ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/০৪ পৃষ্ঠা ৩
  • ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/০৪ পৃষ্ঠা ৩

ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ

তলত দিয়া প্ৰশ্নসমূহ ২০০৪ চনৰ জুন মাহৰ ২৮ তাৰিখে আৰম্ভ হʼবলগীয়া ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত মৌখিকভাৱে আলোচনা কৰা হʼব। স্কুল অধ্যক্ষজনে এই পুনৰ নিৰীক্ষণটো ৩০ মিনিটত সমাপ্তি কৰিব। ইয়াত দিয়া প্ৰশ্নসমূহ ২০০৪ চনৰ মে’ ৩ তাৰিখৰ পৰা লৈ জুন ২৮ তাৰিখৰ নিযুক্তিসমূহৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। [টোকা: যি প্ৰশ্নসমূহৰ পিছত কোনো উদ্ধৃতি দিয়া নাই, সেইবোৰ বিষয়ত আপুনি নিজেই অনুসন্ধান কৰি উত্তৰ দিয়া আৱশ্যক।​—⁠পৰিচৰ্য্যা স্কুল, কিতাপৰ ৩৬-৩৭ পৃ. চাওক।]

বক্তৃতাৰ বৈশিষ্ট্য

১. মঞ্চৰ পৰা ভাষণ দিয়াৰ সময়ত কেনে কাৰণসমূহে আমাৰ কথোপকথনৰ শৈলী বা কোৱা শব্দবোৰ অস্বাভাৱিক বুলি প্ৰকাশ কৰে? [be ১৭৯ পৃ. ৪ অনু.]

২. আমাৰ কণ্ঠস্বৰৰ গুণ উন্নত কৰাটো কিয় ভালকৈ উশাহ-নিশাহ আৰু মাংসপেশীৰ উত্তেজনাপূৰ্ণতাক হ্ৰাস কৰাৰ এটা বিষয় নহয়? [be ১৮১ পৃ. ২ অনু.]

৩. আমি যেতিয়া বাইবেলৰ সত্যতাৰ বিষয়ে লোকসকলক কওঁ তেতিয়া “সকলোলৈকে সকলো প্ৰকাৰ” হʼবলৈ কেনে ব্যৱহাৰিক পদক্ষেপ লোৱা উচিত? (১ কৰি. ৯:⁠২০-​২৩) [be ১৮৬ পৃ. ২-৪ অনু.]

৪. প্ৰচাৰ কাৰ্য্যত লোকসকলে কোৱা কথাৰ প্ৰতি মনোযোগ দিয়াত কি কি সন্মিলিত আছে? [be ১৮৭ পৃ.]

৫. আমি প্ৰচাৰ কাৰ্য্যত লগ পোৱা সকলো লোকক কিয় সন্মান কৰা উচিত? [be ১৯০ পৃ.]

ভাষণ নং ১

৬. যিসকলে ঈশ্বৰীয় নিৰ্দ্দেশনা আগবঢ়াই তেওঁলোকে কেনে লক্ষ্য ৰাখা আৱশ্যক আৰু কিহে তেনে লক্ষ্যত উপনীত হʼবলৈ সহায় কৰিব? (মথি ৫:⁠১৬; যোহ. ৭:⁠১৬-​১৮) [be ৫৬ পৃ. ৩ অনু.–৫৭ পৃ. ২ অনু.]

৭. তুলনাত্মকৰূপে শিকোৱাটো কিয় লাভদায়ক আৰু যীচুৱে শিক্ষা দিওঁতে কেনে পদ্ধতি অৱলম্বন কৰিছিল? [be ৫৭ পৃ. ৩ অনু.; ৫৮ পৃ. ২ অনু.]

৮. ফৰীচীসকলৰ তুলনাত যীচুৰ শিক্ষাই কেনেকৈ লোকসকলৰ হৃদয় স্পৰ্ষ কৰিছিল? [be ৫৯ পৃ. ২-৩ অনু.]

৯. আমি আনৰ হৈ সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে কেনেকৈ তেওঁলোকে শিকা বিষয়বোৰৰ অনুসাৰে কাৰ্য্য কৰিবলৈ সহায় কৰিব পাৰোঁ? [be ৬০ পৃ. ১-৩ অনু.]

১০. এজন ব্যক্তিয়ে ব্যক্তিগতভাৱে লʼবলগীয়া নিজ নিৰ্ণয়ৰ বিষয়ে যেতিয়া আমাক সোধে তেতিয়া আমি কেনেদৰে উত্তৰ দিয়া উচিত? [be ৬৯ পৃ. ৪-৫ অনু.]

সপ্তাহিক বাইবেল পাঠ

১১. মোচিয়ে কিয় ‘আবাস আৰু তাৰ সকলো বস্তুৰ যি নমুনাক’ নিবিড়ভাৱে অনুকৰণ কৰিব লাগিছিল? (যাত্ৰা. ২৫:⁠৯) [it-২ ১০৫৮ পৃ. ৭ অনু.]

১২. সোণৰ দামুৰিৰ বিষয়ে হাৰোণে মোচিক দিয়া উত্তৰৰ পৰা আমি কি শিকিব পাৰোঁ? (যাত্ৰা. ৩২:⁠২৪)

১৩. যাত্ৰাপুস্তক ৩৪:⁠২৩, ২৪ পদত বৰ্ণনা কৰা যিহোৱাৰ আজ্ঞাৰ প্ৰতি ইস্ৰায়েলসকলে আজ্ঞাকাৰী হৈ বিশ্বাস প্ৰকাশ কৰাৰ পৰা আমি কি শিকিব পাৰোঁ?

১৪. মঙ্গলাৰ্থক বলিৰ কি উদ্দেশ্য আছিল? (লেবী. ৩:⁠১)

১৫. লেবীয়া পুস্তক ৮:⁠২৩ পদত হাৰোণক অভিষেক কৰা প্ৰণালীৰ বিষয়ে লিপিবদ্ধ কৰা বিৱৰণী যীচুত কেনেকৈ আদৰ্শস্বৰূপে প্ৰযোজ্য হয়? [it-২ ১১১৩ পৃ. ৪ অনু.; w৬৮ ৩৯৯ পৃ. ২৪ অনু.]

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক