্যক্তিজন নাহে তেতিয়ালৈকে নিৰাপত্তাৰ দায়িত্বত থকা ভাইজনে ৰাজ্যগৃহৰ পৰা যোৱা উচিত নহয়। প্ৰাচীনসকলে যিসকল দায়িত্বপূৰ্ণ প্ৰকাশকক ৰাজ্যগৃহৰ চাবি দিছে তেওঁলোকৰ শেহতীয়া তালিকা বজাই ৰাখিবলৈ নিশ্চিত কৰা উচিত।

▪ ছেপ্টেম্বৰ মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত এখন ভিডিঅʼৰ বিষয়ে আলোচনা কৰিবলৈ পৰিলেখ দিয়া হʼব। সেই ভিডিঅ’ চলচিত্ৰখনৰ নাম হৈছে যিহোৱাৰ অধিকাৰক সন্মান কৰা। যি মন্ডলীয়ে তেওঁলোকৰ লাইব্ৰেৰীৰ বাবে এতিয়ালৈকে এই কেছেটখন পোৱা নাই সেই মণ্ডলীবোৰক তেওঁলোকৰ পৰৱৰ্তী সাহিত্য আৱেদনৰ সৈতে নিৱেদন কৰিব পাৰে।

▪ কম্পেক্ট ডিক্স এমপি ৩ উপলব্ধ:

কিংডম মেলডিছ্‌, ১-৯ খণ্ড​—⁠এটা চিডি ডিক্স

চিং প্ৰেইজেছ টু যিহʼৱা (পিয়ানো বাদ্য সংঙ্গীতৰ ২২৫ টা গীত)​—⁠এটা চিডি

চিঙ্গীং কিংডম ছংগছ্‌​—⁠এটা চিডি

ওপৰত উল্লেখ কৰা চিডিবোৰ হৈছে বিশেষ আৱেদনৰ বাবে আৰু মণ্ডলীত প্ৰকাশকসকলে ব্যৱহাৰ কৰিবলৈ সঠিককৈ কিমান পৰিমাণে আৱশ্যক সেই অনুসাৰে আৱেদন কৰিব পাৰে। এইবোৰ ৰাইজৰ বাবে নহয়। মন কৰিবলগীয়া এই যে এই চিডিবোৰ কেৱল এমপি ৩ চিডি প্লেয়াৰতহে ব্যৱহাৰ কৰিব পাৰি। গতিকে আমি মণ্ডলীৰ চেক্ৰেটাৰীক নিশ্চিত কৰিবলৈ অনুৰোধ কৰিছোঁ যে এইবোৰৰ বাবে কেৱল এমপি ৩ চিডি প্লেয়াৰ থকা প্ৰকাশসকসকলেহে যেন নিৱেদন কৰে।

▪ বাইবেলৰ ভিডিঅʼবোৰৰ ভিচিডি উপলব্ধ:

ঈশ্বৰীয় শিক্ষাৰ দ্বাৰা একত্ৰিত

যুৱক যুৱতীসকলে সোধে​—⁠মই কেনেকৈ প্ৰকৃত বন্ধু বনাব পাৰোঁ?

তেজ বিহীন চিকিৎসা—ঔষধে চিকিৎসা ক্ষেত্ৰৰ যি কোনো প্ৰত্যাহ্বান স্বীকাৰ কৰে

বৰ্তমান এই চিডিবোৰ কেৱল মণ্ডলীৰ লাইব্ৰেৰীৰ বাবে উপলব্ধ কৰা হৈছে। গতিকে যেতিয়া আপোনালোকে নিজৰ মণ্ডলীৰ বাবে আৱেদন কৰে, সেইবোৰ বিশেষ আৱেদন পত্ৰত “Cong. Use” বুলি উল্লেখ কৰা অংশৰ অন্তৰ্গত যেন উল্লেখ কৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক